সৰুআই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰুআই
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল

সৰুআই ওলোৱা এটি শিশু, চতুৰ্থ দিনত।
আই.চি.ডি.-10 B05
আই.চি.ডি.-9 055
ডিজিজেছ ডে'টাবে'ছ 7890
মেডলাইন প্লাছ 001569
ইমেডিচিন derm/259 emerg/389 ped/1388
MeSH D008457

সৰুআই (ইংৰাজী: Measles; morbilli, rubeola, বা red measles বুলিও জনা যায়।) হৈছে মিজ'লচ্ ভাইৰাছৰ দ্বাৰা হোৱা এক প্ৰকাৰৰ সংক্ৰামক ৰোগ।[1][2] এই ৰোগৰ প্ৰাথমিক লক্ষণ হৈছে জ্বৰ, প্ৰায়ে 40 °C (104 °F)ত কৈও অধিক, কাহ, নাকৰ পানী ওলোৱা, আৰু চকু ৰঙা পৰা[1][3] লক্ষনে দেখা দিয়াৰ দুই তিনি দিনৰ পাছত, সৰু সৰু বগা গুটি ওলায়, Koplik's spots বোলা হয়। প্ৰায় তিনিৰ পৰা পাঁচ দিনৰ পাছত মুখত ৰঙা, ফোহা ওলায় আৰু লাহে লাহে সমগ্ৰ দেহলৈ বিয়পি পৰে।[3] ৰোগ সংক্ৰমণ হোৱাৰ ১০–১২ দিনৰ পাছৰ পৰা লক্ষণে দেখা দিয়ে আৰু প্ৰায় ৭–১০ দিন পৰ্যন্ত থাকে।[4][5] প্ৰায় ৩০% ৰোগীৰ অন্য সমস্যাকে ধৰি ডায়েৰিয়া, অন্ধত্ব, মগজুৰ জ্বলন, আৰু নিউমনিয়া আদি হব পাৰে।[4][6] ৰুবেলা (জাৰ্মান বসন্ত) আৰু ৰ'ছিঅলা দুটা ভিন্ন ৰোগ।[7]

সৰুআই এবিধ বায়ু সংক্ৰামিত ৰোগ, ই হাঁচি আৰু কাহৰ দ্বাৰা সহজতে বিয়পে। ই লেলাউতি আৰু হেঙেনুৰ দ্বাৰাও বিয়পে।[4] এই ৰোগৰ প্ৰতিৰক্ষা গঢ়ি নোতোলা দহৰ ভিতৰত ন জনেই আক্ৰান্ত হোৱা দেখা যায়। ফোহা ওলোৱা চাৰিদিন আগৰ পৰা চাৰি দিন পিছলৈকে ৰোগীজনৰ পৰা ৰোগ বিয়পাৰ সম্ভাৱনা থাকে।[6] বেছিভাগ ক্ষেত্ৰতে এই ৰোগ যিকোনো ব্যক্তিৰ এবাৰহে হয়।[4] সন্দেহজনক পৰিস্থিতিত এই ৰোগৰ ভাইৰাছৰ পৰীক্ষা কৰা জনস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়।[6]

ভেকচিন ব্যৱহাৰ কৰি এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি। সমগ্ৰ বিশ্বতে প্ৰায় ৮৫% শিশুক টিকাকৰণৰ দ্বাৰা বৰ্তমান ২০০০ আৰু ২০১৩ চনৰ ভিতৰত মৃত্যুৰ হাৰ ৭৫% কমিছে। এই ৰোগৰ কোনো বিশেষ চিকিৎসা নাই। ৰোগীক যথেষ্ট পৰিচৰ্ছাৰ প্ৰয়োজন।[4] অ আৰ এছ (অলপ মিঠা-নিমখীয়া তৰল), স্বাস্থকৰ আহাৰ, আৰু জ্বৰ নিয়ন্ত্ৰণৰ বাবে দৰৱ আদি প্ৰযোজনীয়।[4][5] নিউমনিয়াই দেখা দিলে গৌণ উপাচাৰ হিচাপে এণ্টিবায়টিক ব্যৱহাৰ কৰা হয়। অতিৰিক্ত পুষ্টিকাৰক হিচাপে Vitamin Aৰ যোগান ধৰিব পাৰি।[4]

