নাস্তিকতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নাস্তিকতা

নাস্তিকতা বিষয়ক সাধাৰণ ধাৰনা

ধৰ্ম • অআস্তিক্যবাদ • অনাস্তিকতা
মেটাফিজিকেল প্ৰকৃতিবাদ
দূৰ্বল আৰু সবল নাস্তিকতা
প্ৰকাশিত আৰু অপ্ৰকাশিত নাস্তিকতা

ইতিহাস

নাস্তিকতাৰ ইতিহাস

যুক্তি

ঈশ্বৰৰ অস্তিত্বৰ বিপক্ষে
নাস্তিকতাৰ বিপক্ষে

পৰিসংখ্যান

নাস্তিকতা
বিখ্যাত নাস্তিক • ৰাষ্ট্ৰীয় নাস্তিকতা
বৈষম্য আৰু নিৰ্যাতন

নাস্তিকতা চ’ৰা • প্ৰ     

নাস্তিকতা (ইংৰাজী: Atheism)-ৰ বহল অৰ্থ হ'ল ভগৱানৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাসক বৰ্জন কৰা।[1][2] ইয়াৰ সংকীৰ্ণ অৰ্থ হৈছে যে সেই বিচাৰধাৰা যাৰ মতে কোনোধৰণৰ ভগৱান বা অলৌকিক শত্তিৰ অস্তিত্ব নাই।[3][4][5] সকলোতকৈ উদাৰ অৰ্থ হ'ল ভগৱানৰ অস্তিত্ব থকা বুলি কোনো বিশ্বাসৰ অনুপস্থিতি।[4][5][6][7] নাস্তিকতাৰ বিপৰীত হৈছে আস্তিকতা,[8][9] যাৰ সকলোতকৈ সাধাৰণ অৰ্থ হৈছে যে ন্যূনতম এজন ভগৱানৰ অস্তিত্ব আছে।[9][10]

নাস্তিকতা শব্দৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'atheism', যাৰ উৎস গ্ৰীক ভাষাত ἄθεος (atheos), যাৰ মানে "ভগৱান অবিহনে। " ই এক তিৰস্কাৰমূলক শব্দ যি এনেলোকৰ বাবে ৱ্যবহাৰ কৰা হয় যিসকলে সমাজৰ বৃহৎ অংশই বিশ্বাস কৰা ভগৱানক নাকচ কৰে। কিন্তু মুক্ত চিন্তা, সন্দেহমূলক অনুসন্ধান আৰু পৰৱৰ্তী সময়ত বৃদ্ধি হোৱা ধৰ্মৰ সমালোচনাৰ বাবে ইয়াৰ ব্যৱহাৰৰ পৰিশীমা সংকীৰ্ণ হৈ গৈছে।

নাস্তিকতাৰ সপক্ষে বিভিন্ন যুক্তি সামাজিকৰ পৰা আৰম্ভ কৰি বুৰঞ্জী বিদ্যা আদি দিশৰ পৰা দিয়া হৈছে। ভগৱান বা কোনো অলৌকিক শত্তিৰ ওপৰত নথকা বিশ্বাসৰ বিভিন্ন কাৰণৰ মূল কাৰণ সমূহ হ'ল পৰীক্ষা-লব্ধ প্ৰমাণৰ (Empirical Evidence) অভাৱ ,[11][12] অনৈতিকতাৰ সমস্যা (Problem of Evil), সংগতিহীন প্ৰকাশনৰ পৰা যুক্তি (Argument from inconsistent revelations), আৰু অবিশ্বাসৰ পৰা যুক্তি (argument from nonbelief)।[11][13] যদিও কিছু সংখ্যক নাস্তিকে ধৰ্মনিৰপেক্ষ দৰ্শন অৱলম্বন কৰিছে,[14][15] এনে কোনো এক ভাবধাৰা নাই যাক সকলো নাস্তিকে মানি চলে।[16] বহুসংখ্যক নাস্তিকে বিশ্বাস কৰে যে নাস্তিকতা আস্তিকতাতকৈ জগতৰ প্ৰতি এক মিতব্যয়ী দৃষ্টিভঙ্গী, আৰু সেইবাবে ভগৱানৰ অস্তিত্বহীনতাক প্ৰমাণ কৰাৰ প্ৰমাণৰ বোজা নাস্তিকৰ ওপৰত নহয়, কিন্তু আস্তিক সকলেহে আস্তিকতাৰ সপক্ষে প্ৰমাণ দিয়াৰ প্ৰয়োজন।[17]

কিছুমান ধাৰ্মিক আৰু আধ্যাত্মিক চিন্তাধাৰাত আস্তিকতাক গ্ৰহণ কৰা হয় যেনে জৈন ধৰ্ম, বৌদ্ধ ধৰ্ম, হিন্দু ধৰ্ম, Raelism, Neopagan movements[18] such as Wicca,[19] and nontheistic religions. জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মৰ কিছুসংখ্যক গোটে ভগৱান ওপৰত বিশ্বাসক দৰকাৰী বুলি নাভাবে,[20] হিন্দু ধৰ্ম ই নাস্তিকতাক বৈধ্য বুলি গ্ৰহণ কৰে, কিন্তু কিছুমান পণ্ঠাই নাস্তিকতাৰ পথক আধ্যাত্মিক দিশৰ পৰা কঠিন বুলি গণনা কৰে।[21]

যিহেতু নাস্তিকতাৰ ধাৰণা সমূহ ভিন্ন প্ৰকাৰৰ, পৃথিৱীত কিমান নাস্তিক আছে তাৰ অনুমান কৰাটো কঠিন।[22] এক অনুমানৰ মতে, পৃথিৱীৰ প্ৰায় ২.৩% মানুহ নাস্তিক হয়, আৰু ১১.৯% মানুহ অধাৰ্মিক হয়।[23] আন এক অনুমান মতে, নিজে নাস্তিক বুলি সদৰি কৰা মানুহৰ সংখ্যা পাশ্চাত্য দেশ সমূহত সৰ্বাধিক, কিন্তু বিভিন্ন মানলৈ: আমেৰিকা যুক্তৰাষ্ট্ৰ (৪%), ইটালী (৭%), স্পেইন (১১%), গ্ৰেট ব্ৰিটেইন (১৭%), জাৰ্মানী (২০%), আৰু ফ্ৰান্স (৩২%)।[24] Pew Research Centerৰ ২০১২ৰ এক প্ৰতিবেদন মতে, নিজকে "নাস্তিক" বা "নিৰজ্ঞ (Agnostic)" বুলি পৰিচয় দিয়া মানুহৰ সংখ্যা আমেৰিকান যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ ৬%।[25]

সংজ্ঞা আৰু পাৰ্থক্য[সম্পাদনা কৰক]

A diagram showing the relationship between the definitions of weak/strong and implicit/explicit atheism. Explicit strong/positive/hard atheists (in purple on the right) assert that "at least one deity exists" is a false statement. Explicit weak/negative/soft atheists (in blue on the right) reject or eschew belief that any deities exist without actually asserting that "at least one deity exists" is a false statement. Implicit weak/negative atheists (in blue on the left) would include people (such as young children and some agnostics) who do not believe in a deity, but have not explicitly rejected such belief. (Sizes in the diagram are not meant to indicate relative sizes within a population.)

