ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ক'ভিড-১৯ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯
(COVID-19)
অন্য নাম
  • 2019-nCoV জটিল শ্বাস-প্ৰশ্বাসজনিত ৰোগ
  • নভেল ক'ৰ'ণা ভাইৰাছ নিউম'নিয়া[1]
  • ৱুহান ক'ৰ'ণা ভাইৰাছ, ৱুহান ভাইৰাছ, ৱুহান নিউম'নিয়া,[2][3] ৱুহান ফ্লু[4]
  • "ক'ৰ'ণা ভাইৰাছ" বা SARS-CoV-2ৰ বাবে অন্য নাম
  • সৰলভাৱে "ক'ৰ'ণা"
COVID-19 লক্ষণসমূহ
COVID-19 লক্ষণসমূহ
উচ্চাৰণ
বিভাগ তীব্ৰ শ্বাস সংক্ৰমণ[5]
লক্ষণ জ্বৰ, কাহ, উশাহ চুটি[6]
জটিলতা নিউম'নিয়া, ARDS, বৃক্ক বিকল
কাৰণ ছাৰ্ছ-ক'ভ-২
আশংকাৰ কাৰণ প্ৰতিৰোধৰ ব্যৱস্থা নোলোৱা
ৰোগ নিৰূপণ rRT-PCR পৰীক্ষা, ইম্যুন'এছে, চিটি স্কেন
প্ৰতিৰোধ সঠিক হাত ধোৱা প্ৰণালী, কাহ মাৰোঁতে শিষ্টাচাৰ, ৰোগৰ ভোগা লোক বা লক্ষণবিহীন বাহকৰ সংস্পৰ্শলৈ নহা
চিকিৎসা লক্ষণগত আৰু সামৰ্থক
পুনৰাবৃত্তি 56,90,182[7] গৰাকী নিশ্চিত ৰোগী
মৃত্যু 3,55,575 (নিশ্চিত ৰোগীৰ 6.2%)[7]

ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯ (ইংৰাজী: Coronavirus disease 2019; চমুকৈ COVID-19) হ'ল severe acute respiratory syndrome coronavirus 2 (SARS-CoV-2)-এ কৰা এক সংক্ৰামক ৰোগ[8] ২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ ৱুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯ − ২০২০ চনৰ ক'ৰ'ণা ভাইৰাছৰ বৈশ্বিক মহামাৰীৰ সৃষ্টি কৰে।[9][10] জ্বৰ, কাহ, উশাহ লওঁতে কষ্ট হোৱা এই ৰোগৰ সাধাৰণ লক্ষণ। মাংসপেশীৰ বিষ, খেকাৰ ওলোৱা আৰু ডিঙিৰ বিষ কমকৈ হোৱা লক্ষণ।[6][11][12][13] অধিকাংশতে ৰোগীৰে অলপীয়া লক্ষণ দেখা যায় যদিও[14] একাংশৰ নিউম'নিয়া আৰু দেহৰ অংগসমূহ বিকল হোৱা দেখা যায়।[9][15] ২৩ মাৰ্চ, ২০২০ লৈকে মৃত্যুৰ হাৰ ৪.৪%; বয়স আৰু স্বাস্থ্যৰ আন সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি এই হাৰ ০.২ ৰ পৰা ১৫% হ'ব পাৰে।[16]

সাধাৰণতে এই ভাইৰাছ মানুহৰ সংস্পৰ্শত আৰু কাহ বা হাঁচি মাৰিলে ওলোৱা শ্বসন ড্ৰপ্‌লেটৰ জৰিয়তে বিয়পে।[17][18] উশা-নিশাহ লওঁতে এনে ড্ৰপ্‌লেট সৃষ্টি হয় কিন্তু ই বতাহত নাভাঁহে।[17] দূষিত পৃষ্ঠ চুই মুখমণ্ডলত হাত লগালেও ই বিয়পে।[17][18] ৰোগৰ লক্ষণ থকা অৱস্থাত ই আটাইতকৈ বেছি সোঁচৰে, কিন্তু লক্ষণ ওলোৱাৰ আগতেই ৰোগ সোঁচৰা সম্ভৱ।[18] ভাইৰাছটোৱে পৃষ্ঠত ৭২ ঘণ্টালৈকে থাকিব পাৰে।[19] ভাইৰাছ সংস্পৰ্শৰ পৰা লক্ষণ ফুটি উঠালৈকে সাধাৰণতে দুদিনৰ পৰা চৈধ্যদিন সময় লাগে (গড়ে পাঁচ দিন)।[20][21] নাসিকা গ্ৰসনীৰ পৰা কপাহেৰে লোৱা নমুনা (nasopharyngeal swab) reverse transcription polymerase chain reaction (rRT-PCR) পৰীক্ষা কৰি এই ৰোগ নিৰ্ণয় কৰা হয়। লক্ষণ, বিপদাশংকাৰ কাৰক (risk factors) আৰু চি টি স্কেনত নিউম'নিয়াৰ চিন পালেও ৰোগ নিৰ্ণয় কৰা হয়।[22][23]

ঘনাই হাত ধোৱা, সামাজিক দূৰত্ব স্থাপন (লক্ষণ থকা লোককে ধৰি সকলোৰে পৰা দৈহিকভাৱে আঁতৰি থকা) আৰু নুধুৱা হাত মুখমণ্ডলৰ পৰা আঁতৰাই ৰখা এই ৰোগ প্ৰতিৰোধৰ অনুমোদিত বিধি।[24][25] কেতবোৰ ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষই ৰোগ হোৱা বুলি সন্দেহ কৰা লোক আৰু তেওঁলোকৰ শুশ্ৰূষা কৰা লোকক মাস্ক পিন্ধিবলৈ পৰামৰ্শ দিয়ে, কিন্তু সাধাৰণ ৰাইজৰ বাবে ইয়াৰ প্ৰয়োজন নাই বুলি কয়।[26][27] COVID-19ৰ কোনো নিৰ্দিষ্ট প্ৰতিষেধক বা এণ্টিভাইৰেল ঔষধ নাই। লক্ষণৰ প্ৰতিকাৰ, সামৰ্থক শুশ্ৰূষা, ৰোগীক আঁতৰাই ৰখা (isolation) আৰু পৰীক্ষামূলক ঔষধেই ইয়াৰ বৰ্তমানৰ চিকিৎসা।[28]

বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ৩০ জানুৱাৰীত ক'ৰ'ণা ভাইৰাছ মহামাৰীক আন্তঃৰাষ্ট্ৰীয় আশংকাৰ ৰাজহুৱা স্বাস্থ্য জৰুৰীকালীন অৱস্থা (Public Health Emergency of International Concern -PHEIC) বুলি ঘোষণা কৰে[29][30] আৰু একে বছৰৰে ১১ মাৰ্চত বৈশ্বিক মহামাৰী (pandemic) বুলি ঘোষণা কৰে।[10] ছয়োটা WHO অঞ্চলৰ অন্তৰ্ভুক্ত বহু দেশত ৰোগবিধৰ স্থানীয় সংক্ৰমণৰ প্ৰমাণ পোৱা গৈছে।[31]

চিহ্ন আৰু লক্ষণসমূহ[সম্পাদনা কৰক]

ভাইৰাছৰ সংক্ৰমণ হোৱা লোক লক্ষণবিহীন হয় বা জ্বৰ, কাহ, ভাগৰ লগা আৰু উশাহ চুটি হোৱা আদি লক্ষণেৰে ইন্‌ফ্লুৱেঞ্জাৰ দৰে ৰোগত ভোগে।[6][32][33] উশাহ লোৱা কষ্ট, অনবৰতে বুকুৰ বিষ বা চাপ, দ্বিধা, খোজ কঢ়াত অসুবিধা আৰু মুখ বা উঁঠ নীলা পৰা জৰুৰীকালীন লক্ষণ আৰু তেতিয়া ততালিকে চিকিৎসকৰ সহায় ল'ব লাগে।[34] হাঁচি, নাকৰ পানী ওলোৱা আৰু ডিঙিৰ বিষ কমকৈ হোৱা লক্ষণ। কোনো কোনো ৰোগীৰ হয় বমিৰ ভাৱ, বমি আৰু পেটচলাও হয়।[35][36][37] চীনত কেইজনমান ৰোগীৰ প্ৰথমে মাত্ৰ বুকুৰ বিষ আৰু বুকুৰ ঢপঢপনি হৈছিল।[38] আন কোনো লক্ষণ নথকা ৰোগীৰ ঘ্ৰাণশক্তি (Anosmia) আৰু সোৱাদ শক্তি সলনি হোৱা (Dysgeusia) লক্ষণ প্ৰায়েই থাকে।[39][40] কোনো কোনো ৰোগীৰ নিউম'নিয়া, একাধিক অংগ বিকল হৈ মৃত্যুমুখত পৰে।[9][15] তীব্ৰ লক্ষণ হোৱা ৰোগীৰ লক্ষণ ওলোৱাৰ পৰা কৃত্ৰিম শ্বসন প্ৰয়োজন হোৱালৈকে সাধাৰণতে ৮ দিন লাগে।[41]

লক্ষণ[42] শতকৰা হাৰ (%)
জ্বৰ ৮৭.৯%
শুকান কাহ ৬৭.৭%
ভাগৰ ৩৮.১%
খেকাৰ ওলোৱা ৩৩.৪%
ঘ্ৰণশক্তি লোপ পোৱা
আৰু সোৱাদ সলনি হোৱা[39][40]
৩০ৰ পৰা ৬৬%
উশাহ চুটি হোৱা ১৮.৬%
গাঁঠি আৰু মাংসপেশীৰ বিষ ১৪.৮%
ডিঙিৰ বিষ (sore throat) ১৩.৯%
মূৰৰ বিষ ১৩.৬%
ঠাণ্ডা ১১.৪%
বমিৰ ভাৱ আৰু বমি ৫.0%
নাক বন্ধ হোৱা ৪.৮%
পেটচলা ৩.৭%
কাহোতে ৰক্তক্ষৰণ 0.৯%
কন্‌জাংটিভা ৰঙা পৰা 0.৮%

