সমললৈ যাওক

তামুলপুৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তামুলপুৰ জিলা
অসমত তামুলপুৰৰ অৱস্থান
অসমত তামুলপুৰৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
প্ৰশাসনিক বিভাগ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ
স্থাপিত ২৩ জানুৱাৰী ২০২২ (2022-01-23)
সদৰ তামুলপুৰ আৰু গোৰেশ্বৰ
মহকুমা তামুলপুৰ মহকুমা
চৰকাৰ
  লোকসভা সমষ্টি দৰং-ওদালগুৰি
  বিধানসভা সমষ্টি তামুলপুৰ

তামুলপুৰ জিলা (ইংৰাজী: Tamulpur district) অসমৰ এখন অন্যতম নৱগঠিত জিলা। অসম কেবিনেটে বাক্সা জিলাতামুলপুৰ মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত কৰে।[1] ২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে তামুলপুৰক চৰকাৰীভাৱে জিলালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে।[2]বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্ভুক্ত পঞ্চমখন জিলা। তামুলপুৰ জিলালৈ উন্নীত কৰাৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ খন হয়।[3] তামুলপুৰ জিলাৰ সদৰ হৈছে তামুলপুৰ। অসম প্ৰশাসনিকসেৱাৰ বিষয়া সীমান্ত কুমাৰ দাস তামুলপুৰ জিলাৰ প্ৰথম উপায়ুক্ত।

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

তামুলপুৰ নামৰ উৎপত্তি সন্দৰ্ভত এডৱাৰ্ড গেইটৰ বৰ্ণনাত ১৮৬৪-৬৬ চনত ইংৰাজ আৰু ভূটীয়াসকলৰ মাজত হোৱা ৰণৰ বৰ্ণনা আছে। গেইটৰ মতে সেই সময়ত দেৱানগিৰি অঞ্চলত ভয়ংকৰ অভিযান চলিছিল আৰু গুৱাহাটীৰপৰা কৰ্ণেল কেম্বল ছাহাবে ছটা কোম্পানী লৈ আগুৱাই আহি নামনিৰ সমতল ভূমিত তম্বু তৰি ছাউনী পাতিছিল। কিন্তু ভূটীয়াসকলে নিশাৰ শিবিৰ আক্ৰমণ কৰি ইংৰাজৰ তম্বুবোৰ পুৰি পেলাইছিল। তম্বু পুৰি দিয়া বাবে ঠাইখিনি তম্বুপোৰা-তাম্বোলপুৰ-তামুলপুৰ হোৱা বুলি মত পোষণ কৰা হয়।[4] তামুলপুৰ চহৰৰ নামৰ পৰায়ে নৱগঠিত জিলাখনৰ নাম তামুলপুৰ ৰখা হয়।

ভৌগোলিক অৱস্থিতি

[সম্পাদনা কৰক]

তামুলপুৰ হিমালয়ৰ পাদদেশত অৱস্থিত ভাৰত-ভূটান সীমান্তৱৰ্তী এক অঞ্চল। ভূটানৰপৰা বৈ অহা মটঙা আদি নদী তামুলপুৰ মাজমজীয়াৰে বৈ গৈ নামনিত নোনা নাম লৈ বৰলীয়া নদীত মিলিত হৈ ব্ৰহ্মপুত্ৰত বিলীন হৈছে।[4]

জন গাঁথনি

[সম্পাদনা কৰক]

তামুলপুৰ মহকুমাটোত অসমীয়া, বড়ো, ৰাভা, আদিবাসী, বঙালী, নেপালী আদিকে ধৰি প্ৰায় চৈধ্যটা জাতি-জনজাতিয়ে সম্প্ৰীতিৰে‌ বসবাস কৰে।

উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান

[সম্পাদনা কৰক]

জিলাখনৰ উল্লেখযোগ্য শিক্ষানুষ্ঠানসমূহ-

  • গোৰেশ্বৰ মহাবিদ্যালয়, গোৰেশ্বৰ
  • তামুলপুৰ মহাবিদ্যালয়, তামুলপুৰ
  • তামুলপুৰ ডিগ্ৰী মহাবিদ্যালয়, তামুলপুৰ
  • তামুলপুৰ কমাৰ্চ কলেজ, তামুলপুৰ
  • গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোৰেশ্বৰ
  • তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, তামুলপুৰ
  • কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰ

উল্লেখযোগ্য স্থানসমূহ

[সম্পাদনা কৰক]

তামুলপুৰ আৰু গোৰেশ্বৰ জিলাখনৰ প্ৰধান বাণিজ্য কেন্দ্ৰ। দ্বাৰকুছি, ডেফেলি, কাউৰবাহা, কুমাৰীকাটা, নাগ্ৰীজুলি, বাঙালীপাৰা, নাওকাটা, মহৰীপাৰা, কালাকুছি আদি আন আন গুৰুত্বপূৰ্ণ অঞ্চল। জিলাখনৰপৰা ভূটানৰ লগত যোগাযোগৰ সু-ব্যৱস্থা আছে। দৰঙ্গামেলাৰ সমীপত ভূটানৰ চান্দ্ৰুপ-জংখাৰ মাজত যোগাযোগৰ ব্যৱস্থা আছে। জিলাখনৰ বগামাটি এক উল্লেখযোগ্য বনভোজৰ থলী। ইয়াত ইক কেম্প, পৰ্বতাৰোহণ আদিৰ ব্যৱস্থা গঢ় লৈ উঠিছে।

উল্লেখযোগ্য নদী

[সম্পাদনা কৰক]

জিলাখনৰ মাজেৰে কেইবাখনো নৈ, উপনৈ বৈ গৈছে। সেইবোৰৰ ভিতৰত পুঠিমাৰী, শুক্লাই, বৰলীয়া, পাগলাদিয়া, লখাইতৰা, গেৰুৱা, কলাজল, সোণজুৰি আদি অন্যতম। অৱশ্যে দুখনমান নৈৰ নাম ঠাইবিশেষে অন্য নামেৰেও জনা যায়।

অৰ্থনৈতিক দিশ

[সম্পাদনা কৰক]

জিলাখনৰ অধিকাংশ লোক কৃষিকৰ্মৰ লগত জড়িত। ধান আৰু সৰিয়হৰ লগতে প্ৰচুৰ শাক-পাচলিৰ উৎপাদন কৰা হয়। দুখনমান চাহবাগানো আছে। জিলাখনত প্ৰচুৰ কল উৎপাদন হয়। বস্ত্ৰ উৎপাদন, পশুপালন আন এক অৰ্থনৈতিক দিশ।

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Assam Budget 2021: Tamulpur Proposed To Be Created As New District" (en ভাষাত). www.newsdaily24.in. 2021-07-17. Archived from the original on 2021-07-16. https://web.archive.org/web/20210716113144/https://www.newsdaily24.in/details/2437/Assam%20Budget%202021:%20Tamulpur%20Proposed%20To%20Be%20Created%20As%20New%20District আহৰণ কৰা হৈছে: 2022-01-24.
  2. Desk, Sentinel Digital (2021-01-24). "Assam Govt Forms Tamulpur As New District In State" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/north-east-india-news/assam-news/assam-govt-forms-tamulpur-as-new-district-in-state-574587 আহৰণ কৰা হৈছে: 2022-01-24.
  3. Mandol, Nikesh (2021-01-24). "Assam forms Tamulpur as new district" (en ভাষাত). www.newstracklive.com. https://english.newstracklive.com/news/assam-forms-tamulpur-as-new-district-sc1-nu325-ta325-1207048-1.html আহৰণ কৰা হৈছে: 2022-01-24.
  4. 1 2 উৎপল ডেকা (১ মাৰ্চ, ২০১৯). "তামোলপুৰ এতিয়াও সমস্যাৰে ভৰ-পূৰ". দৈনিক অসম. পৃষ্ঠা ১৩. http://www.assamtribune.com/scripts/spd.asp?id=2019/mar0119/BigPage13.jpg আহৰণ কৰা হৈছে: 10 April 2020.[সংযোগবিহীন উৎস]