"নাস্তিকতা"ক সঠিককৈ কেনেকৈ সংজ্ঞা আৰু আখ্যা দিব পাৰি তাৰ ওপৰত বিভিন্ন লিখক সকল একমত নহয়,[26] যেনে কি আলৌকিক শক্তিৰ ওপৰত ই প্ৰজোয্য, ই এক নিজস্ব অভিমত নে কেৱল এক মতৰ অনুপস্থিতি, বা ইয়াৰ বাবে এক সচেতন অৱস্থাত নাকচ কৰাটো দৰকাৰী নে। নাস্তিকতাৰ লগত নিৰগ্য (Agnostic)তা খাপ খাই বুলি ধৰা হয়,[27][28][29][30][31][32][33] কিন্তু অমিল হোৱা পক্ষ বোৰো আলোচনা কৰা হৈছে।[34][35][36] নাস্তিকতাৰ বিভিন্ন সুকীয়া ভাগ বোৰৰ মাজৰ পাৰ্থক্যবোৰ কেইবাটাও বিভাজনৰে বুজাৱা হৈছে।

পৰিসৰ[সম্পাদনা কৰক]

নাস্তিকতাৰ সংজ্ঞাক লৈ হোৱা দ্ব্যৰ্থতা আৰু মতানৈক্যৰ কিছু উৎস আছে কিছুমান শব্দ যেনে "ভগৱান" আৰু "দেৱতা" আদিৰ সংজ্ঞাক লৈ নথকা ঐক্যমত। বিভিন্ন ধৰণৰ ভগৱানৰ ধাৰণাৰ বাবে নাস্তিকতাৰ প্ৰযোজ্যতাৰ ওপৰত ভিন্ন মত আছে। প্ৰাচীন ৰোমান সকলে খ্ৰীষ্টানধৰ্মীক পেগান (Pagan) দেৱতা সকলক পূজা নকৰাৰ বাবে নাস্তিক বুলি অভিহিত কৰিছিল। পৰ্যায়ক্ৰমে এই দৃষ্টিভঙ্গীটো সলনি হ'ল আৰু যি কোনো ধৰণৰ ঐশ্বৰৰ্য্যিক শক্তিৰ ওপৰত বিশ্বাসেই আস্তিকতা বুলি মানি ল'বলৈ ধৰা হ'ল। [37]

ইম্প্লিচিত বনাম এক্সপ্লিচিত[সম্পাদনা কৰক]

ভগৱানৰ অস্তিত্বৰ ওপৰত থকা বিশ্বাসৰ মানৰ ওপৰত ভিত্তি কৰি নাস্তিকতা আৰু কোন নাস্তিক তাৰ পৰিভাষা সলনি হয়। সঘনে নাস্তিকতাক কোনো ধৰণৰ দৈৱিক শক্তিৰ ওপৰত বিশ্বাস নথকাটো বুজায়। এই বহল সংজ্ঞাটোৱে নৱজাতক শিশু আৰু এনে লোক যাৰ দৈৱিক শক্তিৰ ধাৰণাৰ লগত পৰিচয় হোৱা নাই, তেনে লোককো সাঙুৰি লয়। ১৭৭২ৰতে Baron d'Holbach কৈছিল "সকলো শিশু জন্মৰ পৰাই নাস্তিক হয়, কাৰণ তেওঁলোকৰ ভগৱানৰ ধাৰণা নাই। "[38] একেদৰে, George H. Smithএ (১৯৭৯) এনেকৈ কৈছিল: "যিজন মানুহ আস্তিকতাৰ লগত অৱগত নহয়, তেওঁ এজন নাস্তিক কাৰ‍ণ তেওঁ ভগৱান‍ৰ উ‍প‍ৰ‍ত বিশ্বাস নকৰে। এই সংজ্ঞাই এনে শিশুকো সাঙুৰি লৈছে যাৰ কোনো বিষয়ৰ মূলভাৱ আয়ত্ত কৰাৰ ক্ষমতা আছে, কিন্তু এনে বিশ্বাসৰ প্ৰতি শিশুতো অৱগ‍ত ন‍হ‍য়। যিহেতু শিশুতোৰ ভগৱানৰ ওপৰত বিশ্বাস নাই, সেইবাবেই শিশুটো নাস্তিক হিচাপে পৰিগণিত কৰিব পৰা যায়। "[39] চ্মিথে (Smith) implicit atheism বা নিহিত নাস্তিকতা ৰ সংজ্ঞাটোৰ উদ্ভাৱন কৰিছিল যিয়ে "সচেতনভাৱে নাকচ নকৰিলেও আস্তিক বা ধাৰ্মিক বিশ্বাসৰ অভাৱ" আৰু explicit atheism বা explicit নাস্তিকতা যিয়ে বেছিকৈ প্ৰচলিত "সচেতনভাৱে অবিশ্বাস কৰা ক্ৰিয়াটোক বুজাই"।

Ernest Nagelএ চ্মিথ (Smith)ৰ নাস্তিকতাৰ সংজ্ঞাক নাকচ কৰিছিল আৰু ইয়াক কেৱল "আস্তিকতা বা ধাৰ্মিকতাৰ অভাৱ" বুলিহে অভিহিত কৰিছিল আৰু কেৱল explicit নাস্তিকতাকহে আচল নাস্তিকতা বুলি স্বীকৃতি দিছিল।[40]

ধনাত্মক বনাম ঋণাত্মক[সম্পাদনা কৰক]

বিভিন্ন দাৰ্শনিক যেনে Antony Flew[41] আৰু Michael Martin[37]এ ধনাত্মক (strong/hard) আৰু ঋণাত্মক (weak/soft) নাস্তিকতাক তুলনা কৰি বিশ্লেষণ কৰিছে। ঋণাত্মক নাস্তিকতা মানে দৃঢ়তাৰে প্ৰতিপন্ন কৰা যে ভগৱানৰ কোনো অস্তিত্ব নাই। ধনাত্মক নাস্তিকতাই আন সকলো প্ৰকাৰৰ অধাৰ্মিক সংজ্ঞা বুজাই। এনে শ্ৰেনী বিভাগৰ মতে, সক‍লো অধাৰ্মিক মানুহে ঋণাত্মক বা ধনাত্মক নাস্তিক হয়।

নাস্তিকতাৰ এনে বিভাজ‍ন‍ৰ মতে, প্ৰায়ভাগ নিৰজ্ঞ (Agnostic) লোককে ঋণাত্মক নাস্তিক বুলিব পৰা যায়।

