চিউকুৰো মানাবে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
চিউকুৰো মানাবে
Syukuro Manabe

চিউকুৰো মানাবে
জন্ম ২১ ছেপ্টেম্বৰ, ১৯৩১
শ্বিকোকোচো (Shikokuchūō)
ক্ষেত্ৰ জলবায়ুবিদ, বতৰবিজ্ঞানী
কৰ্মস্থান প্ৰিন্সটন বিশ্ববিদ্যালয়
উল্লেখনীয় বঁটা
  • কাৰ্ল গুষ্টাভ ৰ'ছবি গৱেষণা পদক (১৯৯২)
  • ভল্ভো পাৰিপাৰ্শ্বিকতা পুৰস্কাৰ (১৯৯৭),
  • ব্লু প্লেনেট বঁটা (১৯৯২),
  • উইলিয়াম বৌৱি পদক (২০১০),
  • ফ্ৰেংকলিন ইনষ্টিটিউট পুৰস্কাৰ (২০১৫),
  • ক্ৰেফৰ্ড পুৰস্কাৰ (২০১৮),
  • পদাৰ্থ বিজ্ঞানত ন'বেল বঁটা (২০২১)

চিউকুৰো "চুকি" মানাবে ((ইংৰাজী: Syukuro "Suki" Manabe), জন্ম ২১ ছেপ্টেম্বৰ ১৯৩১)) হৈছে এগৰাকী জাপানী মূলৰ আমেৰিকান জলবায়ুবিদ আৰু বতৰবিজ্ঞানী যিয়ে বিশ্বব্যাপী হৈ থকা জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক জলবায়ুৰ তাৰতম্য অনুকৰণ কৰিবলৈ কম্পিউটাৰ ব্যৱহাৰৰ পথ উন্মোচন কৰিছে। তেখেতক ২০২১ বৰ্ষত পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হৈছে৷ পৃথিৱীৰ জলবায়ুৰ ভৌতিক মডেলিঙৰ বাবে, পৰিৱৰ্তনশীলতাৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু গোলকীয় উষ্ণতাৰ ভৱিষ্যতবাণী কৰাৰ বাবে তেখেতৰ লগত এই বঁটা যুটীয়াভাৱে লাভ কৰিছে ক্লাউছ হেচেলমান৷ দুয়োগৰাকী বিজ্ঞানীয়ে ন'বেল বঁটাৰ মুঠ ধনৰাশিৰ এক চতুৰ্থাংশকৈ লাভ কৰিব৷ আনহাতে পদাৰ্থ বিজ্ঞানতে আনজন ন'বেল-প্ৰাপক জৰ্জিঅ' পাৰিচিলৈ বঁটাটোৰ অৰ্ধাংশ প্ৰদান কৰা হৈছে৷ জটিল প্ৰণালী অনুধাৱনৰ ক্ষেত্ৰত আগবঢ়োৱা যুগান্তকাৰী অৱদানৰ বাবে পাৰিচিয়ে এই ন'বেল বঁটা লাভ কৰিছে [1]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৩১ চনত জন্মলাভ কৰা চিউকুৰো মানাবেয়ে ১৯৫৮ চনত টকিঅ' বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গমন কৰে৷ আমেৰিকাৰ বতৰ সংস্থাৰ 'সাধাৰণ প্ৰচলন গৱেষণা শাখা'ৰ লগত তেখেত জড়িত হয়৷ বৰ্তমান এই শাখাটোক ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসনৰ (National Oceanic and Atmospheric Administration, NOAA)ৰ অন্তৰ্গত ভূ-ভৌতিক তৰল গতিবিজ্ঞান গৱেষণাগাৰ (Geophysical Fluid Dynamics Laboratory) কোৱা হয়৷ এই সংস্থাত তেখেতে ১৯৯৭ চনলৈকে কাম কৰে৷ ১৯৯৭ চনৰ পৰা ২০০১ চনলৈকে তেখেতে জাপানস্থিত গোলকীয় পৰিৱৰ্তনৰ বাবে সীমান্ত গৱেষণাত গোলকীয় উষ্ণীকৰণ বিভাগত অধ্যক্ষ হিচাপে কৰ্মনিৰ্বাহ কৰে৷ ২০০২ চনত তেখেত পুনৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায় আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ বায়ুমণ্ডলীয় আৰু মহাসাগৰীয় বিজ্ঞানৰ কাৰ্যসূচীত অতিথি গৱেষণা সহযোগী হিচাপে জড়িত হয়৷ বৰ্তমান এইখন বিশ্ববিদ্যালয়তে তেখেতে জ্যেষ্ঠ বতৰবিজ্ঞানী হিচাপে কৰ্মনিৰ্বাহ কৰি আছে৷[2]

