সমললৈ যাওক

চেনাব নদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চেনাব নদী (ইংৰাজী: Chenab River) হৈছে ভাৰত আৰু পাকিস্তানত প্ৰবাহিত এক মুখ্য নদী, আৰু ই পঞ্জাব অঞ্চলৰ ৫খন মুখ্য নদীৰ ভিতৰত এখন। ই ভাৰতৰ হিমাচল প্ৰদেশৰ লহোৱাল আৰু স্পিতি জিলাৰ হিমালয়ৰ পৰা আৰম্ভ হৈ জম্মু আৰু কাশ্মীৰৰ জম্মু অঞ্চলৰ মাজেৰে পাকিস্তানৰ পঞ্জাবৰ সমভূমিলৈ প্ৰবাহিত হয় আৰু শেষত সিন্ধু নদীত মিলিত হয়। সিন্ধু পানী চুক্তিৰ চৰ্তাৱলীৰ অধীনত চেনাবৰ পানী পাকিস্তানক আৱণ্টন কৰা হৈছে।[1][2]

চেনাব নদীখন ভাৰতৰ হিমাচল প্ৰদেশৰ লহোৱাল আৰু স্পিতি জিলাৰ কিল'ঙৰ পৰা ৮ কিমি দক্ষিণ-পশ্চিমত অৱস্থিত তাণ্ডী নামৰ ঠাইত চন্দ্ৰা আৰু ভাগা নামৰ দুখন নদীৰ সংমিশ্ৰণৰ দ্বাৰা সৃষ্টি হৈছে।[3]

চেনাব নদীক ঋগবেদত আছিকনি (সংস্কৃত: असिक्নী) বুলি কোৱা হৈছিল। নামটোৰ অৰ্থ আছিল, ইয়াৰ পানীৰ ৰং গাঢ়।[4][5] কৃষ্ণা শব্দটো অথৰ্ববেদতো পোৱা যায়।[6] আস্কিকনিৰ পিছৰ এটা ৰূপ আছিল ইস্কামতি‍ (সংস্কৃত: ইস্কামতি‍) আৰু গ্ৰীক ৰূপ আছিল: Ἀκεσίνης – আকেচিনেছ; লেটিন ৰূপ ল'লে‍ কৰি এচেচিনেছ৷[4][5]

মহাভাৰতত এই নদীৰ সাধাৰণ নাম চন্দ্ৰভাগা (সংস্কৃত: चन्द्र भागा) আছিল কাৰণ এই নদীখন চন্দ্ৰ আৰু ভাগা নদীৰ সংগমৰ পৰা গঠিত।[6][7] এই নামটো প্ৰাচীন গ্ৰীকসকলেও জানিছিল, যিসকলে ইয়াক বিভিন্ন ৰূপত যেনে চেণ্ড্ৰফেগছ, চাণ্ডাবাগা আৰু কেন্টাব্ৰা আদি ৰূপত হেলেনিজ কৰিছিল৷[5]

চন্দ্ৰভাগাক 'চেনাব'লৈ সৰলীকৰণ স্পষ্টকৈ‍ পাৰ্চী প্ৰভাৱৰ ফল, সম্ভৱতঃ এইয়া মধ্যযুগৰ আৰম্ভণিতে সংঘটিত হৈছিল আৰু সেইয়া আলবেৰুনিৰ তথ্যত দেখা যায়।[8]

ভাৰতৰ হিমাচল প্ৰদেশ ৰাজ্যৰ লাহৌল আৰু স্পিটি জিলাৰ কীলঙৰ পৰা ৮ কিলোমিটাৰ (৫.০ মাইল) দক্ষিণ-পশ্চিমে থকা টাণ্ডিত চন্দ্ৰ আৰু ভাগা নামৰ দুখন নদীৰ সংগমেৰে এই নদীখন গঠিত।[9]

এই ভাগা নদীৰ উৎপত্তি হৈছে হিমাচল প্ৰদেশৰ বৰা-লাচা লা পাছৰ পৰা কেইকিলোমিটাৰমান পশ্চিমে অৱস্থিত সূৰ্য তাল হ্ৰদৰ পৰা। চন্দ্ৰ নদীৰ উৎপত্তি একেটা পাছৰ পূব দিশৰ (চন্দ্ৰ তালৰ ওচৰত) হিমবাহৰ পৰা।[10][3] এই পাছটোৱে এই দুই নদীৰ মাজত জল-বিভাজনৰ কামো কৰে৷[11] চন্দ্ৰ নদী ১১৫ কিলোমিটাৰ (৭১ মাইল) তললৈ বোৱাৰ হোৱাৰ বিপৰীতে ভাগা নদী তাণ্ডীৰ সৈতে‍ সংগম হোৱাৰ আগতে সংকীৰ্ণ গিৰিখাতৰ মাজেৰে ৬০ কিলোমিটাৰ (৩৭ মাইল) ক্ৰমশঃ পাৰ হৈ গৈছে‍।[12]

