সমললৈ যাওক

ৰমন্যাসবাদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰমন্যাসবাদ (ইংৰাজী: Romanticism) বুলিলে এক শৈল্পিক, সাহিত্যিক, সাংগীতিক আৰু বৌদ্ধিক আন্দোলনক বুজা যায় যি অষ্টাদশ শতিকাৰ শেষৰ ফালে ইউৰোপত উদ্ভৱ হৈছিল। ইংৰাজী ভাষাৰ ৰোমাঞ্চ শব্দটো মূলতঃ ফৰাচী ভাষাৰ পৰা আহিছে। প্ৰাচীন ফৰাচী ভাষাত romans আৰু romanz এই দুটা ৰূপত ব্যৱহৃত শব্দটোৰ পৰা আহিছে। এই ফৰাচী শব্দটো মধ্যযুগীয় ইংৰাজী ভাষাত romauns আৰু romaunce ৰূপে প্ৰবেশ কৰে। তেতিয়া অৰ্থ আছিল – ‘something composed in French, tale in verse’। ৰোমাঞ্চৰ উৎপত্তি স্থান সম্পৰ্কে ইউৰোপীয় পণ্ডিতসকলৰ দ্বিমত আছে। কোনোৱে ইয়াক কেৱল European form বুলি উল্লেখ কৰাৰ পৰিৱৰ্তে কিছুসংখ্যকে ইয়াৰ উৎপত্তি স্থল Western Europe বুলি কৈছে।[1] ৰোমাঞ্চসমূহ বিষয়বস্তুতকৈ বিশেষ বৰ্ণনাশৈলীৰ উদ্ভাৱনৰ বাবে বেছি তাৎপৰ্যপূৰ্ণ বুলি চিহ্নিত কৰিব পাৰি। বীৰত্বপূৰ্ণ কাৰ্যকলাপ, দুঃসাহসিক আৰু বিপদ সংকুল অভিযান, ৰোমাণ্টিক প্ৰেম ইত্যাদিসমূহেই ৰোমাঞ্চৰ প্ৰধান বিষয়বস্তু আছিল বুলি জনা যায়।

এই ‘ৰোমাঞ্চ’ শব্দটোও আহিল ‘ৰোমানা’ শব্দটোৰ পৰা। ৰোম দেশৰ ভাষাৰ পৰা অৰ্থাৎ লেটিনৰ পৰা অনূদিত কাহিনীক কোৱা হৈছিল ৰোমানা। ৰোমানৰ পৰা ৰোমাঞ্চ আৰু ৰোমাঞ্চৰ পৰা ৰোমাণ্টিক শব্দৰ উৎপত্তি হ’ল। সাহিত্য-সমালোচনাৰ ক্ষেত্ৰত ‘ৰোমাণ্টিক’ শব্দটো সৰ্বপ্ৰথমে ব্যৱহাৰ কৰিছিল জাৰ্মান দাৰ্শনিক সমালোচক শিগেলে। তেওঁ ‘ৰোমাণ্টিক’ পদটো ‘ক্লাছিক’ পদৰ বিপৰীতধৰ্মী বুলি উল্লেখ কৰিছিল আৰু তাৰ পাছৰ পৰাই ইংলণ্ড আৰু ফ্ৰান্সত তেনে অৰ্থতে এই পদটো সণ্ঢালনিকৈ ব্যৱহাৰ হ’বলৈ ধৰে।

ৰোমাঞ্চ বা ৰোমাণ্টিক শব্দটো অসমীয়া ভাষালৈ সোমাই আহিছে উনবিংশ শতিকাৰ শেষৰ ফালেহে। এই শব্দটো অসমীয়া ভাষাৰ পৰিভাষা স্বৰূপে "নৱন্যাস" শব্দটো ব্যৱহৃত হৈ আহিছে। কবি সমালোচক মহেন্দ্ৰ বৰাই ১৯৭৬ চনত "ৰোমাণ্টিক" শব্দটোৰ অসমীয়া ভাষাৰ পৰিভাষা স্বৰূপে "ৰমন্যাস" শব্দটো ব্যৱহাৰ কৰে। তেওঁৰ "ৰমন্যাসবাদ" গ্ৰন্থখনত ব্যৱহাৰ কৰে।[2]

ৰমন্যাসবাদ সংজ্ঞা

[সম্পাদনা কৰক]

ৰমন্যাসবাদ কেইটামান সংজ্ঞাই ৰমন্যাসবাদৰ বিশেষত্বসমূহক অধিক স্পষ্ট কৰি তুলিব। তেনেধৰণৰ কেইটামান সংজ্ঞা হ'ল:

