হোমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হোমাৰ (গ্ৰীক Ὅμηρος Homēros)

হেলেনীয় যুগত নিৰ্মিত হোমাৰৰ এক কাল্পনিক প্ৰতিমূৰ্তি (ব্ৰিটিছ সংগ্ৰহালয়)।
জীৱনকাল আনুমানিক খ্ৰীষ্টপূৰ্ব অষ্টম শতিকা
প্ৰভাৱ আবেগবিহ্বল মৌখিক কাব্য
প্ৰভাৱিত কৰিছিল দ্ৰুপদী কাব্য (পাশ্চাত্য শিল্প আৰু দৰ্শন)

পশ্চিমীয়া দ্ৰুপদী কিংবদন্তীত হোমাৰ (pron.: /ˈhmər/; প্ৰাচীন গ্ৰীক: Ὅμηρος, Hómēros) হৈছে মহাকাব্য "ইলিয়াড" আৰু "ওডিছী"ৰ লেখক যাক সৰ্বশ্ৰেষ্ঠ প্ৰাচীন গ্ৰীক কবি হিচাপে গণ্য কৰা হয়। পশ্চিমীয়া সভ্যতাক গঢ় দিয়াত থকা বৰঙণিৰ উপৰিও সাহিত্যৰ ইতিহাসত এই মহাকাব্য দুখনৰ প্ৰভাৱ অপৰিসীম।

হোমাৰৰ জীৱনৰ সময় বিতৰ্কিত। হিৰ'ড'টাছৰ মতে হোমাৰৰ জীৱনকাল আছিল তেওঁতকৈ ৪০০ বছৰ আগতে, যাৰ অৰ্থ প্ৰায় খ্ৰীষ্টপূৰ্ব ৮৫০।[1] আনহাতে অন্য প্ৰাচীন সূত্ৰ মতে তেওঁৰ জীৱনকাল ট্ৰ'জান যুদ্ধৰ সময়ৰ ওচৰা-ওচৰি, অৰ্থাৎ খ্ৰীষ্টপূৰ্ব ১২শ শতিকাৰ প্ৰথম ভাগ।[2]

আধুনিক পণ্ডিতসকলৰ মতে "হোমাৰৰ সময়কাল"-এ কোনো ব্যক্তিবিশেষক বুজোৱা নাই, বৰং মহাকাব্যকেইখন ৰচনা হোৱা সময়হে সূচাইছে। অধিকাংশৰ মতে ইলিয়াড আৰু ওডিছীৰ ৰচনাকাল প্ৰায় খ্ৰীষ্টপূৰ্ব ৮ম শতিকা। ইলিয়াড ওডিছীতকৈ সম্ভৱ কেইদশকমান আগতে ৰচিত,[3] অৰ্থাৎ হিছিঅ'ডতকৈ আগতে।[4] ইলিয়াড পশ্চিমীয়া সাহিত্যৰ আটাইতকৈ প্ৰাচীনতম চানেকী। যোৱা কেইদশকমান ধৰি কোনো কোনো পণ্ডিতে খ্ৰীষ্টপূৰ্ব ৭ম শতিকা বুলিও মত পোষণ কৰিছে। গ্ৰেগৰী নেগীকে ধৰি তাৰে কিছুমানে যুক্তি দৰ্শাই যে এই সময় অধিক পিছৰ, কাৰণ বহুকাল ধৰি হোমাৰৰ কাব্যৰ বিকাশ ঘটিছিল আৰু খ্ৰীষ্টপূৰ্ব ৬ম শতিকাতহে এইবোৰে পূৰ্ণ সংগঠিত ৰূপ পাইছিল।[5] হোমাৰৰ ঐতিহাসিক ব্যক্তিত্বক লৈ উঠা প্ৰশ্নক "হোমাৰীয় প্ৰশ্ন" বুলি কোৱা হয়। তেওঁৰ জীৱনৰ বিষয়ে কোনো নিৰ্ভৰযোগ্য তথ্য পোৱা নাযায়।[6] তেওঁৰ কবিতাসমূহ বহু শতাব্দীৰ মৌখিক গল্পকথন আৰু এক সুগঠিত কাব্যৰচনা ব্যৱস্থাৰ মিশ্ৰণ বুলিও ভবা হয়। মাৰ্টিন ৱে'ষ্টৰ দৰে কিছুমান পণ্ডিতৰ মতে "হোমাৰ কোনো ঐতিহাসিক কবিৰ নাম নহয়, বৰং এক কাল্পনিকভাৱে সৃষ্ট এক নামহে।" [7]