বৈজ্ঞানিক সাফল্য[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসন (NOAA)ত কৰ্মৰত অৱস্থাত চিউকুৰো মানাবেয়ে ৱাশ্বিংটন, ডিচি আৰু পাছলৈ নিউজাৰ্ছীস্থিত প্ৰিন্সটনত সেৱাদান কৰে৷ এই দুয়োখন কৰ্মস্থলীত মানাবেয়ে অধ্যক্ষ জোছেফ মাগোৰিন্সিকীৰ লগত কাম কৰে আৰু বায়ুমণ্ডলৰ ত্ৰিবিমীয় কম্পিউটাৰ গ্ৰাফিক্স-আধাৰিত মডেল তৈয়াৰ কৰে৷ প্ৰথম পৰ্যায়ত মানাবেয়ে আৰু ৱেথাৰেল্ডে (১৯৬৭) জলীয় বাষ্পৰ ধনাত্মক প্ৰতিক্ৰিয়াজনিত 'বিকিৰক-পৰিচলক ভাৰসাম্য' (radiative-convective equilibrium, RCE)ত বায়ুমণ্ডলৰ এক-মাত্ৰিক, একক-স্তম্ভ মডেল বিকশিত কৰে৷ এই মডেলটো ব্যৱহাৰ কৰি তেওঁলোকে আৱিষ্কাৰ কৰিলে যে, কাৰ্বন-ডাই-অক্সাইডৰ বায়ুমণ্ডলীয় গাঢ়তাৰ ফলত পৃথিৱীত উপৰিভাগ আৰু ট্ৰ'প'স্ফিয়েৰত উষ্ণতাৰ বৃদ্ধি হয় আৰু ষ্ট্ৰেট'স্ফিয়েৰত উষ্ণতা হ্ৰাস হয়৷ বায়ুমণ্ডলৰ বিস্তৃত সাধাৰণ প্ৰচলন মডেলৰ বিকাশৰ ক্ষেত্ৰত উক্ত বিকিৰক-পৰিচলক মডেলটোৰ বিকাশ এক গুৰুত্বপূৰ্ণ পৰ্যায় বুলি অভিহিত কৰিব পাৰি৷ (Manabe et al. 1965) উষ্ণতাৰ ত্ৰিমাত্ৰিক সঁহাৰি আৰু বৰ্ধিত কাৰ্বন-ডাই-অক্সাইডৰ হাইড্ৰ'লজিক চক্ৰ অনুকৰণ কৰিবলৈ তেওঁলোকে এই ত্ৰিমাত্ৰিক মডেলটো পোনপ্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল৷ (Manabe and Wetherald, 1975). ১৯৬৯ চনত মানাবে আৰু ব্ৰায়ানে পোনপ্ৰথমবাৰৰ বাবে জলবায়ুৰ প্ৰথম অনুকৃতিসমূহ (simulations) প্ৰকাশ কৰে আৰু এই কামটো কৰিবলৈ তেওঁলোকে দ্বিযুক্ত মহাসাগৰ-বায়ুমণ্ডল আৰ্হি ব্যৱহাৰ কৰে৷ ইয়াত বায়ুমণ্ডলৰ সাধাৰণ প্ৰচলন মডেলটোৰ লগত সাগৰৰ মডেলটো একত্ৰিত কৰা হয়। ১৯৯০ৰ দশকৰ পৰা ২০০০ৰ দশকৰ আৰম্ভণিলৈকে মানাবেৰ গৱেষণাৰ দলটোৱে সংযুক্ত বায়ুমণ্ডলীয় মহাসাগৰীয় মডেলটো ব্যৱহাৰ কৰি কেইবাখনো যুগান্তকাৰী গৱেষণা-পত্ৰ প্ৰকাশ কৰে৷ তেওঁলোকৰ উদ্দেশ্য আছিল জলবায়ুৰ সময়-নিৰ্ভৰ প্ৰতিক্ৰিয়া আৰু বায়ুমণ্ডলত পৰিৱৰ্তিত গ্ৰীনহাউছ গেছৰ মাত্ৰা অনুসন্ধান কৰা৷ (Stouffer et al., 1989; Manabe et al., 1991 & 1992). তেওঁলোকে এই মডেলটো ব্যৱহাৰ কৰি পূৰ্বৰ জলবায়ুগত পৰিৱৰ্তনো অধ্যয়ন কৰে, আৰু প্ৰাচীনজলবায়ুৰ ৰে'কৰ্ডত (paleoclimatic record) যি আকস্মিক পৰিৱৰ্তন দৃশ্যমান হৈছে, সেই পৰিৱৰ্তনত উত্তৰ আটলাণ্টিক মহাসাগৰত প্ৰৱেশ কৰা সতেজ জলৰ ভূমিকাৰ সম্ভাৱ্য দিশটো নিৰীক্ষণলৈ আনে৷ (Manabe and Stouffer, 1995 & 2000).

