সম্বলপুৰী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Sambalpuri
Western Odia
ওড়িয়া: ସମ୍ବଲପୁରୀ

'Sambalpuri' in Odia script
থলুৱা অঞ্চল India
অঞ্চল Western Odisha
স্থানীয় ভাষিক
সাঁচ:Sigfig million (2011 census)[1]
ভাষা পৰিয়াল
লিখন প্ৰণালী Odia[2][3][4]
ভাষা সংকেত
ISO 639-3 spv
Sambalpuri speaking areas(dialect continuum in green) in Odisha and Chhattisgarh
চীনে ৰেকৰ্ড কৰা তিনিটা ভাষাত কথা কোৱা চাম্বালপুৰী ভাষাবিদ।

সম্বলপুৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি উৰিষ্যাৰ পশ্চিম ভাগত কথিত। এই ভাষাক পশ্চিমীয়া ওড়িয়া আৰু কোসালী নামেৰেও জনা যায়।[5] কোসালী এটি নতুনকৈ জনপ্ৰিয় হৈ উঠা নাম, যি বিবাদাস্পদ, কাৰণ ই ঐতিহাসিক দক্ষিণ কোসল অঞ্চলৰ সৈতে সম্পৰ্কৰ ইংগিত দিয়ে, যি অঞ্চলত বৰ্তমানৰ সম্বলপুৰ অঞ্চলো আছিল।[6]

সম্বলপুৰী ভাষী লোকে সাধাৰণতে সম্বলপুৰীক এক পৃথক ভাষা হিচাপে চায়, যদিও বাহিৰৰ লোকে প্ৰায় ইয়াক ওড়িয়া ভাষাৰ উপভাষা গণ্য কৰে।[7] সম্বলপুৰী ভাষী লোকে আনুষ্ঠানিক কামৰ বাবে ওড়িয়া ব্যৱহাৰ কৰে।[8] ২০০৬ চনৰ এক সমীক্ষাৰ মতে, সম্বলপুৰী আৰু মানক ওড়িয়াৰ শব্দসম্ভাৰত ৭৫% সামঞ্জস্য আছে।[9]

ভৌগোলিক বিতৰণ[সম্পাদনা কৰক]

২০১১ চনৰ ভাৰতীয় জনগণনাত ২ নিযুত ৬৩০ হাজাৰ লোকে নিজৰ মাতৃভাষা সম্বলপুৰী বুলি নথিভুক্ত কৰিছিল, যাৰে প্ৰায় সকলো লোকেই আছিল উৰিষ্যাৰ বাসিন্দা।[10] এই ভাষা কোৱা লোক ঘাইকৈ আছিল বৰগঢ় (১১৩০০০০), সুবৰ্ণপুৰ (৩৬৪০০০), বালনগীৰ (৩৩৫০০০), সম্বলপুৰ (২৭৫০০০), ঝাৰছোগোড়া (২৪৫০০০), নুৱাপাড়া (১৪৫০০০), বৌধ (৯০৭০০) আৰু সুন্দৰগঢ় (৪২৭০০) জিলাৰ বাসিন্দা।[11]

লিপি[সম্পাদনা কৰক]

পশ্চিম উৰিষ্যাৰ শিলালিপি আৰু সাহিত্য কৰ্ম ওড়িয়া লিপিতেই লিখা হৈছিল। ১২৬৮ খ্ৰীষ্টাব্দৰ পূৰ্বী গংগাৰ শাসক ভানু দেৱ ১ৰ স্তম্বেশ্বৰ শিলালিপি আৰু সোণেপুৰৰ ৰজা পৃথ্বী সিংহৰ গোবিন্দপুৰ ৰাজআজ্ঞাত দেখা পোৱাৰ দৰে।[12] ১৭ শতিকাৰ সম্বলপুৰ ৰাজ্যৰ চৌহান ৰজা বলিয়াৰ সিংহৰ কালত লিখা মহাকাব্য কোসলানন্দ কাব্যও সংস্কৃত ভাষাত ওড়িয়া লিপি ব্যৱহাৰ কৰি লিখা হৈছিল।[13]

