তামুলপুৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তামুলপুৰ জিলা
—  অসমৰ জিলা  —
অসমত তামুলপুৰৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
প্ৰশাসনিক বিভাগ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ
স্থাপিত ২৩ জানুৱাৰী ২০২২ (2022-01-23)
সদৰ তামুলপুৰ
মহকুমা তামুলপুৰ মহকুমা
চৰকাৰ
 - লোকসভা সমষ্টি কোকৰাঝাৰ
 - বিধানসভা সমষ্টি তামুলপুৰ
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)

তামুলপুৰ জিলা (ইংৰাজী: Tamulpur district) অসমৰ এখন জিলা। অসম কেবিনেটে বাক্সা জিলাতামুলপুৰ মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত কৰে।[1] ২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে তামুলপুৰক চৰকাৰীভাবে জিলালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে।[2]বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্ভুক্ত পঞ্চমখন জিলা। তামুলপুৰ জিলালৈ উন্নীত কৰাৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ খন হয়।[3] তামুলপুৰ জিলাৰ সদৰ হৈছে তামুলপুৰ। অসম প্ৰশাসনিকসেৱাৰ বিষয়া সীমান্ত কুমাৰ দাস তামুলপুৰ জিলাৰ প্ৰথম উপায়ুক্ত।

নামৰ উৎপত্তি[সম্পাদনা কৰক]

তামুলপুৰ নামৰ উৎপত্তি সন্দৰ্ভত এডৱাৰ্ড গেইটৰ বৰ্ণনাত ১৮৬৪-৬৬ চনত ইংৰাজ আৰু ভূটীয়া সকলৰ মাজত হোৱা ৰণৰ বৰ্ণনা আছে। গেইটৰ মতে সেই সময়ত দেৱানগিৰি অঞ্চলত ভয়ংকৰ অভিযান চলিছিল আৰু গুৱাহাটীৰ পৰা কৰ্ণেল কেম্বল ছাহাবে ছটা কোম্পানী লৈ আগুৱাই আহি নামনিৰ সমতল ভূমিত তম্বু তৰি ছাউনী পাতিছিল। কিন্তু ভূটীয়াসকলে নিশাৰ শিবিৰ আক্ৰমণ কৰি ইংৰাজৰ তম্বুবোৰ পুৰি পেলাইছিল। তম্বু পুৰি দিয়া বাবে ঠাইখিনি তম্বুপোৰা-তাম্বোলপুৰ-তামুলপুৰ হোৱা বুলি মত পোষণ কৰা হয়।[4] তামুলপুৰ চহৰৰ নামৰ পৰায়ে নৱগঠিত জিলাখনৰ নাম তামুলপুৰ ৰখা হয়।

ভৌগোলিক অৱস্থিতি[সম্পাদনা কৰক]

তামুলপুৰ হিমালয়ৰ পাদদেশত অৱস্থিত ভাৰত-ভূটান সীমান্তৱৰ্তী এক অঞ্চল। ভূটানৰ পৰা বৈ অহা মটঙা আদি নদী তামুলপুৰ মাজমজীয়াৰে বৈ গৈ নামনিত নোনা নাম লৈ বৰলীয়া নদীত মিলিত হৈ ব্ৰহ্মপুত্ৰত বিলীন হৈছে।[4]

জন গাঁথনি[সম্পাদনা কৰক]

তামুলপুৰ মহকুমাটো অসমীয়া, বড়ো, ৰাভা, আদিবাসী, বঙালী, নেপালী অদিকে ধৰি প্ৰায় চৈধ্যটা জাতি-জনজাতিৰে পৰিপূৰ্ণ।

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Assam Budget 2021: Tamulpur Proposed To Be Created As New District" (en ভাষাত). www.newsdaily24.in. 2021-07-17. https://www.newsdaily24.in/details/2437/Assam%20Budget%202021:%20Tamulpur%20Proposed%20To%20Be%20Created%20As%20New%20District। আহৰণ কৰা হৈছে: 2022-01-24. 
  2. Desk, Sentinel Digital (2021-01-24). "Assam Govt Forms Tamulpur As New District In State" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-govt-forms-tamulpur-as-new-district-in-state-574587। আহৰণ কৰা হৈছে: 2022-01-24. 
  3. Mandol, Nikesh (2021-01-24). "Assam forms Tamulpur as new district" (en ভাষাত). www.newstracklive.com. https://english.newstracklive.com/news/assam-forms-tamulpur-as-new-district-sc1-nu325-ta325-1207048-1.html। আহৰণ কৰা হৈছে: 2022-01-24. 
  4. 4.0 4.1 উৎপল ডেকা (১ মাৰ্চ, ২০১৯). "তামুলপুৰ এতিয়াও সমস্যাৰে ভৰপূৰ". দৈনিক অসম. পৃষ্ঠা ১৩. http://www.assamtribune.com/scripts/spd.asp?id=2019/mar0119/BigPage13.jpg। আহৰণ কৰা হৈছে: 10 April 2020.