জৌনসাৰী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জৌনসাৰী
থলুৱা অঞ্চল ভাৰত
অঞ্চল উত্তৰাখণ্ড
জাতীয়তা Jaunsari
স্থানীয় ভাষিক
136,779 (2011)[1]
ভাষা পৰিয়াল
লিখন প্ৰণালী Sirmauri script(Historical)[2]
Devanagari
ভাষা সংকেত
ISO 639-3 jns

 

জৌনসাৰী (দেৱনাগাৰী লিপিত: जौनसारी) এটি পশ্চিমীয়া পাহাড়ী ভাষা যাক উত্তৰাখণ্ড ৰাজ্যৰ গঢ়ৱাল অঞ্চলৰ দেহৰাদুন জিলাৰ চক্ৰতা আৰু কালসীত জৌনসাৰী লোকে ব্যৱহাৰ কৰে।

জৌনসাৰীৰ উপ-ভাষাসমূহে চুবুৰীয়া বংগনী, জৌনপুৰী, নাগপুৰীয়া আৰু সিৰমৌৰীৰ সৈতে প্ৰায় ৬০% শব্দাৱলী একেই ৰাখে।[3]

লিপি[সম্পাদনা কৰক]

অনিল নামৰ ব্যক্তিগৰাকীয়ে জৌনসাৰী ভাষাত কথা কৈছে।

ঐতিহাসিকভাৱে জৌনসাৰী ভাষাৰ বাবে জৌনসাৰী লিপি ব্যৱহাৰ কৰা হৈছিল। বৰ্তমানে কিছু কিছু কামৰ বাবে দেৱনাগৰী লিপি ব্যৱহাৰ কৰা হয়।[4]

জৌনসাৰী লিপিৰ প্ৰদৰ্শন

স্থিতি[সম্পাদনা কৰক]

জৌনসাৰী ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ৰ মতে ই "নিশ্চিতভাৱে লুপ্তপ্ৰায়" শাখাত পৰে। ইয়াৰ অৰ্থ হ'ল যে জৌনসাৰী ভাষা শিশুসকলে প্ৰায় নিশিকা হৈ পৰিছে[5]থ'ন'লগৰ অনুমান ইয়াৰ বিপৰীতে।

২০১৬ চনত উত্তৰাখণ্ডৰ ৰাজ্যিক শিক্ষা ব'ৰ্ডে গঢ়ৱালী, কুমাঊঁনী, জৌনসাৰী আৰু ৰং ভাষাসমূহক পইলট ভিত্তিত প্ৰথমৰ পৰা দশম শ্ৰেণীলৈকে শিকোৱাৰ ব্যৱস্থা কৰিছে, "নিজৰ উত্তৰাখণ্ডক জানক" নামৰ প্ৰকল্পৰ অধীনত।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]