  • ৱাল্টাৰ পেটাৰৰ মতে, “ৰমন্যাসবাদ হ'ল সৌন্দৰ্যৰ লগত অপৰিচিতৰ সংযোজন।”[3]
  • সমালোচক এম্বাৰক্ৰম্বিয়ে Romanticism নামৰ গ্ৰন্থখনৰ মতে, “ৰমন্যাসবাদ হ’ল বাহ্যিক অভিজ্ঞতাৰ পৰা আঁতৰি গৈ অৰ্ন্তলোকৰ ওপৰত মনোনিবেশ কৰা।”
  • বাটছ ডাণ্টনৰ মতে, “ৰমন্যাসবাদ হ’ল বিস্ময়ৰ পুৰ্নজাগৰণ (Renascence of wonder)।”
  • ফৰাচী ঔপন্যাসিক ভিক্টৰ হিউগ’ৰ মতে, “ৰমন্যাসবাদ হ’ল সাহিত্যত উদাৰতাবাদ।”[4]
  • হাৰফোৰ্ডৰ মতে, “কল্পনা শক্তিৰ অসামান্য বিকাশ বা অসাধাৰণ বিকাশেই হ'ল ৰমন্যাসবাদ।”

ৰমন্যাসবাদৰ বিশেষত্ব

[সম্পাদনা কৰক]

ৰমন্যাসবাদৰ কিছুমান বিশেষত্ব আছে। সেইসমূহ নিৰ্ণয় কৰিব পৰা যায় এনেদৰে:

  • ৰমন্যাসিক কবিতাৰ প্ৰথম বৈশিষ্ট্য হ’ল, বন্ধনমুক্তিৰ আদৰ্শ। অষ্টাদশ শতিকাৰ নৱ্যধ্ৰুপদী কবিসকলে কিছুমান ধৰা বন্ধা নীতি আগত ৰাখি কবিতা বচনা কৰিছিল। ৰোমাণ্টিক কবিসকলে কিন্তু এই নীতি-নিয়মৰ বন্ধনৰ পৰা নিজকে মুক্ত কৰাৰ প্ৰয়াস কৰিছিল। প্ৰকৃততে ৰমন্যাসিক কাব্য আন্দোলনে গঢ় লৈ উঠিছিল নৱৱ্য ধ্ৰুপদীসকলৰ ৰীতিবদ্ধতাৰ বিৰুদ্ধে বিদ্ৰোহাচৰণ কৰাৰ ফলশ্ৰুতি স্বৰূপেই। সেইবাবেই ৰমন্যাসবাদক 'liberalism in literature' বা 'সাহিত্যত আত্মমুক্তিৰ জয়গান' বুলি কোৱা হয়।
  • ৰোমাণ্টিক কবিতাৰ দ্বিতীয় প্ৰধান বৈশিষ্ট্য হ’ল প্ৰকৃতি-প্ৰীতি। ৰোমাণ্টিক কবিতাত ‘প্ৰকৃতি’ স্বয়ংসম্পূৰ্ণ স্বকীয় সত্তা ৰূপে প্ৰাণদায়িনী শক্তিৰ উৎস ৰূপে পৰিগণিত হয়। প্ৰকৃতি কেৱল ঘটনাৰ পৃষ্ঠভূমি হৈ নাথাকিল। প্ৰকৃতিৰ বিভিন্ন উপাদান, যেনে ফুল, চৰাই, গছ-পাত আদি সকলোতে তেওঁলোকে আৰোপ কৰিলে।
  • প্ৰকৃতি-প্ৰীতিৰ লগতে চহা জীৱনৰ প্ৰতি আৰু গাঁৱলীয়া জীৱনৰ প্ৰতি গভীৰ আকৰ্ষণো ৰমন্যাসিক সাহিত্যৰ অন্যতম লক্ষণ। ধ্ৰুপদী সাহিত্যৰ নগৰীয়া চৌখিন জীৱনৰ চিত্ৰণৰ বিপৰীতে ৰোমাণ্টিক সাহিত্যত চিহ্নিত হৈছিল গাঁৱলীয়া সৰল জীৱনৰ চিত্ৰ— ভেড়াৰখীয়া, কুটীৰ বাসী, সাধাৰণ লোকৰ সহজ-সৰল জীৱনৰ চিত্ৰ।
  • ৰোমাণ্টিক সাহিত্যৰ আন এটি প্ৰধান বৈশিষ্ট্য হ’ল মধ্যযুগ প্ৰীতিৰ মনোভাৱ। এইটো যুগৰ কবিসকলে সমসাময়িক সমাজখনৰ লগত নিজকে জীন নিয়াব পৰা নাছিল। জড়বাদী দৃষ্টিভংগী, সামাজিক অত্যাচাৰ-অনাচাৰ আদিয়ে তেওঁলোকৰ মনত এক তিক্ততাৰ ভাব সৃষ্টি কৰিছিল আৰু তাৰ পৰিত্ৰাণ বিচাৰি তেওঁলোকে শান্তিৰ উৎস সন্ধান কৰিছিল মধ্যযুগৰ মাজত।
  • কল্পনাপ্ৰৱণতা বা কল্পনাপ্ৰিয়তা আৰু ভাবাবেগৰ প্ৰাধান্য ৰমন্যাসবাদৰ এটা মুখ্য বৈশিষ্ট্য। নব্যধ্ৰুপদীসকলৰ যুক্তি, বিচাৰবুদ্ধি বা বিচাৰমত্তা আৰু বুদ্ধিনিষ্ঠতাৰ ঠাইত কমন্যাসবাদীসকলে অভিসিক্ত কৰিলে কল্পনা আৰু আৱেগ-অনুভূতিক।
  • ছন্দৰ ক্ষেত্ৰতো ৰমন্যাসিক কবিতা বিশেষত্বপূৰ্ণ। স্বাভাৱিকভাৱেই ৰোমাণ্টিক কবিতাৰ ছন্দ প্ৰয়োগৰ ৰীতি আছিল। চহা কবিৰ মৌখিক কবিতাৰ ছন্দকো গীতিময় কবিতাৰ বাহন কৰি লৈছিল।
  • ৰহস্যময়তা আৰু বিস্ময়বোধ প্ৰায়বোৰ ৰসন্যাসিক কবিতাৰে এক সাধাৰণ বিশেষত্ব। তাৰ গাতে আঁউজি গঢ় লোৱা আন এক বিশেষত্ব হ’ল– এই যুগৰ কবি-সাহিত্যিকসকলে বাস্তৱ জীৱনতকৈ এক অতিলৌকিক পৰিৱেশ সৃষ্টি কৰিহে বেছি ভাল পাইছিল। এই ক্ষেত্ৰত কবি ক’লৰিজৰ নাম বিশেষভাৱে উল্লেখনীয়। অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা আৰু ৰজনীকান্ত বৰদলৈৰ উপন্যাস উল্লেখ্যযোগ্য।
  • ৰমন্যাসিক কবিতাত একধৰণৰ বিপ্লৱী সত্তাও নিহিত হৈ থকা দেখিবলৈ পোৱা যায়। ৰোমাণ্টিক কবিসকলে ব্যক্তিস্বাধীনতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। তেওঁলোকে শাসক-শোষক, দমনমূলক আইন-কানুন, সামাজিক শোষণ নিষ্পেষণ, অন্যায় আদিৰ বিৰুদ্ধে বিপ্লৱী মনোভাৱ প্ৰদৰ্শন কৰিছিল।
  • ভাষা প্ৰয়োগৰ ক্ষেত্ৰতো ৰোমাণ্টিক বা ৰমন্যাসিক কবিতাৰ বিশিষ্টতা লক্ষ্য কৰা যায়। ৰমন্যাসিক কবিসকলে কিন্তু তাৰ পৰিৱৰ্তে অনাড়ম্বৰ, অনাড়ষ্ট ধ্বনিশীল ভাষাকহে কবিতাৰ বাহন কৰি ল'লে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ড॰ বসন্ত কুমাৰ শৰ্মা. ৰমন্যাসবাদৰ পটভূমি. নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, গুৱাহাটী. পৃষ্ঠা. ৯. 
  2. নগেন শইকীয়া. সাহিত্য-বাদবৈচিত্ৰ্য. কৌস্তুুভ প্ৰকাশন, ডিব্ৰুগড়. পৃষ্ঠা. ১৭. 
  3. ড॰হেমন্ত কুমাৰ শৰ্মা. সাহিত্যতত্ত্ব. সৰস্বতী প্ৰকাশন,. পৃষ্ঠা. ৬৭. 
  4. ড॰অঞ্জন কুমাৰ ওজা. সাহিত্য সমালোচনা তত্ত্ব. নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন সমিতি, গুৱাহাটী. পৃষ্ঠা. ৩৪. 
  5. ড॰ অঞ্জন কুমাৰ ওজা. সাহিত্য সমালোচনা তত্ত্ব. নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন সমিতি, গুৱাহাটী. পৃষ্ঠা. ৩৭. 

সহায়ক গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]
  • শৰ্মা, বসন্ত কুমাৰ; ৰমন্যাসবাদৰ পটভূমি, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, গুৱাহাটী
  • ওজা, অঞ্জন কুমাৰ; সাহিত্য সমালোচনাৰ তত্ত্ব, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন সমিতি, গুৱাহাটী
  • শইকীয়া, নগেন; সাহিত্য-বাদবৈচিত্ৰ্য, কৌস্তুুভ প্ৰকাশ, মিলন নগৰ, ডিব্ৰুগড়