আন সংক্ৰমণৰ দৰে ইয়াতো ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰে পৰা লক্ষণ ওলোৱালৈকে কিছু সময় লাগে। এই সময়ছোৱাক উপ্তিকাল (incubation period) বোলে। COVID-19 ৰোগত উপ্তিকাল সাধাৰণতে পাঁচৰ পৰা ছয় দিন কিন্তু দুইৰ পৰা চৈধ্য দিবলৈকে হ'ব পাৰে।[43][44] ৯৭.৫% লক্ষণ ওলোৱা ৰোগীৰ সংক্ৰমণৰ ১১.৫ দিনৰ ভিতৰত লক্ষণ ওলায়।[45]

কাৰণ[সম্পাদনা কৰক]

এই ৰোগ ছিভিয়াৰ একিউট ৰেছ্‌পিৰেটৰী ছীণ্ড্ৰ'ম ক'ৰ'ণা ভাইৰাছ ২ (SARS-CoV-2) নামৰ ভাইৰাছে কৰে (পূৰ্বৰ নাম ২০১৯ ন'ভেল ক'ৰ'ণা ভাইৰাছ)।[46] কাহ আৰু হাঁচি মাৰিলে ওলোৱা ড্ৰপ্‌লেটৰ জৰিয়তে ই মানুহৰ মাজত বিয়পে।[47] ভাইৰাছটোৰ হ্ৰাসৰ হাৰ অনুসন্ধান কৰা এটা অধ্যয়নত তামত চাৰি ঘণ্টাৰ পাছত, কাৰ্ডব'ৰ্ডত ২৪ ঘণ্টাৰ পাছত, ষ্টেইনলে'ছ তীখাত ৭২ ঘণ্টা আৰু প্লাষ্টিকত ৭২ ঘণ্টাৰ পাছত সক্ৰিয় ভাইৰাছ পোৱা নাই। কিন্তু নিৰূপণৰ হাৰ (detection rate) ১০০% নাছিল আৰু পৃষ্ঠ সাপেক্ষে ভিন ভিন আছিল (এৰ'ছ'লৰ বাবে নিৰূপণৰ পৰিসৰ বা limit of detection আছিল প্ৰতি লিটাৰ বায়ুৰ বাবে ৩.৩৩×১০০.৫ TCID50, প্লাষ্টিক, তীখা আৰু কাৰ্ডব'ৰ্ডৰ বাবে প্ৰতি মিলিমিটাৰ মাধ্যমত ১০০.৫ TCID50, আৰু তামৰ বাবে প্ৰতি মিলিমিটাৰ মাধ্যমত ১০১.৫ TCID50)। এক Bayesian regression model-ৰ সহায়ত অৱক্ষয়ৰ হাৰ (rate of decay) ঠাৱৰ কৰোঁতে তামত ভাইৰাছবিধ ১৮ ঘণ্টালৈকে, কাৰ্ডব'ৰ্ডত ৫৫ ঘণ্টালৈকে, ষ্টেইনলে'ছ তীখাত ৯০ ঘণ্টালৈকে আৰু প্লাষ্টিকত ১০০ ঘণ্টাৰো বেছি থাকিব পাৰে বুলি কোৱা হৈছে। পৰীক্ষাৰ গোটেই সময়ছোৱাত (৩ ঘণ্টা) এৰ'ছ'লত ভাইৰাছবিধ সক্ৰিয় হৈ আছিল।[48] বিষ্ঠাতো ভাইৰাছবিধ পোৱা গৈছে আৰু বিষ্ঠাৰ জৰিয়তে সংক্ৰমণৰ সম্ভাৱনাৰ গৱেষণা চলি আছে।[49][50]

COVID-19 ৰোগে দেহৰ অংগবোৰৰ ভিতৰত হাওঁফাওঁক সকলোতকৈ বেছি আক্ৰান্ত কৰে কাৰণ সচৰাচৰ হাওঁফাওঁৰ দ্বিতীয় প্ৰকাৰৰ এল্‌ভিঅ'লাৰ কোষত (Type II alveloar cells) পোৱা ACE2 উৎসেচকেৰে ভাইৰাছবিধ পোষক কোষত সোমাই পৰে। ভাইৰাছটোৱে "spike" (peplomer) নামৰ এক বিশেষ পৃষ্ঠ গ্লাইক'প্ৰ'টিন ব্যৱহাৰ কৰি ACE2 ৰ লগ লাগে আৰু পোষক কোষত সোমাই পৰে।[51] কলাসমূহত থকাৰ ACE2 ঘনত্ব বেছি হ'লে ৰোগৰ তীব্ৰতাও বেছি হয়। গতিকে কোনোৱে ACE2 সক্ৰিয়তা কমালে সুৰক্ষা বাঢ়িব বুলি ধাৰণা কৰিছে;[52][53] আন এচামে angiotensin II receptor blocker ঔষধেৰে ACE2ৰ পৰিমাণ বঢ়ালে ভাল হ'ব পাৰে বুলি কৈছে।[54] হাওঁফাওঁৰ কোষবোৰ বেছিকৈ ৰোগাক্ৰান্ত হ'লে শ্বসন অক্ষমতা কৈ ৰোগী মৃত্যুমুখত পৰিব পাৰে।[53]

ACE2 পাকস্থলীৰ, ডুৱডেনাম আৰু মলাশয়ৰ আৱৰণীৰ গ্লেণ্ডুলাৰ কোষ[12] আৰু ক্ষুদ্ৰান্ত্ৰৰ এণ্ড'থেলিয়াম আৰু এণ্টেৰ'চাইটত থাকে বাবে থাকে বাবে ভাইৰাছবিধে এইবোৰ অংগকো আক্ৰান্ত কৰে।[55] চিকিৎসাধীন ব্যক্তিৰ ৫৩%ৰ বিষ্ঠাত ভাইৰাছবিধ পোৱা গৈছে[12] আৰু সংক্ৰমণৰ পাছৰ স্তৰত মুখৰ পৰা লোৱা নমুনাতকৈ পায়ুৰ পৰা লোৱা নমুনাত ভাইৰাছ বেছিকৈ ধৰা পৰিছে।[56] বিষ্ঠাত ভাইৰাছবিধ ১ৰ পৰা ১২ দিনলৈকে পোৱা হৈছে আৰু শ্বাসৰ নমুনাত ভাইৰাছ নোপোৱাৰ পাছত ১৭% ৰোগীৰ বিষ্ঠাত ভাইৰাছ ধৰা পৰিছে। গতিকে শ্বাসতন্ত্ৰৰ পৰা নাইকিয়া হোৱাৰ পাছতো পাচন তন্ত্ৰৰ সংক্ৰমণ অব্যাহত থাকিব পাৰে আৰু মুখ-পায়ুৰ সঞ্চাৰণ (fecal-oral transmission)ৰ সম্ভাৱনা থাকে।[12] পায়ুৰ নমুনাৰ জৰিয়তে ভাইৰাছবিধৰ পুনৰাবৃত্তিও ধৰা পৰিছে।[56]

ভাইৰাছবিধ প্ৰাকৃতিক আৰু স্পিল্‌অ'ভাৰ সংক্ৰমণেৰে (spillover infection)[57] জন্তুৰ পৰা অহা বুলি ভবা হয়।[58][59] প্ৰকৃত উৎস অজ্ঞাত কিন্তু ২০১৯ চনৰ ডিচেম্বৰৰ পৰা সকলো সংক্ৰমণ মানুহৰ পৰা মানুহলৈ হৈ আহিছে।[60][61] ৱুহান, চীনত ২০১৯ চনৰ ১৭ নৱেম্বৰত প্ৰথম জ্ঞাত সংক্ৰমণ ঘটিছিল।[62]

প্ৰতিৰোধৰ ব্যৱস্থা[সম্পাদনা কৰক]

চিত্ৰৰ মাধ্যমেৰে বক্ৰৰেখাৰ সমতলীকৰণৰ এক ব্যাখ্যা[63][64][65]
বক্ৰেৰেখাৰ সমতলীকৰণৰ বিকল্প[66][67]

এই ৰোগ সংক্ৰমণৰ প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ ভিতৰত ঘৰৰ ভিতৰতে থকা, জনসমাগম হোৱা ঠাইসমূহ এৰাই চলা, চাবোন আৰু কুহুমীয়া পানীৰে কমেও ২০ চেকেণ্ড ধৰি হাত ধোৱা, শ্বাস-প্ৰশ্বাস সম্পৰ্কীয় স্বাস্থ্যসন্মত বিধিসমূহ মানি চলাৰ লগতে অপৰিষ্কাৰ হাতেৰে চকু, নাক বা মুখ স্পৰ্শ নকৰা ইত্যাদিসমূহ অন্তৰ্ভুক্ত।[68][69][70] চেণ্টাৰ ফৰ ডিজিজ ক'ণ্ট্ৰল বা চমুকৈ চিডিচিয়ে কাঁহোতে বা হাঁচিয়াওঁতে এখন টিছ্যুৰে মুখ আৰু নাক ঢাকি ল'বলৈ আৰু টিছ্যুৰ অবিহনে কিলাকুটিৰ ভিতৰভাগ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।[68] কাঁহ বা হাঁচি মৰাৰ পিছত হাত পৰিষ্কাৰ কৰাৰ স্বাস্থ্যসন্মত বিধিসমূহ সঠিকভাৱে মানি চলিবলৈয়ো তেওঁলোকে পৰামৰ্শ আগবঢ়ায়।[68] সামাজিক দূৰত্ব বজাই ৰখাৰ কাৰ্যপ্ৰণালীসমূহ যেনে শিক্ষানুষ্ঠান-কাৰ্যালয়ৰ কাম-কাজ স্থগিতকৰণ, ভ্ৰমণত বাধা আৰোপ আৰু জনসমাগম বাতিল কৰাৰ যোগেদি সংক্ৰমিত লোকৰ সৈতে সৰহীয়া মানুহৰ সংস্পৰ্শ কমাবলৈ যত্ন কৰা হয়।[71] মানুহে ইজনে-সিজনৰ পৰা কমেও ৬ ফুট (১.৮০ মিটাৰ) দূৰত্বত থকাটোও সামাজিক দূৰত্ব বজাই ৰখাতেই অন্তৰ্ভুক্ত।[72]

