হাটশিঙিমাৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হাটশিঙিমাৰি
—  town  —
হাটশিঙিমাৰি is located in Assam
হাটশিঙিমাৰি
Location in Assam, India
ভৌগোলিক স্থানাংক: 25°42′59″N 89°53′55″E / 25.71647°N 89.89858°E / 25.71647; 89.89858স্থানাংক: 25°42′59″N 89°53′55″E / 25.71647°N 89.89858°E / 25.71647; 89.89858
দেশ  ভাৰত
ৰাজ্য অসম
জিলা দক্ষিণ শালমাৰা-মানকাচৰ জিলা
উচ্চতা ২৮ মিটাৰ (৯১.৮৬ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ৩,৪৪৫ জন
ভাষা
 - Official অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+৫:৩০)
যানবাহনৰ নম্বৰ AS

হাটশিঙিমাৰি অসমৰ নৱগঠিত জিলা দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ। পূৰ্বতে ই ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা-মানকাচৰ মহকুমাৰ সদৰ ঠাই আছিল। ২০১৫ চনৰ ১৫ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আন চাৰিখন জিলাৰ লগত দক্ষিণ শালমাৰা-মানকাচৰ জিলা ঘোষণা কৰে।[1] ২০১৬ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে নৱগঠিত জিলাখনৰ উপায়ুক্ত আমি.আই. আহমেহদে ইয়াক উদ্বোধন কৰে। ২০১১ চনৰ লোকপিয়ল মতে হাটশিঙিমাৰিৰ জনসংখ্যা ৩৪৪৫ জন আৰু সাক্ষৰতা হাৰ ৭৭.৭৩%।

নামৰ উৎপত্তি[সম্পাদনা কৰক]

হাটশিঙিমাৰি নাম "হাট" আৰু "শিঙিমাৰি" এই দুই শব্দ লগ লগাই সৃষ্টি হৈছে। "হাট" সাপ্তাহিক বজাৰ; প্ৰতি দেওবাৰে এই অঞ্চলত এখন সাপ্তাহিক বজাৰ বহে। "শিঙিমাৰি" মানে শিঙি মাছ মৰা। অতীতত এই অঞ্চলত শিঙি মাছৰ বজাৰ আছিল বুলি কোৱা হয়।

অৱস্থান[সম্পাদনা কৰক]

হাটশিঙিমাৰি অসমৰ একেবাৰে পশ্চিম প্ৰান্তৰ দক্ষিণ পাৰত অৱস্থিত। ইয়াৰ পূবত মেঘালয়, দক্ষিণত মানকাচৰ চহৰ আৰু পশ্চিমে জিঞ্জিৰাম নদী অৱস্থিত। হাটশিঙিমাৰি ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা মাত্ৰ ৫ কিঃমিঃ নিলগত।

ৰাজনীতি[সম্পাদনা কৰক]

হাটশিঙিমাৰি লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু বৰ্তমান সাংসদ সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল। লগতে ই ২১ নং বিধানসভা সমষ্টি মানকাচৰৰ অন্তৰ্ভুক্ত আৰু বৰ্তমান বিধায়ক ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ ডঃ মটিউৰ ৰহমান মণ্ডল।

শিক্ষা[সম্পাদনা কৰক]

হাটশিঙিমাৰিত কেইবাখনো প্ৰতিষ্ঠিত চৰকাৰী আৰু বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান আছে। তাৰে ভিতৰত কেইখনমান হল;

  • ৰেইনব' ইংলিছ স্কুল
  • সাৰ্বজনীন হাটশিঙিমাৰি জাতীয় বিদ্যালয়
  • নামনি অসম জাতীয় বিদ্যালয়
  • শংকৰ আজান জাতীয় বিদ্যালয়
  • ইলাইট একাডেমী
  • হাটশিঙিমাৰি মহাবিদ্যালয়
  • আজমল কলেজ
  • এপল' একাডেমী

তথ্যউৎস[সম্পাদনা কৰক]