যদিও Martin এ, উদাহ‍ৰ‍ণস্বৰূপে, দাবী কৰে যে বহুল সংখ্যক নিৰজ্ঞতাবাদীয়ে (agnostics) নিজৰ বিচাৰধাৰাক নাস্তিকতাৰ ভাৱধাৰাৰ পৰা সুকীয়া বুলি বিশ্বাস কৰে,[উদ্ধৃতিৰ প্ৰয়োজন] যাক তেওঁলোকে আস্তিকতাৰ সমানে যুক্তিহীন বুলি প্ৰতিপন্ন কৰে।[42] ভগৱানৰ অস্তিত্বৰ সপক্ষে বা বিপক্ষে জ্ঞান আহৰণ কৰিব নোৱাৰাৰ যুক্তিৰ কাৰণে নাস্তিকতাৰ বাবে কেতিয়াবা বিশ্বাসৰ জাঁপৰ leap of faith প্ৰ্য়োজন হয় বুলি কোৱা হয়।[43] সাধাৰণতে নাস্তিক সকলৰ এনে যুক্তিৰ প্ৰতি কেইবাটাও প্ৰত্যুত্তৰৰ ভিতৰত অন্যতম হ'ল যে যি কোনো অপ্ৰমাণিত religious উপস্থাপনকে আন সকলো অপ্ৰমাণিত উপস্থাপনৰ লেখিয়াই অবিশ্বাস কৰাটো যুক্তিসিদ্ধ,[44] আৰু ভগৱানৰ অস্তিত্বহীনতাৰ হকে প্ৰমাণৰ অভাৱে তাৰ বিপৰীত পক্ষৰ সমান সম্ভাৱনীয়তাক নুবুজায়।[45] নাস্তিকতাৰ ওপৰত লিখা কেইবাজনো নাস্তিক লিখক যেনে ৰিচাৰ্ড ড'কিনছে আস্তিকতা, নিৰজ্ঞতা আৰু নাস্তিকতাৰ যুক্তিগত অৱস্থানৰ পাৰ্থক্যতাক আস্তিকতাৰ সম্ভাৱনীয়তাৰ spectrum of theistic probability এক বহল পৰিসৰেৰে তুলনা কৰে। [46]

অসম্ভৱ বা অস্থায়ী সংজ্ঞা[সম্পাদনা কৰক]

১৮ষ শতিকাৰ আগত পশ্চিমীয়া জগতত ভগৱানৰ অস্তি‍ত্ব‍তাক ইমান সৰ্বজনীনভাৱে মানি লোৱা হৈছিল যে সঠিক নাস্তিকতাৰ অস্তিত্বকে প্ৰশ্ন কৰা হৈছিল। ইযাকে আভ্যন্তৰিক আস্তিকতা theistic innatism বুলা হয় - সেই ধাৰণা যে সকলো মানুহে জন্মৰ পৰাই ভগৱানৰ ওপৰত বিশ্বাস কৰে।[47]

আন এক ধাৰণাৰ মতে নাস্তিক সকলে সংকটৰ সময়ত অতি সোনকালে ভগৱানৰ ওপৰত বিশ্বাস কৰে, আৰু মৃত্যুশয্যাত ধৰ্মান্তৰকৰণ deathbed conversion কৰে। "[48]

কিছু নাস্তিকে "নাস্তিকতা" সংজ্ঞাৰ প্ৰয়োজনীয়তাকে সন্দেহ কৰিছে। তেওঁৰ কিতাপ Letter to a Christian Nationত, Sam Harrisএ লিখিছে:

আচলতে, "নাস্তিকতা" সংজ্ঞাৰ অস্তিত্বই থাকিব নালাগে। কোনোৱে নিজকে "অ-জ্যোতিষী" বা "অ-এলকেমিশ্ট" বুলি পৰিচয় দিয়াৰ প্ৰয়োজন নহয়। এলভিচ (Elvis) জিয়াই থকা বুলি বিশ্বাস কৰা মানুহৰ বাবে আমাৰ কোনো বিশেষ নাম নাই। নাস্তিকতা কেৱল যুক্তিসন্মত লোকে অবৈধ ধাৰ্মিক বিশ্বাসৰ উপস্থিতিত কৰা কিছু কোলাহলতকে বেছি একো নহয়। [49]

ধাৰণা[সম্পাদনা কৰক]

Paul Henri Thiry, Baron d'Holbach, an 18th century advocate of atheism.
The source of man's unhappiness is his ignorance of Nature. The pertinacity with which he clings to blind opinions imbibed in his infancy, which interweave themselves with his existence, the consequent prejudice that warps his mind, that prevents its expansion, that renders him the slave of fiction, appears to doom him to continual error.

নাস্তিক যুক্তিৰ আটাইতকৈ বহল বিভাজন ব্যৱহাৰিক আৰু তাত্ত্বিক নাস্তিকতাৰ মাজত।

ব্যৱহাৰিক নাস্তিকতা[সম্পাদনা কৰক]

ব্যৱহাৰিক নাস্তিকতা বা apatheismত, সকলো মানুহে ভগৱান নাই বুলিয়ে জীৱন যাপন কৰে আৰু যি কোনো প্ৰাকৃতিক পৰিঘটনাক দৈৱিক শক্তিৰ সহায় নোলোৱাকৈ ব্যাখ্যা কৰে। ভগৱানৰ অস্তিত্বক নাকচ কৰা নহয়, কিন্তু বহুসময়ত তাক অপ্ৰয়োজনীয় বা অলাগতিয়াল বুলি অভিহিত কৰা হয় কাৰণ ভগৱানে জীৱনক উদ্দেশ্য নিদিয়ে, আৰু দৈনন্দিন জীৱনত কোনো প্ৰভাৱ নেপেলাই।[51] ব্যৱহাৰিক নাস্তিকতাৰ এক ৰূপ যাৰ বৈজ্ঞানিক সম্প্ৰদায়ৰ প্ৰতি এক বিশেষ তাৎপৰ্য্য আছে, সেইয়া হৈছে কৌশলগত প্ৰকৃতিবাদ (methodological naturalism)— দাৰ্শনিক প্ৰকৃতিবাদক (philosophical naturalism) বৈজ্ঞানিক পদ্ধতিৰ মাজত গ্ৰহণ বা নাকচ নকৰাকৈ মানি লোৱা। "[52]

ব্যৱহাৰিক নাস্তিকতা বিভিন্ন ৰূপ ল'ব পাৰে:

  • ধাৰ্মিক ৰুচি-বিশ্বাসৰ অভাৱ - ভগৱানৰ ওপৰত বিশ্বাসে কোনো ধৰণৰ নৈতিক কাৰ্য্য,ধাৰ্মিক ক্ৰিয়া বা আন কোনো ধৰণৰ ক্ৰিয়াক উদগণি নজগোৱা।
  • যি কোনো বৌদ্ধিক আৰু ব্যৱহাৰিক কাৰ্য্যৰ পৰা ভগৱান বা ধৰ্মৰ সমস্যাবোৰক সক্ৰিয়ভাৱে বৰ্জন কৰে।
  • উদাসীনতা—ভগৱান বা ধৰ্মৰ সমস্যাবোৰৰ ওপৰত কোনো ধৰণৰ ৰুচি নথকা। বা
  • দৈৱিক ধাৰণাৰ বিষয়ে অজ্ঞাত।[53]

তাত্ত্বিক নাস্তিকতা[সম্পাদনা কৰক]

সত্তাতাত্ত্বিক যুক্তি (Ontological arguments)[সম্পাদনা কৰক]

তাত্ত্বিক নাস্তিকতাই (Theoretical atheism) সাধাৰণ ভাৱে উত্থাপিত ভগৱানৰ অস্তিত্বৰ হকে যুক্তি। আস্তিকতাবাদী যুক্তি (theistic arguments) যেনে ৰূপাঙ্কণৰ পৰা যুক্তি (argument from design) বা পাস্কেলৰ পণ (Pascal's Wager)ৰ উত্তৰ দি ভগৱানৰ অস্তিত্বৰ বিপক্ষে পোনপটীয়াকৈ যুক্তি তুলি ধৰে। তাত্ত্বিক নাস্তিকতা কেৱল এক ontology হে, সঠিকভাৱে কবলৈ গ'লে ভৌতিক ontology (physical ontology)।