ক'ৰ'ণা ভাইৰাছ ৰোগ ২০১৯-ৰ কোনো প্ৰতিষেধক অন্ততঃ ২০২১ চনলৈকে আহি পোৱাৰ সম্ভাৱনা নাই বাবে[73] ক'ভিড-১৯ ব্যৱস্থাপনাৰ অন্যতম প্ৰধান অংশ হৈছে বিভিন্ন উপায়েৰে নতুন সংক্ৰমণৰ হাৰ ৰোধ কৰি এই মহামাৰীৰ চূড়ান্ত সীমাক প্ৰশমিত কৰা বা প্ৰচলিত ভাষাত বক্ৰৰেখাৰ সমতলীকৰণ[64] সংক্ৰমণৰ হাৰ ৰোধ কৰাৰ ফলত চিকিৎসা সেৱা ব্যাহত হোৱাৰ আশংকা কম হোৱাৰ লগতে ই বৰ্তমানে আক্ৰান্ত ৰোগীসকলৰ উন্নত চিকিৎসাত সহায়ক হ'ব আৰু প্ৰতিষেধক উপলব্ধ হোৱালৈকে অতিৰিক্ত ৰোগীৰ সংখ্যা কমাই ৰাখিব।[64]

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কেৱল কাঁহোতে বা হাঁচিয়াওতে অথবা সন্দেহযুক্ত সংক্ৰমিত লোকৰ তত্ত্বাৱধান লোৱাৰ সময়তহে মাস্কৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হয়।[74] কিছুসংখ্যক দেশে, বিশেষকৈ চীন,[75]হংকং,[76] আৰু থাইলেণ্ডত[77]সুস্থ লোকসকলকো মাস্কৰ ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়া হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ আনুমানিক হিচাপ অনুসৰি মাস্কৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ মাস্কৰ বিশ্বজোৰা উৎপাদন ৪০% বৃদ্ধি হ'ব লাগিব। মজুতকৰণ আৰু স্পেকুলেচনৰ ফলত মাস্ক, এন৯৫ ৰেস্পিৰেটৰ আৰু গাউনৰ মূল্য যথাক্ৰমে ছয়গুণ, তিনিগুণ আৰু দুগুণ বৃদ্ধি হৈ সমস্যাটো অধিক জটিল কৰি তোলে।[78] কিছুসংখ্যক চিকিৎসকৰ মতে, যদিও সাধাৰণ মাস্ক আৰু কাপোৰে সংক্ৰমিত ব্যক্তিৰ পৰা পোনপটীয়াকৈ অহা কাঁহ বা হাঁচিৰ পৰা সুৰক্ষা দিব নোৱাৰে কিন্তু এইসমূহেৰে মুখমণ্ডল আৱৰি ৰখাটো মুখ আৰু নাক স্পৰ্শ কৰাৰ পৰা মানুহক বিৰত ৰাখিবলৈ এক উত্তম উপায়[79]

ক'ৰণা ভাইৰাছৰ বা ক'ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত ব্যক্তি অথবা আক্ৰান্ত হ'ব পাৰে বুলি ভবা লোকক চিডিচিয়ে চিকিৎসা সেৱাৰ বাবে যোৱাৰ বাদে আন পৰিস্থিতিত ঘৰতে থাকিবলৈ পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰিও চিকিৎসালয়লৈ যোৱাৰ আগতে চিকিৎসা প্ৰদানকাৰীৰ সৈতে ফোনেৰে যোগাযোগ কৰিবলৈ, চিকিৎসা প্ৰদানকাৰীৰ কাৰ্যালয়ত সোমোৱাৰ আগত মাস্ক পৰিধান কৰিবলৈ, কোঠাত দ্বিতীয় ব্যক্তিৰ উপস্থিতিত কাঁহোতে বা হাঁচিয়াওতে টিছ্যু ব্যৱহাৰ কৰিবলৈ, নিয়মিয়াকৈ চাবোনেৰে হাত ধুবলৈ আৰু ব্যক্তিগত ঘৰুৱা সৰঞ্জাম আনৰ সৈতে ভাগ-বটোৱাৰা নকৰিবলৈয়ো তেওঁলোকক উপদেশ দিয়া হয়।[80][81] নিত্যকৰ্মৰ পিছত বা দেখাত অপৰিষ্কাৰ হৈ থাকিলে, আহাৰ গ্ৰহণ কৰাৰ আগত, নাক পৰিষ্কাৰ কৰা আৰু কাঁহ মৰা বা হাঁচিওৱাৰ পিছত সকলোকে চাবোনেৰে কমেও ২০ চেকেণ্ড ধৰি হাত ধুবলৈকো চিডিচিয়ে পৰামৰ্শ দিয়ে। চাবোন আৰু পানী নাপালে অতি কমেও ৬০% এলক'হলযুক্ত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিবলৈয়ো তেওঁলোকে উপদেশ দিয়ে।[68]

যিসমূহ ঠাইত বাণিজ্যিক হেণ্ড ছেনিটাইজাৰ সহজে পোৱা নাযায় তেনে ঠাইত স্থানীয় উৎপাদনৰ কাৰণে বিশ্ব স্বাস্থ্য সংস্থাই দুটা যৌগৰ সূত্ৰ বা ফৰ্মুলেচন প্ৰদান কৰিছে। এই ফৰ্মুলেচনকেইটাত ইথানল বা আইচ'প্ৰপানলৰ পৰা বীজাণু ধ্বংসকাৰী প্ৰক্ৰিয়াটো আৰম্ভ হয়। হাইড্ৰ'জেন পেৰ'ক্সাইডে ইয়াত এলকহলৰ পৰা আণুজীৱিক কোষাণু বা বেক্টেৰীয়েল স্প'ৰসমূহ আঁতৰোৱাত সহায় কৰে আৰু ই কোনো সক্ৰিয় হেণ্ড এণ্টিচেপচিচ (প্ৰতিৰোধক) নহয়। গ্লাইচেৰলক আৰ্দ্ৰতা বজাই ৰাখিবলৈ ফৰ্মুলেচনত ব্যৱহাৰ কৰা হয়।[82]

চিকিৎসা[সম্পাদনা কৰক]

ব্যক্তিগত প্ৰতিৰক্ষণ সঁজুলি পিন্ধাৰ চাৰিটা পৰ্যায়[83]

সম্প্ৰতি ক'ৰ'ণা ভাইৰাছৰ সংস্পৰ্শলৈ অহা ৰোগী সকলক আন্তঃশিৰা দ্ৰৱ (ফ্লুইড), অক্সিজেন আৰু শৰীৰৰ প্ৰধান অংগসমূহৰ সহায়ক চিকিৎসা আদিৰ জৰিয়তে সামৰ্থক সুশ্ৰুষাহে প্ৰদান কৰিব পৰা হৈছে।[84][85][86]এক্যুট ৰেছপাইৰেটৰী ডিষ্ট্ৰেছ ছিণ্ড্ৰ্'মৰ দৰে জটিলতা নহালৈকে  মিথাইলপ্ৰেডনিছলন আদিৰ দৰে ষ্টেৰইডৰ ব্যৱহাৰ বাৰণ কৰা হৈছে।[87][88]

চেণ্টাৰ ফ'ৰ ডিজিছ কণ্ট্ৰ'লৰ মতে ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিলে মাস্ক পিন্ধিবলৈ উপদেশ দিয়া হৈছে।[89][90][91] বিশ্ব স্বাস্থ্য সংস্থাই ৰোগৰ লক্ষণবোৰ কমাই ৰাখিবলৈ আইবুপ্ৰ'ফেনৰ দৰে নন ষ্টেৰইডেল এণ্টি ইনফ্লেমেটৰী ঔষধ প্ৰয়োগত নিষেধাজ্ঞা আৰোপ কৰা নাই যদিও[92] প্ৰথম পৰ্যায়ত পেৰাছিটামলহে ব্যৱহাৰ কৰিবলৈ উপদেশ দিছে।[93] ইতিমধ্যে আইবুপ্ৰফেন ব্যৱহাৰৰ পিছত চাৰিটি শিশুৰ দেহত বিৰূপ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে।[94][95]

বিশ্ব স্বাস্থ্য সংস্থা আৰু চীনদেশৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে হস্পিতালত ভৰ্তি হৈ থকা ৰোগীসকলৰ চিকিৎসাৰ নিয়মাৱলী প্ৰস্তুত কৰিছে।[96][97][98][99]

ব্যক্তিগত প্ৰতিৰক্ষণ সঁজুলি[সম্পাদনা কৰক]

ভাইৰাছবিধৰ  সংক্ৰমন ৰোধ কৰিবলৈ সাৱধানতা সকলোতকৈ দৰকাৰী কথা। বিশেষকৈ চিকিৎসালয়ত যেতিয়া বিভিন্ন প্ৰক্ৰিয়া যেনে কৃত্ৰিম স্বাসনলী  সংৰোপণ, বেগ-মাস্ক ভেণ্টিলেশ্যন আদি সম্পন্ন কৰা হয়, তেতিয়া এৰ'চ'ল নিৰ্গত হয়। গতিকে সেই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো অতি জৰুৰী হৈ পৰে।[100]