নিৰ্বাচিত প্ৰকাশনসমূহ[সম্পাদনা কৰক]

  • Manabe, S., J. Smagorinsky, and R.F. Strickler, 1965: Simulated climatology of a general circulation model with a hydrologic cycle. Monthly Weather Review, 93(12), 769-798.
  • Manabe, S., and R. T. Wetherald, 1967: Thermal equilibrium of the atmosphere with a given distribution of relative humidity. Journal of the Atmospheric Sciences, 24 (3), 241-259.
  • Manabe, S. and K. Bryan, 1969: Climate Calculation with a combined ocean-atmosphere model. Journal of the Atmospheric Sciences, 26(4), 786-789.
  • Manabe, S. and R.T. Wetherald, 1975: The effect of doubling of CO2 concentration in the atmosphere. Journal of the Atmospheric Sciences, 32(1), 3-15.
  • Stouffer, R.J., S. Manabe, and K. Bryan, 1989: Interhemispheric Asymmetry in climate response to a gradual increase of atmospheric carbon dioxide. Nature, 342,660-662.
  • Manabe, S., R.J. Stouffer, M.J. Spelman, and K. Bryan, 1991: Transient response of coupled ocean-atmosphere model to gradual changes of atmospheric CO2. Part I: Annual mean response. Journal of Climate, 4(8), 785-818.
  • Manabe, S., M.J. Spelman, and R.J. Stouffer, 1992: Transient response of a coupled ocean-atmosphere model to gradual increase of atmospheric CO2. Part II: Seasonal response. Journal of Climate, 5(2): 105-126.
  • Manabe, S., and R. J. Stouffer, 1995: Simulation of abrupt climate change induced by freshwater input to the North Atlantic Ocean. Nature, 378, 165-167.
  • Manabe, S., and R.J. Stouffer, 2000: Study of abrupt climate Change by a coupled ocean-atmosphere model. Quaternary Science Reviews, 19: 285-299.
  • Manabe, S., and Broccoli, A.J., 2020: Beyond Global Warming: How Numerical Models Revealed the Secrets of Climate Change. Princeton University Press. Princeton, New Jersey.

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]