জগদীপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জগদীপ

২০১০ চনত জগদীপ
জন্ম ছৈয়েদ ইচটিয়াক আহমেদ জাফ্ৰি
২৯ মাৰ্চ, ১৯৩৯
ডাতিয়া, মধ্য প্ৰদেশ, ভাৰত
মৃত্যু ৮ জুলাই, ২০২০ (৮১ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত[1]
পেচা
  • অভিনেতা
  • কমেডিয়ান
সক্ৰিয় হৈ থকা সময় ১৯৫১-২০২০[2]
দাম্পত্যসঙ্গী নাছিম বেগম, সুঘ্ৰা বেগম, নাজিমা
সন্তান জাভেদ জাফ্ৰিৰ সৈতে ছজন[3]

ছৈয়েদ ইচটিয়াক আহমেদ জাফ্ৰি (২৯ মাৰ্চ, ১৯৩৯ - ৮ জুলাই, ২০২০)[4] এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান। তেখেত জগদীপ নামেৰে জনপ্ৰিয়। তেখেতে চাৰিশতকৈও অধিক চিনেমাত অভিনয় কৰিছে। ইয়াৰে উল্লেখযোগ্য চৰিত্ৰকেইটা হ'ল- শ্ব'লে (১৯৭৫) চিনেমাত চুৰমা ভুপালী, পুৰাণা মন্দিৰ (১৯৮৪) ছবিত মাছছাৰ আৰু অন্দাজ অপনা অপনা (১৯৯৪)ত ছলমান খানৰ দেউতাকৰ চৰিত্ৰ। তেওঁ নিজে পৰিচালনা কৰা চুৰমা ভুপালী নামৰ ছবিখনত এজন প্ৰটাগনিষ্টৰ চৰিত্ৰত অভিনয় কৰিছিল।[5] বি আৰ চোপ্ৰাৰ অফছানা ছবিত এজন শিশু-শিল্পী ৰূপে তেখেতে অভিনয় জীৱন আৰম্ভ কৰে আৰু অৱ দিল্লী দূৰ নহী, কে এ আব্বাছৰ মুন্না, গুৰু দত্তৰ আৰ-পাৰ, বিমল ৰয়ৰ দৌ বিঘা জমীন আদিৰ দৰে সফল ছবিত কাম কৰে। ২০২০ চনৰ ৮ জুলাই তাৰিখে বয়সজনিত কাৰণত তেখেতৰ মৃত্যু হয়।

চলচ্চিত্ৰপঞ্জী[সম্পাদনা কৰক]

  1. গলি গলি চৌৰ হ্যে (২০১২)
  2. লাইফ পাৰ্টনাৰ (২০০৯)
  3. বম্বে টু গোৱা (২০০৭)
  4. কহী প্যাৰ না হৌ জায়ে (২০০০)
  5. চাইনা গেট (১৯৯৮)
  6. হচিনা অঔৰ নগিনা (১৯৯৬)
  7. অন্দাজ অপনা অপনা (১৯৯৪)
  8. ইনচান বনা চৈতান (১৯৯২)
  9. ফুল অঔৰ কাঁটে (১৯৯১)
  10. খুনী পঞ্জা (১৯৯১)
  11. চাহেনছাহ (১৯৮৮)
  12. বাত বন জায়ে (১৯৮৬)
  13. পুৰাণা মন্দিৰ (১৯৮৪)
  14. কুৰবাণী (১৯৮০)
  15. মৰ্চা (১৯৮০)
  16. ফিৰ ৱহী ৰাত (১৯৮০)
  17. কালী ঘটা (১৯৮০)
  18. এক বাৰ ক'হ' (১৯৮০)
  19. সুৰক্ষা (১৯৭৯)
  20. যুৱৰাজ (১৯৭৯)
  21. স্বৰ্গ নৰক (১৯৭৮)
  22. এজেণ্ট বিনোদ (১৯৭৭)
  23. আইনা (১৯৭৭)
  24. শ্বলে (১৯৭৫)
  25. বিদাই (১৯৭৪)
  26. গৌৰা অঔৰ কালা (১৯৭২)
  27. ফুড্ডু (১৯৭০)
  28. খিলৌনা (১৯৭০)
  29. তিন বহুৰাণীয়া (১৯৬৮)
  30. নঔনিহাল (১৯৬৭)
  31. বৰ্খা (১৯৫৯)
  32. ভাভী (১৯৫৭)
  33. কিছমত কা খেল (১৯৫৬)
  34. আৰ পাৰ (১৯৫৪)
  35. মুন্না (১৯৫৪)
  36. লেইলা মজনু (১৯৫৩)
  37. অফছানা (১৯৫১)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Legendary actor Jagdeep passes away at 81". Mumbai Live. 8 July 2020. https://www.mumbailive.com/en/bollywood/jaaved-jaaferi-father-bollywood-actor-jagdeep-passes-away-at-81-in-mumbai-52515। আহৰণ কৰা হৈছে: 8 July 2020. 
  2. "Veteran actor Jagdeep 'Soorma Bhopali' of 'Sholay' passes away". Times of India. 8 July 2020. https://m.timesofindia.com/entertainment/hindi/bollywood/news/veteran-actor-jagdeep-soorma-bhopali-of-sholay-passes-away/articleshow/76860915.cms। আহৰণ কৰা হৈছে: 8 July 2020. 
  3. https://www.mid-day.com/articles/jagdeeps-first-born-dies-a-lonely-death/61226
  4. "Veteran actor Jagdeep, 81, dies in Mumbai". India Tv News. 8 July 2020. https://www.indiatvnews.com/entertainment/celebrities/breaking-veteran-actor-comedian-jagdeep-dies-81-mumbai-632767। আহৰণ কৰা হৈছে: 9 July 2020. 
  5. https://www.imdb.com/name/nm0415556/