মহামাৰীৰ সময়ত এনে সংক্ৰমণ ৰোধ কৰিবলৈ কিছুমান ব্যক্তিগত প্ৰতিৰক্ষণ সঁজুলি (Personal protective equipment, চমুকৈ PPE) ব্যৱহাৰৰ বাবে ছিডিছিয়ে এক নিয়মাৱলী ধাৰ্য্য কৰি দিছে। এই সঁজুলিসমূহ হ'ল:

  • ৰেছপাইৰেটৰ অথবা মাস্ক[101][102]
  • কোটচোলা
  • চকুৰ প্ৰতিৰক্ষা[105]

উপলব্ধ হ'লে মাস্কৰ সলনি ৰেছপাইৰেটৰ বেছি উপযোগী।[106]এনঌ৫ ৰেছপাইৰেটৰ সমূহ ঔদ্যোগিক ক্ষেত্ৰত উপযুক্ত আৰু এফডিএয়ে আত্যায়িক কালত ইয়াক ব্যৱহাৰৰ অনুমতি দিছে। অৱ্শ্যে ধূলি-বালি আদিৰ দৰে বতাহত ওপঙা কণিকাৰ পৰা ই সুৰক্ষা দিয়ে কিন্তু জীৱাণু প্ৰতিৰোধত ই কেনেকুৱা ভূমিকা লয় সি সন্দিহান।[107] এনেকুৱা মাস্ক নাপালেহে শেষ ভৰষা হিচাপে ঘৰত তৈয়াৰী মাস্ক পিন্ধিবলৈ ছিডিছিয়ে উপদেশ দিছে।[108]

কৃত্ৰিম শ্বাস-প্ৰশ্বাস[সম্পাদনা কৰক]

ক'ভিড-১ঌত আক্ৰান্ত বেছিভাগ ৰোগীয়েই কৃত্ৰিম শ্বাস-প্ৰশ্বাসৰ সুবিধা ল'বলগীয়াকৈ জটিল নহয় যদিও কিছু শতাংশ ৰোগীৰ ক্ষেত্ৰত ই জৰুৰী হৈ পৰে।[109][110] কেনেডাৰ কিছু সংখ্যক চিকিৎসকে বতাহত বিয়পিব পৰা জীৱাণুৰ সংক্ৰমণ প্ৰতিহত হয় বুলি কৃত্ৰিম শ্বাস-প্ৰশ্বাস প্ৰণালীৰ ওকালতি কৰে।[109] এনেকুৱা জটিলতা ঘাইকৈ বয়সস্থ (ষাঠি বছৰৰ ঊৰ্ধ্ব অথবা অশীতিপৰ)ৰোগীসকলৰ ক্ষেত্ৰত হে হোৱা দেখা যায়।[109][111] বহুসংখ্যক উন্নত দেশতেই জনসংখ্যা অনুপাতে হস্পিটালত বিছনাৰ অভাৱ যাৰ ফলত হস্পিতালত ভৰ্ত্তি কৰিবলগীয়া ক'ভিড-১ঌৰোগী সকলৰ সংখ্যা দ্ৰুতগতিত বাঢ়ি অহাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ চিকিৎসা কৰিবলৈ স্বাস্থ্যখণ্ড সমূহে পৰ্যাপ্ত সমল গোটাব পৰা নাই।[112] আৰু এই অভাৱে ক'ৰ'না মহামাৰীৰ ঊৰ্ধ্বমুখী গতিৰেখাক ভোটা কৰি নিম্নগামী কৰিবলৈ অৰ্থাৎ নতুনকৈ আক্ৰান্ত ৰোগীৰ সংখ্যা কমাই এটা সময়ত এনে ৰোগীৰ সংখ্যা সীমিত ৰাখিবলৈ বৰ্তমান এক প্ৰত্যাহ্বান হিচাপে থিয় দিছে।[112] চীনদেশত হোৱা এক অধ্যয়নত দেখা গৈছে যে সৰ্বমুঠ ৰোগীৰ ৫% আই.ছি.ইউ.ত ভৰ্ত্তিকৰিবলগীয়া হৈছে, ২.৩%ক কৃত্ৰিমভাৱে শ্বাস-প্ৰশ্বাসপ্ৰদান কৰিবলগীয়া হৈছে আৰু ১.৪% ৰোগীৰ মৃত্যু হৈছে।[90] এনে পৰিস্থিতিত বৰ্তমান প্ৰতিটো ভেণ্টিলেটৰেই অতীৱ মূল্যৱান কাৰণ এক সূত্ৰৰ মতে মুঠ ৰোগীৰ এক-তৃতীয়াংশক এনে কৃত্ৰিম শ্বসন প্ৰণালীৰ আৱ্শ্যকতা হ'ব পাৰে।[113]

পৰীক্ষামূলক চিকিৎসা[সম্পাদনা কৰক]

বিশ্ব স্বাস্থ্য সংস্থাই অদ্যাপি ক'ভিড-১ঌৰ চিকিৎসাৰ অৰ্থে কোনো ঔষধ ব্যৱহাৰ কৰিবলৈ উপদেশ দিয়া নাই যদিও বিভিন্ন দেশৰ গৱেষণা সংস্থাসমূহে কিছুমান ঔষধ ব্যৱহাৰৰ কথা কৈছে।[114] সম্ভাব্য ঔষধ উদ্ভাৱনৰ অৰ্থে ২০১ঌ চনৰ জানুৱাৰী মাহৰে পৰা গৱেষণা আৰম্ভ হৈছে।[115] বহুসংখ্যক এণ্টিভাইৰেল ঔষধো পৰীক্ষামূলক পৰ্যায়তে আছে[116][117]| অৱশ্যে এই নতুন ঔষধ ২০২১ চনলৈহে তৈয়াৰ হৈ উঠাৰ সম্ভাৱনা আছে।[118] এই গৱেষণাত সম্পৰীক্ষা চলোৱা কোনো কোনো ঔষধ ইতিমধ্যেই বিবিধ ৰোগত ব্যৱহাৰ কৰি অহা হৈছে।[114]  ৰোগৰ লক্ষণবোৰ বেছি হ'লে এণ্টিভাইৰেল ঔষধ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিয়া হৈছে।[84]

পৰিভাষা[সম্পাদনা কৰক]

২০২০ চনৰ ফেব্ৰুৱাৰিত বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰে যে-ৰোগবিধৰ আনুষ্ঠানিক নাম ক'ভিড-১৯। সংস্থাৰ মুৰব্বী টেড্ৰোছ এধান'মে ব্যাখ্যা কৰে যে COৰ অৰ্থ corona, VIৰ অৰ্থ virus আৰু D ৰ অৰ্থ disease, আনহাতে 19 টোৱে ৰোগবিধ আৰম্ভ হোৱা বছৰটোক(৩১ ডিচেম্বৰ, ২০১৯)ক বুজাইছে।[119] নামটো এইকাৰণেই দিয়া হৈছে যাতে বেমাৰবিধৰ অৱস্থিতিয়ে কোনো বিশেষ ভৌগোলিক সীমা, জন্তুৰ প্ৰজাতি, অথবা মানুহৰ গোটকে কেন্দ্ৰ কৰি গঢ় ল'ব পৰা সামাজিক সংকীৰ্ণতা অতিক্ৰম কৰিব পাৰে। যাতে নামবিধক লৈ কোনোধৰণৰ সামাজিক বিভ্ৰান্তিৰ সৃষ্টি নহয়।[120][121]

ব্যাধিটোৰ নাম COVID-19 দিয়া হৈছে যদিও, এই বেমাৰটো সৃষ্টি কৰা ভাইৰাছবিধৰ নাম severe acute respiratory syndrome coronavirus 2 অথবা SARS-CoV-2।[122] ২০১৯ চনত ভাইৰাছবিধ ২০১৯ নভেল ক'ৰ'ণা ভাইৰাছ অথবা 2019-nCoV হিচাপে পৰিচিত হৈছিল।[123] বিশ্ব স্বাস্থ্য সংস্থাই কভিড-১৯ ভাইৰাছ আৰু "কভিড-১৯ৰ বাবে দায়ী ভাইৰাছ"- এই দুয়োটাই ৰাজহুৱাৰ যোগাযোগ মাধ্যমত ব্যৱহাৰ কৰে।[122] ক'ৰ'ণা ভাইৰাছৰ নামকৰণ কৰা হৈছিল ১৯৬৮ চনত। যেতিয়া তেওঁলোকক ইলেক্ট্ৰণ মাইক্ৰ'স্কপত দেখা গৈছিল। সূৰ্যৰ ক'ৰ'ণা অংশৰ তাৰ কিছু সাদৃশ্যগত চিন আছিল। লেটিন ভাষাত ক'ৰ'ণাৰ অৰ্থ মুকুট(crown)[124][125][126]

২০২০ চনৰ ফেব্ৰুৱাৰিত, বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছবিধক "চীনা ভাইৰাছ" অথবা "উহান ভাইৰাছ" বুলি ক'বলৈ মানা কৰে।[127][128][129][130] তাতকৈও কিছুমান বিতৰ্কিত শব্দ; যেনে-"Wuflu" অথবা "Kung Flu"ৰ উদ্ভৱ হয় আমেৰিকাত, এইছোৱা সময়তে। এইবোৰ শব্দৰ সম্পৰ্ক আছে উহানৰ লগত, য'ত ভাইৰাছবিধ পোনপ্ৰথমবাৰৰ বাবে চিনাক্ত কৰা হৈছিল। তাৰ লগতে চীনৰ সমৰকলাৰ কিছুমান শব্দ Wushu আৰু Kung Fu ব্যৱহাৰ কৰা হয়। এইবোৰ শব্দৰ ব্যৱহাৰৰ দ্বাৰা ইয়াকেই পৰোক্ষভাৱে বুজাব খোজা হয় যে, এই মহামাৰীটো চীনৰ তৰফৰ পৰা সমগ্ৰ বিশ্বলৈ এক আগ্ৰাসী উপহাৰ। কিন্তু দৰাচলতে একেসময়তে কভিড-১৯ত আক্ৰান্ত হৈ চীন আৰু বিশেষকৈ উহানৰ সহস্ৰাধিক লোকৰ মৃত্যু ঘটিছে।[131][132]