জ্ঞানশাস্ত্ৰৰ যুক্তি (Epistemological Arguments)[সম্পাদনা কৰক]

জ্ঞানশাস্ত্ৰ নাস্তিকতাই তৰ্ক আগবঢ়াই যে মানুহে কেতিয়াও ভগৱানক জানিব নোৱাৰে বা ভগৱানৰ অস্তিত্বক ঠাৱৰ কৰিব নোৱাৰে। জ্ঞানশাস্ত্ৰৰ নাস্তিকতাৰ ভেঁটি হ'ল নিৰজ্ঞতা (agnosticism), যিয়ে কেইবাটাও ৰূপ ল'ব পাৰে। immanenceৰ দৰ্শন মতে, ঐশ্বৰিক শক্তিক জগতৰ পৰা বিচ্ছিন্ন কৰিব পৰা নাযায়। ইয়াত মানুহৰ মনো সোমাই আছে আৰু প্ৰতিজন মানুহৰ সচেতনতা কৰ্তাৰ লগত সঁচাৰ হৈ থাকে। এই বিধ নিৰজ্ঞতাৰ মতে, এই অৱৰোধে ভগৱানৰ অস্তিত্বৰ বিষয়ে কোনো ধৰণৰ বিষয়গত উপলব্ধি (objective inference)কৰাৰ পৰা মানুহক প্ৰতিৰোধ কৰে। Kant আৰু Enlightenmentযুক্তিবাদী নিৰজ্ঞতাবাদে (Rationalistic agnosticism) কেৱল মানৱ যুক্তিবাদেৰে আহৰণ কৰা জ্ঞানকহে গ্ৰহণ কৰে। এই প্ৰকাৰৰ নাস্তিকতাই বিশ্বাস কৰে যে ভগৱানৰ অস্তিত্বৰ কথা নীতি হিচাপে গম পোৱা নাযায় , আৰু সেইকাৰণে অস্তিত্বৰ কথা ঠাৱৰ কৰিব পৰা নাযায়। Humeৰ বুদ্ধিৰ ওপৰত ভিত্তি থকা সন্দেহবাদ (Skepticism)ৰ মতে যি কোনো বিষয়তে নিশ্চয়তাৰে দাবী প্ৰতিপন্ন কৰাটো অসম্ভৱ, সেইকাৰণে কোনোৱে কেতিয়াও ভগৱান আছে নে নাই তাৰ কথা সঠিকভাৱে ক'ব নোৱাৰিব। হোমে কিন্তু এয়াও কৈছিল যে তেনে পৰ্যবেক্ষণ কৰিব নোৱাৰা আলৌকিক ধাৰণাবোৰক ঐন্দ্ৰজালিক ভ্ৰম বুলি প্ৰত্যাখান কৰিব লাগে।[54]

প্ৰাৰম্ভিক ভাৰতীয় চিন্তন[সম্পাদনা কৰক]

প্ৰাৰম্ভিক ভাৰতীয় চিন্তনত কেইবাটাও নাস্তিকতাবাদী শাখা আছিল যাৰ অস্তিত্ব বুৰঞ্জীমূলক বৈদিক ধৰ্মৰ সময়তো দেখা যায়।[55] হিন্দু দৰ্শনৰ ৬টা শাখাৰ পৰম্পৰাগত ভিতৰত, ছামখ্যা (Samkhya), যি সকলোতকৈ পুৰনি দৰ্শন শাখা হয়, ভগৱানক মানি নলয় আৰু প্ৰাৰম্ভিক মিমামসা (Mimamsa) শাখায়ো ভগৱানৰ ধাৰণাক খন্দন কৰে।[56] সম্পূৰ্ণ বস্তুবাদী আৰু নাস্তিকতাবাদী দাৰ্শনিক শাখা চাৰ্বাক (Cārvāka) (also called Nastika or Lokaiata) শাখাৰ উৎপত্তি ভাৰতত প্ৰায় 6th century BCE হৈছিল আৰু বোধহয় সকলোতকৈ প্ৰত্যক্ষ ভাৱে নাস্তিকতাবাদী দৰ্শনৰ শাখা আছিল। ইয়াৰ সাদৃশ্যতা গ্ৰীক Cyrenaic schoolৰ লগত কৰা হয়। ভাৰতীয় দৰ্শনৰ এই শাখাক heterodox বুলি কোৱা হয় কাৰণ ই বেদৰ শক্তিক মানি নলয় আৰু ৬টা পৰম্পৰাগত হিন্দু শাখাৰ ভিতৰত নপৰে, কিন্তু হিন্দু ধৰ্মৰ ভিতৰত বস্তুবাদী আন্দোলনৰ প্ৰমাণ হিচাপে ই লেখত ল'ব লগিয়া.[57] ছেটাৰ্জী আৰু দত্তই ব্যাখ্যা কৰা মতে চাৰ্বাক দৰ্শনৰ বুজাবুজি আমাৰ সীমিত, আৰু অন্য শাখাৰ সমালোচনাৰ ওপৰতহে ইয়াৰ আজিৰ ভিত্তি আৰু ই এক জিৱীত পৰম্পৰাত নপৰে:

"Though materialism in some form or other has always been present in India, and occasional references are found in the Vedas, the Buddhistic literature, the Epics, as well as in the later philosophical works we do not find any systematic work on materialism, nor any organized school of followers as the other philosophical schools possess. But almost every work of the other schools states, for refutation, the materialistic views. Our knowledge of Indian materialism is chiefly based on these."[58]

অন্য ভাৰতীয় দৰ্শনৰ শাখাৰ ভিতৰত প্ৰাচীন সংখ্যা আৰু পূৰ্ব মিমামসাক আস্তিকতাবাদী বুলি ধৰা হয়। ব্যক্তিগত সৃষ্টিকৰ্ত্তা ভগৱানৰ ধাৰণাক ভাৰতৰ জৈন ধৰ্ম আৰু বৌদ্ধ ধৰ্মটো দেখা যায়।[59]

নব্য নাস্তিকতা[সম্পাদনা কৰক]

২১দশ শতিকাৰ প্ৰথমফালৰ কিছুসংখ্যক নাস্তিকতাবাদী লিখকৰ লগত আৰম্ভ হোৱা আন্দোলনক "নব্য নাস্তিকতা" নাম দিয়া হৈছে। "ধৰ্মক কেতিয়াও সহ্য কৰিব নালাগে, আৰু য'তে তাৰ প্ৰভাৱ বেছি হয়, তাক যুক্তিবাদী মতেৰে সমালোচনা কৰিব লাগে আৰু খন্দন কৰি উদঙাই দিব লাগে" - এই মতৰ তেওঁলোকে পোষকতা কৰে।

নব্য নাস্তিকতা ২১দশ শতিকাৰ প্ৰথমফালৰ কিছুসংখ্যক নাস্তিকতাবাদী লিখকৰ লগত আৰম্ভ হোৱা আন্দোলনক "নব্য নাস্তিকতা" নাম দিয়া হৈছে। "ধৰ্মক কেতিয়াও সহ্য কৰিব নালাগে, আৰু য'তে তাৰ প্ৰভাৱ বেছি হয়, তাক যুক্তিবাদী মতেৰে সমালোচনা কৰিব লাগে আৰু খন্দন কৰি উদঙাই দিব লাগে" - এই মতৰ তেওঁলোকে পোষকতা কৰে।[60] এই আন্দোলনটোক সঘনে ৰিচাৰ্ড ড'কিনছ্, Daniel C. Dennett, Sam Harris, Christopher Hitchens, আৰু Victor J. Stenger আদি মানুহৰ লগত জঢ়িত কৰা হয়।[61][62] এই লিখক সকলে ২০০৪-২০০৭ৰ ভিতৰত লিখা কেইবাখনো জনপ্ৰিয় আৰু সৰ্বাধিক বিত্ৰী হোৱা কিতাপে নব্য নাস্তিকতাৰ ওপৰত আলোচনাৰ আধাৰ হয়। [62]

জনগাঁথনি[সম্পাদনা কৰক]

Percentage of people in various European countries who said: "I don't believe there is any sort of spirit, God or life force." (2005)[63]
Proportion of atheists and agnostics around the world.

