সমললৈ যাওক

বেঞ্জামিন লিষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেঞ্জামিন লিষ্ট

জন্ম ১১ জানুৱাৰী, ১৯৬৮ (৫৮ বছৰ)
ফ্ৰাংকফুৰ্ট, জাৰ্মানী
কৰ্মস্থান কলন বিশ্ববিদ্যালয়
মেক্স প্লেংক কয়লা গৱেষণা প্ৰতিষ্ঠান
হোক্কাইডো বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা জোহান মুলজাৰ
উল্লেখনীয় বঁটা ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা (২০২১)

বেঞ্জামিন লিষ্ট (ইংৰাজী: Benjamin List; জন্ম: ১১ জানুৱাৰী, ১৯৬৪) এজন জাৰ্মান ৰসায়নবিদ আৰু মেক্স প্লেংক ইনষ্টিটিউট ফৰ কোল ৰিচাৰ্ছৰ সঞ্চালক। ২০২১ চনৰ ৬ অক্টোবৰ তাৰিখে তেওঁক ডেভিদ মেকমিলানৰ সৈতে যুটীয়া ভাৱে "অসমমিত জৈৱঅনুঘটকৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।[1]

তেওঁ ফ্ৰী ইউনিভাৰ্চিটি অফ বাৰ্লিনৰ পৰা স্নাতক ডিগ্ৰী আৰু গৱেথ বিশ্ববিদ্যালয় ফ্ৰাংকফুৰ্টৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে।[2] গুগল স্কলাৰৰ মতে তেওঁৰ এইচ-ইণ্ডেস্ক ৯৫।[3]

জীৱন আৰু কৰ্ম

[সম্পাদনা কৰক]

তেওঁ ১৯৯৩ চনত বাৰ্লিনৰ ফ্ৰী বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ১৯৯৭ চনত জোহান উলফগাং গোয়েথ বিশ্ববিদ্যালয় ফ্ৰাংকফুৰ্ট এম মেইনত জোহান মুলজাৰৰ[4][5] অধীনত ভিটামিন বি-১২ চেমিকোৰিনৰ সংশ্লেষণ বিষয়ত কৰা গৱেষণাৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।[6][7] আমেৰিকা যুক্তৰাষ্ট্ৰৰ লা জোলাৰ স্ক্ৰিপছ ৰিচাৰ্চ ইনষ্টিটিউটত কেটালাইটিক এণ্টিবডীৰ কাম কৰি থকাৰ পিছত তেওঁক ১৯৯৯ চনৰ পৰা ২০০৩ চনলৈ আণৱিক জীৱবিজ্ঞান বিভাগৰ লা জোলাৰ স্ক্ৰিপছ গৱেষণা প্ৰতিষ্ঠানত সহকাৰী অধ্যাপক হিচাপে নিযুক্তি দিয়া হয়। ২০০৩ চনত তেওঁ প্ৰথমে মেক্স প্লেংক ইনষ্টিটিউট ফৰ কোল ৰিচাৰ্ছত গৱেষণা গোটক নেতৃত্ব দিয়ে আৰু ২০০৫ চনৰ জুলাই মাহত তেওঁ গোটটোৰ সঞ্চালক হয়। তেওঁৰ কামৰ মূল কেন্দ্ৰ হৈছে অৰ্গেনোকেটালাইচিছৰ ক্ষেত্ৰ।

তেওঁ ক'লন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু মেক্স প্লেংক কয়লা গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক তথা অধ্যাপক। [8] ইয়াৰ উপৰিও তেওঁ হোক্কাইডো বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ কেমিকেল ৰিএক্সন ডিজাইন এণ্ড ডিস্কভাৰীৰ মুখ্য অনুসন্ধানকাৰী।[9] লগতে তেওঁ এক আন্তৰ্জাতিক বৈজ্ঞানিক আলোচনী 'চিনলেট'ৰ মুখ্য সম্পাদক।[10]

নিৰ্বাচিত কৰ্ম

[সম্পাদনা কৰক]

লিষ্টৰ নিৰ্বাচিত কৰ্মসমূহ:[9]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "NobelPrize in Chemistry has been awarded to Benjamin List and David W.C. MacMillan". https://www.nobelprize.org আহৰণ কৰা হৈছে: 6 October 2021.
  2. https://www.chem.purdue.edu/hcbrownlectures/2019/List%20web%20bio_2.pdf
  3. "Benjamin List". Google Scholar. https://scholar.google.com/citations?user=7OSgjtMAAAAJ&hl=en আহৰণ কৰা হৈছে: 6 October 2021.
  4. "Benjamin List, H. C. Brown lecture". https://www.chem.purdue.edu/hcbrownlectures/2019/List%20web%20bio_2.pdf আহৰণ কৰা হৈছে: 6 October 2021.
  5. Benjamin List, Direktor am Max-Planck-Institut für Kohlenforschung, erhält ERC Advanced Grant des Europäischen Forschungsrates
  6. OCLC 613569311
  7. Mulzer, Johann; List, Benjamin; Bats, Jan W. (1 June 1997). "Stereocontrolled Synthesis of a Nonracemic Vitamin B12 A−B-Semicorrin". Journal of the American Chemical Society (American Chemical Society (ACS)) খণ্ড 119 (24): 5512–5518. doi:10.1021/ja9700515. ISSN 0002-7863. https://archive.org/details/american-chemical-society-journal_1997-06-18_119_24/page/5512.
  8. "Vita Prof. List". kofo.mpg.de. 10 May 2021. https://www.kofo.mpg.de/en/research/homogeneous-catalysis/vita আহৰণ কৰা হৈছে: 6 October 2021.
  9. 1 2 "LIST, Benjamin". ICReDD: Institute for Chemical Reaction Design and Discovery, Hokkaido University (WPI-ICReDD). 23 December 2020. https://www.icredd.hokudai.ac.jp/list-benjamin আহৰণ কৰা হৈছে: 6 October 2021.
  10. List, Benjamin (30 May 2017). "Crowd-based peer review can be good and fast". Nature খণ্ড 546 (7656): 9–9. doi:10.1038/546009a. https://archive.org/details/nature-uk_2017-06-01_546_7656/page/9.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]