কামিনী ৰায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কামিনী ৰায়
জন্ম ১২ অক্টোবৰ, ১৮৬৪
Basanda, Bengal Presidency, British India
মৃত্যু ২৭ ছেপ্টেম্বৰ, ১৯৩৩ (৬৮ বছৰ)
Hazaribagh, Bihar and Orissa Province, British India
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান বেথুন কলেজ
ইউনিভাৰ্ছিটি অৱ কলকাতা
পেচা Poet, scholar
উল্লেখযোগ্য কৰ্ম Alo O Chhaya
দাম্পত্যসঙ্গী কেদাৰনাথ ৰায়

কামিনী ৰায় (১২ অক্টোবৰ ১৮৬৪ - ২৭ ছেপ্টেম্বৰ ১৯৩৩)[1] ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী আৰু নাৰীবাদী আছিল। ব্ৰিটিছৰ সময়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম মহিলা সকলৰ মাজৰ এগৰাকী আছিল।[2][3]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৮৬৪ চনৰ ১২ অক্টোবৰ তাৰিখে বঙালী প্ৰেসিডেন্সিৰ বাকেৰগঞ্জ জিলাৰ বছন্দ গাঁও তথা বৰ্তমান বাংলাদেশৰ বৰিশাল জিলাত তেখেতৰ জন্ম হয়। ১৮৮৩ চনত তেওঁ বেথুন কলেজত নামভৰ্তি কৰে। কমিনী ৰায় সেইসময়ৰ ব্ৰিটিছ শাসন কালত স্নাতক পঢ়িবলৈ আগবঢ়া প্ৰথম মহিলা সকলৰ ভিতৰত এগৰাকী। ১৮৮৬ চনত কলিকতাৰ বেথুন কলেজৰ পৰা তেওঁ সংস্কৃত বিষয়ত মেজৰ লৈ স্নাতক ডিগ্ৰী লাভ কৰে আৰু সেই বছৰেই সেই কলেজত শিক্ষকতা আৰম্ভ কৰে। দেশৰ প্ৰথম দুই মহিলা স্নাতক ডিগ্ৰী ধাৰীৰ মাজৰ এগৰাকী কাদম্বিনী গাংগুলী একেই প্ৰতিষ্ঠানৰ পৰা ৰায়তকৈ তিন বছৰ পূৰ্বেই স্নাতক ডিগ্ৰী লাভ কৰিছিল।[3] কামিনী ৰায় কলিকতাৰ এটি অভিজাত পৰিয়ালৰ সন্তান আছিল। তেওঁৰ দেউতাক চণ্ডী চৰণ সেন এজন ন্যায়াধীশ আৰু লেখক তথা ব্ৰহ্ম সমাজৰ অন্যতম সদস্য আছিল। তেওঁ, তেওঁ সংগ্ৰহ কৰা কিতাপ পঢ়িয়ে নানান কথা শিকিছিল। তেওঁ তৈয়াৰ কৰা পুথিভঁৰালতোৰ প্ৰয়োগ তেওঁ বিস্তাৰিত ৰূপত কৰিছিল। কামিনী ৰায় এগৰাকী গাণিত প্ৰবক্তা আছিল যদিও পিছলৈ তেওঁ সংস্কৃতৰ প্ৰতি হে ধাউতি দেখুৱায়।[4] তেওঁৰ ভায়েক নিশিথ চন্দ্ৰ সেন কলকাতা হাইক'ৰ্টৰ এজন সুপৰিচিত ব্যাৰিষ্টাৰ আৰু পিছলৈ কলিকতাৰ মেয়ৰ হৈছিল আকৌ ভনীয়েক জামিনী সেইসময়ৰ নেপালৰ ৰাজকীয় পৰিয়ালটিৰ গৃহ চিকিৎসক আছিল। ১৮৯৪চনত কামিনী ৰায় কেদাৰনাথ ৰায়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[3]

সাহিত্য[সম্পাদনা কৰক]