পৃথিৱীত কিমান নাস্তিক আছে তাৰ অনুমান কৰাটো কঠিন। ধৰ্মীয় বিশ্বাসৰ বিভিন্ন লোকপিয়লত "নাস্তিকতা"ৰ সংজ্ঞা ঠাই-ভেদে বিভিন্ন ধৰণে দিয়া হয় আৰু বিভিন্ন মানুহে "নাস্তিকতা", "অধাৰ্মিক বিশ্বাস" আৰু "আধ্যাত্মিক বিশ্বাস"ৰ মাজত পাৰ্থক্য আছে বুলি বিশ্বাস কৰে।[64] এজন হিন্দু নাস্তিকে নিজকে হিন্দু হিচাপেই পৰিচয় দিব, যদিও তেওঁ এজন নাস্তিকো হয় একে সময়তে।[65] ২০০৫ত Encyclopædia Britannicaত প্ৰকাশ হোৱা এক সমীক্ষা মতে অধাৰ্মিক মানুহে পৃথিৱীৰ জনসংখ্যাৰ ১১.৯% গঠন কৰে আৰু নাস্তিকে প্ৰায় ২.৩%. এই সংখ্যাত নাস্তিকতাবাদী ধৰ্ম অনুশৰন কৰা সকলক সাঙুৰি লোৱা হোৱা নাই, যেনে কিছুসকল বৈ বৌদ্ধধৰ্মী লোক[23]। এক বহল অনুমান মতে পৃথিৱীত নাস্তিক আৰু নিৰগ্য লোকৰ সংখ্যা প্ৰায় ১.১ বিলিয়ন (110 কোটি)।[66]

২০০৬ নৱেম্বৰ-ডিচেম্বৰৰ "Financial Times"ত প্ৰকাশ হোৱা এক সমীক্ষাই আমেৰিকান যুক্তৰাষ্ট্ৰ আৰু ৫খন ইউৰোপীয় দেশৰ অনুমান দিছিল। সকলোতকৈ কম নাস্তিকৰ সংখ্যা আমেৰিকান যুক্তৰাষ্ট্ৰত আছিল (৪%), কিন্তু ইউৰোপীয় দেশবোৰত নাস্তিকতাৰ হাৰ তুলনামূলক ভাৱে বেছি আছিল : ইটালী (৭%), স্পেইন (১১%), গ্ৰেট ব্ৰিটেইন (১৭%), জাৰ্মেনী (২০%) আৰু ফ্ৰান্স (৩২%)।[24] এই সংখ্যাবোৰৰ ইউৰোপীয় সংঘৰ সেই সমীক্ষাৰ লগত মিল আছে যিয়ে সংঘৰ ১৮% লোকে ভগৱানত বিশ্বাস নকৰে বুলি সদৰি কৰিছিল।[67] আন কিছু গৱেষণাই নাস্তিক, নিৰগ্য আৰু অবিশ্বাসী সকলৰ পৰিসংখ্যা প'লেণ্ড, ৰোমানীয়া, চাইপ্ৰাচ আৰু আন কিছুমান দেশত বহুত কম বুলি প্ৰতিপন্ন কৰিছে,[68] আৰু কিছুমান দেশত বহুত বেছি যেনে চুইদেন (৮৫%), ডেনমাৰ্ক (৮০%), নৰৱে (৭২%) আৰু ফিনলেণ্ড (৬০%)।[22] According to the Australian Bureau of Statistics ২২% অস্ত্ৰেলীয়া বাসীৰ কোনো ধৰ্ম নাই সি সংখ্যাৰ ভিতৰত নাস্তিকতাও আছে।[69] ৬৫%[22] জাপানী আৰু প্ৰায় ৮১%[70] ভিয়েতনামী লোক নাস্তিক, নিৰগ্য বা ভগৱানত বিশ্বাস নকৰে। ২০১২ৰ এক গেল'প (Gallup) সমীক্ষাই সদৰি কৰা মতে পৃথিৱীৰ ১৩% লোকে নিজকে নাস্তিক বুলি ঘোষণা কৰিছে।[71] আমেৰিকান যুক্তৰাষ্ট্ৰত ২০০৫ৰ পৰা ২০১০লৈ নাস্তিকৰ জনসংখ্যা ১% পৰা ৫% লৈ বৃদ্ধি পাইছে।[72]

নাস্তিকতাৰ আধাৰত ৰচিত অসমীয়া সাহিত্য[সম্পাদনা কৰক]

  • নাস্তিকৰ জেল ডায়েৰী : আয়ুব আলী শৰ্মা[73]
  • মানৱ বন্দনা (কবিতা) - কবি: চন্দ্ৰকুমাৰ আগৰৱালা

টোকা[সম্পাদনা কৰক]

