সংযুক্ত আৰৱ আমিৰাত
সংযুক্ত আৰৱ আমিৰাত دولة الإمارات العربية المتحدة দাওলাত্ আল্-ঈমাৰাত্ আল্-আৰবিয়াহ্ আল্-মুত্তাহিদাহ্ | |
|---|---|
| Motto: --- | |
| Anthem: "ইশ্বি বিলাদি" | |
![]() | |
| ৰাজধানী | আবু ধাবি |
| Largest city | ডুবাই |
| Official languages | আৰৱী ভাষা |
| Demonym | আমিৰাতি |
| Government | যুক্তৰাষ্ট্ৰীয়, পৰম আৰু বংশগত ৰাজতন্ত্ৰ |
• ৰাষ্ট্ৰপতি |
খালিফা বিন জায়েদ আল নাহিয়ান |
• প্ৰধানমন্ত্ৰী |
মহম্মদ বিন ৰাছিদ আল মাকতুম |
| সংস্থাপন ২ ডিচেম্বৰ ১৯৭১ | |
| Area | |
• Total | {{convert/numdisp/fracএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "sup" |83600d|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "sup"|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "sup"|83600d}} বৰ্গ কি.মি. (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ বৰ্গ মাইল) (১১৬) |
• Water (%) | নগণ্য |
| Population | |
• ২০১৩ estimate | ৯,২০৫,৬৫১[1] (৯৩) |
• ২০০৫ census | ৪,১০৬,৪২৭ |
• Density | 99 /কিমি২ (256.4 /বৰ্গ মাইল) (১১০) |
| GDP (PPP) | ২০০৭ estimate |
• Total | $১৫৯.৩ বিলিয়ন (৫৪) |
• Per capita | $৩৫,৫১৬ (১৬) |
| GDP (nominal) | ২০০৬ estimate |
• Total | $১৬৪ বিলিয়ন (৩৮) |
• Per capita | $৪২,১৭৫ (১৬) |
| HDI (২০০৪) | Error: Invalid HDI value (৪৯) |
| Currency | আমিৰাতি দিৰহাম (AED) |
| Time zone | UTC+৪ (GMT+4) |
• Summer (DST) | UTC+৪ |
| Calling code | ৯৭১ |
| Internet TLD | .ae, امارات. |
সংযুক্ত আৰৱ আমিৰাত (আৰবী: دولة الإمارات العربية المتحدة দাওলাত্ আল্-ঈমাৰাত্ আল্-আৰবিয়াহ্ আল্-মুত্তাহিদাহ্) মধ্যপ্ৰাচ্য এছিয়াৰ আৰৱ উপদ্বীপৰ দক্ষিণ-পূব কোণত অৱস্থিত সাতখন স্বাধীন ৰাজ্যৰ এক ফেডাৰেচন। এইসমূহ ৰাজ্য একসময়ত ট্ৰুছিয়াল ষ্টেটছ নামে জনাজাত আছিল। ১৯৭১ চনত এই ৰাজ্য সমূহে স্বাধীনতা লাভ কৰে। প্ৰতিটো আমিৰাত এক উপকূলীয় জনবসতিক কেন্দ্ৰ কৰি আৱৰ্তিত। আমিৰাত শাসনকৰ্তাৰ পদবীৰ নাম আমিৰ। সংযুক্ত আৰৱ আমিৰাতৰ সাতখন আমিৰাতৰ নাম হ’ল; আবু ধাবি, আজমান, ডুবাই, আল ফুজাইৰাহ, ৰায়াছ আল খাইমাহ, আশ শ্বৰিকাহ আৰু উম্ম আল ক্বাইওয়াইন। আবু ধাবি চহৰ ফেডাৰেচনৰ ৰাজধানী আৰু ডুবাই দেশখনৰ বৃহত্তম চহৰ।
সংযুক্ত আৰৱ আমিৰাত মৰুময় দেশ। ইয়াৰ উত্তৰে পাৰস্য উপসাগৰ, দক্ষিণ আৰু পশ্চিমে চৌদি আৰৱ, আৰু পূবত ওমান আৰু ওমান উপসাগৰ। ১৯৫০ৰ দশকত খাৰুৱা তেল আৱিষ্কাৰৰ আগতে সংযুক্ত আৰৱ আমিৰাত মূলত ব্ৰিটিছ চৰকাৰৰ অধীন কিছুমান অনুন্নত অঞ্চলৰ সমষ্টি আছিল। খনিজ তেল শিল্পৰ বিকাশৰ লগে লগে এই অঞ্চলৰ দ্ৰুত উন্নতি আৰু আধুনিকৰণ ঘটে। ফলত ১৯৭০ৰ দশকৰ আৰম্ভণিতে আমিৰাতসমূহ ব্ৰিটিছৰ নিয়ন্ত্ৰণ পৰা ওলাই নিজক স্বাধীন ঘোষণা কৰে। দেশখনৰ খাৰুৱা তেলৰ বেছি ভাগ আবু ধাবিত পোৱা যায়। ফলত ই সাতখন আমিৰাতৰ ভিতৰত আটাইতকৈ ধনী আৰু শক্তিশালী। তেল শিল্পৰ কাৰণে ইয়াৰ অৰ্থনীতি স্থিতিশীল আৰু জীৱনযাত্ৰাৰ মান বিশ্বৰ সৰ্বোচ্চসমূহৰ ভিতৰত অন্যতম।
ইতিহাস