গ্ৰীক সংস্কৃতিৰ বিকাশত হোমাৰৰ মহাকাব্যৰ অৱদান সৰ্বজনস্বীকৃত। হোমাৰক গ্ৰীছৰ শিক্ষক বুলিও কোৱা হৈছিল।[8] হোমাৰৰ কৰ্মৰাজীত থকা বক্তৃতাসমূহ প্ৰাচীন আৰু মধ্যযুগৰ কথিত বা লিখিত যুক্তিমূলক গ্ৰীক সাহিত্যৰ বাবে আদৰ্শস্বৰূপ আছিল। পেপিৰাছত লিখা প্ৰাচীন গ্ৰীক সাহিত্যৰ আধাখিনিমানেই হোমাৰৰ শৈলীত লিখা।[9]

হোমাৰৰ বুলি গণ্য কৰা সাহিত্যকৰ্ম[সম্পাদনা কৰক]

খ্ৰীষ্টপূৰ্ব ৬ম আৰু ৫ম শতিকাৰ আৰম্ভণিৰ গ্ৰীক সাহিত্য, সাধাৰণভাৱে ক'বলৈ গ'লে অষ্টক পদত লিখা সমস্ত মহাকাব্য হোমাৰৰ দ্বৰা ৰচিত বুলি গণ্য কৰা হয়।[10] গতিকে "ইলিয়াদ" আৰু "ওডিছী"ৰ বাহিৰেও অসাধাৰণ কাব্যিকতাৰ চানেকি থকা আন কিছুমান গ্ৰন্থও পোৱা যায়।[11] সমস্ত মহাকাব্য চক্ৰৰ কৃতিত্ব হোমাৰক দিয়া হয়। ট্ৰ'জান যুদ্ধক লৈ ৰচিত তেনে আন কিছুমান কবিতা হৈছে "ক্ষুদ্ৰ ইলিয়াদ", "ন'ষ্ট'ই", "চাইপ্ৰিয়া", "এপিগ'নি",আৰু ইডিপাছ আৰু তেওঁৰ পুত্ৰক লৈ লিখা থিবেন কবিতাসমূহ। হোমাৰিক হাইমৰ সংকলন, হাস্যৰসপূৰ্ণ ক্ষুদ্ৰ মহাকাব্য বাট্ৰাছ'মায়'মেচিয়া ("The Frog-Mouse War"), আৰু মাৰ্গাইট্‌ছৰ ৰচনাও তেওঁৰ বুলি কোৱা হৈছিল। কিন্তু এইবোৰ ৰচনাৰ প্ৰকৃত লেখকক লৈ উঠা প্ৰশ্নৰ উত্তৰ পোৱাটো মূল মহাকাব্য দুখনৰ লেখককৈও জটিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Herodotus 2.53.
  2. Graziosi, Barbara (2002). The Invention of Homer. প্ৰকাশক Cambridge. pp. 98–101. 
  3. Vidal-Naquet, Pierre (2000). Le monde d'Homère. Perrin. পৃষ্ঠা. 19. 
  4. M. L. West (1966). Hesiod's Theogony. প্ৰকাশক Oxford: Oxford University Press. পৃষ্ঠা. 40, 46. ISBN 058534339X. 
  5. Nagy, Gregory (2001). Homeric Poetry and Problems of Multiformity: The "Panathenaic Bottleneck. 96. Classical Philology (journal). pp. 109–119. 
  6. G. S. Kirk's comment that "Antiquity knew nothing definite about the life and personality of Homer" represents the consensus (Kirk, The Iliad: a Commentary (Cambridge 1985), v. 1).
  7. West, Martin (1999). "The Invention of Homer". Classical Quarterly খণ্ড 49 (364). 
  8. Heubeck, Alfred; West, Stephanie; Hainsworth, J. B. (1988). A Commentary on Homer's Odyssey. প্ৰকাশক Oxford: Oxford University Press. পৃষ্ঠা. 3. ISBN 0198140479. 
  9. Finley, Moses (2002). The World of Odysseus. প্ৰকাশক New York: New York Review of Books. পৃষ্ঠা. 11–2. ISBN 978-1-59017-017-5. ; Finley's figures are based upon the corpus of literary papyri published before 1963.
  10. Gilbert Murray, The Rise of the Greek Epic', 4th ed. ibid. p. 93
  11. William G. Thalman, Conventions of Form and Thought in Early Greek Epic Poetry, Johns Hopkins University Press, Baltimore and London, 1984 p. 119

