মছলা চাহ
আদা, লং, ইলাচী, ডালচেনি আদি মছলাৰে সৈতে মছলা চাহ আৰু বিস্কুট | |
| প্ৰকাৰ | সুগন্ধি চাহ |
|---|---|
| উৎপত্তিৰ স্থান | ভাৰত |
| অঞ্চল | ভাৰতীয় উপমহাদেশ[1][2][3] |
| মুখ্য উপাদান | চাহপাত, গাখীৰ, মচলা, চেনি বা গুৰ |
মছলা চাহ বুলিলে সচৰাচৰ সুগন্ধিযুক্ত একপ্ৰকাৰ উষ্ণ পানীয়ক বুজায়, যি ক'লা চাহ পাতৰ লগত বিভিন্ন ধৰণৰ মছলা আৰু ভেষজৰ লগত পানীত গৰম কৰি প্ৰস্তুত কৰা হয়। যি মূলতঃ ভাৰতীয় উপমহাদেশত উদ্ভাৱিত, কিন্তু বিশ্বব্যাপী সমাদৃত হৈছে। মছলা চাহ ৰেস্তোৰাঁ বা কফি হাউজৰ এটি আৱশ্যক বা জনপ্ৰিয় বৈশিষ্ট্য। যি ঐতিহ্যগতভাৱে এলাচি, লং, দালচিনি, আদা, তেজপাত ইত্যাদিৰ লগত চাহ পাতৰ সৈতে জুইত উতলাই মিশ্ৰণকৃত বনোৱা একপ্ৰকাৰ ক্বাথ। মছলা চাহৰ ঔষধি গুণ আছে। চীনদেশেই চাহৰ আদি জন্মভূমি। বৰ্তমানে ইয়াক বিশ্বৰ উল্লেখযোগ্য পানীয়ৰূপে গণ্য কৰা হয়।
ঐতিহ্যগত মছলা চাহ
[সম্পাদনা কৰক]অন্যান্য চাহৰ দৰেই মছলা চাহতো গাখীৰ মিহলাই দিয়া হয়।
ইতিহাস
[সম্পাদনা কৰক]‘চাহ’ মূলতঃ ১৬৫০ খ্ৰীষ্টাব্দত চীনত উৎপাদন আৰম্ভ হয় আৰু ভাৰতবৰ্ষত ইয়াৰ খেতি আৰম্ভ হয় ১৮১৮ খ্ৰীষ্টাব্দত। ১৮৫৫ খ্ৰীষ্টাব্দত ব্ৰিটিছসকল ছিলেটত সৰ্বপ্ৰথম চাহৰ গছ বিচাৰি পায়। ইয়াৰ পিছত ১৮৫৭ চনত ছিলেটৰ মালনীছড়াত আৰম্ভ হয় বাণিজ্যিকভাৱে চাহ খেতি।
পৃথিৱীত অসম আৰু চীনা জাতীয় - এই দুই প্ৰকাৰৰ চাহ গছ দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত অসম জাতীয় চাহ গছ ভাৰত আৰু শ্ৰীলঙ্কাত অধিক খেতি কৰা হয়। এই ধৰণৰ গছ বেছ ডাঙৰ আৰু বহু পাতযুক্ত হয়। উল্লেখনীয় যে, এয়া বাণিজ্যিক ভিত্তিত খেতি কৰাৰ বাবে বিশেষ উপযোগী। এই গছ প্ৰায় ৬ মিটাৰ বা ২০ ফুট পৰ্যন্ত ওখ হয়। পাত সংগ্ৰহৰ বাবে গছবোৰক ১.২ মিটাৰ বা ৪ ফুটৰ অধিক ডাঙৰ হ’বলৈ দিয়া নহয়। ছাটি দিয়াৰ ফলত চাহ গছবোৰ ঘন জোপোহাত পৰিণত হয়। আনফালে চীনজাতীয় গছ আকাৰত বেছ সৰু হয়। ইয়াত পাতৰ সংখ্যাও বহু কম থাকে। এই গছ ছাটি নিদিলেও পাত তোলাৰ বাবে উচ্চতাসম্পন্ন হৈ থাকে।
চীনজাতীয় গাছৰ পাত স্বাদ আৰু গন্ধৰ বাবে বিখ্যাত। কিন্তু অসম জাতীয় গছৰ পাত ৰঙৰ বাবে বিখ্যাত। এই দুই ধৰণৰ চাহপাতৰ উন্নত সংমিশ্ৰণৰ ওপৰতে ইয়াৰ গুণাগুণ নিৰ্ভৰ কৰে। সাধাৰণতে চাহ মিশ্ৰণ এটি নিপুণতা আৰু অত্যন্ত কঠিন কাম। সেয়ে এয়া অভিজ্ঞ ব্যক্তিৰ দ্বাৰা সম্পাদনা কৰিব লাগে। এনেকৈয়ে চাহ মিশ্ৰণৰ নৈপুণ্যেৰ লাভৰ প্ৰেক্ষাপটত লিপটন, ব্ৰুকবণ্ড প্ৰভৃতি চাহ প্ৰস্তুতকাৰক কোম্পানী বিশ্ববজাৰ দখল আৰু খ্যাতি লাভ কৰিছে।
উপকৰণসমূহ
[সম্পাদনা কৰক]

মছলা চাহৰ উপাদান বা প্ৰস্তুতপ্ৰণালী সকলো সময়ত একেধৰণৰ বা নিৰ্দিষ্ট নহয়। বিভিন্ন স্থান বা পৰিয়ালত চাহৰ প্ৰস্তুত প্ৰণালীৰ ভিন্নতা আছে। মছলা চাহত ব্যৱহৃত উপকৰণসমূহ:
- তৰল গাখীৰ
- চাহপাত
- চেনি
- কাৰিপাত (নৰসিংহ পাত)
- আদা
- লং