আফ্ৰিকা আৰু এছিয়াৰ উন্নয়নশীল অঞ্চলত[4] প্ৰতি বছৰে প্ৰায় ২০ নিযুত লোক সৰুআইত আক্ৰান্ত হয়।[1]টিকাকৰণৰ দ্বাৰা ৰোধ কৰিব পৰা মৃত্যুৰ ই এটা প্ৰাধান কাৰণ।[8] ১৯৯০ চনত এই ৰোগত ৫,৪৫,০০০ লোকৰ মৃত্যু হৈছিল, ২০১৩ চনত ই ৯৬,০০০লৈ হ্ৰাস পায়।[9] ১৯৮০ চনত, এই ৰোগে বছৰি ২.৬ নিযুত লোকৰ প্ৰাণ হানি কৰে বুলি অনুমান কৰা হৈছিল।[4] যুক্ত ৰাষ্ট্ৰত টিকাৰকণৰ পাছত বছৰি তিনিৰ পৰা চাৰি নিযুত লোকৰ মৃত্যু ঘটিছিল।[6] ইয়াৰে অধিকাংশ আক্ৰান্ত তথা মৃত্যু হোৱা ৰোগীৰ বয়স ৫ বছৰতকৈ কম আছিল।[4] এই ৰোগৰ মৃত্যুৰ হাৰ সাধাৰণতে ০.২%,[6] কিন্তু অপুষ্টিত ভোগা ৰোগীৰ মৃত্যু হাৰ হৈছে ১০%।[4] এই ৰোগত অন্য প্ৰাণী আক্ৰান্ত নহয়।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Caserta, MT, ed (September 2013). "Measles". Merck Manual Professional. Merck Sharp & Dohme Corp.. http://www.merckmanuals.com/professional/pediatrics/miscellaneous_viral_infections_in_infants_and_children/measles.html। আহৰণ কৰা হৈছে: 23 March 2014. 
  2. "Measles (Red Measles, Rubeola)". http://www.health.gov.sk.ca/. http://www.health.gov.sk.ca/red-measles। আহৰণ কৰা হৈছে: 10 February 2015. 
  3. 3.0 3.1 "Measles (Rubeola) Signs and Symptoms". cdc.gov. November 3, 2014. http://www.cdc.gov/measles/about/signs-symptoms.html। আহৰণ কৰা হৈছে: 5 February 2015. 
  4. 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 "Measles Fact sheet N°286". who.int. November 2014. http://www.who.int/mediacentre/factsheets/fs286/en/। আহৰণ কৰা হৈছে: 4 February 2015. 
  5. 5.0 5.1 Conn's Current Therapy 2015: Expert Consult - Online. Elsevier Health Sciences. 2014. পৃষ্ঠা. 153. ISBN 9780323319560. https://books.google.ca/books?id=Hv8fBQAAQBAJ&pg=PT189. 
  6. 6.0 6.1 6.2 6.3 6.4 Atkinson, William (2011). Epidemiology and Prevention of Vaccine-Preventable Diseases (12 সম্পাদনা). Public Health Foundation. পৃষ্ঠা. 301–323. ISBN 9780983263135. http://www.cdc.gov/vaccines/pubs/pinkbook/meas.html। আহৰণ কৰা হৈছে: 5 February 2015. 
  7. Marx, John A. (2010). Rosen's emergency medicine : concepts and clinical practice (7th সম্পাদনা). প্ৰকাশক Philadelphia: Mosby/Elsevier. পৃষ্ঠা. 1541. ISBN 9780323054720. https://books.google.ca/books?id=u7TNcpCeqx8C&pg=PA1541. 
  8. Kabra, SK; Lodhra, R (14 August 2013). "Antibiotics for preventing complications in children with measles". Cochrane Database of Systematic Reviews খণ্ড 8: CD001477. doi:10.1002/14651858.CD001477.pub4. PMID 23943263. 
  9. GBD 2013 Mortality and Causes of Death, Collaborators (17 December 2014). "Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990-2013: a systematic analysis for the Global Burden of Disease Study 2013.". Lancet খণ্ড 385: 117–171. doi:10.1016/S0140-6736(14)61682-2. PMID 25530442.