পৰিচালনা[সম্পাদনা কৰক]

গৱেষণা[সম্পাদনা কৰক]

SARS-CoV-2ভাইৰাছৰ সংক্ৰমণ আৰু বিকাশৰ ক্ষেত্ৰত থকা প্ৰধান ভূমিকাৰ বাবে, "Angiotensin-converting enzyme 2, ACE2" ক কেন্দ্ৰ কৰি কিছুমান গৱেষণাৰ সম্ভাৱনা সৃষ্টি হৈছে। তদুপৰি, কেতবোৰ ঔষধসংক্ৰান্তিয় উপদেশো আগবঢ়োৱা হৈছে।[53] ব্যক্তিগত পৰ্যায়ৰ স্বচ্ছতা, স্বাস্থ্যবিধি আৰু স্বাস্থ্যসন্মত জীৱন-প্ৰণালীক প্ৰতিৰোধী ক্ষমতা বঢ়োৱাৰ উপায় হিচাপে বিবেচনা কৰা হৈছে।[133]

তথ্য-প্ৰযুক্তি[সম্পাদনা কৰক]

২০২০ চনৰ ফেব্ৰুৱাৰীত চীনে এটা মোবাইল এপ মুকলি কৰি দিয়ে, য'ত এই ৰোগৰ তথ্য উপলদ্ধ হয়। ইয়াত ব্যৱহাৰ কৰ্তাৰ নাম আৰু আই ডি নম্বৰ অন্তৰ্ভুক্ত কৰিবলৈ কোৱা হয়। এই এপটোৰ জৰিয়তে সংক্ৰমণৰ সম্ভাৱনা থকা ওচৰ সম্পৰ্কীয় এপ ব্যৱহাৰকৰি লোক সকলক সহজে চিনাক্ত কৰিব পাৰে। আনহাতে কোনো এজন উপভোগকৰ্তাই অন্য তিনিজন ব্যক্তিৰ ৰোগ সম্পৰ্কীয় স্থিতি নিজেই চাই জানিব পাৰে। যদিহে কোনো ব্যক্তি সম্ভাব্য বিপদত পৰিব বুলি জনা যায় তেন্তে এই এপটোৱে ব্যক্তিজনক স্ব-গৃহবন্দীত্ব মানিবলৈ নিৰ্দেশ দিয়া হয় আৰু ওচৰৰ স্বাস্থ্যকৰ্মীৰ তত্ত্বাৱধানত ৰখা হয়।

মোবাইল ডাটা, মুখাবয়বৰ চিনাক্ত কৰণ পদ্ধতি, অনলাইন মোবাইলফোনৰ অনুসৰণ ইত্যাদি আধুনিক যান্ত্ৰিক মাধ্যমৰ যোগেদি এই ৰোগত আক্ৰান্ত লোক সকলক বা তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকসকলক অনুসৰণ কৰা হয় লগতে যি সকল লোকক তেওঁলোকে দক্ষিণ কোৰিয়া, টাইৱান আৰু চিংগাপুৰত লগ কৰিছিল। ২০২০চনৰ মাৰ্চ মাহৰ পৰা ইজৰাইল চৰকাৰে সুৰক্ষা কেন্দ্ৰ সমূহৰ দ্বাৰা ক'ৰ'ণা ভাইৰাছত আক্ৰান্ত বা সম্ভাব্য লোক সকলৰ মোবাইলফোন ডাটা অনুসৰণ কৰে। ইয়াৰ দ্বাৰা তৎকালীন ভাৱে আৰু বাধ্যতামূলক ভাৱে এই লোকসকলক গৃহবন্দী হৈ থাকিবলৈ আৰু তেনে লোকৰ সংস্পৰ্শলৈ আহিব পৰা লোক সকলক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰা হয়। আকৌ ২০২০চনৰ মাৰ্চ মাহতেই 'ডিউয়েটছ' টেলিকমে ৰোগী বা সম্ভাব্য লোক সকলৰ মোবাইলৰ স্থানীয় ডাটা চৰকাৰী জাৰ্মান ফেডাৰেল এজেন্সি, ৰবাৰ্ট ক'চ ইনষ্টিটিউটক প্ৰদান কৰে যাতে এই লোকসকলৰ ওপৰত অনুসন্ধান চলোৱাৰ লগতে ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পৰা যায়। ৰুচত গৃহবন্দীত্বৰ নিৰ্দেশনা উলংঘা কৰা লোকৰ চিনাক্ত কৰণৰ বাবে মুখাবয়ব চিনাক্তকৰণ প্ৰযুক্তিৰ প্ৰয়োগ কৰে। ইটালীৰ আঞ্চলিক স্বাস্থ্য সংস্থা বিভাগৰ মতে ৪০% লোক বিনা অনুমতিত য'তে ত'তে ঘূৰি ফুৰিছে। জাৰ্মান চৰকাৰে প্ৰায় ৪৮ ঘণ্টাৰ সাপ্তাহিক শ্ৰম বিৰতিৰ ঘোষণা কৰিছে।

মানসিক সহযোগিতা[সম্পাদনা কৰক]

