সমললৈ যাওক

চিল্ক স্মিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিল্ক স্মিতা
জন্ম বিজয়লক্ষ্মী ৱেডলাপেটলা
২ ডিচেম্বৰ, ১৯৬০
ইলুৰু, অন্ধ্ৰপ্ৰদেশ, ভাৰত
মৃত্যু ২৩ ছেপ্টেম্বৰ, ১৯৯৬ (৩৫ বছৰ)
চেন্নাই, তামিলনাডু, ভাৰত
মৃত্যুৰ কাৰণ আত্মহত্যা
ৰাষ্ট্ৰীয়তা ভাৰতীয়া
পেচা চলচ্চিত্ৰ অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৭৯-১৯৯৬
পিতৃ-মাতৃ ৰামাল্লু, সৰসাম্মা

বিজয়লক্ষ্মী ৱেডলাপেটলা (ইংৰাজী: Vijayalakshmi Vadlapatla, ২ ডিচেম্বৰ ১৯৬০- ২৩ চেপ্তেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যাৰ জনপ্ৰিয় নাম চিল্ক স্মিতা। তেওঁ তেলুগু, মালয়ালম, তামিল, কন্নড় আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।[1][2] তেওঁ এগৰাকী পাৰ্শ্ব তথা সহযোগী অভিনেত্ৰী ৰূপে চলচ্চিত্ৰ জগতত প্ৰবেশ কৰিছিল। তেওঁক প্ৰথম দেখা গৈছিল তামিল ছবি ‘ৱান্দিচাক্কৰম’ত (১৯৭৯)। তেওঁ যৌনতাৰ প্ৰতীকত পৰিণত হৈছিল আৰু ১৯৮০ৰ দশকৰ বহু ছবিত তেওঁ কামুক দৃশ্যত অংশ লৈছিল।[3] ১৭ বছৰীয়া তেওঁৰ কৰ্মজীৱনত ৪৫০তকৈও অধিক ছবিত ভূমুকি মাৰিছে। কিছুমান অলৌকিক সাদৃশ্যৰ বাবে তেওঁক ভাৰতীয় চিনেমাৰ মেৰিলীন মনৰো বুলিও কোৱা হয়।[4]

অন্ধ্ৰপ্ৰদেশৰ ইলুৰুৰ এটা তেলুগু ভাষী পৰিয়ালত স্মিতাৰ জন্ম হয়। তেওঁৰ দেউতাক আছিল ৰামাল্লু আৰু মাক সৰসাম্মা। ঘৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁ দহ বছৰ বয়সতে চতুৰ্থ শ্ৰেণীৰ পৰাই স্কুল এৰিছিল। অতি কম বয়সতে মাক-দেউতাকে তেওঁক বিয়া দি দিয়ে। গিৰিয়েক আৰু গিৰিয়েকৰ পৰিয়ালৰ মানুহবোৰে ভাল ব্যৱহাৰ নকৰাত তেওঁ পলাই যায়।[5]

এগৰাকী অভিনেত্ৰীৰ টাচ্চ-আপ আৰ্টিষ্টৰ কামেৰে তেওঁ কৰ্মজীৱনৰ পাতনি মেলে। কিছুদিন পিছতে তেওঁ এই সৰু চৰিত্ৰত অভিনয়ৰ সুযোগ পায়। নায়িকাৰ ভূমিকাত অভিনয় কৰা তেওঁৰ প্ৰথমখন ছবি আছিল এন্থনি ইষ্টমেনে পৰিচালনা কৰা মালায়ালাম ভাষাৰ ‘ইনায়ে থেড়ি’। অৱশ্যে ছবিখনে বহু দেৰীকৈ মুক্তি পাইছিল। এইখন ছবিৰ পৰিচালন এন্থনিয়ে তেওঁক ‘স্মিতা’ নামটো দিছিল। স্মিতা আছিল তেওঁ অভিনয় কৰা ছবিখনৰ চৰিত্ৰটোৰ নাম।[6] তেওঁক তামিল ছবিত অভিনয় কৰাৰ এটা ডাঙৰ সুযোগ দিছিল পৰিচালক বিনু চক্ৰৱৰ্তীয়ে। তেওঁ স্মিতাক নিজৰ তত্ত্বাৱধানত ৰাখিছিল। তেওঁৰ পত্নীয়ে ইংৰাজী শিকাইছিল আৰু নাচ শিকাৰ ব্যৱস্থা কৰি দিছিল।[7] তেওঁৰ যৌন আবেদনময়ী চেহেৰাৰ বাবে চলচ্চিত্ৰত কেবাৰে ডেঞ্চাৰ আৰু ভেম্পৰ কাম পাবলৈ ধৰিলে আৰু অনিবাৰ্যভাবে তেওঁ টাইপকাষ্টলৈ পৰ্যবসিত হ’ল।[8][9][10]

