ইউৰেনাচ (গ্ৰীক দেৱতা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইউৰেনাচ
আকাশৰ আদি দেৱতা

গেইয়াৰ সৈতে ইউৰেনাচ
নিবাস আকাশ
প্ৰতীক ৰাশিচক্ৰ
সঙ্গী গেইয়া
পিতৃ-মাতৃ গেইয়া
ইথাৰ আৰু হেমেৰা
নাইক্স বা ইলিয়াম আৰু বেৰুথ
সন্তান টাইটানসকল, চাইক্ল'পচসকল, মিলিসমূহ (বনদেৱতা), ফিউৰিসমূহ, দানৱসমূহ, হেকাটনখিয়েৰচ আৰু এফ্ৰোডাইটি[1]
ৰোমান সমাৰ্থক কেইলাচ

ইউৰেনাচ (ইংৰাজী: Uranus) হৈছে প্ৰাচীন গ্ৰীচৰ আকাশৰ আদিদেৱতা। তেওঁৰ ৰোমান সমকক্ষ দেৱতা হৈছে কেইলাচ।[2][3][4] পৌৰাণিক গ্ৰীক সাহিত্যৰ মতে ইউৰেনাচ বা পিতৃ-আকাশ হৈছে আদি ভূমিদেৱী গেইয়াৰ পুত্ৰ তথা পতি। হেচিঅ'ডৰ থিঅ'গনিৰ মতে ইউৰেনাচক গেইয়াই অকলেই ধাৰণ কৰিছিল। কিন্তু অন্যান্য সূত্ৰৰ মতে ইউৰেনাচৰ জন্ম নিক্স অথবা ইথাৰ আৰু হেমেৰাৰ পৰা হৈছিল।[5] ইউৰেনাচ আৰু গেইয়া প্ৰথম প্ৰজন্মৰ টাইটানসকলৰ পিতৃ-মাতৃ আৰু অধিকাংশ গ্ৰীক দেৱ-দেৱীৰ পূৰ্বপুৰুষ। কিন্তু ধ্ৰুপদী সময়ছোৱাত ইউৰেনাচৰ বাবে উৎসৰ্গিত কোনো ধৰ্মীয় পন্থাৰ চিন পোৱা নাযায়।[6] প্ৰাচীন গ্ৰীক মৃৎশিল্পত ইউৰেনাচৰ উপস্থিতি দেখা নাযায়। অৱশ্যে হোমাৰৰ মহাকাব্য অনুসৰি ভূমি, আকাশ আৰু ষ্টিক্স নদী (পৃথিৱী আৰু পাতালপুৰীৰ সীমাৰ নদী) সংযুক্তও হ'ব পাৰে।[7]

আখ্যান[সম্পাদনা কৰক]

হেচিঅ'ডৰ থিঅ'গনিৰ সৃষ্টিৰ আখ্যান অনুসৰি[8] প্ৰত্যেক ৰাতি ইউৰেনাচে পৃথিৱীক ঢাকি ধৰি গেইয়াৰ সৈতে মিলনৰত হয় কিন্তু গেইয়াৰ গৰ্ভজাত সন্তানসকলক তেওঁ ঘৃণা কৰে। হেচিঅ'ডে তেওঁলোকৰ প্ৰথম ছগৰাকী পুত্ৰ আৰু প্ৰথম ছগৰাকী কন্যাক টাইটান হিচাপে, এশখন হাতযুক্ত তিনিটা দৈত্যক হেকাটনখিয়েৰ আৰু এচকুৱা দানৱসকলক চাইক্ল'পচ হিচাপে নামকৰণ কৰে।

ইউৰেনাচে গেইয়াৰ কনিষ্ঠতম সন্তানসকলক পৃথিৱীৰ অভ্যন্তৰৰ টাৰটাৰাচত বন্দী কৰি ৰাখে আৰু এই কথাত গেইয়াই কষ্ট পায়। তেওঁ এখন কাঁ‌চি সাজি তাৰে ইউৰেনাছক পুৰুষত্বহীন কৰিবলৈ আহ্বান জনায়। কনিষ্ঠ টাইটান ক্ৰ'নচ আছিল আটাইতকৈ উচ্চাকাংক্ষী আৰু কেৱল তেওঁহে এই কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। সেইমতে ক্ৰ'নচে ইউৰেনাচক আক্ৰমণ কৰি তেওঁৰ অণ্ডকোষ খণ্ডিত কৰে আৰু তাক সমুদ্ৰত নিক্ষেপ কৰে।

এই ভয়ানক কাণ্ড কৰাৰ বাবে ইউৰেনাচে তেওঁৰ পুত্ৰসকলক 'দমনমূলক দেৱতা' আখ্যা দিয়ে।[9] ইউৰেনাচৰ দেহৰ পৰা নিৰ্গত ৰক্ত ভূমিত পৰাৰ লগে লগে দানৱ, মিলি (একপ্ৰকাৰৰ বনদেৱতা), ফিউৰি আৰু টেলকাইনসকলৰ জন্ম হয়। সমুদ্ৰত পতিত দেহাংশৰ পৰা এফ্ৰোডাইটিৰ উৎপত্তি হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. According to Hesiod, Theogony 183–200, Aphrodite was born from Uranus' severed genitals, but according to Homer, Aphrodite was the daughter of Zeus (Iliad 3.374, 20.105; Odyssey 8.308, 320) and Dione (Iliad 5.370–71), see Gantz, pp. 99–100.
  2. Grimal, s.v. "Caelus" p. 38.
  3. Varro, De lingua Latina 5.58.
  4. Marion Lawrence, "The Velletri Sarcophagus", American Journal of Archaeology 69.3 (1965), p. 220.
  5. Alcman, Frag 61, Callimachus, Frag 498, Cicero, De Natura Deorum 3.17.
  6. "We did not regard them as being in any way worthy of worship," Karl Kerenyi, speaking for the ancient Greeks, said of the Titans (Kerenyi, p. 20); "with the single exception, perhaps, of Cronos; and with the exception, also, of Helios."
  7. As at Homer, Iliad 15.36 ff., Odyssey 5.184 ff.
  8. Hesiod, Theogony 133 ff..
  9. Modern etymology suggests that the linguistic origin of Τιτάνες lies on the pre-Greek level.