সংগৰোধ, যাত্ৰা নিষিদ্ধকৰণ, চিকিৎসাৰ পাৰ্শ্বক্ৰিয়া, সংক্ৰমিত হোৱাৰ আশংকা এই সকলো মিলি ব্যক্তিবিশেষক মানসিক পীড়া দিব পাৰে। সেয়হে মানসিক ব্যাধি দূৰীকৰণৰ বাবে ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য পৰিষদে ৰাষ্ট্ৰীয় নিয়মপঞ্জী তৈয়াৰ কৰি লোক সকলক মানসিকভাৱে হতাশাত নুভুগিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "国家卫生健康委关于新型冠状病毒肺炎暂命名事宜的通知" (zh-cn ভাষাত). National Health Commission. 7 February 2020. http://www.nhc.gov.cn/yzygj/s7653p/202002/18c1bb43965a4492907957875de02ae7.shtml. 
  2. Campbell, Charlie (20 January 2020). "The Wuhan Pneumonia Crisis Highlights the Danger in China's Opaque Way of Doing Things". Time. https://time.com/5768230/wuhan-pneumonia-flu-crisis-china-government/. 
  3. Daniel Lucey and Annie Sparrow (14 January 2020). "China Deserves Some Credit for Its Handling of the Wuhan Pneumonia". Foreign Policy. https://foreignpolicy.com/2020/01/14/china-response-wuhan-pneumonia-better-sars/. 
  4. Stobbe, Mike (8 February 2020). "Wuhan coronavirus? 2018 nCoV? Naming a new disease". Fortune. Associated Press. https://fortune.com/2020/02/08/wuhan-coronavirus-disease-names/. 
  5. বিতংকৈ জানিবলৈ চাওক:SARS-CoV-2
  6. 6.0 6.1 6.2 "Coronavirus Disease 2019 (COVID-19) Symptoms". প্ৰকাশক United States. 10 February 2020. https://www.cdc.gov/coronavirus/2019-ncov/about/symptoms.html. 
  7. 7.0 7.1 "COVID-19 Dashboard by the Center for Systems Science and Engineering (CSSE) at Johns Hopkins University (JHU)". Johns Hopkins University. https://gisanddata.maps.arcgis.com/apps/opsdashboard/index.html#/bda7594740fd40299423467b48e9ecf6. 
  8. "Naming the coronavirus disease (COVID-19) and the virus that causes it". World Health Organization (WHO). https://www.who.int/emergencies/diseases/novel-coronavirus-2019/technical-guidance/naming-the-coronavirus-disease-(covid-2019)-and-the-virus-that-causes-it. 
  9. 9.0 9.1 9.2 "The continuing 2019-nCoV epidemic threat of novel coronaviruses to global health—The latest 2019 novel coronavirus outbreak in Wuhan, China". Int J Infect Dis খণ্ড 91: 264–66. February 2020. doi:10.1016/j.ijid.2020.01.009. PMID 31953166. 
  10. 10.0 10.1 "WHO Director-General's opening remarks at the media briefing on COVID-19" (Press release). 11 March 2020. https://www.who.int/dg/speeches/detail/who-director-general-s-opening-remarks-at-the-media-briefing-on-covid-19---11-march-2020। আহৰণ কৰা হৈছে: 12 March 2020. 
  11. "Q&A on coronaviruses (COVID-19)". World Health Organization (WHO). https://www.who.int/news-room/q-a-detail/q-a-coronaviruses. 
  12. 12.0 12.1 12.2 12.3 Gu, Jinyang; Han, Bing; Wang, Jian (27 February 2020). "COVID-19: Gastrointestinal manifestations and potential fecal-oral transmission". Gastroenterology. doi:10.1053/j.gastro.2020.02.054. ISSN 0016-5085. PMID 32142785. 
  13. Miri, Seyyed Mohammad; Roozbeh, Fatemeh; Omrani Rad, Ali; Alavian, Seyed Moayed (16 March 2020). "Panic of Buying Toilet Papers: A Historical Memory or a Horrible Truth? Systematic Review of Gastrointestinal Manifestations of COVID-19". Hepatitis Monthly খণ্ড In Press (In Press). doi:10.5812/hepatmon.102729. ISSN 1735-143X. 
  14. Wang, Vivian (5 March 2020). "Most Coronavirus Cases Are Mild. That's Good and Bad News.". The New York Times. https://www.nytimes.com/2020/02/27/world/asia/coronavirus-treament-recovery.html. 
  15. 15.0 15.1 "Q&A on coronaviruses". https://www.who.int/news-room/q-a-detail/q-a-coronaviruses. 
  16. "Coronavirus (COVID-19) Mortality Rate". 5 March 2020. https://www.worldometers.info/coronavirus/coronavirus-death-rate/. 
  17. 17.0 17.1 17.2 "Q&A on coronaviruses". World Health Organization. 11 February 2020. https://www.who.int/news-room/q-a-detail/q-a-coronaviruses. 
  18. 18.0 18.1 18.2 "Coronavirus Disease 2019 (COVID-19) - Transmission" (en-us ভাষাত). 17 March 2020. https://www.cdc.gov/coronavirus/2019-ncov/prepare/transmission.html. 
  19. "New coronavirus stable for hours on surfaces". National Institutes of Health. https://www.nih.gov/news-events/news-releases/new-coronavirus-stable-hours-surfaces. 
  20. "Symptoms of Novel Coronavirus (2019-nCoV)". 10 February 2020. https://www.cdc.gov/coronavirus/2019-ncov/about/symptoms.html. 
  21. "The COVID-19 epidemic". Tropical Medicine & International Health খণ্ড n/a (n/a): 278–80. March 2020. doi:10.1111/tmi.13383. PMID 32052514. 
  22. "A rapid advice guideline for the diagnosis and treatment of 2019 novel coronavirus (2019-nCoV) infected pneumonia (standard version)". Military Medical Research খণ্ড 7 (1): 4. February 2020. doi:10.1186/s40779-020-0233-6. PMID 32029004. 
  23. "CT provides best diagnosis for COVID-19". 26 February 2020. https://www.sciencedaily.com/releases/2020/02/200226151951.htm. 
  24. "Advice for public". https://www.who.int/emergencies/diseases/novel-coronavirus-2019/advice-for-public. 
  25. "Guidance on social distancing for everyone in the UK" (en ভাষাত). https://www.gov.uk/government/publications/covid-19-guidance-on-social-distancing-and-for-vulnerable-people/guidance-on-social-distancing-for-everyone-in-the-uk-and-protecting-older-people-and-vulnerable-adults. 
  26. CDC (11 February 2020). "2019 Novel Coronavirus (2019-nCoV)". https://www.cdc.gov/coronavirus/2019-ncov/about/steps-when-sick.html. 
  27. "Advice for public". https://www.who.int/emergencies/diseases/novel-coronavirus-2019/advice-for-public. 
  28. "Coronavirus Disease 2019 (COVID-19)". Centers for Disease Control and Prevention (CDC). 15 February 2020. https://www.cdc.gov/coronavirus/2019-ncov/about/prevention-treatment.html. 
  29. "Statement on the second meeting of the International Health Regulations (2005) Emergency Committee regarding the outbreak of novel coronavirus (2019-nCoV)". https://www.who.int/news-room/detail/30-01-2020-statement-on-the-second-meeting-of-the-international-health-regulations-(2005)-emergency-committee-regarding-the-outbreak-of-novel-coronavirus-(2019-ncov). 
  30. "Hundreds of evacuees to be held on bases in California; Hong Kong and Taiwan restrict travel from mainland China". The Washington Post. 6 February 2020. https://www.washingtonpost.com/world/asia_pacific/coronavirus-china-live-updates/2020/02/05/114ced8a-479c-11ea-bc78-8a18f7afcee7_story.html. 
  31. Coronavirus disease 2019 (COVID-19): situation report, 47. March 2020. 
  32. "Epidemiological and clinical characteristics of 99 cases of 2019 novel coronavirus pneumonia in Wuhan, China: a descriptive study" (English ভাষাত). Lancet খণ্ড 395 (10223): 507–513. February 2020. doi:10.1016/S0140-6736(20)30211-7. PMID 32007143. 
  33. Hessen, Margaret Trexler (27 January 2020). "Novel Coronavirus Information Center: Expert guidance and commentary". https://www.elsevier.com/connect/coronavirus-information-center. 
  34. "Coronavirus Disease 2019 (COVID-19)—Symptoms" (en-us ভাষাত). 20 March 2020. https://www.cdc.gov/coronavirus/2019-ncov/symptoms-testing/symptoms.html. 
  35. Wei, Xiao-Shan; Wang, Xuan; Niu, Yi-Ran; Ye, Lin-Lin; Peng, Wen-Bei; Wang, Zi-Hao; Yang, Wei-Bing; Yang, Bo-Han et al. (26 February 2020) (en ভাষাত). Clinical Characteristics of SARS-CoV-2 Infected Pneumonia with Diarrhea. প্ৰকাশক Rochester, NY. 
  36. "Clinical features of patients infected with 2019 novel coronavirus in Wuhan, China". Lancet খণ্ড 395 (10223): 497–506. February 2020. doi:10.1016/S0140-6736(20)30183-5. PMID 31986264. 
  37. Lai, Chih-Cheng; Shih, Tzu-Ping; Ko, Wen-Chien; Tang, Hung-Jen; Hsueh, Po-Ren (1 March 2020). "Severe acute respiratory syndrome coronavirus 2 (SARS-CoV-2) and coronavirus disease-2019 (COVID-19): The epidemic and the challenges" (en ভাষাত). International Journal of Antimicrobial Agents খণ্ড 55 (3): 105924. doi:10.1016/j.ijantimicag.2020.105924. ISSN 0924-8579. PMID 32081636. 
  38. "COVID-19 and the cardiovascular system". Nature Reviews. Cardiology. March 2020. doi:10.1038/s41569-020-0360-5. PMID 32139904. 
  39. 39.0 39.1 "Loss of sense of smell as marker of COVID-19 infection". https://www.entuk.org/loss-sense-smell-marker-covid-19-infection. 
  40. 40.0 40.1 "Anosmia, Hyposmia, and Dysgeusia Symptoms of Coronavirus Disease". American Academy of Otolaryngology-Head and neck surgery. 22 March 2020. Archived from the original on 24 March 2020. https://web.archive.org/web/20200324213530/https://www.entnet.org/content/coronavirus-disease-2019-resources। আহৰণ কৰা হৈছে: 25 March 2020. 
  41. "Coronavirus Disease 2019 (COVID-19)" (en-us ভাষাত). 11 February 2020. https://www.cdc.gov/coronavirus/2019-ncov/hcp/clinical-guidance-management-patients.html. 
  42. Report of the WHO-China Joint Mission on Coronavirus Disease 2019 (COVID-19) (Report). World Health Organization (WHO). 16-24 February 2020. https://www.who.int/docs/default-source/coronaviruse/who-china-joint-mission-on-covid-19-final-report.pdf। আহৰণ কৰা হৈছে: 21 March 2020. 
  43. Coronavirus disease 2019 (COVID-19): situation report, 29. 19 February 2020. 
  44. "Q&A on coronaviruses (COVID-19): How long is the incubation period for COVID-19?". https://www.who.int/news-room/q-a-detail/q-a-coronaviruses. 
  45. Lauer, Stephen A.; Grantz, Kyra H.; Bi, Qifang; Jones, Forrest K.; Zheng, Qulu; Meredith, Hannah R.; Azman, Andrew S.; Reich, Nicholas G. et al. (10 March 2020). "The Incubation Period of Coronavirus Disease 2019 (COVID-19) From Publicly Reported Confirmed Cases: Estimation and Application" (en ভাষাত). Annals of Internal Medicine. doi:10.7326/M20-0504. ISSN 0003-4819. PMID 32150748. PMC 7081172. https://annals.org/aim/fullarticle/2762808/incubation-period-coronavirus-disease-2019-covid-19-from-publicly-reported. 
