অংশুমান কৰ
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
| অংশুমান কৰ | |
|---|---|
| জন্ম | বেলিয়াতোড়, বাঁকুড়া, পশ্চিমবঙ্গ, ভাৰত |
| পেচা | কবি, লেখক, অধ্যাপক |
| ভাষা | বাংলা, ইংৰাজী |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| মাতৃশিক্ষায়তন | জগন্নাথ কিশোৰ কলেজ |
| ধৰণ | কবিতা |
| বিষয় | সাহিত্য |
অংশুমান কৰ (ইংৰাজী: Angshuman Kar) এজন বাঙালী কবি। তেওঁ বৰ্তমান পশ্চিমবঙ্গৰ বৰ্ধমান বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাধ্যাপক হিচাপে কৰ্মৰত।[1]
জীৱনী
[সম্পাদনা কৰক]জন্ম পশ্চিমবঙ্গৰ বাঁকুড়াৰ বেলিয়াতোড়ত।[2] ২০১২ চনত পাঁচ মাহৰ বাবে সাহিত্য অকাডেমিৰ পূৰ্বাঞ্চলৰ সচিবৰ দায়িত্ব বহন কৰিছিল।[1] তেওঁৰ তত্ত্বাৱধানত গৱেষণা-কৰ্ম সমাপন কৰি ইতিমধ্যে ১৩জন গৱেষকে পিএইচডি ডিগ্ৰী লাভ কৰিছে।[1] কবিতাৰ সমান্তৰালভাৱে উপন্যাস,গল্প, নাটক, অনুবাদ আদিতো অংশুমান কৰ সমানে দক্ষ। কবিতা পাঠৰ বাবে বাংলাদেশ, স্কটলেণ্ড, আমেৰিকা, জাৰ্মানী আদি দেশলৈ ইতিমধ্যে যাত্ৰা কৰাৰ সুযোগ পাইছে।[2]
পুৰস্কাৰ আৰু সন্মান
[সম্পাদনা কৰক]তেওঁ লাভ কৰা পুৰস্কাৰ আৰু সন্মানসমূহ হ'ল[1][2]
- পশ্চিমবঙ্গ চৰকাৰ প্ৰদত্ত পশ্চিমবঙ্গ বাংলা অকাডেমি পুৰস্কাৰ
- কৃত্তিবাস পুৰস্কাৰ
- বঙ্গীয় সাহিত্য পৰিষদ পুৰস্কাৰ
- মল্লিকা সেনগুপ্ত পুৰস্কাৰ
সম্পাদিত ইংৰাজী আৰু বাংলা গ্ৰন্থ
[সম্পাদনা কৰক]তেওঁৰদ্বাৰা সম্পাদিত ইংৰাজী আৰু বাংলা গ্ৰন্থসমূহ হ'ল-[1][2]
- The Politics of Social Exclusion in India: Democracy at the Crossroads
- Contemporary Indian Diaspora: Literary and Cultural representations
- Word and Truth: Reading Sankha Ghosh
- Divided: Partition Memoirs from Either Side of Bengal
- Marginality in Australian Literature: Negotiating Cultural Representations
- Australia-India Encounters: History, Literature, Culture
- কালো অষ্ট্ৰেলিয়াৰ কবিতা
- সীমানা ছাডি়য়ে
- ভাৰতবৰ্ষেৰ কবিতা
- কাঁটাতাৰ ও কবিতা
অনূদিত গ্ৰন্থ
[সম্পাদনা কৰক]- Wound is the Shelter[1]
কাব্যগ্ৰন্থ
[সম্পাদনা কৰক]তেওঁৰদ্বাৰা ৰচিত কাব্যগ্ৰন্থসমূহ হ'ল-[1][2]
- পুনৰাগমনায় চ
- মন সাৰায়েৰ দোকান
- মিমিজান
- স্বনিৰ্বাচিত অংশুমান
- খেলনা পিস্তল, প্ৰছায়া, বাৰাসাত, ১৯৯৮