- এলাচি
- দালচিনি
- জালুক
- তেজপাত
- তুলসী
- মুলেথি
- অশ্বগন্ধা ইত্যাদি মছলাসমূহ।
- মছলা আৰু চাহপাতৰ মিশ্ৰণ
মছলা চাহত সাধাৰণতে চেনি আৰু গাখীৰৰ লগত থাকে এলাচি, দালচিনি, লং, আজোৱাইন ইত্যাদি মছলা যি ভেষজ গুণাৱলীৰে সমৃদ্ধ। এইবোৰ মছলাত আছে ভিটামিন বি, ভিটামিন চি, পটাচিয়াম, ম্যাগনেচিয়াম, কেৰোটিন আৰু জৰুৰী মিনাৰেল যি স্বাস্থ্যৰ বাবে সুফল। এই চাহত ক্যাফেইনৰ পৰিমাণ খুব সামান্য। আয়ুৰ্বেদিক তত্ত্ব অনুযায়ী, মছলা চাহত ব্যৱহৃত উপাদানসমূহ শৰীৰক সতেজ ও প্ৰাণৱন্ত কৰে আৰু মনক ৰাখে প্ৰফুল্ল।
মছলা চাহৰ উপকাৰিতা
[সম্পাদনা কৰক]মছলা চাহত ব্যৱহৃত সকলো মছলাই ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পন্ন। অকল গৰম মছলাৰ ব্যৱহাৰ যেন এক কাপ চাহ খোৱাৰ উপকাৰিতা বঢ়াই দিয়ে বহুগুণ। চাহত মছলা ব্যৱহাৰৰ ফলত এইবোৰে পৰিপাকত সাহায্য কৰে। বতৰৰ চৰ্দি আৰু কাহ প্ৰতিৰোধত এই চাহে অত্যন্ত ভাল ফল দিয়ে। মছলা চাহত একে লগে বিভিন্ন ধৰণৰ মছলাৰ উপস্থিতি হ'ব পাৰে আপোনাৰ নানাবিধ সমস্যাৰ সমাধান। মছলা চাহ গৰম বা ঠাণ্ডা অৱস্থাত খাব পাৰে। অৱশ্যে গৰম অৱস্থাত খুৱাই শ্ৰেয়। সুস্বাস্থ্যকৰ এই মছলা চাহ তৈৰি কৰা বেছ সহজ।
প্ৰকাৰভেদ
[সম্পাদনা কৰক]
বিভিন্ন ধৰণৰ মছলা চাহ হ'ব পাৰে। যেনে:
- পদিনা চাহ
- জাফৰানি মালাই চাহ
- আদা-নেমুৰ নিমখীয়া চাহ
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "A Brief History of Chai and 5 to Try (or Retry) This Fall". Archived from the original on 15 May 2016. https://web.archive.org/web/20160515143003/http://www.seattleweekly.com/home/949624-129/chai-tea-spice-spicy-coffee-india। আহৰণ কৰা হৈছে: 5 September 2016.
- ↑ "Origin of Masala Chai – Chai Pilgrimage". Archived from the original on 23 September 2016. https://web.archive.org/web/20160923234648/http://chaipilgrimage.com/blogs/journal/8432269-origin-of-masala-chai। আহৰণ কৰা হৈছে: 5 September 2016.
- ↑ "The History of Masala Chai (a.k.a. "Chai Tea")". Archived from the original on 27 June 2016. https://web.archive.org/web/20160627075508/http://coffeetea.about.com/od/historyculture/a/MasalaChaiHistory.htm। আহৰণ কৰা হৈছে: 5 September 2016.
- ↑ Sari Edelstein (2011). Food, Cuisine, and Cultural Competency for Culinary, Hospitality, and Nutrition Professionals. Jones & Bartlett Learning. পৃষ্ঠা. 377–. ISBN 978-0-7637-5965-0. https://books.google.com/books?id=lj0CeaIIETkC&pg=PA377.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত চাহ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- চাহৰ বিৱৰ্তন Archived 2018-06-04 at the Wayback Machine