সমললৈ যাওক

ভগীৰথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভগীৰথ

ভগীৰথৰ তপস্যাৰ ভাস্কৰ্য্য আৰু গংগাৰ অৱতৰণ, মহাবলীপুৰম
সন্তান শ্ৰুত (পুত্ৰ), হংসী (কণ্যা)
হিন্দু পাঠ্য ৰামায়ণ, মহাভাৰত, পুৰাণ
অঞ্চল অযোধ্যা

ভগীৰথ (সংস্কৃত: भगीरथ) হিন্দু সাহিত্যৰ ইক্ষ্বাকু বংশৰ এজন কিংবদন্তিমূলক ৰজা। হিন্দু দেৱী গংগাক পবিত্ৰ গঙ্গা নদীৰ ৰূপত স্বৰ্গৰ পৰা তপস্যা কৰি পৃথিৱীলৈ নমাই অনাৰ কিংবদন্তিৰ বাবে তেওঁ বেছিকৈ পৰিচিত।[1]

কিংবদন্তী

[সম্পাদনা কৰক]

ভগীৰথাপ্ৰয়তনম

[সম্পাদনা কৰক]

ভাগীৰথৰ প্ৰ-পিতামহ ৰজা সগৰে এবাৰ অশ্বমেধ যজ্ঞ কৰিছিল যদিও যজ্ঞৰ ঘোঁৰা ইন্দ্ৰই চুৰি কৰি লৈ গৈছিল। ইন্দ্ৰ দেৱতাই ঘোঁৰাটোক পাতালত বন্দী কৰি ৰাখিছিল, য’ত কপিল ঋষিয়ে তপস্যা কৰি আছিল। সগৰৰ ৬০,০০০ পুত্ৰই বিচাৰি বিচাৰি পাতালত ঘোঁৰাটো পালেগৈ, তাৰ পিছত তেওঁলোকে কপিল মুনিক টান শব্দৰে গালি পাৰিবলৈ ধৰিলে। ঋষি ক্ৰোধিত হৈ সগৰৰ ৬০ হাজাৰ পুত্ৰক অভিশাপ দি ভষ্ম কৰিলে। এই শাপগ্ৰস্থ পুত্ৰসকলৰ অন্ত্যেষ্টিক্ৰিয়া প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সম্পন্ন কৰি থকা হৈছিল। যেতিয়া ভাগীৰথ অযোধ্যাৰ ৰাজ সিংহাসনত আৰোহণ কৰে, তেওঁ শাপগ্ৰস্থ পূৰ্বপুৰুষ সকলৰ সদগতিৰ বাবে গংগা দেৱীক আমন্ত্ৰণ কৰিবলৈ হিমালয়ত তপস্যা কৰিবলৈ গৈছিল। গংগা দেৱী তপস্যাত সন্তুষ্ট হৈ ভগীৰথক ক’লে যে যদি তেওঁ স্বৰ্গৰ পৰা পৃথিৱীলৈ নামি যায় তেন্তে তেওঁৰ তললৈ বৈ অহা ধাৰাটো ধৰি ৰখা কঠিন হ’ব। কেৱল মহাদেৱেহে সেই গতি ধৰি ৰাখিব পাৰিব। সেয়ে তেওঁ ভগীৰথক শিৱৰ অনুগ্ৰহ লাভ কৰিবলৈ ক’লে। তাৰ পিছত ৰজাই কৈলাসলৈ গৈ সহস্ৰাব্দ কাল শিৱক তপস্যা কৰিলে, আৰু তেওঁৰ চুলিৰ মাজেৰে গংগা বৈ যোৱাৰ ক্ষেত্ৰত তেওঁৰ সহযোগিতা বিচাৰিলে। শিৱই তেওঁক বৰদান দিলে, আৰু সেই ঠাইতে থিয় হৈ ৰ’ল আৰু গংগাৰ তীব্ৰ গতিক ধাৰাটো তেওঁৰ জঁটাৰ ওপৰত হুৰহুৰাই বৈ যাবলৈ ধৰিলে। হাজাৰ বছৰ ধৰি শিৱৰ জঁটাৰ মাজেৰে গংগা ববলৈ ধৰিলে। ভগীৰথে শিৱক পুনৰ তপস্যা কৰি তেওঁৰ জঁটা জোকাৰি ভাৰতৰ সমভূমিৰ ওপৰত গংগাৰ এটা টোপাল পেলাবলৈ অনুৰোধ কৰিলে। মাটিত পৰা সেই টোপালটোৱেই গংগা ৰূপ লৈ ভাৰতভূমিয়েদি পাতাললৈ বৈ গ’ল আৰু সগৰৰ পুত্ৰসকলৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে।[2] কিংবদন্তিৰ এই খণ্ডটোকে ভগীৰথাপ্ৰয়তনম বুলি কোৱা হয়, যাৰ আক্ষৰিক অৰ্থ হৈছে, “ভাগীৰথৰ শ্ৰম বা প্ৰযত্ন”।[3][4]