তেখেতৰ লিখন শৈলী সহজ তথা মাৰ্জিত। ১৮৮৯চনত তেওঁৰ প্ৰথম সংগ্ৰহ 'আলো ছায়া' প্ৰকাশ কৰে তাৰ পিছত আৰু দুখন পুথি প্ৰকাশ কৰি তেওঁ বিবাহ আৰু মাতৃৰ ভূমিকা পালন কৰি এই যাত্ৰাৰ পৰা দীৰ্ঘ দিনলৈ বিৰতি লয়। তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক নাৰীবাদী নাৰী আছিল যি নেকি সেই সময়ৰ মানুহে নাৰীৰ শিক্ষা গ্ৰহণ ব্যৱস্থাটোকে নিষিদ্ধ মানিছিল। কলিকতাৰ এখন বালিকা বিদ্যালয়ত তেওঁ এবাৰ ভাষণ দি কৈছিল যে নাৰীৰ শিক্ষাৰ লক্ষ্য হ'ল তেওঁলোকৰ সৰ্বাংগীণ বিকাশ তথা তেওঁলোকৰ সম্ভাব্যতাক পূৰ্ণতা প্ৰদান কৰা। শৈশবত তেওঁৰ পিতামহে তেওঁক কবিতা তথা স্তোত্ৰ আবৃত্তি কৰিবলৈ শিকায়। এনেদৰেই নিচেই কম বয়সতে কামিনী ৰায়ে সাহিত্য ৰচনা কৰে তথা কবিত্ব-শক্তিৰ স্ফূৰণ ঘটায়। তেওঁৰ মাকেই তেওঁক আঙুলিধৰি গোপনে আখৰ শিকাইছিল। কাৰণ তেতিয়াৰ দিনত হিন্দু মহিলা সকলে লেখা-পঢ়া, শিক্ষা কৰাটো একান্তই নিন্দনীয় আৰু গৰ্হিত কাম হিচাপে বিবেচনা কৰা হৈছিল।

মাত্ৰ ৮ বছৰ বয়সতে তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে। ৰচিত কবিতা সমূহত জীবনৰ সুখ-দুঃখ, আশা-আকাঙ্ক্ষা, আনন্দ-বেদনাৰ সহজ-সৰল তথা সাবলীল প্ৰকাশ ঘটিছে।[5]

ৰচিত কবিতা পুথি[সম্পাদনা কৰক]

তেওঁ লিখা উল্লেখযোগ্য কাব্যগ্ৰন্থৰ কেইখনমান হ'ল-

  • আলো ও ছায়া (১৮৮৯)
  • নিৰ্মাল্য (১৮৯১)
  • পৌৰাণিকী (১৮৯৭)
  • মাল্য ও নিৰ্মাল্য (১৯১৩)
  • অশোক সঙ্গীত (সনেট সংগ্ৰহ, ১৯১৪)
  • অম্বা, নাট্যকাব্য, ১৯১৫
  • দীপ ও ধূপ" (১৯২৯)
  • জীবন পথে (১৯৩০)
  • একলব্য
  • দ্ৰোণ-ধৃষ্টদ্যুম্ন
  • শ্ৰাদ্ধিকী

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Kamini Roy's 82nd death anniversary today". www.observerbd.com. Archived from the original on 2019-02-24. https://web.archive.org/web/20190224115812/http://www.observerbd.com/2015/09/29/112606.php। আহৰণ কৰা হৈছে: 2019-02-24. 
  2. Sarna, Jasveen Kaur (7 July 2017). "Kamini Roy: Poet, Teacher And The First Woman Honours Graduate In British India". Feminist India. https://feminisminindia.com/2017/07/07/kamini-roy-essay/। আহৰণ কৰা হৈছে: 24 September 2018. 
  3. 3.0 3.1 3.2 Sengupta, Subodh Chandra and Bose, Anjali (editors), 1976/1998, Sansad Bangali Charitabhidhan (Biographical dictionary) Vol I, বঙালী, p83, ISBN 81-85626-65-0
  4. "StreeShakti - The Parallel Force". www.streeshakti.com. http://www.streeshakti.com/bookK.aspx?author=12। আহৰণ কৰা হৈছে: 2016-10-08. 
  5. বঙালী একাডেমী চৰিতাভিধান, সম্পাদক: সেলিনা হোসেন ও নূৰুল ইসলাম, ২য় সংস্কৰণ, ২০০৩, বঙালী একাডেমী, ঢাকা, পৃ. ১১৯