সমললৈ যাওক

জাতক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বৌদ্ধ ধৰ্ম


ইতিহাস

বৌদ্ধ ধৰ্মৰ সন্মিলন

মুখ্য চৰিত্ৰবোৰ

গৌতম বুদ্ধ
শিষ্যগণ

বিশ্বাস আৰু অনুশীলন

চতুৰাৰ্থ সত্য
অষ্টাঙ্গিক মাৰ্গ
প্ৰতীত্যসমুৎপাদ
সংসাৰপৰিনিৰ্বাণ
স্কন্ধ
কৰ্মজন্মান্তৰ

ধৰ্মচৰ্চা আৰু বোধিলাভ

দেশানুসাৰে বৌদ্ধধৰ্ম আৰু অঞ্চলসমূহ

বৌদ্ধধৰ্মৰ শাখাসমূহ

থেৰবাদমহাযান
বজ্ৰযান

ধৰ্মগ্ৰন্থ

ত্ৰিপিটকজাতক

অন্যান্য বিষয়সমূহ

তুলনামূলক পাঠ
সাংস্কৃতিক উপাদান

জাতক শব্দটোৰ আভিধানিক অৰ্থ অতীতৰ কাহিনী৷ বৌদ্ধ ধৰ্মমতে, ব্যক্তিবিশেষে বুদ্ধত্বপ্ৰাপ্তিৰ আগতে অনেক জন্ম-জন্মান্তৰৰ মাজেদি চৰিত্ৰৰ উৎকৰ্ষ সাধন কৰিব লাগে৷ বুদ্ধত্ব লাভ কৰিলে বিগত জন্মৰ কথাবোৰ স্মৰণ কৰাৰ ক্ষমতা থাকে বুলি ভৱা হয়৷ গৌতম বুদ্ধৰ এই ক্ষমতা লাভ হৈছিল৷ তেওঁঁৰ কোনো এটা নহয় কোনো এটা পূৰ্বজন্মৰ বিষয়ে ৰচিত কাহিনীবোৰেই জাতক নামে পৰিচিত৷ জাতকমালা বৌদ্ধসকলৰ ধৰ্মগ্ৰন্থ৷ জাতকবিলাকৰ সৰহভাগৰে ৰূপ আখ্যানধৰ্মী৷ ই পশু-পক্ষী সম্বন্ধীয় আখ্যানো হ’ব পাৰে নতুবা সাধাৰণজনৰ কাহিনীও হ’ব পাৰে৷ লোক কাহিনীও হ’ব পাৰে৷[1]

জাতকৰ ভাগ

[সম্পাদনা কৰক]

জাতক মাত্ৰৰে তিনিটা প্ৰধান ভাগ থাকে৷ প্ৰথমভাগৰ নাম প্ৰত্যুৎপন্নবস্তু বা বৰ্তমান কথা৷ ইয়াত বুদ্ধৰ জীৱনৰ কোনো ঘটনা থাকে৷ সেই প্ৰসংগতে তেওঁৰ পূৰ্বজীৱনৰ কোনো এটা কাহিনী (জাতক) কোৱা হয়৷ এই ভাগটো দ্বিতীয় ভাগঃ ইয়াৰ নাম অতীত বস্তু৷ এয়ে প্ৰকৃত জাতক৷ তৃতীয় ভাগৰ নাম সমবধান ইয়াত অতীত কাহিনীৰ পাত্ৰ-পাত্ৰীসকলক বৰ্তমানৰ কাহিনীৰ পাত্ৰ-পাত্ৰীৰ লগত চিনাক্ত কৰা হয়৷ [1]

মূল জাতকবোৰ পালি ভাষাত লিখা৷ প্ৰত্যেক জাতকৰে অতীত বস্তু গদ্য-পদ্যমিশ্ৰিত ৰচনা৷ পদ্যাংশৰ নাম গাথা৷ জাতকমাত্ৰৰে পৰিণতিৰ অংশটো সদায় পদ্যত লিখা আৰু ইয়াক বোধিসত্ত্বৰ উক্তি বুলি গণ্য কৰা হয়৷ অধিকাংশ জাতক ‘অতীতকালত বাৰাণসীত ব্ৰহ্মদত্ত নামে এজন ৰজা আছিল’- এই কথাৰে আৰম্ভ হয়৷ জাতকবোৰ সুত্তপিটৰ অন্তৰ্গত খুদ্দক নিকায়ৰ দশম গ্ৰন্থৰ অন্তৰ্ভূক্ত৷ মূল জাতকসমূহৰ প্ৰকৃত সংখ্যা নিৰ্ণয় কৰা টান৷ ‘জাতকত্থবন্ননা’ নামৰ এক সংকলন গ্ৰন্থত পাঁচশৰো অধিক জাতকৰ উল্লেখ আছে৷ জাতকবোৰৰ বহুতো বিষয় ঈছপৰ সাধুৰ লগত প্ৰায় হুবহু মিলে৷ আন কিছুমান ‘পঞ্চতন্ত্ৰ’ৰ আখ্যানৰ লগত মিলে৷ এনেবোৰ ক্ষেত্ৰত দেখা যায় যে অনা-বৌদ্ধ মূলৰপৰা আখ্যানবোৰ লোৱা হৈছে, আৰু মাত্ৰ জাতকৰ ৰূপ দিবলৈ তাত বোধিসত্ত্বৰ অৱতাৰণা কৰা হৈছে৷ জাতকবোৰৰ প্ৰত্যেকটোতে একোটা নৈতিক আদৰ্শ উত্থাপন কৰা হৈছে, কৰ্মফল আৰু জন্মান্তৰবাদৰ যোগেদি পাপ-পূণ্যৰ ওপৰত গুৰুত্ব দিয়া হৈছে৷ জাতকবোৰ সাহিত্যগুণসম্পন্ন৷ বহুতো জাতকত অতীত কালৰ ৰাজনীতি, সমাজনীতি, আচাৰ-ব্যৱহাৰ ইত্যাদিৰ বিষয়ে অনেক তথ্য পোৱা যায়৷ জাতকবোৰ পৃথিৱীৰ বিভিন্ন ভাষালৈ বৰ্তমান সময়ত অনুবাদ হৈছে৷ [1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 প্ৰফুল্ল কটকী. "প্ৰফুল্ল কটকী". জ্যোতি প্ৰকাশন. পৃষ্ঠাসমূহ: ৯১.