সমললৈ যাওক

ভাৰতৰ চৰকাৰী ভাষাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ সংবিধান অনুসৰি ভাৰত চৰকাৰৰ চৰকাৰী ভাষা হৈছে দেৱনাগৰী লিপিৰ হিন্দী আৰু ইংৰাজী। সংবিধানত কোনো জাতীয় ভাষা নাই।[1] বিভিন্ন চৰকাৰী কাম-কাজত হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰা হয়; যেনে, সংসদৰ কামত, আইন আৰু ন্যায়িক কামত, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যোগাযোগ ইত্যাদি।[2]ৰাজ্যসমূহে নিজৰ চৰকাৰী ভাষা নিৰ্ধাৰণ কৰাৰ স্বাধীনতা আছে।[1]মূলতঃ ১৪.৫-২৪.৫% লোকে হিন্দী কয়, কিন্তু প্ৰায় ৪৫% ভাৰতীয়ই হিন্দী বা ইয়াৰ উপভাষা কয়। এই জনসংখ্যাৰ ৪৫% হিন্দীভাষী ৰাজ্য যেনে বিহাৰ, উত্তৰপ্ৰদেশ ইত্যাদি ৰাজ্যত বাস কৰে। বাকী ভাৰতীয় ভাষাসমূহ ভাৰতৰ জনসংখ্যাৰ ১০%তকৈও কম লোকে কয়।

ৰাজ্যসমূহে আইনৰ দ্বাৰা নিজৰ চৰকাৰী ভাষা নিৰ্ধাৰণ কৰিব পাৰে। সংবিধানৰ এই ধাৰাত ৰাজ্যসমূহে সেই ভাষাসমূহ কেৱল কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন কাম-কাজৰ বাবেই নহয়, ৰাজ্যসমূহৰ নিজেও বিভিন্ন চৰকাৰী কাম-কাজৰ বাবেও ব্যৱহাৰ কৰিব পাৰে আৰু এই ভাষাসমূহৰ জৰিয়তে ৰাজ্যখনেও দেশৰ সৈতে সংযোগ স্থাপন কৰে।

ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত ইংৰাজী ভাষা যুক্তৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱহাৰ কৰা হৈছিল। ১৯৫০ চনত সংবিধান গৃহীত হোৱাৰ সময়ত ১৫ বছৰৰ ভিতৰত ক্ৰমান্বয়ে ইংৰাজীৰ ঠাইত হিন্দী ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও পিছলৈ আইন প্ৰণয়ন কৰি ইংৰাজী ভাষাৰ ব্যৱহাৰ অক্ষুণ্ণ ৰাখিছিল। আন ৰাজ্যৰ চৰকাৰী ভাষাৰ লগতে হিন্দীও চৰকাৰী ভাষা হৈয়েই আছে।