  46. Gorbalenya, Alexander E. (11 February 2020). "Severe acute respiratory syndrome-related coronavirus—The species and its viruses, a statement of the Coronavirus Study Group". bioRxiv. doi:10.1101/2020.02.07.937862. 
  47. "2019 Novel Coronavirus (2019-nCoV)". 11 February 2020. https://www.cdc.gov/coronavirus/2019-ncov/about/transmission.html. "The virus is thought to spread mainly from person-to-person ... through respiratory droplets produced when an infected person coughs or sneezes." 
  48. "Aerosol and Surface Stability of SARS-CoV-2 as Compared with SARS-CoV-1". The New England Journal of Medicine (Massachusetts Medical Society). March 2020. doi:10.1056/nejmc2004973. PMID 32182409. 
  49. Gu, Jinyang; Han, Bing; Wang, Jian (27 February 2020). "COVID-19: Gastrointestinal manifestations and potential fecal-oral transmission". Gastroenterology. doi:10.1053/j.gastro.2020.02.054. ISSN 0016-5085. PMID 32142785. 
  50. Water Transmission and COVID-19 (CDC, accessed 19 March 2020)
  51. "Functional assessment of cell entry and receptor usage for SARS-CoV-2 and other lineage B betacoronaviruses". Nature Microbiology: 1–8. 2020. doi:10.1038/s41564-020-0688-y. PMID 32094589. 
  52. "Angiotensin-converting enzyme 2 (ACE2) as a SARS-CoV-2 receptor: molecular mechanisms and potential therapeutic target". Intensive Care Medicine. March 2020. doi:10.1007/s00134-020-05985-9. PMID 32125455. 
  53. 53.0 53.1 53.2 "High expression of ACE2 receptor of 2019-nCoV on the epithelial cells of oral mucosa". International Journal of Oral Science খণ্ড 12 (1): 8. February 2020. doi:10.1038/s41368-020-0074-x. PMID 32094336. 
  54. "Angiotensin receptor blockers as tentative SARS‐CoV‐2 therapeutics". Drug Development Research. March 2020. doi:10.1002/ddr.21656. PMID 32129518. 
  55. Hamming, I.; Timens, W.; Bulthuis, M. L. C.; Lely, A. T.; Navis, G. J.; Goor, H. van (2004). "Tissue distribution of ACE2 protein, the functional receptor for SARS coronavirus. A first step in understanding SARS pathogenesis" (en ভাষাত). The Journal of Pathology খণ্ড 203 (2): 631–637. doi:10.1002/path.1570. ISSN 1096-9896. PMID 15141377. 
  56. 56.0 56.1 Zhang, Wei; Du, Rong-Hui; Li, Bei; Zheng, Xiao-Shuang; Yang, Xing-Lou; Hu, Ben; Wang, Yan-Yi; Xiao, Geng-Fu et al. (1 January 2020). "Molecular and serological investigation of 2019-nCoV infected patients: implication of multiple shedding routes". Emerging Microbes & Infections খণ্ড 9 (1): 386–389. doi:10.1080/22221751.2020.1729071. PMID 32065057. 
  57. Berger, Kevin (12 March 2020). "The Man Who Saw the Pandemic Coming". http://nautil.us/issue/83/intelligence/the-man-who-saw-the-pandemic-coming. 
  58. "Discovery of a novel coronavirus associated with the recent pneumonia outbreak in humans and its potential bat origin". bioRxiv. 23 January 2020. doi:10.1101/2020.01.22.914952. 
  59. "The proximal origin of SARS-CoV-2". Nature Medicine: 1–3. 17 March 2020. doi:10.1038/s41591-020-0820-9. https://www.nature.com/articles/s41591-020-0820-9। আহৰণ কৰা হৈছে: 18 March 2020. 
  60. "The Epidemiological Characteristics of an Outbreak of 2019 Novel Coronavirus Diseases (COVID-19)—China, 2020". China CDC Weekly (Chinese Center for Disease Control and Prevention) খণ্ড 2 (8): 113–122. 17 February 2020. http://weekly.chinacdc.cn/en/article/id/e53946e2-c6c4-41e9-9a9b-fea8db1a8f51। আহৰণ কৰা হৈছে: 18 March 2020. 
  61. "COVID-19: what is next for public health?". Lancet খণ্ড 395 (10224): 542–45. February 2020. doi:10.1016/S0140-6736(20)30374-3. PMID 32061313. 
  62. Davidson, Helen (13 March 2020). "First Covid-19 case happened in November, China government records show—report". The Guardian. https://www.theguardian.com/world/2020/mar/13/first-covid-19-case-happened-in-november-china-government-records-show-report. 
  63. Wiles, Siouxsie (9 March 2020). "The three phases of Covid-19 – and how we can make it manageable". https://thespinoff.co.nz/society/09-03-2020/the-three-phases-of-covid-19-and-how-we-can-make-it-manageable/. 
  64. 64.0 64.1 64.2 "How will country-based mitigation measures influence the course of the COVID-19 epidemic?". Lancet খণ্ড 395 (10228): 931–934. March 2020. doi:10.1016/S0140-6736(20)30567-5. PMID 32164834. "A key issue for epidemiologists is helping policy makers decide the main objectives of mitigation—e.g. minimising morbidity and associated mortality, avoiding an epidemic peak that overwhelms health-care services, keeping the effects on the economy within manageable levels, and flattening the epidemic curve to wait for vaccine development and manufacture on scale and antiviral drug therapies.". 
  65. Barclay, Eliza (10 March 2020). "How canceled events and self-quarantines save lives, in one chart". https://www.vox.com/2020/3/10/21171481/coronavirus-us-cases-quarantine-cancellation. 
  66. Wiles, Siouxsie (14 March 2020). "After 'Flatten the Curve', we must now 'Stop the Spread'. Here's what that means". https://thespinoff.co.nz/society/14-03-2020/after-flatten-the-curve-we-must-now-stop-the-spread-heres-what-that-means/. 
  67. "How will country-based mitigation measures influence the course of the COVID-19 epidemic?". Lancet খণ্ড 395 (10228): 931–934. March 2020. doi:10.1016/S0140-6736(20)30567-5. PMID 32164834. 
  68. 68.0 68.1 68.2 68.3 Centers for Disease Control (3 February 2020). "Coronavirus Disease 2019 (COVID-19): Prevention & Treatment" (en-us ভাষাত). https://www.cdc.gov/coronavirus/about/prevention.html. 
  69. "Advice for Public". https://www.who.int/emergencies/diseases/novel-coronavirus-2019/advice-for-public. 
  70. "My Hand-Washing Song: Readers Offer Lyrics For A 20-Second Scrub" (en ভাষাত). https://www.npr.org/sections/goatsandsoda/2020/03/17/814221111/my-hand-washing-song-readers-offer-lyrics-for-a-20-second-scrub. 
  71. Maragakis, Lisa Lockerd. "Coronavirus, Social Distancing and Self Quarantine". John Hopkins University. https://www.hopkinsmedicine.org/health/conditions-and-diseases/coronavirus/coronavirus-social-distancing-and-self-quarantine. 
  72. Parker-Pope, Tara (19 March 2020). "Deciding How Much Distance You Should Keep" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2020/03/19/well/live/coronavirus-quarantine-social-distancing.html. 
  73. Grenfell, Rob; Drew, Trevor (17 February 2020). "Here's Why It's Taking So Long to Develop a Vaccine for the New Coronavirus". https://www.sciencealert.com/who-says-a-coronavirus-vaccine-is-18-months-away. 
  74. "When and how to use masks". https://www.who.int/emergencies/diseases/novel-coronavirus-2019/advice-for-public/when-and-how-to-use-masks. 
  75. "For different groups of people: how to choose masks". NHC.gov.cn. National Health Commission of the People's Republic of China. 7 February 2020. http://en.nhc.gov.cn/2020-02/07/c_76337.htm. ""Disposable medical masks: Recommended for: · People in crowded places · Indoor working environment with a relatively dense population · People going to medical institutions · Children in kindergarten and students at school gathering to study and do other activities"" 
  76. "Prevention of Coronavirus Disease 2019 (COVID-19)". https://www.chp.gov.hk/files/pdf/prevention_of_covid_19_en.pdf. ""Wear a surgical mask when taking public transport or staying in crowded places."" 
  77. Kuhakan, Jiraporn (12 March 2020). "'Better than nothing': Thailand encourages cloth masks amid surgical mask shortage". Reuters. https://www.reuters.com/article/us-health-coronavirus-thailand-masks/better-than-nothing-thailand-encourages-cloth-masks-amid-surgical-mask-shortage-idUSKBN20Z0UT. ""Thailand's health authorities are encouraging people to make cloth face masks at home to guard against the spread of the coronavirus amid a shortage of surgical masks. ... The droplet from coughing and sneezing is around five microns and we have tested already that cloth masks can protect against droplets bigger than one micron."" 
  78. "Shortage of personal protective equipment endangering health workers worldwide" (Press release). WHO. 3 March 2020. https://www.who.int/news-room/detail/03-03-2020-shortage-of-personal-protective-equipment-endangering-health-workers-worldwide। আহৰণ কৰা হৈছে: 24 March 2020. 
  79. "Guidance against wearing masks for the coronavirus is wrong – you should cover your face - The Boston Globe". https://www.bostonglobe.com/2020/03/19/opinion/guidance-against-wearing-masks-coronavirus-is-wrong-you-should-cover-your-face/. 
  80. "Coronavirus Disease 2019 (COVID-19)—Prevention & Treatment". Centers for Disease Control and Prevention. U.S. Department of Health & Human Services. 10 March 2020. https://www.cdc.gov/coronavirus/2019-ncov/about/prevention.html. 
  81. Centers for Disease Control and Prevention (11 February 2020). "What to do if you are sick with 2019 Novel Coronavirus (2019-nCoV)" (en-us ভাষাত). https://www.cdc.gov/coronavirus/2019-ncov/about/steps-when-sick.html. 
  82. "WHO-recommended handrub formulations". WHO Guidelines on Hand Hygiene in Health Care: First Global Patient Safety Challenge Clean Care Is Safer Care.. World Health Organization. 19 March 2009. https://www.ncbi.nlm.nih.gov/books/NBK144054/। আহৰণ কৰা হৈছে: 19 March 2020. 
  83. "Sequence for Putting On Personal Protective Equipment (PPE)". https://www.cdc.gov/hai/pdfs/ppe/PPE-Sequence.pdf. 
  84. 84.0 84.1 "Q&A: The novel coronavirus outbreak causing COVID-19". BMC Medicine খণ্ড 18 (1): 57. February 2020. doi:10.1186/s12916-020-01533-w. PMID 32106852. 
  85. "Clinical characteristics of novel coronavirus cases in tertiary hospitals in Hubei Province". Chinese Medical Journal: 1. February 2020. doi:10.1097/CM9.0000000000000744. PMID 32044814. 