স্মিতাই বহু কেইখন তামিল, তেলুগু, কন্নড় আৰু দুখনমান হিন্দী ছবিত নায়িকাৰ ভূমিকাত অভিনয় কৰিছে। তেওঁৰ ‘মুন্দ্ৰু মুগম’ ছবিৰ ডেঞ্চ আইটেম আৰু যৌন আবেদনময়ী অভিনয়ে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত কামুকতাৰ প্ৰতীক ৰূপে প্ৰতিষ্ঠা কৰে। তেওঁ আইটেম নম্বৰ পৰিবেশন কৰা কন্নড় ভাষাৰ ‘আমৰণ’, ‘হাল্লি মেষ্ট্ৰু’ আদি ছবি অতি জনপ্ৰিয় হৈছিল। কিছুমান চলচ্চিত্ৰ সমালোচকে তেওঁক ‘চফ্ট্ পৰ্ণ’ অভিনেত্ৰী বুলি অভিহিত কৰিছিল।[11]

১৯৯৬ৰ ২৩ চেপ্তেম্বৰৰ দিনা পুৱা তেওঁ বন্ধু, নৰ্তকী অনুৰাধাৰ সৈতে তেওঁক আমনি কৰি থকা কথা কিছুমানৰ বাবে আলোচনা কৰিবলৈ যোগাযোগ কৰে। অনুৰাধাই তেওঁৰ সন্তানটোক স্কুলত থৈ লগ ধৰাৰ পৰিকল্পনা কৰে। সেইমতে আহি অনুৰাধাই দেখে যে স্মিতাই চিপ লৈ আছে। পিছত পোষ্টমৰ্টেম ৰিপোৰ্টত প্ৰকাশ পায় যে স্মিতাই আত্মহত্যা কৰিছে আৰু তেওঁৰ শৰীৰত যথেষ্ট পৰিমাণৰ সুৰা পোৱা গৈছে।[12][13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Zainab Mulla (2 December 2014). "Silk Smitha Happy Birthday: Top song videos of the bad girl of Southern cinema!". India.com. http://www.india.com/stream/silk-smitha-happy-birthday-top-song-videos-of-the-bad-girl-of-southern-cinema-209382/.
  2. Anupama Chopra (28 September 2011). "Why Silk Smitha is Bollywood's favourite bad girl". NDTV Movies. Archived from the original on 29 September 2011. https://web.archive.org/web/20110929234545/http://movies.ndtv.com/movie_story.aspx?ID=ENTEN20110184987&keyword=bollywood&subcatg=MOVIESINDIA&nid=136920 আহৰণ কৰা হৈছে: 4 February 2021.
  3. "The mysterious death of India’s biggest sex symbol Silk Smitha". 23 February 2015. http://247latestnews.com/mysterious-death-indias-biggest-sex-symbol-silk-smitha/ আহৰণ কৰা হৈছে: 15 August 2017.
  4. "Silk Smitha - What led to the untimely death of the glamourous actress!" (en-US ভাষাত). Owwlogy.com. https://owwlogy.com/silk-smitha-what-led-to-her-untimely-death/ আহৰণ কৰা হৈছে: 2021-01-05.
  5. Kuldip, Hussain (27 September 1996). "Obituary". The Independent cited in BNET. Archived from the original on 24 September 2015. https://web.archive.org/web/20150924095147/http://www.findarticles.com/p/articles/mi_qn4158/is_19960926/ai_n14066122.
  6. "First person: The Silk Smitha I knew". Sify. 27 September 1996. https://www.sify.com/movies/first-person-the-silk-smitha-i-knew-imagegallery-kollywood-llzmyedcfbisi.html.
  7. "Chronicle of a death foretold". Rediff India Abroad. 4 April 1997. http://www.rediff.com/entertai/apr/04silk.htm.
  8. "கவர்ச்சி நடனத்தால் ரசிகர்களைக் கவர்ந்த 'சில்க்' சுமிதா தூக்கில் தொங்கினார் [Sexy dance, attracted the fans 'Silk' Sumita hung herself to death]". Cinema.maalaimalar.com. 22 September 1996. http://cinema.maalaimalar.com/2013/12/14213439/silk-smitha-cinema-history.html আহৰণ কৰা হৈছে: 14 February 2014.
  9. Staff Correspondent, Pradeep (26 October 2006). "Some reel-life role models". Deccan Herald. Archived from the original on 22 July 2011. https://web.archive.org/web/20110722152604/http://archive.deccanherald.com/deccanherald/Oct262006/update11483520061026.asp.
  10. Vicky Lalwani (21 February 2011). "Ekta slams Silk Smitha's boyfriend". The Times of India. Archived from the original on 2012-05-27. https://web.archive.org/web/20120527143621/http://articles.timesofindia.indiatimes.com/2011-02-21/news-interviews/28618730_1_silk-smitha-dirty-picture-ekta-kapoor.
  11. Sebastian (6 March 2005). "Magic workers". The Hindu. http://www.hindu.com/thehindu/lr/2005/03/06/stories/2005030600310500.htm.
  12. "'சுமிதாவுக்கு திருமணத்தில் நம்பிக்கை இல்லை': 'சில்க்' சுமிதாவின் காதலர் பேட்டி [' Sumita does not believe in the marriage ': Silk 'Sumita's Valentine Interview]". Cinema.maalaimalar.com. http://cinema.maalaimalar.com/2013/12/16224107/cinema-history.html আহৰণ কৰা হৈছে: 14 February 2014.
  13. "'எனக்கு வாழ்க்கை தருவதாக [Give me life]". http://cinema.maalaimalar.com/2013/12/15203008/Silk-smitha-cinema-history.html আহৰণ কৰা হৈছে: 14 February 2014.