  1. Nielsen 2011: "Instead of saying that an atheist is someone who believes that it is false or probably false that there is a God, a more adequate characterization of atheism consists in the more complex claim that to be an atheist is to be someone who rejects belief in God for the following reasons...: for an anthropomorphic God, the atheist rejects belief in God because it is false or probably false that there is a God; for a nonanthropomorphic God... because the concept of such a God is either meaningless, unintelligible, contradictory, incomprehensible, or incoherent; for the God portrayed by some modern or contemporary theologians or philosophers... because the concept of God in question is such that it merely masks an atheistic substance—e.g., "God" is just another name for love, or ... a symbolic term for moral ideals."
  2. Edwards 2005: "On our definition, an 'atheist' is a person who rejects belief in God, regardless of whether or not his reason for the rejection is the claim that 'God exists' expresses a false proposition. People frequently adopt an attitude of rejection toward a position for reasons other than that it is a false proposition. It is common among contemporary philosophers, and indeed it was not uncommon in earlier centuries, to reject positions on the ground that they are meaningless. Sometimes, too, a theory is rejected on such grounds as that it is sterile or redundant or capricious, and there are many other considerations which in certain contexts are generally agreed to constitute good grounds for rejecting an assertion."
  3. Rowe, William L. (1998). "Atheism". In Edward Craig. Routledge Encyclopedia of Philosophy. Taylor & Francis. ISBN 978-0-415-07310-3. Retrieved 2011-04-09. As commonly understood, atheism is the position that affirms the nonexistence of God. So an atheist is someone who disbelieves in God, whereas a theist is someone who believes in God. Another meaning of "atheism" is simply nonbelief in the existence of God, rather than positive belief in the nonexistence of God. ...an atheist, in the broader sense of the term, is someone who disbelieves in every form of deity, not just the God of traditional Western theology. 
  4. 4.0 4.1 Harvey, Van A.. "Agnosticism and Atheism",  in Flynn 2007, পৃষ্ঠা 35: "The terms ATHEISM and AGNOSTICISM lend themselves to two different definitions. The first takes the privative a both before the Greek theos (divinity) and gnosis (to know) to mean that atheism is simply the absence of belief in the gods and agnosticism is simply lack of knowledge of some specified subject matter. The second definition takes atheism to mean the explicit denial of the existence of gods and agnosticism as the position of someone who, because the existence of gods is unknowable, suspends judgment regarding them... The first is the more inclusive and recognizes only two alternatives: Either one believes in the gods or one does not. Consequently, there is no third alternative, as those who call themselves agnostics sometimes claim. Insofar as they lack belief, they are really atheists. Moreover, since absence of belief is the cognitive position in which everyone is born, the burden of proof falls on those who advocate religious belief. The proponents of the second definition, by contrast, regard the first definition as too broad because it includes uninformed children along with aggressive and explicit atheists. Consequently, it is unlikely that the public will adopt it."
  5. 5.0 5.1 Simon Blackburn, ed. (2008). "atheism". The Oxford Dictionary of Philosophy (2008 ed.). Oxford: Oxford University Press. Retrieved 2011-12-05. Either the lack of belief that there exists a god, or the belief that there exists none. Sometimes thought itself to be more dogmatic than mere agnosticism, although atheists retort that everyone is an atheist about most gods, so they merely advance one step further. 
  6. Most dictionaries (see the OneLook query for "atheism") first list one of the more narrow definitions.
  7. "atheism". Oxford Dictionaries. Oxford University Press. Archived from the original on 2019-01-21. Retrieved 2012-04-09. 
  8. "Definitions: Atheism". Department of Religious Studies, University of Alabama. http://www.as.ua.edu/rel/aboutreldefinitions.html। আহৰণ কৰা হৈছে: 2012-12-01. 
  9. 9.0 9.1 Oxford English Dictionary (2nd সম্পাদনা). 1989. "Belief in a deity, or deities, as opposed to atheism" 
  10. "Merriam-Webster Online Dictionary". Archived from the original on 2011-05-14. http://www.merriam-webster.com/dictionary/theism। আহৰণ কৰা হৈছে: 2011-04-09. "belief in the existence of a god or gods" 
  11. 11.0 11.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; logical নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  12. Shook, John R.. "Skepticism about the Supernatural". http://shook.pragmatism.org/skepticismaboutthesupernatural.pdf। আহৰণ কৰা হৈছে: 2012-10-02. 
  13. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Drange-1996 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  14. Honderich, Ted (Ed.) (1995). "Humanism". The Oxford Companion to Philosophy. Oxford University Press. p 376. ISBN 0-19-866132-0.
  15. Fales, Evan. "Naturalism and Physicalism",  in Martin 2006, পৃষ্ঠা 122–131
  16. Baggini 2003, পৃষ্ঠা 3–4.
  17. Stenger 2007, পৃষ্ঠা 17–18, citing Parsons, Keith M. (1989). God and the Burden of Proof: Plantinga, Swinburne, and the Analytical Defense of Theism. প্ৰকাশক Amherst, New York: Prometheus Books. ISBN 978-0-87975-551-5. 
  18. Carol S. Matthews (19 October 2009). A New Vision A New Heart A Renewed Call - Volume Two. William Carey Library. ISBN 978-0-87808-364-0. http://books.google.com/?id=RfGhUW8RdUIC&pg=PA194&dq=neopaganism+atheism#v=onepage&q&f=false. "Although Neo-Pagans share common commitments to nature and spirit there is a diversity of beliefs and practices. Some are atheists, others are polytheists (several gods exists), some are pantheists (all is God) and others are panentheists (all is in God)." 
  19. Carol S. Matthews (19 October 2009). New Religions. Chelsea House Publishers. ISBN 978-0-7910-8096-2. http://books.google.com/?id=stQQJlV9FT8C&pg=PA115&dq=neopaganism+atheism#v=onepage&q&f=false. "There is no universal worldview that all Neo-Pagans/Wiccans hold. One online information source indicates that depending on how the term God is defined, Neo-Pagans might be classified as monotheists, duotheists (two gods), polytheists, pantheists, or atheists." 
  20. Kedar, Nath Tiwari (1997). Comparative Religion. Motilal Banarsidass. পৃষ্ঠা. 50. ISBN 81-208-0293-4. http://books.google.com.vc/books?id=Jb0rCQD9NcoC&printsec=frontcover#v=onepage&q=atheism&f=false. 
  21. Chakravarti, Sitansu (1991). Hinduism, a way of life. Motilal Banarsidass Publ.. পৃষ্ঠা. 71. ISBN 978-81-208-0899-7. http://books.google.com/?id=J_-rASTgw8wC&pg=PA71। আহৰণ কৰা হৈছে: 2011-04-09. "According to Hinduism, the path of the atheist is very difficult to follow in matters of spirituality, though it is a valid one." 
  22. 22.0 22.1 22.2 Zuckerman, Phil (2007). Martin, Michael T. ed. The Cambridge Companion to Atheism. প্ৰকাশক Cambridge, England: Cambridge University Press. পৃষ্ঠা. 56. ISBN 978-0-521-60367-6. http://books.google.com/books?id=tAeFipOVx4MC&pg=PA56। আহৰণ কৰা হৈছে: 2011-04-09. 
