সমললৈ যাওক

আকিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ইছলামৰ পৰিভাষাত সন্তান জন্ম গ্ৰহণ কৰাৰ পিছত আল্লাহৰ শ্বুকৰিয়া ও আনন্দৰ বহিৰ্প্ৰকাশ হিচাবে আল্লাহৰ সন্তুষ্টি অৰ্জনৰ কাৰণে যি পশু জবেহ কৰা হয়, তাকে আকীকা বোলা হয়।

আকীকাৰ হুকুম

[সম্পাদনা কৰক]

অধিকাংশ আলিমৰ মতে সন্তানৰ আকীকা কৰা ছুন্নাতে মুৱাক্কাদাহ। হাদিছ গ্ৰন্থত আছে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-

“যি ব্যক্তিয়ে নিজ সন্তানৰ আকীকা কৰিব বিচাৰে, তেওঁ যেন তাক পালন কৰে”।[1]

অন্য হাদিছত আছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আকৌ কৈছে-

প্ৰতিটো সন্তানেই আকীকাৰ বিনিময়ত আটক হৈ থাকে”।[2]

আকীকা কৰাৰ সময়

[সম্পাদনা কৰক]

হাদিছ অনুযায়ী আকীকাৰ কাৰণে উত্তম সময় হ'ল সন্তান ভূমিষ্ঠ হোৱাৰ সপ্তম দিবস। সপ্তম দিনা আকীকা কৰাৰ লগতে সন্তানৰ সুন্দৰ নাম ৰখা, মূৰৰ চুলি কমোৱা আৰু চুলিৰ সমপৰিমাণ ওজনৰ ৰূপ ছাদকাহ কৰাও মুস্তাহাব।[3]

বিনা কাৰণত আকীকা দিয়াত বিলম্ব কৰা ছুন্নাতৰ বিৰোধিতা কৰাৰ অন্তৰ্ভুক্ত। দৰিদ্ৰতা বা অন্য কোনো কাৰণত যদি ৭ দিনত আকীকা কৰিবলৈ সক্ষম নহয়, তেনেহ'লে যেতিয়াই অভাৱ দূৰ হ'ব, তেতিয়াই আকীকা কৰা জায়েজ আছে।

কেনে ধৰণৰ পশুৰ দ্বাৰা আকীকা কৰিব লাগে? সংখ্যা কিমান?

[সম্পাদনা কৰক]

আকীকাৰ ক্ষেত্ৰত ছুন্নাত হ'ল, পুত্ৰ সন্তান হ'লে দু‘টি দুম্বা বা ছাগলী আৰু ছোৱালী সন্তান হ'লে এটি দুম্বা বা ছাগলীৰ দ্বাৰা আকীকা কৰা। কিয়নো মুহাম্মাদ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-

“পুত্ৰ সন্তানৰ পক্ষৰ পৰা দু‘টি সমবয়সৰ ছাগলী আৰু ছোৱালী সন্তানৰ পক্ষৰ পৰা এটি ছাগলীৰ দ্বাৰা আকীকা দিব লাগিব।[4] আৰ্থিক অসচ্ছলতাৰ কাৰণে যদি পুত্ৰ সন্তানৰ পক্ষৰ পৰা দু‘টি ছাগলীৰ দ্বাৰা আকীকা দিব নোৱাৰে, তেন্তে এটি ছাগলীৰে আকীকা দিলেও হ’ব।

আকীকাৰ মাংস কোনে খাব পাৰে?

[সম্পাদনা কৰক]

আকীকাৰ মাংস কুৰবাণীৰ মাংসৰ দৰেই। তাক নিজে খাব, আত্মীয় স্বজনক খুৱাব আৰু গৰীব-মিছকীনক ছাদাকা কৰিব। আকীকাৰ মাংসও কুৰবাণীৰ দৰে তিনি ভাগ কৰা জৰুৰী নহয়। আকীকাৰ মাংস যদি আটাইখিনি ৰান্ধে আৰু আত্মীয়-স্বজন ও বন্ধু-বান্ধৱ আৰু অন্যান্য মুছলিমসকলক দাওৱাত দি খুওৱা হয, তথাপিও জায়েজ আছে।

গৰুৰ দ্বাৰা আকীকা কৰা

[সম্পাদনা কৰক]

কোনো হাদীছতেই গৰুৰ দ্বাৰা আকীকা কৰাৰ কথা উল্লেখ হোৱা নাই। অথচ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহিৰ যুগত সকলো ধৰণৰ পশোৱেই বিদ্যমান আছিল। গতিকে উত্তম হৈছে ছাগলী বা দুম্বাৰ দ্বাৰা আকীকা কৰা।

কোৰবাণীৰ সৈতে ভাগে আকীকা দিয়া

[সম্পাদনা কৰক]

আমাৰ দেশত সাতভাগত গৰুৰ দ্বাৰা কুৰবাণী কৰাৰ ক্ষেত্ৰত আকীকাৰ অংশীদাৰ হোৱাৰ নিয়ম ব্যাপকভাৱে প্ৰচলিত আছে। এইটো হাদীছ সন্মত নহয়। আকীকা যিহেতু এটি ইবাদত, সেয়ে হাদীছত যেনেকৈ বৰ্ণিত হৈছে তেনেদৰেই পালন কৰা উচিত।

আল্লাহু আলম।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. গ্ৰন্থঃ আহমাদ ও গ্ৰন্থঃ আবু দাউদ
  2. আহমাদ, তিৰমিজী ও অন্যান্য চুনান গ্ৰন্থ
  3. হাদিছ গ্ৰন্থঃ আবু দাঊদ হা/২৮৩০, হাদিছ গ্ৰন্থঃ তিৰমিজী
  4. আহমাদ হা/২৮২৫, তিৰমিজী হ/১৫১৩