নিৰ্বাচিত গ্ৰন্থপঞ্জী[সম্পাদনা কৰক]

সংস্কৰণ[সম্পাদনা কৰক]

(হোমাৰীয় গ্ৰীকত লিখা পাঠ)

ইণ্টাৰলাইনাৰ ইংৰাজী অনুবাদ[সম্পাদনা কৰক]

ইংৰাজী অনুবাদ[সম্পাদনা কৰক]

হোমাৰৰ ইলিয়াদ আৰু ওডিছীৰ ইংৰাজী অনুবাদ-কৰ্মৰ আংশিক তালিকা-

হোমাৰ সংক্ৰান্ত সাধাৰণ ৰচনা[সম্পাদনা কৰক]

উল্লেখযোগ্য পাঠ আৰু ব্যাখ্যা[সম্পাদনা কৰক]

  • E. Auerbach 1953, Mimesis, Princeton (orig. publ. in German, 1946, Bern), chapter 1. ISBN 0-691-11336-X
  • M.W. Edwards 1987, Homer, Poet of the Iliad, Baltimore. ISBN 0-8018-3329-9
  • B. Fenik 1974, Studies in the Odyssey, Wiesbaden ('Hermes' Einzelschriften 30).
  • M.I. Finley, The World of Odysseus 1954, rev. ed. 1978.
  • I.J.F. de Jong 1987, Narrators and Focalizers, Amsterdam/Bristol. ISBN 1-85399-658-0
  • G. Nagy 1980, "The Best of the Achaeans", Baltimore. ISBN 978-0-8018-6015-7

ভাষ্য[সম্পাদনা কৰক]

হোমাৰ-চৰ্চাৰ ধাৰা[সম্পাদনা কৰক]

"দ্ৰুপদী" বিশ্লেষণ
  • A. Heubeck 1974, Die homerische Frage, Darmstadt. ISBN 3-534-03864-9
  • R. Merkelbach 1969, Untersuchungen zur Odyssee (2nd edition), Munich. ISBN 3-406-03242-7
  • D. Page 1955, The Homeric Odyssey, Oxford.
  • U. von Wilamowitz-Möllendorff 1916, Die Ilias und Homer, Berlin.
  • F.A. Wolf 1795, Prolegomena ad Homerum, Halle. Published in English translation 1988, Princeton. ISBN 0-691-10247-3
নব্যবিশ্লেষণ
  • M.E. Clark 1986, "Neoanalysis: a bibliographical review," Classical World 79.6: 379-94.
  • J. Griffin 1977, "The epic cycle and the uniqueness of Homer," Journal of Hellenic Studies 97: 39-53.
  • J.T. Kakridis 1949, Homeric Researches, London. ISBN 0-8240-7757-1
  • W. Kullmann 1960, Die Quellen der Ilias (Troischer Sagenkreis), Wiesbaden. ISBN 3-515-00235-9
হোমাৰ আৰু মৌখিক পৰম্পৰা

হোমাৰীয় কাব্যৰ সময়কাল[সম্পাদনা কৰক]

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

  • Ford, Andrew (1992). Homer : the poetry of the past. প্ৰকাশক Ithaca, NY: Cornell University Press. ISBN 0801427002. 
  • Kirk, G.S. (1962). The Songs of Homer. প্ৰকাশক Cambridge: Cambridge University Press. 
  • Schein, Seth L. (1984). The mortal hero : an introduction to Homer's Iliad. প্ৰকাশক Berkeley: University of California Press. ISBN 0520051289. 

বহিঃ সংযোগ[সম্পাদনা কৰক]