অতীতত সম্ভৱতঃ দেৱনাগৰী লিপিও ব্যৱহাৰ কৰা হৈছিল।[14]

ধ্বনিতত্ত্ব[সম্পাদনা কৰক]

সম্বলপুৰী ভাষাত ২৮টা ব্যঞ্জনধ্বনি, ২টা উপ-স্বৰধ্বনি আৰু ৫টা স্বৰধ্বনি পোৱা যায়।[15]

ভাষা আন্দোলন[সম্পাদনা কৰক]

সম্বলপুৰী ভাষী লোকে বহু সময় ধৰি এক ভাষা আন্দোলন চলাই আহিছে। এই আন্দোলনৰ মূল দাবী হ'ল সম্বলপুৰী ভাষাক ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত অন্তৰ্ভুক্ত কৰোৱা।[16][17]

সাহিত্য[সম্পাদনা কৰক]

  • সত্য নাৰায়ণ বোহিদৰে সম্বলপুৰী ভাষাত টিকচাম্ৰা (১৯৭৫), সম্বলপুৰী ভাষাৰ শব্দ-বিভৱ: বা সংক্ষিপ্ত সম্বলপুৰী ব্যাকাৰণ ও ৰচনা (১৯৭৭) আদি লিখিছে।[18]
  • প্ৰয়াগ দত্ত যোশী
  • নীল মাধৱ পানীগ্ৰহী, মহাভাৰত কথাৰ লেখক[19]
  • হলধৰ নাগ, বিখ্যাত সম্বলপুৰী কবি যাক "লোক কবি ৰত্ন" নামেৰেও জনা যায়। তেওঁৰ গুৰুত্বপূৰ্ণ কাম: লোকগীত, সম্পৰ্দ, কৃষ্ণগুৰু, মহাসতি উৰ্মিলা, তাৰা মণ্ডোদৰী, অচ্ছিয়া, বচ্ছৰ, চিৰি সোমলই, বীৰ সুৰেন্দ্ৰ সাই, কৰমসানী, ৰসিয়া কবি, প্ৰেম পেচান।[20] তেওঁৰ ৰচনাসমূহক "লোককবি হলধৰ গ্ৰন্থাৱলী"ত সংগ্ৰহ কৰা হৈছে।[21] তেওঁ ২০১৬ চনত পদ্মশ্ৰী বঁটা লাভ কৰে।[22][23]
  • প্ৰফুল্ল কুমাৰ ত্ৰিপাঠী: সম্বলপুৰী ওড়িয়া অভিধান প্ৰণেতা।[24]
  • হেম চন্দ্ৰ আচাৰ্য: ৰামায়ণৰ সম্বলপুৰী অনুবাদ 'ৰাম ৰহ'ৰ লেখক।[25]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Sambalpuri". Ethnologue. https://www.ethnologue.com/language/spv. 
  2. Bulletin of the Anthropological Survey of India. Director, Anthropological Survey of India, Indian Museum. 1979. https://books.google.com/books?id=lnELAAAAIAAJ. 
  3. Chitrasen Pasayat (1998). Tribe, Caste, and Folk Culture. Rawat Publications. ISBN 9788170334576. https://books.google.com/books?id=E8TYAAAAMAAJ. 
  4. Subodh Kapoor (2002). The Indian Encyclopaedia: La Behmen-Maheya. Cosmo Publications. পৃষ্ঠা. 4240–. ISBN 978-81-7755-271-3. https://books.google.com/books?id=4LqRXZPJTUoC&pg=PA4240. 
  5. সম্বলপুৰী ভাষা at Ethnologue (21st ed., 2018)
  6. Dash 1990, পৃষ্ঠা. 4–5.
  7. G.K. Sahu 2002, পৃষ্ঠা. 1–2.
  8. Patel (n.d.) cited in Mathai & Kelsall (2013, পৃষ্ঠা 3)
  9. Mathai & Kelsall 2013, পৃষ্ঠা. 4–6.
  10. Office of the Registrar General & Census Commissioner, India. "C-16: Population by mother tongue, India – 2011". https://censusindia.gov.in/nada/index.php/catalog/10191। আহৰণ কৰা হৈছে: 14 October 2022. 
  11. Office of the Registrar General & Census Commissioner, India. "C-16: Population by mother tongue, Odisha – 2011". https://censusindia.gov.in/nada/index.php/catalog/10217। আহৰণ কৰা হৈছে: 16 December 2022. 
  12. Ashok kumar Patnaik (December 2009), The Mirror Reflection of Sambalpur State through the Courtly Chronicle called Kosalananda Kavyam, Odisha History Congress, https://www.academia.edu/1773363, আহৰণ কৰা হৈছে: 12 March 2021 
  13. Ashok kumar Patnaik (December 2009), The Mirror Reflection of Sambalpur State through the Courtly Chronicle called Kosalananda Kavyam, Odisha History Congress, p. 237, https://www.academia.edu/1773363, আহৰণ কৰা হৈছে: 12 March 2021 
  14. Untitled-13 Archived 17 June 2013 at the Wayback Machine
  15. Mahapatra, B.P. (2002). Linguistic Survey of India: Orissa. প্ৰকাশক Kolkata, India: Language Division, Office of the Registrar General. পৃষ্ঠা. 67,68. https://www.censusindia.gov.in/2011-Documents/LSI/lsi_Orissa/2_orissa_vol_page_no_63_to_78.pdf। আহৰণ কৰা হৈছে: 5 August 2020. 
  16. Plea to include Kosli in 8th Schedule of Constitution
  17. "Memorandum for Inclusion of Kosli Language in the 8th Schedule of the Indian Constitution". Archived from the original on 2012-04-03. https://web.archive.org/web/20120403004010/http://orissadiary.com/Shownews.asp?id=29260। আহৰণ কৰা হৈছে: 2023-04-15. 
  18. "Satya Narayan Bohidar". Open Library. https://openlibrary.org/authors/OL4655144A/Satya_Narayan_Bohidar. 
  19. Panigrahi, Nil Madhab, "Mahabharat Katha", Lark books, Bhubaneswar, 1996, আই.এচ.বি.এন. 81-7375-023-8.
  20. "Poetry makes him known as new GangadharMeher". 25 September 2010. Archived from the original on 24 November 2010. https://web.archive.org/web/20101124035314/http://www.telegraphindia.com/1100925/jsp/orissa/story_12978196.jsp. 
  21. Nag, Haldhar, "Lokakabi Haladhar Granthabali", compiler – Dwarikanath Nayak, Bidya Prakashan, Cuttack, 2000, আই.এচ.বি.এন. 81-7703-009-4 (Five PhD theses on this class III-dropout poet)
  22. 5 PhD theses on this class III-dropout poet
  23. "Translation takes Nag's poems to more readers" (en ভাষাত). https://www.telegraphindia.com/odisha/translation-takes-nag-s-poems-to-more-readers/cid/1474023. 
  24. "Prafulla Kumar Tripathy". Odia Sahitya. Archived from the original on 2022-09-07. https://web.archive.org/web/20220907120006/https://www.odiasahitya.com/members/memberprofile/?member=prafulla+kumara+tripathi। আহৰণ কৰা হৈছে: 2023-04-15. 
  25. Hema Chandra Acharya. "Ram Raha". Archive.org. https://archive.org/details/RamRaha. 

গ্ৰন্থৰ তালিকা[সম্পাদনা কৰক]

বাহ্যিক লিংক আৰু অন্য লেখ[সম্পাদনা কৰক]