  86. "Comorbidities and multi-organ injuries in the treatment of COVID-19". Lancet (Elsevier BV) খণ্ড 395 (10228): e52. March 2020. doi:10.1016/s0140-6736(20)30558-4. PMID 32171074. 
  87. "Covid-19: a puzzle with many missing pieces". BMJ খণ্ড 368: m627. February 2020. doi:10.1136/bmj.m627. PMID 32075791. 
  88. "Novel Coronavirus—COVID-19: What Emergency Clinicians Need to Know". https://www.ebmedicine.net/topics/infectious-disease/COVID-19. 
  89. CDC (11 February 2020). "2019 Novel Coronavirus (2019-nCoV)". https://www.cdc.gov/coronavirus/2019-ncov/about/steps-when-sick.html. 
  90. 90.0 90.1 "Clinical Characteristics of Coronavirus Disease 2019 in China". The New England Journal of Medicine (Massachusetts Medical Society). February 2020. doi:10.1056/nejmoa2002032. PMID 32109013. 
  91. Henry, Brandon Michael (2020). "COVID-19, ECMO, and lymphopenia: a word of caution". The Lancet Respiratory Medicine (Elsevier BV). doi:10.1016/s2213-2600(20)30119-3. ISSN 2213-2600. PMID 32178774. 
  92. AFP (19 March 2020). "Updated: WHO Now Doesn't Recommend Avoiding Ibuprofen For COVID-19 Symptoms". https://www.sciencealert.com/who-recommends-to-avoid-taking-ibuprofen-for-covid-19-symptoms. 
  93. Day, Michael (17 March 2020). "Covid-19: ibuprofen should not be used for managing symptoms, say doctors and scientists". BMJ খণ্ড 368: m1086. doi:10.1136/bmj.m1086. PMID 32184201. https://www.bmj.com/content/368/bmj.m1086। আহৰণ কৰা হৈছে: 18 March 2020. 
  94. Day, Michael (17 March 2020). "Covid-19: ibuprofen should not be used for managing symptoms, say doctors and scientists" (en ভাষাত). BMJ খণ্ড 368: m1086. doi:10.1136/bmj.m1086. ISSN 1756-1833. PMID 32184201. https://www.bmj.com/content/368/bmj.m1086. 
  95. de Simone, Giovanni. "Position Statement of the ESC Council on Hypertension on ACE-Inhibitors and Angiotensin Receptor Blockers". https://www.escardio.org/Councils/Council-on-Hypertension-(CHT)/News/position-statement-of-the-esc-council-on-hypertension-on-ace-inhibitors-and-ang. 
  96. "2019 Novel coronavirus: where we are and what we know". Infection. February 2020. doi:10.1007/s15010-020-01401-y. PMID 32072569. 
  97. "Clinical management of severe acute respiratory infection when novel coronavirus (nCoV) infection is suspected". https://www.who.int/publications-detail/clinical-management-of-severe-acute-respiratory-infection-when-novel-coronavirus-(ncov)-infection-is-suspected. 
  98. Farkas, Josh (March 2020) (English ভাষাত) (digital). COVID-19—The Internet Book of Critical Care (Reference manual). প্ৰকাশক USA: EMCrit. https://emcrit.org/ibcc/covid19/। আহৰণ কৰা হৈছে: 13 March 2020. 
  99. "COVID19—Resources for Health Care Professionals". Penn Libraries. 11 March 2020. https://guides.library.upenn.edu/covid-19. 
  100. "Staff safety during emergency airway management for COVID-19 in Hong Kong". Lancet Respiratory Medicine. February 2020. doi:10.1016/s2213-2600(20)30084-9. PMID 32105633. 
  101. Filtering out Confusion: Frequently Asked Questions about Respiratory Protection, User Seal Check. The National Institute for Occupational Safety and Health (April 2018). Retrieved 16 March 2020.
  102. Proper N95 Respirator Use for Respiratory Protection Preparedness. NIOSH Science Blog (16 March 2020). Retrieved 16 March 2020.
  103. "Coronavirus Disease 2019 (COVID-19)". 11 February 2020. https://www.cdc.gov/coronavirus/2019-ncov/infection-control/control-recommendations.html. 
  104. "Coronavirus Disease 2019 (COVID-19)". 11 February 2020. https://www.cdc.gov/coronavirus/2019-ncov/hcp/caring-for-patients.html. 
  105. "Strategies for Optimizing the Supply of Eye Protection". CDC. 11 February 2020. https://www.cdc.gov/coronavirus/2019-ncov/hcp/ppe-strategy/eye-protection.html. 
  106. CDC (11 February 2020). "Interim Infection Prevention and Control Recommendations for Patients with Suspected or Confirmed Coronavirus Disease 2019 (COVID-19) in Healthcare Settings" (en-us ভাষাত). https://www.cdc.gov/coronavirus/2019-ncov/infection-control/control-recommendations.html. 
  107. "Coronavirus Disease 2019 (COVID-19) Frequently Asked Questions". https://www.fda.gov/emergency-preparedness-and-response/mcm-issues/coronavirus-disease-2019-covid-19-frehttps://oc.wikipedia.org/wiki/Malauti%C3%A1_de_coronavirus_de_2019quently-asked-questions#5e78ba94b86da. 
  108. "Strategies for Optimizing the Supply of Facemasks". CDC. 11 February 2020. https://www.cdc.gov/coronavirus/2019-ncov/hcp/ppe-strategy/face-masks.html. 
  109. 109.0 109.1 109.2 "Care for Critically Ill Patients With COVID-19". JAMA. 11 March 2020. doi:10.1001/jama.2020.3633. PMID 32159735. https://jamanetwork.com/journals/jama/fullarticle/2762996. 
  110. World Health Organization (28 January 2020). "Clinical management of severe acute respiratory infection when novel coronavirus (2019-nCoV) infection is suspected". https://www.who.int/docs/default-source/coronaviruse/clinical-management-of-novel-cov.pdf. 
  111. Ferguson, N.; Laydon, D.; Nedjati Gilani, G.; Imai, N.; Ainslie, K.; Baguelin, M.; Bhatia, S.; Boonyasiri, A. et al. (16 March 2020). Report 9: Impact of non-pharmaceutical interventions (NPIs) to reduce COVID19 mortality and healthcare demand. Imperial College London. Table 1. doi:10.25561/77482. http://spiral.imperial.ac.uk/handle/10044/1/77482. 
  112. 112.0 112.1 Scott, Dylan (16 March 2020). "Coronavirus is exposing all of the weaknesses in the US health system High health care costs and low medical capacity made the US uniquely vulnerable to the coronavirus.". Vox. https://www.vox.com/policy-and-politics/2020/3/16/21173766/coronavirus-covid-19-us-cases-health-care-system. 
  113. https://meduza.io/amp/en/feature/2020/03/21/the-ventilator-problem
  114. 114.0 114.1 "Therapeutic options for the 2019 novel coronavirus (2019-nCoV)". Nature Reviews. Drug Discovery খণ্ড 19 (3): 149–150. March 2020. doi:10.1038/d41573-020-00016-0. PMID 32127666. 
  115. "Chinese doctors using plasma therapy on coronavirus, WHO says 'very valid' approach". Reuters. 17 February 2020. https://www.reuters.com/article/us-china-health-hospital-idUSKBN20B1M6. 
  116. Steenhuysen, Julie; Kelland, Kate (24 January 2020). "With Wuhan virus genetic code in hand, scientists begin work on a vaccine". Reuters. https://www.reuters.com/article/us-china-health-vaccines-idUSKBN1ZN2J8. 
  117. Duddu, Praveen (19 February 2020). "Coronavirus outbreak: Vaccines/drugs in the pipeline for Covid-19". clinicaltrialsarena.com. https://www.clinicaltrialsarena.com/analysis/coronavirus-mers-cov-drugs/. 
  118. "Drug treatment options for the 2019-new coronavirus (2019-nCoV).". Biosci Trends খণ্ড 14 (1): 69–71. 28 January 2020. doi:10.5582/bst.2020.01020. PMID 31996494. 
  119. "Novel coronavirus disease 2019 (COVID-19) pandemic: increased transmission in the EU/EEA and the UK – sixth update". ecdc. https://www.ecdc.europa.eu/sites/default/files/documents/RRA-sixth-update-Outbreak-of-novel-coronavirus-disease-2019-COVID-19.pdf. 
  120. "Novel coronavirus named 'Covid-19': WHO". TODAYonline. https://www.todayonline.com/world/wuhan-novel-coronavirus-named-covid-19-who. 
  121. "The coronavirus spreads racism against—and among—ethnic Chinese". The Economist. 17 February 2020. https://www.economist.com/china/2020/02/17/the-coronavirus-spreads-racism-against-and-among-ethnic-chinese. 
  122. 122.0 122.1 "Naming the coronavirus disease (COVID-19) and the virus that causes it". https://www.who.int/emergencies/diseases/novel-coronavirus-2019/technical-guidance/naming-the-coronavirus-disease-(covid-2019)-and-the-virus-that-causes-it. 
  123. "Novel Coronavirus(2019-nCoV) Situation Report—10". 30 January 2020. https://www.who.int/docs/default-source/coronaviruse/situation-reports/20200130-sitrep-10-ncov.pdf?sfvrsn=d0b2e480_2. 
  124. "Virology: Coronaviruses". Nature খণ্ড 220 (5168): 650. 1968. doi:10.1038/220650b0. ISSN 0028-0836. 
  125. Definition of Coronavirus by Merriam-Webster, Merriam-Webster, https://www.merriam-webster.com/dictionary/coronavirus, r কৰা হৈছে: 24 March 2020 
  126. Definition of Corona by Merriam-Webster, Merriam-Webster, https://www.merriam-webster.com/dictionary/corona, r কৰা হৈছে: 24 March 2020 
  127. https://www.usatoday.com/story/news/politics/2020/03/18/coronavirus-sen-john-cornyn-says-chinese-eating-bats-spread-virus/2869342001/
  128. https://www.politico.com/news/2020/03/18/trump-pandemic-drumbeat-coronavirus-135392
  129. https://www.axios.com/coronavirus-china-wuhan-republicans-e9c2cd35-c5bb-42df-9e30-94364548d1fb.html
  130. https://edition.cnn.com/2020/03/18/opinions/trumps-malicious-use-of-chinese-virus-filipovic/index.html
  131. "Trump doubles down on 'China virus, ' demands to know who in White House used phrase 'Kung Flu"" (en ভাষাত). 2020-03-18. https://www.foxnews.com/politics/trump-coronavirus-china-virus-white-house-kung-fluh. 
  132. "A last, desperate pivot: Trump and his allies go full racist on coronavirus" (en ভাষাত). 2020-03-19. https://www.salon.com/2020/03/19/a-last-desperate-pivot-trump-and-his-allies-go-full-racist-on-coronavirus/. 
  133. Wang, Li-sheng; Wang, Yi-ru; Ye, Da-wei; Liu, Qing-quan (19 March 2020). "A review of the 2019 Novel Coronavirus (COVID-19) based on current evidence" (en ভাষাত). International Journal of Antimicrobial Agents: 105948. doi:10.1016/j.ijantimicag.2020.105948. ISSN 0924-8579. PMID 32201353. https://www.sciencedirect.com/science/article/pii/S0924857920300984। আহৰণ কৰা হৈছে: 27 March 2020. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

স্বাস্থ্য অভিকৰ্তা:

ডাইৰেক্টৰী:

মেডিকেল জাৰ্ণেল:

অন্যান্য: