বুক্সা ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বুক্সা
বুক্সা
থলুৱা অঞ্চল ভাৰত
অঞ্চল উত্তৰাখণ্ড
জাতীয়তা Bhoksa people
স্থানীয় ভাষিক
59,000 (2011 census)e24
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 tkb
গ্লোটোলগ buks1238[1]

বুক্সা, বুক্সাৰী বা ভোক্সা এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি ভাৰতউত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ ৰাজ্যৰ বুক্সা লোকে মুখ্যতঃ ব্যৱহাৰ কৰে। ই অসমীয়া, বাঙালী, মৈথিলী, ভোজপুৰী আদি ভাষাৰ ভগ্নী ভাষা।

উত্তৰাখণ্ডত বুক্সাভাষী লোক ঘাইকৈ উধম সিংহ নগৰ জিলাত পোৱা যায়, যি ৰাজ্যখনৰ পূব দিশৰ কুমাঊঁ অঞ্চলৰ দক্ষিণ ভাগত স্থিত। তাত বজপুৰ আৰু গদৰপুৰ অঞ্চলত বুক্সা ভাষী লোক অধিক সংখ্যাত আছে। নৈনীতাল জিলাৰ ৰামনগৰ অঞ্চলতো কেইবাখনো গাঁৱত বুক্সাৰী ভাষী লোক পোৱা যায়। তদুপৰি ৰাজ্যখনৰ মুখ্য মহানগৰসমূহ, যেনে দেহৰাদূন, হৰিদ্বাৰ আৰু পাউৰীত বুক্সা লোক থাকে।[2]

বুক্সা ভাষাৰ কোনো লিখিত সাহিত্য নাই। কিন্তু এই ভাষাৰ এক স্বকীয় মৌখিক লোকগাথা আৰু লোকগীতৰ পৰম্পৰা আছে।[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Buksa". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/buks1238. 
  2. Pant 2015, পৃষ্ঠা. 3.
  3. Pant 2015, পৃষ্ঠা. 3, 8.

গ্ৰন্থৰ সূচী[সম্পাদনা কৰক]

  • Pant, Jagdish (2015). "Buksa/Buksari". The Languages of Uttarakhand. People's Linguistic Survey of India. 30. প্ৰকাশক Hyderabad: Orient Blackswan. পৃষ্ঠা. 3–26. ISBN 9788125056263.