  23. 23.0 23.1 "Worldwide Adherents of All Religions by Six Continental Areas, Mid-2005". Encyclopædia Britannica. 2005. http://search.eb.com/eb/article-9432620। আহৰণ কৰা হৈছে: 2007-04-15. 
    • 2.3% Atheists: Persons professing atheism, skepticism, disbelief, or irreligion, including the militantly antireligious (opposed to all religion).
    • 11.9% Nonreligious: Persons professing no religion, nonbelievers, agnostics, freethinkers, uninterested, or dereligionized secularists indifferent to all religion but not militantly so.
  24. 24.0 24.1 "Religious Views and Beliefs Vary Greatly by Country, According to the Latest Financial Times/Harris Poll". Financial Times/Harris Interactive. 20 December 2006. http://www.harrisinteractive.com/news/allnewsbydate.asp?NewsID=1131। আহৰণ কৰা হৈছে: 2011-04-09. 
  25. Cary Funk, Greg Smith. ""Nones" on the Rise: One-in-Five Adults Have No Religious Affiliation". Pew Research Center. পৃষ্ঠাসমূহ: 9, 42. Archived from the original on 2013-03-09. https://web.archive.org/web/20130309232405/http://www.pewforum.org/uploadedFiles/Topics/Religious_Affiliation/Unaffiliated/NonesOnTheRise-full.pdf। আহৰণ কৰা হৈছে: 2013-01-29. 
  26. "Atheism". Encyclopædia Britannica. 1911. Archived from the original on 2011-05-12. Retrieved 2011-04-09. The term as generally used, however, is highly ambiguous. Its meaning varies (a) according to the various definitions of deity, and especially (b) according as it is (i.) deliberately adopted by a thinker as a description of his own theological standpoint, or (ii.) applied by one set of thinkers to their opponents. As to (a), it is obvious that atheism from the standpoint of the Christian is a very different conception as compared with atheism as understood by a Deist, a Positivist, a follower of Euhemerus or Herbert Spencer, or a Buddhist. 
  27. Martin 1990, পৃষ্ঠা 467–468: "In the popular sense an agnostic neither believes nor disbelieves that God exists, while an atheist disbelieves that God exists. However, this common contrast of agnosticism with atheism will hold only if one assumes that atheism means positive atheism. In the popular sense, agnosticism is compatible with negative atheism. Since negative atheism by definition simply means not holding any concept of God, it is compatible with neither believing nor disbelieving in God."
  28. Flint 1903, পৃষ্ঠা 49–51: "The atheist may however be, and not unfrequently is, an agnostic. There is an agnostic atheism or atheistic agnosticism, and the combination of atheism with agnosticism which may be so named is not an uncommon one."
  29. Holland, Aaron. "Agnosticism",  in Flynn 2007, পৃষ্ঠা 34: "It is important to note that this interpretation of agnosticism is compatible with theism or atheism, since it is only asserted that knowledge of God's existence is unattainable."
  30. Martin 2006, পৃষ্ঠা 2: "But agnosticism is compatible with negative atheism in that agnosticism entails negative atheism. Since agnostics do not believe in God, they are by definition negative atheists. This is not to say that negative atheism entails agnosticism. A negative atheist might disbelieve in God but need not."
  31. Barker 2008, পৃষ্ঠা 96: "People are invariably surprised to hear me say I am both an atheist and an agnostic, as if this somehow weakens my certainty. I usually reply with a question like, "Well, are you a Republican or an American?" The two words serve different concepts and are not mutually exclusive. Agnosticism addresses knowledge; atheism addresses belief. The agnostic says, "I don't have a knowledge that God exists." The atheist says, "I don't have a belief that God exists." You can say both things at the same time. Some agnostics are atheistic and some are theistic."
  32. Besant, Annie. "Why Should Atheists Be Persecuted?".  in Bradlaugh 1884, পৃষ্ঠা 185–186: "The Atheist waits for proof of God. Till that proof comes he remains, as his name implies, without God. His mind is open to every new truth, after it has passed the warder Reason at the gate."
  33. Holyoake, George Jacob (1842). "Mr. Mackintosh's New God". The Oracle of Reason, Or, Philosophy Vindicated খণ্ড 1 (23): 186. http://books.google.com/books?id=BFY9AAAAYAAJ&pg=PA186. "On the contrary, I, as an Atheist, simply profess that I do not see sufficient reason to believe that there is a god. I do not pretend to know that there is no god. The whole question of god's existence, belief or disbelief, a question of probability or of improbability, not knowledge.". 
  34. Nielsen 2011: "atheism, in general, the critique and denial of metaphysical beliefs in God or spiritual beings. As such, it is usually distinguished from theism, which affirms the reality of the divine and often seeks to demonstrate its existence. Atheism is also distinguished from agnosticism, which leaves open the question whether there is a god or not, professing to find the questions unanswered or unanswerable."
  35. "Atheism". Encyclopædia Britannica Concise. Merriam Webster. Retrieved 2011-12-15. Critique and denial of metaphysical beliefs in God or divine beings. Unlike agnosticism, which leaves open the question of whether there is a God, atheism is a positive denial. It is rooted in an array of philosophical systems. 
  36. "Atheism". Encyclopædia Britannica. 1911. Archived from the original on 2011-05-12. Retrieved 2011-04-09. But dogmatic atheism is rare compared with the sceptical type, which is identical with agnosticism in so far as it denies the capacity of the mind of man to form any conception of God, but is different from it in so far as the agnostic merely holds his judgment in suspense, though, in practice, agnosticism is apt to result in an attitude towards religion which is hardly distinguishable from a passive and unaggressive atheism. 
  37. 37.0 37.1 Martin 2006.
  38. d'Holbach, P. H. T. (1772). Good Sense. http://www.gutenberg.org/ebooks/7319। আহৰণ কৰা হৈছে: 2011-04-07. 
  39. Smith 1979, পৃষ্ঠা 14.
  40. Nagel, Ernest (1959). "Philosophical Concepts of Atheism". Basic Beliefs: The Religious Philosophies of Mankind. Sheridan House. "I shall understand by "atheism" a critique and a denial of the major claims of all varieties of theism... atheism is not to be identified with sheer unbelief... Thus, a child who has received no religious instruction and has never heard about God, is not an atheist – for he is not denying any theistic claims. Similarly in the case of an adult who, if he has withdrawn from the faith of his father without reflection or because of frank indifference to any theological issue, is also not an atheist – for such an adult is not challenging theism and not professing any views on the subject." 
    reprinted in Critiques of God, edited by Peter A. Angeles, Prometheus Books, 1997.
  41. Flew 1976, পৃষ্ঠা 14ff: “এই ব্যাখ্যাত এজন নাস্তিক মানুহে হয়টো ভগৱানৰ অস্তিত্বহীনতাক দৃঢ়তাৰে প্ৰতিপন্ন কৰে বা যি কেৱল ধাৰ্মিক নহয়। ভৱিষ্যতৰ পৰা প্ৰথম শ্ৰেনীৰ নাস্তিকক 'ঋণাত্মক নাস্তিক' আৰু দ্বিতীয় শ্ৰেনীৰ নাস্তিকক 'ধনাত্মক নাস্তিক'ৰ সংজ্ঞাৰে অভিহিত কৰা হক। ”
