পাকস্থলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পাকস্থলীটো খাদ্যনলীৰ আটাইতকৈ বহল অংশ আৰু ই মধ্যচ্ছদাৰ ঠিক তলতে বাওঁফালে অৱস্থিত। পাকস্থলীটো পেশীযুক্ত আৰু আকৃতিত ইংৰাজী J আখৰটোৰ দৰে। পূর্ণবয়স্ক মানুহৰ পাকস্থলীৰ আয়তন প্রায় 1500 মি. লি.। ই ওপৰৰ পিনে ইছ’ফেগাছৰ লগত আৰু তলৰ পিনে ডুৱ’ডেনামৰ লগত সংযুক্ত হৈ থাকে। ইছ’ফেগাছ আৰু পাকস্থলীৰ সংযোগস্থলৰ ৰন্ধ্রটোক হৃদৰন্ধ্র (Cardiac orifice) আৰু এই অঞ্চলত থকা পেশীবলয়ক হৃদবলয় (Cardiac sphincter) বোলে। আকৌ পাকস্থলী আৰু ডুৱ’ডেনামৰ সংযোগ ৰন্ধ্রটোক নির্গম ৰন্ধ্র (Pyloric orifice) আৰু ইয়াত থকা পেশীবলয়ক নির্গমবলয় (Pyloric sphincter) বোলে। পাকস্থলীটোৰ ওপৰ ফালে কম বক্ৰতা (Curvature) আৰু তলফালে অধিক বক্ৰতা থাকে।

পাকস্থলীটোৰ 4 টা অংশ থাকে, যেনে – হৃদপ্রান্ত (Cardiac end), ফাণ্ডাছ (Fundus), দেহাংশ (Body) আৰু জঠৰ নির্গম (Pyloric end)।  

1. হৃদপ্রান্তীয় অংশ (Cardiac end): পাকস্থলীৰ এই অংশটো হৃদপিণ্ডৰ ওচৰতে থাকে বাবে ইয়াক হৃদপ্রান্ত বোলা হয়। পাকস্থলীৰ এই অংশটোত অন্ননলীডাল (Oesophagus) মুক্ত হৈছে। পাকস্থলীৰ হৃদপ্রান্তত মুক্ত হোৱা অন্ননলীৰ ছিদ্রটো এখন পেশীয় অৱৰোধিনীৰ (Sphincter) দ্বাৰা নিয়ন্ত্ৰিত হয়। ইয়াক জঠৰান্ননলী অৱৰোধিনী (Gastroesophageal sphincter) বোলা হয়।

            2. ফাণ্ডাচ বা ঘূৰণীয়া অংশ (Fundus): পাকস্থলীৰ হৃদপ্রান্তৰ ঠিক পাছৰ অংশখিনি ঘূৰণীয়া। ইয়াকে ফাণ্ডাচ বা ঘূৰণীয়া অংশ বোলে। সাধাৰণতে এই অংশখিনিত বায়ু বা গেছ জমা হৈ থাকে।

            3. দেহাংশ (Body): পাকস্থলীৰ মাজৰ মুখ্য অংশখিনিকে দেহ (Body) বুলি কোৱা হয়।

            4. জঠৰ নির্গম (Pyloric end or Pylorus): পাকস্থলীৰ তলফালৰ অংশটোক জঠৰ নির্গম বোলা হয়। ইয়াক আকৌ দুটা ভাগত ভগোৱা হৈছে, যেনে – জঠৰ নির্গম কোটৰ (Pyloric antrum) আৰু জঠৰ নির্গম নলী (Pyloric canal)। জঠৰ নির্গন নলীডাল ডুৱ’ডেনামত মুক্ত হৈছে। জঠৰ নির্গম নলী আৰু ডুৱডেনামৰ সংযোগ অঞ্চলত থকা অৱৰোধিনী এখনে পাকস্থলীত আংশিক ভাবে পাচিত হোৱা খাদ্য  নিয়ন্ত্ৰিত ভাবে ডুৱডেনামত প্রৱেশ কৰিবলৈ দিয়ে।

            পাকস্থলীৰ কার্য (Functions of the stomach): পাকস্থলীত প্রৱেশ কৰা খাদ্য বস্তুবোৰ সাময়িক ভাবে জমা হৈ থাকে। পাকস্থলীত খাদ্য বস্তুবোৰ মন্থিত হৈ জঠৰ ৰসৰ (Gastrict juice) লগত মিহলি হয়। ইয়াত প্র’টিন আৰু স্নেহ পদার্থবোৰৰ আংশিক ভাবে পাচন হয়। ইয়াতে কাষ্টলৰ আভ্যন্তৰিক কাৰক (Castle’s intrinsic factor) নামৰ এবিধ গ্লাইক’প্রটিনৰ উৎপত্তি হয়। ক্ষুদ্রান্তৰ পৰা ভিটামিন B12 অৱশোষণৰ বাবে এই কাৰকৰ প্রয়োজন হয়। ইয়াৰ পৰা পেপ্‌চিনোজেন আৰু প্র’ৰেনিন নামৰ প্র’এনযাইম উপৰিও জঠৰ লাইপেজ আৰু জঠৰ এমাইলেজ নামৰ এনযাইম ক্ষৰণ হয়। পাকস্থলৰ বেৰৰ পৰা ক্ষৰণ হোৱা HCl য়ে খাদ্যৰ লগত গৃহীত বেক্টেৰিয়া, বীজাণু আদি ধ্বংস কৰে। পাকস্থলীৰ পৰা গেষ্ট্রিন (Gastrin) নামৰ এবিধ হৰমনো নিঃসৰণ হয়। ইয়াৰ উপৰিও পাকস্থলীৰ বেৰখনে এলকহ’ল, এচ্‌পিৰিণ, কিছুমান স্নেহ পদার্থত দ্রবণীয় ঔষধ, পানী, গ্লুক’জ আদি শোষণ কৰে।