ভগীৰথৰ এই প্ৰচেষ্টাৰ স্মৰণত গংগা নদীৰ মোহনাৰ পৰা দেৱপ্ৰয়াগত অলকনন্দা নদীৰ সৈতে লগলগালৈকে এই ধাৰাটোক স্থানীয় লোকে ভাগীৰথী বুলি কয়। গংগাৰ ভাগীৰথী ধাৰা (কলকাতাৰ মাজেদি বৈ যোৱা আৰু গংগা নামেৰে পূজনীয়) আৰু বংগ উপসগৰৰ সংগমস্থলীত থকা সগৰ দ্বীপক কপিলে ঋষিয়ে ধ্যান কৰা পৌৰাণিক পাতাল বুলি চিনাক্ত কৰা হৈছে। ভাগীৰথৰ পূৰ্বপুৰুষ ৰজা সগৰৰ সন্মানত সমুদ্ৰ (সম-উদ্ৰ)ক সাগৰ বুলি কোৱা হয়। কপিল মুনিৰ আশ্ৰমখন সগৰ দ্বীপত অৱস্থিত আৰু ইয়াত প্ৰতি বছৰে মকৰ সংক্ৰান্তিৰ দিনা বাৰ্ষিক গংগাসগৰ মেলা আৰু গা ধোৱা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

পাতালৰ দিশে বৈ যোৱাৰ সময়ত গংগাই জাহ্নু ঋষিৰ আশ্ৰম বুৰাই পেলাইছিল। দেৱীৰ অহংকাৰক শাস্তি দিবলৈ ঋষিয়ে নদীখন গিলি পেলালে। ভাগীৰথৰ অনুৰোধতহে ঋষিয়ে নিজৰ কাণেৰে নদীখন বাহিৰলৈ উলিয়াই দিবলৈ সন্মতি প্ৰদান কৰিলে। তেতিয়াৰ পৰাই গংগা দেৱীয়ে জাহ্নৱী নাম লাভ কৰে।[5][6][7]

হাইদৰাবাদত থকা ভগীৰথৰ মুৰ্তি

পূৰ্বপুৰুষৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত ভগীৰথে পুনৰ ৰজা হিচাপে শাসন কাৰ্য আৰম্ভ কৰে। তেওঁৰ ৰাজত্বকালত তেওঁৰ প্ৰজাসকল ধনী আৰু সমৃদ্ধিশালী আছিল।[8]

মহাভাৰতত উল্লেখ আছে যে ৰজাই গোদান দিয়াৰ ক্ষেত্ৰত অতিশয় কাৰ্যকাৰিতা লাভ কৰিছিল, কোহলা ঋষিক তেওঁ লাখ লাখ গৰু আৰু পোৱালি দান কৰিছিল।[9]

পৃথিৱী এৰি যোৱাৰ আগতে তেওঁ নিজৰ বিখ্যাত কন্যা হংসীক কৌত্‌স ঋষিলৈ বিয়া দিছিল।[10]

সাহিত্য

[সম্পাদনা কৰক]

নাৰদ পুৰাণ

[সম্পাদনা কৰক]

নাৰদ পুৰাণৰ মতে ৰজা ভগীৰথে যমক সন্তুষ্ট কৰে, আৰু তেওঁৰ সৈতে ধৰ্মৰ স্বৰূপ সম্পৰ্কে আলোচনা কৰে। ব্ৰাহ্মণক কৰ্মসংস্থাপন আৰু ধন দান কৰা, বিষ্ণু আৰু শিৱ মন্দিৰ নিৰ্মাণ কৰা, পূৰ্বতে উল্লেখ কৰা দুই দেৱতাৰ বাবে কৰিবলগীয়া ৰীতি-নীতি, ভোকাতুৰ লোকক খাদ্য দান কৰা, পুণ্য অৰ্জন আদি বিভিন্ন ধৰণৰ ধাৰ্মিক কৰ্মৰ বিষয়ে যমে উপদেশ দিয়ে। যমে পাপৰ স্বৰূপৰ লগতে অস্তিত্বত থকা বিভিন্ন নৰকৰ বৰ্ণনা আগবঢ়াই। যম দেৱতাই শিৱৰ সমতুল্য বিষ্ণুক পূজা কৰিবলৈ ৰজাক নিৰ্দেশ দিয়ে আৰু গংগাৰ অৱতৰণৰ দ্বাৰা পূৰ্বপুৰুষক নৰকৰ পৰা মুক্ত কৰাৰ ভৱিষ্যতৰ বিষয়ে অৱগত কৰে।[11]

