মুছলপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মুছলপুৰ
—  চহৰ  —
মুছলপুৰ is located in Assam
মুছলপুৰ
ভাৰতঅসমত মুছলপুৰৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°23′N 91°12′E / 26.39°N 91.20°E / 26.39; 91.20স্থানাংক: 26°23′N 91°12′E / 26.39°N 91.20°E / 26.39; 91.20
Country  ভাৰত
ৰাজ্য অসম
জিলা বাক্সা
সময় অঞ্চল IST (গ্ৰী.মা.স.+৫:৩০)
পিন ৭৮১৩৭২
দূৰভাষ ক'ড ০৩৬২৪ XXXXXX
যানবাহনৰ নম্বৰ AS-28
ৱেবছাইট baksa.gov.in

মুছলপুৰ উত্তৰ-পূব ভাৰতৰ অসমৰ বাক্সা জিলাৰ সদৰ। [1] বাক্সা জিলা অসমৰ প্ৰশাসনিক জিলাৰ ভিতৰত এখন। বাক্সা জিলা বড়োলেণ্ড স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত। ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়। বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ।

ইতিহাস[সম্পাদনা কৰক]

২০০৩ চনৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বি টি চি চুক্তিমতে অসমত চাৰিখন জিলা- কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওডালগুৰিৰে বড়োলেণ্ড স্বায়ত্ব শাসিত অঞ্চল স্থাপিত হয়। বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং জিলাৰ অংশৰে বাক্সা জিলাৰ সৃষ্টি কৰা হৈছে। ২০০৩ চনৰ অক্টোবৰত ইয়াৰ ঘোষণা কৰা হয় আৰু ২০০৪ চনৰ ১ জুনৰ পৰা আনুষ্ঠানিকভাৱে কাম-কাজৰ আৰম্ভণি হয়।[2] বাক্সাৰ প্ৰথম উপায়ুক্ত আছিল ড: আনোৱাৰুদ্দিন চৌধুৰী।

জন গাঁঠনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল মতে মুছলপুৰৰ জনসংখ্যা ৭৯৫ আছিল তাৰে ভিতৰত ৪২৯ জন পুৰুষ আৰু ৩৬৬ জনী মহিলা। ০-৬ বছৰ বয়সৰ শিশুৰ সংখ্যা ৬৯ জন। এই সংখ্যা চহৰ খনৰ মুঠ জনসংখ্যাৰ ৮.৬৮%। গড় লিংগ অনুপাত ৮৫৩ যিটো অসমৰ লিংগ অনুপাত ৯৫৮ তকৈ কম। মুছলপুৰৰ শিশুৰ লিংগ অনুপাত ১০২৯ যিটো অসমৰ গড় ৯৬২ তকৈ বেছি। ২০১১ চনত মুছলপুৰৰ সাক্ষৰতাৰ হাৰ ৭৩.১৯% । মুছলপুৰত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮২.৫৩% আৰু মহিলাৰ ৬৩.১৪%।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Baksa district". http://baksa.gov.in/district_administration.html. 
  2. Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 

বহিঃ সংযোগ[সম্পাদনা কৰক]