[সম্পাদনা কৰক]খ্ৰীষ্টপূৰ্ব ৫৫০০ বছৰ আগৰ পৰা সংযুক্ত আমিৰাতত প্ৰথম মানৱ বসতিৰ সন্ধান পোৱা যায়। সেই সময়ত বিশ্বৰ আন আন ঠাইৰ লগত যোগাযোগ বুলিলে উত্তৰ- পশ্চিমৰ মেছোপটেমিয়া সভ্যতাৰ লগত যোগাযোগৰ প্ৰমাণ পোৱা যায়। হাজৰ পৰ্বতত প্ৰাপ্ত তামেৰে ব্যৱসায়ৰ মাধ্যমত ৩০০০ খ্ৰীষ্টপূৰ্বৰ পৰা মেছোপটেমিয়াৰ লগত এই যোগাযোগ দীৰ্ঘস্থায়ী আৰু বিস্তৃত হয়। প্ৰথম শতাব্দীৰ পৰা ভূমি পথেৰে চিৰিয়া আৰু ইৰাণৰ দক্ষিণাংশৰ লগত যোগাযোগ আৰম্ভ হয়। পৰৱৰ্তী সময়ত ওমানা বন্দৰৰ (বৰ্তমান ওম্ম-আল-কোয়াইন) মাধ্যমত সমুদ্ৰ পথেৰে ভাৰতৰ লগত যোগাযোগ আৰম্ভ হয়।
জলবায়ু
[সম্পাদনা কৰক]সংযুক্ত আৰৱ আমিৰাতত উপক্ৰান্তীয় জলবায়ু বিৰাজ কৰে। মৰুভূমিয় অঞ্চল হোৱাৰ বাবে গ্ৰীষ্ম কাল অতি গৰম পৰে। জুলাই আৰু আগষ্ট আটাইতকৈ বেছি গৰম মাহ। ইয়াৰ গড় উষ্ণতা 45 °C (113 °F)ৰ ওপৰত থাকে। আল হাজাৰ পৰ্বতৰিং ফালে উষ্ণতা তুলনামূলক ভাবে কম।[2] জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুভূত হোৱা সৰ্বনিম্ন তাপমাত্ৰাৰ সাঁচ:Convert/Dual/LoffAonDbSoffT ভিতৰত থাকে।[3] গ্ৰীষ্মকালৰ শেষৰ ফালে উপকূলীয় অঞ্চলত শ্বৰকী নামৰ এক আদ্ৰ বতাহ বলে। উপকূলীয় অঞ্চলৰ গড় বৃষ্টিপাত 120 mm (4.7 in), কিন্তু পৰ্বতীয়া অঞ্চলত 350 mm (13.8 in)ৰ আশে পাশে থাকে।[4] এই অঞ্চলত প্ৰায়ে বালিৰ ধুমুহা বলে।
২০০৪ চনত প্ৰথম বাৰৰ বাবে ইয়াৰ উচ্চ অঞ্চল সমূহত বৰফ পৰিছিল।[5] A few years later, there were more sightings of snow and hail.[6][7] The Jebel Jais mountain cluster in Ras al-Khaimah has experienced snow only twice since records began.[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Population (Total)". World Bank. http://data.worldbank.org/indicator/SP.POP.TOTL.
- ↑ "UAE Climate". Manmm.net. Archived from the original on 12 January 2016. https://web.archive.org/web/20160112072308/http://www.manmm.net/eng/?page_id=35.
- ↑ "rak Weather". Abudhabi.ms. 8 March 2007. Archived from the original on 16 August 2013. https://web.archive.org/web/20130816085918/http://abudhabi.ms/weather.html। আহৰণ কৰা হৈছে: 27 November 2016.
- ↑ "In Pictures | Flooding in the UAE". BBC News. 15 January 2008. http://news.bbc.co.uk/2/hi/in_pictures/7189929.stm.
- ↑ Middle East | Cold snap brings Gulf rare snow. BBC News (30 December 2004). Retrieved on 10 October 2015.
- ↑ Global warming or wonder! Hail the snow in Abu Dhabi : World, News – India Today. Indiatoday.intoday.in. Retrieved on 10 October 2015.
- ↑ Middle East snow, extreme heatwaves and UAE fog: what's going on with the weather? | The National. Thenational.ae (29 January 2013). Retrieved on 10 October 2015.
- ↑ Nasouh Nazzal (24 January 2009). "Heavy snowfall on Ras Al Khaimah's Jebel Jais mountain cluster". Gulf News. http://gulfnews.com/news/gulf/uae/general/heavy-snowfall-on-ras-al-khaimah-s-jebel-jais-mountain-cluster-1.46663.
| |||||||||||||||||||||