ইয়াৰ পিছত চন্দ্ৰ-ভাগা জম্মু-কাশ্মীৰৰ জম্মু সংমণ্ডলত প্ৰৱেশ কৰাৰ পূৰ্বে হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ মাজেৰে বৈ গৈ কিষ্টৱাৰ, ডোডা, ৰামবান, ৰিয়াছি আৰু জম্মু জিলাৰ মাজেৰে বৈ গৈছে‍। ই পাকিস্তানত প্ৰৱেশ কৰি পঞ্জাব প্ৰদেশৰ মাজেৰে বৈ গৈ ছটলেজত খালী হৈ পাঞ্জনাদ নদী গঠন কৰে।

বৈদিক যুগৰ পৰাই ভাৰতীয়সকলে এই নদীখনৰ সৈতে পৰিচিত৷[13][14][15] খ্ৰীষ্টপূৰ্ব ৩২৫ চনত মহান আলেকজেণ্ডাৰে সিন্ধু আৰু পঞ্জাৱ নদী (বৰ্তমান পাঞ্জনাদ নদী নামেৰে জনাজাত)ৰ সংগমস্থলীত সিন্ধু নদীৰ ওপৰত (বৰ্তমান পাকিস্তানৰ উচ শ্বৰীফ বা মিথানকোট বা চাচৰণ) আলেকজেণ্ড্ৰিয়া চহৰ প্ৰতিষ্ঠা কৰিছিল বুলি দাবী উঠিছে।[16] আৰিয়ানে আলেকজেণ্ডাৰৰ এনাবেচিছত প্ৰত্যক্ষদৰ্শী টলেমি লেগিডেছৰ উদ্ধৃতি দি লিখিছে যে আলেকজেণ্ডাৰে পাৰ হোৱা ঠাইত নদীখন ২ মাইল বহল আছিল।[17]

নদীবান্ধ

[সম্পাদনা কৰক]

ভাৰতত এই নদীখনৰ বিদ্যুৎ উৎপাদনৰ চহকী সম্ভাৱনা আছে। দেশত জলবিদ্যুৎ শক্তি উৎপাদনৰ উদ্দেশ্যে চেনাবৰ ওপৰত বহু বান্ধ নিৰ্মাণ, নিৰ্মাণৰ কাম বা নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে, যাৰ ভিতৰত আছে:

  1. ৰামবনৰ সমীপত বাগলীহাৰ জলবিদ্যুৎ শক্তি প্ৰকল্প (৯০০ মেগাৱাট)।
  2. ছালাল বান্ধ – ৰেছিৰ ওচৰত ৬৯০ মেগাৱাট জলবিদ্যুৎ শক্তি প্ৰকল্প৷
  3. দুল হস্তী জলবিদ্যুৎ প্লাণ্ট – কিষ্টৱাৰ জিলাত ৩৯০ মেগাৱাট ধৰণৰ শক্তি প্ৰকল্প৷
  4. ৰেটলে জলবিদ্যুৎ প্লাণ্ট – কিষ্টৱাৰ জিলাৰ দ্ৰাবশাল্লাৰ ওচৰৰ নিৰ্মাণাধীন বিদ্যুৎ কেন্দ্ৰ৷
  5. পাকল দুল বান্ধ – কিষ্টৱাৰ জিলাৰ উপনৈ মাৰুছাদাৰ নদীৰ ওপৰত প্ৰস্তাৱিত শক্তি প্ৰকল্প৷
  6. কিৰু জলবিদ্যুৎ শক্তি প্ৰকল্প (৬২৪ মেগাৱাট প্ৰস্তাৱিত) কিষ্টৱাৰ জিলাত অৱস্থিত৷
  7. কিষ্টৱাৰ জিলাত অৱস্থিত কিষ্টৱাৰ জলবিদ্যুৎ শক্তি প্ৰকল্প (৫৪০ মেগাৱাট প্ৰস্তাৱিত)।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "River Chenab". Archived from the original on 27 September 2007. https://web.archive.org/web/20070927024646/http://waterinfo.net.pk/pdf/riverchenab.PDF আহৰণ কৰা হৈছে: 8 Dec 2016.
  2. "Indus Waters Treaty". The World Bank. Archived from the original on 16 December 2016. https://web.archive.org/web/20161216170258/http://web.worldbank.org/WBSITE/EXTERNAL/COUNTRIES/SOUTHASIAEXT/0,,contentMDK:20320047~pagePK:146736~piPK:583444~theSitePK:223547,00.html আহৰণ কৰা হৈছে: 8 Dec 2016.
  3. 1 2 Gosal, G.S. (2004). "Physical Geography of the Punjab". Journal of Punjab Studies (Center for Sikh and Punjab Studies, University of California) খণ্ড 11 (1): 31. ISSN 0971-5223. Archived from the original on 2012-06-08. https://web.archive.org/web/20120608214642/http://www.global.ucsb.edu/punjab/journal_11_1/3_gosal.pdf আহৰণ কৰা হৈছে: 2009-08-06.
  4. 1 2 Kapoor, Subodh (2002), Encyclopaedia of Ancient Indian Geography, Cosmo Publications, p. 80, ISBN 978-81-7755-298-0, https://books.google.com/books?id=JggZAQAAIAAJ
  5. 1 2 3 Kaul, Antiquities of the Chenāb Valley in Jammu 2001, পৃষ্ঠা. 1.
  6. 1 2 Kaul, Antiquities of the Chenāb Valley in Jammu 2001, পৃষ্ঠা. 2.
  7. Handa, O. C.; Omacanda Hāṇḍā (1994), Buddhist Art & Antiquities of Himachal Pradesh, Upto 8th Century A.D., Indus Publishing, pp. 126–, ISBN 978-81-85182-99-5, https://books.google.com/books?id=6Cqgb9pL3L4C&pg=PA126
  8. Kazmi, Hasan Askari (1995), The makers of medieval Muslim geography: Alberuni, Renaissance, p. 124, ISBN 9788185199610, https://books.google.com/books?id=ggOAAAAAMAAJ
  9. Naqvi, Saiyid Ali (2012). Indus Waters and Social Change: The Evolution and Transition of Agrarian Society in Pakistan. Oxford University Press Pakistan. পৃষ্ঠা. 13. ISBN 978-0-19-906396-3.
  10. Naqvi, Saiyid Ali (2012), Indus Waters and Social Change: The Evolution and Transition of Agrarian Society in Pakistan, Oxford University Press Pakistan, p. 13, ISBN 978-0-19-906396-3, https://books.google.com/books?id=45bcAgAAQBAJ&pg=PA13
  11. R. K. Pant; N. R. Phadtare; L. S. Chamyal; Navin Juyal (June 2005). "Quaternary deposits in Ladakh and Karakoram Himalaya: A treasure trove of the palaeoclimate records". Current Science খণ্ড 88 (11): 1789–1798. http://www.ias.ac.in/currsci/jun102005/1789.pdf আহৰণ কৰা হৈছে: 2009-08-06.
  12. "Lahaul & Spiti". Archived from the original on 16 April 2019. https://web.archive.org/web/20190416151413/http://www.hill-stations-india.com/lahaul-spiti.html আহৰণ কৰা হৈছে: 7 August 2018.
  13. Yule, Henry; Burnell, Arthur Coke; Crooke, William (1903). Hobson-Jobson: A glossary of Anglo-Indian colloquial words & phrases and of kindred terms. Murray. পৃষ্ঠা. 741. https://archive.org/details/bub_gb_6Z5iAAAAMAAJ. "chenab ancient name."
  14. "River, Chenab River on Encyclopædia Britannica". https://www.britannica.com/place/Chenab আহৰণ কৰা হৈছে: 8 Dec 2016.
  15. Encyclopædia Britannica article on the Chenab
  16. "Alexandria (Uch)". Archived from the original on 10 May 2008. https://web.archive.org/web/20080510153840/http://www.livius.org/a/pakistan/uch/alexandria.html আহৰণ কৰা হৈছে: 26 March 2020.
  17. Arrian (2010). Romm, James. ed. The Landmark Arrian : the Campaigns of Alexander; Anabasis Alexandrous : a new translation. প্ৰকাশক New York: Pantheon Books. পৃষ্ঠা. 222. ISBN 9780375423468. OCLC 515405268. https://archive.org/details/isbn_9780375423468/page/222/mode/1up আহৰণ কৰা হৈছে: 9 July 2023.