সমললৈ যাওক

মহাসু পাহাড়ী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মহাসু পাহাড়ী (টাকৰী লিপিত: 𑚢𑚩𑚭𑚨𑚱 𑚞𑚩𑚭𑚪𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা, যি ঘাইকৈ ভাৰতহিমাচল প্ৰদেশ ৰাজ্যত ব্যৱহাৰ কৰা হয়। এই ভাষামহাসুঈ বা মহাসুৱী নামেৰেও জনা যায়। ২০০১ চনত এই ভাষা প্ৰায় ১০০০০০০ লোকে কৈছিল বুলি অনুমান কৰা হয়। এই ভাষাক মুখ্যতঃ চিমলা আৰু চোলান জিলাত কোৱা হয়। এই দুই জিলা পূৰ্বৰ মহাসু জিলাৰ অংগ আছিল। ১৯৭২ চনতহে এই জিলা ভংগ কৰি দুই নতুন জিলা স্বীকৃত হৈছিল।

Mahasu Pahari
Mahasui
𑚢𑚩𑚭𑚨𑚰𑚃, महासुई

Mahasui written in Tankri script and Bushahri script.[1]
থলুৱা অঞ্চল India
অঞ্চল Himachal Pradesh
জাতীয়তা Mahasu
স্থানীয় ভাষিক
1 million (2002)e18
ভাষা পৰিয়াল
লিখন প্ৰণালী Tankri script, Devanagari[2]
ভাষা সংকেত
ISO 639-3 bfz
গ্লোটোলগ maha1287[3]

এই ভাষাৰ নিজা লিপি টাকৰী। পিচে যদিও টাকৰী আৰু নাস্তালিক লিপিত এই ভাষা লিখাৰ কিছু কিছু নথি আছে, বৰ্তমানে প্ৰায় এই ভাষা দেৱনাগৰী লিপিত লিখা হয়।

ৰামপুৰ বুশ্বাহৰৰ ওচৰে পাজৰে কোৱা কোচীৰ উদাহৰণ

এই ভাষাক প্ৰায় পাহাড়ী বা হিমাচলীও আখ্যা দিয়া হয়। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই আৰু ইয়াক সাধাৰণতে হিন্দী ভাষাৰ উপ-ভাষা হিচাপেহে নথিভুক্ত কৰা হয়।[4] ইউনেস্ক'ই এই ভাষাক 'নিশ্চিতভাৱে বিপুপ্তপ্ৰায়' ভাষাৰ তালিকাত ৰাখিছে, কাৰণ মহাসূঈ শিশুৱে এই ভাষা মাতৃভাষা হিচাপে প্ৰায় নিশিকা হৈছে।[5] পূৰ্বতে মহাসূঈক ৰাজ্যিক সাহায্য প্ৰদান কৰা হৈছিল। কিন্তু ভাৰতৰ স্বাধীনতাৰ পাছত চৰকাৰে হিন্দী ভাষাকহে প্ৰাধান্য দি আহিছে।

২০১০ চনত ভাৰতৰ সংবিধানৰ অষ্ট অনুসূচীত 'পাহাড়ী (হিমাচলী)' অন্তৰ্ভুক্ত কৰাৰ দাবী হিমাচল প্ৰদেশৰ বিধান সভাত তুলা হৈছিল, যিয়ে কেইবাটাও হিমাচলী পাহাড়ী ভাষাক প্ৰতিনিধিত্ব কৰাৰ উদ্দেশ্য আগত ৰখা হৈছিল।[6] কিন্তু তাৰ পাছত এই বিষয়ত কোনো অগ্ৰগতি দেখা হোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষা সংৰক্ষিত কৰিবলৈ যত্ন কৰি আহিছে।[7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]