হাঁওফাঁও


হাঁওফাঁও ( ইং: lung) হৈছে অধিকাংশ জীৱৰ অতি প্ৰয়োজনীয় শ্বাস অংগ। অধিকাংশ টেট্ৰাপ'ড, কিছু মাছ আৰু কিছু শামুকৰ হাঁওফাঁও থাকে। স্তন্যপায়ী আৰু জ়টিল জীৱবোৰৰ ৰাজহাড়ৰ কাষত হৃদযন্ত্ৰৰ দুয়ো কাষে দুটা হাঁওফাঁও থাকে। ইয়াৰ প্ৰধান কাম হৈছে বায়ুমণ্ডলৰ পৰা অক্সিজেন তেজলৈ পৰিবাহিত কৰা আৰু তেজৰ পৰা কাৰ্বন ডাই-অক্সাইড বায়ুমণ্ডললৈ লিষ্কাষণ কৰা। গেছৰ এই বিনিময় প্ৰক্ৰিয়াৰ বাবে এক বিশাল ক্ষেত্ৰফলৰ প্ৰযোজন হয় আৰু বিশেষভাৱে বিকশিত বায়ুকোষবোৰৰ দ্বাৰা ই সম্ভৱপৰ হৈ উঠে।
হাঁওফাঁওৰ কাৰ্যপদ্ধতি বুজিবৰ বাবে, নাক আৰু মুখৰ পৰা বায়ু বায়ুকোষলৈ যোৱা পথটোৰ অধ্যয়ন কৰা প্ৰয়োজন। মুখ বা নাকৰ পৰা বায়ু, ফেৰিংছৰ নেজ'ফেৰিংছ আৰু অৰ'ফেৰিছ, লেৰিংছ আৰু ট্ৰেকিয়াৰ মাজেৰে আগবাঢ়ে। ট্ৰেকিয়াৰ নিম্নাংশত ই দুডাল প্ৰধান ব্ৰংকিলৈ বিভাজিত হয়; এই শাখাদুটাৰ পৰা ই সোঁ আৰু বাঁও হাঁওফাঁওৰ অসংখ্য ব্ৰংকি আৰু ব্ৰংকাইলৰ শাখা-প্ৰশাখাৰ প্ৰণালীৰ মাজেৰে শেষত বায়ুকোষত প্ৰৱেশ কৰে। এই অসংখ্য বায়ুকোষবোৰতেই অক্সিজেন আৰু কাৰ্বন ডাই-অক্সাইডৰ বিনিময় প্ৰক্ৰিয়া সম্পন্ন হয়।[2]
শ্বাস-প্ৰশ্বাস হৈছে এক পেশীয় ক্ৰিয়া; প্ৰাৰম্ভিক টেট্ৰাপ'ডৰ ক্ষেত্ৰত, বায়ু ফেৰেঞ্জিয়েল পেশীৰ দ্বাৰা বাকেল পাম্পিঙৰ মাধ্যমেদি হাঁওফাঁওত প্ৰৱেশ কৰিছিল, যিটো এতিয়াও উভচৰৰ ক্ষেত্ৰত দেখা পোৱা যায়। সৰীসৃপ, চৰাই আৰু স্তন্যপায়ীৰ শ্বাস কাৰ্যত পেশীয়কংকাল তন্ত্ৰই সহায় কৰে।
চিকিৎসা বিজ্ঞানত হাঁওফাঁওৰ লগত জড়িত পৰিভাষাত শব্দবোৰ সাধাৰণতে পালম'-, (যেনে- adjectival form: পালমনেৰি, লেটিনৰ পালমনেৰিয়াছ, অৰ্থ "হাঁওফাঁওৰ"ৰ পৰা), বা নিউম'- (গ্ৰীক πνεύμων "হাঁওফাঁও"ৰ পৰা) পদাংশৰে আৰম্ভ কৰা হয়।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 Gray's Anatomy of the Human Body, 20th ed. 1918.
- ↑ Wienberger, Cockrill, Mandel. Principles of Pulmonary Medicine. Elsevier Science.