পাহাড়ী কিনৌৰী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Pahari Kinnauri
Indo Aryan Kinnauri
𑚞𑚩𑚭𑚪𑚯 𑚊𑚮𑚝𑚵𑚤𑚯, पहाड़ी किनौरी,
𑚈𑚤𑚭𑚨 𑚠𑚴𑚥𑚯, ओरास बोली
Pahari Kinnauri, Oras Boli

Kinnauri Pahari and Oras Boli written in Takri Script.
থলুৱা অঞ্চল India
অঞ্চল Himachal Pradesh
জাতীয়তা Tribal of Kinnaur district
স্থানীয় ভাষিক
(6,300 cited 1998 survey)e18
ভাষা পৰিয়াল
লিখন প্ৰণালী Takri, Devanagari
ভাষা সংকেত
ISO 639-3 kjo

পাহাড়ী কিনৌৰী, কিনৌৰী পাহাড়ী (টাকৰী লিপিত: 𑚊𑚮𑚝𑚵𑚤𑚯 𑚞𑚩𑚭𑚪𑚯) বা ওৰাস বোলী (টাকৰী লিপিত: 𑚈𑚤𑚭𑚨 𑚠𑚴𑚥𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা, যি ভাৰতীয়-আৰ্ষ ভাষা পৰিয়ালৰ এটি উপ-গোট। এই ভাষা ঘাইকৈ ভাৰতহিমাচল প্ৰদেশকিনৌৰ জিলাৰ বিভিন্ন জনজাতীয় লোকে ব্যৱহাৰ কৰে। পূৰ্বতে এই ভাষাক 'কিনৌৰী জনজাতীয় ভাষা' বুলিও অভিহিত কৰা হৈছিল, কিন্তু বৰ্তমানে এই সংজ্ঞাক অপমানসূচক জ্ঞান কৰা হয়। এই কথাৰ নিশ্চিতি নাই যে পাহাড়ী কিনৌৰী আন হিমাচলী ভাষাসমূহতকৈ কিমান বেলেগ।

লিপি[সম্পাদনা কৰক]

টাকৰী লিপিত লিখা কিনৌৰী ভাষাৰ লিখনিৰ উদাহৰণ

স্থিতি[সম্পাদনা কৰক]

পাহাড়ী কিনৌৰীক প্ৰায় পাহাড়ী বা হিমাচলীও আখ্যা দিয়া হয়। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই আৰু ইয়াক পাহাড়ী বা কিনৌৰীৰ উপভাষা হিচাপে নথিভুক্ত কৰা হয়।[1] ইউনেস্ক'ই এই ভাষাক 'নিশ্চিতভাৱে লুপ্তপ্ৰায়' শাখাত ৰাখিছে, যাৰ অৰ্থ প্ৰায় কিনৌৰী পাহাড়ী শিশুৱে এই ভাষাক মাতৃভাষা হিচাপে নিশিকা হৈছে। ইয়াৰ এটা কাৰণ এই বুলিও ধৰা হৈছে যে ভাৰত চৰকাৰে হিন্দী ভাষাক অধিক প্ৰাধান্য প্ৰদান কৰে।

২০১০ চনত হিমাচল প্ৰদেশৰ বিধান সভাই ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী) অন্তৰ্ভুক্ত কৰাৰ দাবী তুলিছিল।[2] ই হিমাচল প্ৰদেশৰ বিভিন্ন ভাষাক একেলগে প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্য ৰখা হৈছিল। পিচে তাৰ পাছত এই দিশে কোনো প্ৰগতি দেখা হোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে।[3] ৰাজনৈতিক কাৰণত বৰ্তমানে পাহাড়ী কিনৌৰী ভাষাক হিন্দী ভাষাৰ উপভাষা হিচাপে নথিভুক্ত কৰা হয়, যদিও এই দুই ভাষা কোৱা লোকে ইজনে সিজনক সহজে বুজিব নোৱাৰে।

বৰ্তমানে পাহাড়ী কিনৌৰীক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰাৰ কোনো প্ৰস্তাৱ নাই।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  • Kumar, Ajesh and Saramma Bezily (2015). Kinnauri Pahari: Phonemic Summary, Himachal Pradesh, India.. প্ৰকাশক Reckong Peo: Unpublished manuscript.