ভাৰতৰ বিভিন্ন অঞ্চলৰ প্ৰধান ভাষা[3]
ভাষা ভাষা পৰিয়াল ভাষীকৰ সংখ্যা (২০০১, নিযুতত)[4] ৰাজ্য
অসমীয়াইণ্ডো-আৰ্য, পূৰ্বাঞ্চল১৩অসম, অৰুণাচল প্ৰদেশ
উৰ্দুইণ্ডো-আৰ্য, মধ্য৫২ (ভাৰতত)জম্মু-কাশ্মীৰ, অন্ধ্ৰ প্ৰদেশ, দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ
ওড়িয়াইণ্ডো-আৰ্য, পূৰ্বাঞ্চল৩৩ওড়িশা
কন্নড়দ্ৰাবিড়৩৮কৰ্ণাটক
কাশ্মিৰীইণ্ডো-আৰ্য৫.৫জম্মু আৰু কাশ্মীৰ
কোংকণীইণ্ডো-আৰ্য, দক্ষিণাত্য২.৫গোৱা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰালা
গুজৰাটীইণ্ডো-আৰ্য, পশ্চিমাঞ্চল৪৬দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, গুজৰাট
চাঁওতালিমুণ্ডা৬.৫বিহাৰ, ছত্তীছগঢ়, ঝাড়খণ্ড, ওড়িশাৰ অংশবিশেষ লৈ গঠিত চোট্টা নাগপুৰ পথাৰ-ৰ চাঁওতালি আদিবাসী সকল, পশ্চিমবংগ, অসম
ডোগ্ৰীইণ্ডো-আৰ্য, উত্তৰ-পশ্চিমাঞ্চল২.৩জম্মু আৰু কাশ্মীৰ
তামিলদ্ৰাবিড়৬১তামিলনাডু, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী
তেলুগুদ্ৰাবিড়৭৪অন্ধ্ৰ প্ৰদেশ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ, পণ্ডিচেৰী
নেপালীইণ্ডো-আৰ্য, উত্তৰাঞ্চল২.৯ (ভাৰতত)ছিক্কিম, পশ্চিমবংগ, অসম
পঞ্জাবীইণ্ডো-আৰ্য, উত্তৰ-পশ্চিমাঞ্চল২৯ (ভাৰতত)পঞ্জাব, চণ্ডিগড়, হাৰিয়ানা, দিল্লী
বাংলা (বঙালী)ইণ্ডো-আৰ্য, পূৰ্বাঞ্চল৮৩ (ভাৰতত)পশ্চিমবংগ, ত্ৰিপুৰা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু অসমৰ বৰাক উপত্যকাত
বড়োতিব্বত-বৰ্মী১.৪অসম
মেইতেই (মণিপুৰী)তিব্বত-বৰ্মী১.৫মণিপুৰ
মালয়ালমদ্ৰাবিড়৩৩কেৰালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, পণ্ডিচেৰী
মাৰাঠীইণ্ডো-আৰ্য, দাক্ষিনাত্য৭২মহাৰাষ্ট্ৰ, গোৱা, দাদৰা আৰু নগৰ হাৱেলি, দমন আৰু দিউ, মধ্য প্ৰদেশ, কৰ্ণাটক
মৈথিলীইণ্ডো-আৰ্য, পূৰ্বাঞ্চল১২বিহাৰ
সংস্কৃতইণ্ডো-আৰ্য০.০১অক্ষেত্ৰীয়
সিন্ধীইণ্ডো-আৰ্য, উত্তৰ-পশ্চিমাঞ্চল২.৫ (ভাৰতত)জম্মু আৰু কাশ্মীৰ
আদৰ্শ হিন্দীইণ্ডো-আৰ্য, মধ্যভাৰত[5]উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, বিহাৰ, ছত্তীছগঢ়, ঝাড়খণ্ড, উত্তৰাখণ্ড, দিল্লী, ৰাজস্থান, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অৰুণাচল প্ৰদেশ, চণ্ডীগড়, হাৰিয়ানা, হিমাচল প্ৰদেশ

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • চৰকাৰী ভাষা বিভাগ (DOL) – চৰকাৰী ৱেবপেজত চৰকাৰী ভাষা আইন আৰু সংশোধনীৰ সৈতে জড়িত কালক্ৰমিক পৰিঘটনাসমূহৰ বিষয়ে ব্যাখ্যা কৰা হৈছে

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 "Constitutional Provisions: Official Language Related Part- 17 of The Constitution Of India". http://rajbhasha.nic.in/UI/pagecontent.aspx?pc=MzU=.
  2. "Hindi, not a national language: Court". The Hindu. 25 January 2010. http://www.thehindu.com/news/national/hindi-not-a-national-language-court/article94695.ece.
  3. "50th Report of the Commissioner for Linguistic Minorities in India (July 2012 to June 2013)". Commissioner for Linguistic Minorities, Ministry of Minority Affairs, Government of India. http://nclm.nic.in/shared/linkimages/NCLM50thReport.pdf আহৰণ কৰা হৈছে: 17 September 2016.
  4. অধিকাৰিক ২০০১ লোকপিয়লৰ তথ্য
  5. ২০০১ৰ জনগণনাত হিন্দী ভাষী লোকৰ সংখ্যা ভিন্ন ভিন্ন পোৱা যায়, ২৫.৮ কোটি আৰু ৪২.২ কোটি। কিন্তু দুয়োটাতে মান্য হিন্দীৰ লগতে অন্য ভাষা, যেনে ৰাজস্থানী (৮০ নিযুত), ভোজপুৰী (৪০ নিযুত), অৱধী (৩৮ নিযুত), ছত্তীছগঢ়ী (১৮ নিযুত) আৰু অন্যান্য ভাষাৰ ১০ নিযুততকৈ অধিক ভাষীকক অন্তৰ্ভূক্ত কৰা হৈছে।