  42. Kenny, Anthony (2006). "Why I Am Not an Atheist". What I believe. Continuum. ISBN 0-8264-8971-0. "The true default position is neither theism nor atheism, but agnosticism ... a claim to knowledge needs to be substantiated; ignorance need only be confessed." 
  43. O'Brien, Breda (7 July 2009). "Many atheists I know would be certain of a high place in heaven". Irish Times. Archived from the original on 2011-05-20. https://web.archive.org/web/20110520132651/http://www.irishtimes.com/newspaper/opinion/2009/0725/1224251303564.html। আহৰণ কৰা হৈছে: 2011-04-09. 
  44. Baggini 2003, পৃষ্ঠা 30–34। "Who seriously claims we should say 'I neither believe nor disbelieve that the Pope is a robot', or 'As to whether or not eating this piece of chocolate will turn me into an elephant I am completely agnostic'. In the absence of any good reasons to believe these outlandish claims, we rightly disbelieve them, we don't just suspend judgement."
  45. Baggini 2003, পৃষ্ঠা 22। "A lack of proof is no grounds for the suspension of belief. This is because when we have a lack of absolute proof we can still have overwhelming evidence or one explanation which is far superior to the alternatives."
  46. Dawkins 2006, পৃষ্ঠা. 50.
  47. Cudworth, Ralph (1678). The True Intellectual System of the Universe: the first part, wherein all the reason and philosophy of atheism is confuted and its impossibility demonstrated. 
  48. See, for instance, "Atheists call for church head to retract slur". 3 September 1996. Archived from the original on 2011-05-15. http://www.lds-mormon.com/atheist.shtml। আহৰণ কৰা হৈছে: 2011-04-09. 
  49. Harris 2006, পৃষ্ঠা. 51.
  50. Paul Henri Thiry, Baron d'Holbach, System of Nature; or, the Laws of the Moral and Physical World (London, 1797), Vol. 1, p. 25
  51. Zdybicka 2005, পৃষ্ঠা 20.
  52. Schafersman, Steven D. (February 1997). "Naturalism is an Essential Part of Science and Critical Inquiry". Conference on Naturalism, Theism and the Scientific Enterprise. Department of Philosophy, The University of Texas. http://docs.google.com/viewer?a=v&q=cache:NSuw6hjn_w0J:www.tcnj.edu/~scholars/111%2520Evolution%2520FSP/NATURALISM%2520IS%2520AN%2520ESSENTIAL%2520PART%2520OF%2520SCIENCE%2520AND%2520CRITICAL%2520INQUIRY.doc+Naturalism+is+an+Essential+Part+of+Science+and+Critical+Inquiry&hl=en&gl=ca&pid=bl&srcid=ADGEESiOoQ0c8zeA-NUM5qRN7EZqXoJs8b3hGUyuOedNRD9OheY2WLJHpdgNCsxwDJ0iJVdxIhSyytGXR-RXodM3cV8JYd6mEmBRuSQhAsvgFyIDPrw2HT3KXZTEoujo4lXsMckPLn-U&sig=AHIEtbS7vrl9TTdgC7ZY94opxblINuXYMw&pli=1। আহৰণ কৰা হৈছে: 2011-04-07.  Revised May 2007
  53. Zdybicka 2005, পৃষ্ঠা 21.
  54. Hume 1748, Part III: "If we take in our hand any volume; of divinity or school metaphysics, for instance; let us ask, Does it contain any abstract reasoning concerning quantity or number? No. Does it contain any experimental reasoning concerning matter of fact and existence? No. Commit it then to the flames: for it can contain nothing but sophistry and illusion."
  55. Pandian (1996). India, that is, sidd. Allied Publishers. পৃষ্ঠা. 64. ISBN 978-81-7023-561-3. http://books.google.com/?id=B90uj14NHjMC&pg=PA64। আহৰণ কৰা হৈছে: 2011-04-09. 
  56. Dasgupta, Surendranath (1992). A history of Indian philosophy, Volume 1. Motilal Banarsidass Publ.. পৃষ্ঠা. 258. ISBN 978-81-208-0412-8. http://books.google.com/?id=PoaMFmS1_lEC&pg=PA258। আহৰণ কৰা হৈছে: 2011-04-09. 
  57. Sarvepalli Radhakrishnan and Charles A. Moore. A Sourcebook in Indian Philosophy. (Princeton University Press: 1957, Twelfth Princeton Paperback printing 1989) pp. 227–249. ISBN 0-691-01958-4.
  58. Satischandra Chatterjee and Dhirendramohan Datta. An Introduction to Indian Philosophy. Eighth Reprint Edition. (University of Calcutta: 1984). p. 55.
  59. Joshi, L.R. (1966). "A New Interpretation of Indian Atheism". Philosophy East and West খণ্ড 16 (3/4): 189–206. doi:10.2307/1397540. 
  60. Hooper, Simon. "The rise of the New Atheists". CNN. Archived from the original on 2010-04-08. http://www.cnn.com/2006/WORLD/europe/11/08/atheism.feature/index.html। আহৰণ কৰা হৈছে: 2010-03-16. 
  61. Gribbin, Alice (22 December 2011). "Preview: The Four Horsemen of New Atheism reunited". New Statesman. http://www.newstatesman.com/blogs/the-staggers/2011/12/richard-dawkins-issue-hitchens। আহৰণ কৰা হৈছে: 2012-02-13. 
  62. 62.0 62.1 Stenger 2009.
  63. "ReportDGResearchSocialValuesEN2.PDF" (PDF). Archived from the original on 2011-04-30. http://ec.europa.eu/public_opinion/archives/ebs/ebs_225_report_en.pdf। আহৰণ কৰা হৈছে: 2011-04-09. 
  64. "Major Religions of the World Ranked by Number of Adherents, Section on accuracy of non-Religious Demographic Data". Archived from the original on 2011-04-22. https://web.archive.org/web/20110422093857/http://www.adherents.com/Religions_By_Adherents.html#Nonreligious। আহৰণ কৰা হৈছে: 2011-04-09. 
  65. Huxley, Andrew (2002). Religion, Law and Tradition: Comparative Studies in Religious Law. Routledge. পৃষ্ঠা. 120. ISBN 978-0-7007-1689-0. http://books.google.com/books?id=YsUMTA4MebwC&pg=PA120। আহৰণ কৰা হৈছে: 2011-04-09. 
  66. Joas, Hans; Wiegandt, Klaus, eds (2010). Secularization and the World Religions. Liverpool University Press. পৃষ্ঠা. 122 (footnote 1). ISBN 978-1-84631-187-1. http://books.google.com/books?id=rQTdki1xyK0C&pg=PA122। আহৰণ কৰা হৈছে: 2012-04-18. 
  67. (PDF) Social values, Science and Technology. Directorate General Research, European Union. 2005. পৃষ্ঠা. 7–11. Archived from the original on 2011-04-30. https://web.archive.org/web/20110430163128/http://ec.europa.eu/public_opinion/archives/ebs/ebs_225_report_en.pdf। আহৰণ কৰা হৈছে: 2011-04-09. 
  68. Zuckerman, Phil. "Atheism: Contemporary Numbers and Patterns",  in Martin 2006, পৃষ্ঠা 51
  69. "Cultural Diversity In Australia". Australian Bureau of Statistics. 2012. http://www.abs.gov.au/ausstats/abs@.nsf/Lookup/2071.0main+features902012-2013। আহৰণ কৰা হৈছে: 2012-06-022. 
  70. "Average intelligence predicts atheism rates across 137 nations". 3 January 2008. http://davesource.com/Fringe/Fringe/Religion/Average-intelligence-predicts-atheism-rates-across-137-nations-Lynn-et-al.pdf। আহৰণ কৰা হৈছে: 2012-10-21. 
  71. "WIN-Gallup International "Religiosity and Atheism Index" reveals atheists are a small minority in the early years of 21st century". 6 August 2012. Archived from the original on 2012-08-25. https://web.archive.org/web/20120825005955/http://www.wingia.com/en/news/win_gallup_international_ae_religiosity_and_atheism_index_ao_reveals_atheists_are_a_small_minority_in_the_early_years_of_21st_century/14। আহৰণ কৰা হৈছে: 2012-08-28. 
  72. "BBC News - Viewpoints: Why is faith falling in the US?". BBC Online. 22 August 2012. http://www.bbc.co.uk/news/magazine-19262884। আহৰণ কৰা হৈছে: 2012-08-28. 
  73. অন্য এগৰাকী অখ্যাত লেখকৰ "নাস্তিকৰ জেল ডায়েৰী" বিখ্যাত হোৱাৰ পথত", EastMojo অসম, ০৮/০১/২০২১

উদ্ধৃতি ত্ৰুটি: <references>ত দিয়া "eb2011-Rejection-of-all-religious-beliefs" নামৰ <ref> টেগ্‌টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।
উদ্ধৃতি ত্ৰুটি: <references>ত দিয়া "eb2007-study-of-religion" নামৰ <ref> টেগ্‌টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।

উদ্ধৃতি ত্ৰুটি: <references>ত দিয়া "eb1911-atheonism" নামৰ <ref> টেগ্‌টো পূৰ্বৰ পাঠ্যত ব্যৱহাৰ কৰা নাই।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]