অসমীয়া সাহিত্য

[সম্পাদনা কৰক]

অসমীয়া সাহিত্যত ভগীৰথৰ কিংবদন্তি কিছু পৃথককৈ পোৱা যায়। ভবানন্দৰ হৰিবংশ কাব্যৰ মতে ভগীৰথক তেওঁ পূৰ্বপুৰুষক ঋষিৰ শাপৰ পৰা উদ্ধাৰ কৰাৰ উপায় যমে দিয়া নাছিল, ব্ৰহ্মাইহে দিছিল।[12] সেইদৰে জাহ্নৱীৰ জন্ম কাহিনীও হৰিবংশত অলপ বেলেগকৈ বৰ্ণনা কৰা হৈছে। এবাৰ সদাশিৱৰ মেঘ মল্লাৰ ৰাগ শুনি নাৰায়ন পমি গৈ পানীলৈ ৰূপান্তৰ হৈ পৰে। আৰু সেই পানীয়েই জাহ্নৱী নামেৰে শিৱৰ জঁটাত স্থিতি লাভ কৰে। আৰু গংগা হৈছে সেই জাহ্নৱী আৰু শিৱৰ পুত্ৰী।[12]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. www.wisdomlib.org (2012-06-29). "Bhagiratha, Bhagīratha: 23 definitions" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/definition/bhagiratha#purana আহৰণ কৰা হৈছে: 2022-10-22.
  2. www.wisdomlib.org (2019-01-28). "Story of Bhagīratha" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241460.html আহৰণ কৰা হৈছে: 2022-10-22.
  3. Thomas, Paul (1955) (en ভাষাত). Epics, Myths and Legends of India: A Comprehensive Survey of the Sacred Lore of the Hindus, Buddhists and Jains. D.B. Taraporevala. পৃষ্ঠা. 102. https://books.google.com/books?id=_EIvAAAAYAAJ&q=Bhagirathaprayatnam.
  4. Mani, Vettam (2015-01-01) (en ভাষাত). Puranic Encyclopedia: A Comprehensive Work with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. পৃষ্ঠা. 114. ISBN 978-81-208-0597-2. https://books.google.com/books?id=mvXsDwAAQBAJ&dq=bhagiratha+son&pg=PA114.
  5. Mankodi, Kirit (1973) "Gaṅgā Tripathagā"Artibus Asiae 35(1/2): pp. 139-144, p. 140
  6. "The Mahabharata, Book 3: Vana Parva: Tirtha-yatra Parva: Section CVIII". www.sacred-texts.com. http://www.sacred-texts.com/hin/m03/m03108.htm আহৰণ কৰা হৈছে: 2019-04-14.
  7. www.wisdomlib.org (2019-01-28). "Story of Jahnu" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/compilation/puranic-encyclopaedia/d/doc241633.html আহৰণ কৰা হৈছে: 2022-10-22.
  8. www.wisdomlib.org (2020-09-21). "King Bhagiratha completes the funeral rites for his ancestors [Chapter 44"] (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-ramayana-of-valmiki/d/doc423894.html আহৰণ কৰা হৈছে: 2022-10-22.
  9. (en ভাষাত) The Mahabharata. Bharata Press. 1893. পৃষ্ঠা. 621. https://books.google.com/books?id=miBBAQAAMAAJ&dq=kautsa+bhagiratha&pg=RA1-PA637-IA6.
  10. Mani, Vettam (2015-01-01) (en ভাষাত). Puranic Encyclopedia: A Comprehensive Work with Special Reference to the Epic and Puranic Literature. Motilal Banarsidass. পৃষ্ঠা. 115. ISBN 978-81-208-0597-2. https://books.google.com/books?id=mvXsDwAAQBAJ&dq=bhagiratha+son&pg=PA114.
  11. www.wisdomlib.org (2013-05-25). "Bhagiratha and the Ganga" (en ভাষাত). www.wisdomlib.org. https://www.wisdomlib.org/hinduism/book/the-narada-purana/d/doc57532.html আহৰণ কৰা হৈছে: 2022-10-22.
  12. 1 2 অসমীয়া সাহিত্যৰ চানেকি (দ্বিতীয় খণ্ড, চতুৰ্থ ভাগ) (১৯২৪ খ্ৰীষ্টাব্দ), সম্পাদক: হেমচন্দ্ৰ গোস্বামী, পৃষ্ঠা: ১২৯৭–১৩০৭