- বউ কে নিয়ে লেখা কবিতা, কবিতা দশদিনে, কলকাতা, ১৯৯৮
- গড়িয়ে নামছে, কবিতা পাক্ষিক, কলকাতা, ১৯৯৯
- আপেল সাহাৰেৰ সম্ৰাট, কবিতা দশদিনে, বাঁকুড়া, ২০০১
- বাঁকুড়া পুৰুলিয়া কলকাতা, প্ৰতিভাস, কলকাতা, ২০০৪
- ন্যাশো স্কয়াৰে ফিতেৰ জাদুকৰ, সপ্তৰ্ষি প্ৰকাশন, কলকাতা, ২০০৬
- মুখোমুখি দুই কবি (তাৰাপদ ৰায়েৰ সঙ্গে লেখা), প্যাপিৰাস, ২০০৭
- জেহাদি তোমাকে, সপ্তৰ্ষি প্ৰকাশন, কলকাতা, ২০০৮
- আমাৰ সোনাৰ হৰিণ, সপ্তৰ্ষি প্ৰকাশন, কলকাতা, ২০১২
উপন্যাস
[সম্পাদনা কৰক]তেওঁৰদ্বাৰা ৰচিত উপন্যাসসমূহ হ'ল-[2]
- আমি বিনয় মজুমদাৰ
- পাৰিজাতে প্ৰহৰে প্ৰহৰে (সংলাপ উপন্যাস)
- কান্না কেনাৰ লোক
গদ্য
[সম্পাদনা কৰক]- ভাৰতে সামাজিক বৰ্জনেৰ ৰাজনীতি: ক্ৰিসৰোডে গণতন্ত্ৰ, ৰুটলেজ, সহ-সম্পাদক, হৰিহৰ ভট্টাচাৰ্য আৰু পাৰ্থ সৰকাৰেৰ সৈতে, ২০০৯ (ইতিহাস)[3]
- পৰিৱৰ্তন, পৰম্পৰা, কলকাতা, ২০১১ (উপন্যাস)
- ২৫ পয়সাৰ ইতিহাস বোই, পৰমপাড়া, কলকাতা, ২০১০ (স্মৃতিকথা)
- সমসাময়িক ভাৰতীয় প্ৰবাসী: সাহিত্য ও সাংস্কৃতিক প্ৰতিনিধিত্ব, ২০১৫
- বিখ্যাত হইবাৰ সহজ উপায়, ২০১৫
যৌন নিৰ্যাতনৰ অভিযোগ
[সম্পাদনা কৰক]২০২০ চনৰ ২৩ জুলাইত বৰ্ধমান বিশ্ববিদ্যালয়ৰ উপাচাৰ্যলৈ প্ৰেৰণ কৰা এক ইমেইলৰ জৰিয়তে কৰৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা হৈছিল। অভিযোগত উল্লেখ কৰা হৈছিল যে তেওঁ কেইবাগৰাকীও ছাত্ৰীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল আৰু ইয়াৰে এগৰাকীক হ’লেও যৌন নিৰ্যাতন চলাইছিল।[4][5]
২০২১ চনৰ ছেপ্টেম্বৰ মাহত কলকাতা উচ্চ ন্যায়ালয়ে ড° কৰৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ বাতিল কৰি তেওঁক নিৰ্দোষী বুলি ৰায় দিছিল।[6][7][8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "বৰ্ধমান বিশ্ববিদ্যালয়". https://www.buruniv.ac.in/Downloads/Biodata/EMP_2292_AngshumanKar.pdf। আহৰণ কৰা হৈছে: 21 September 2024.[সংযোগবিহীন উৎস]
- ↑ 2.0 2.1 2.2 2.3 2.4 2.5 অংশুমান কৰ (২০২১). পুনৰাগমনায় চ. অক্ষৰবৃত্ত. পৃষ্ঠা. Back flap of the dust jacket. ISBN 978-93-92712-15-9.
- ↑ Bhattacharyya, Harihar (2009-12-16) (en ভাষাত). The Politics of Social Exclusion in India: Democracy at the Crossroads. Routledge. ISBN 978-1-135-19272-3. https://books.google.com/books?id=07CMAgAAQBAJ&pg=PT7&lpg=PT7&dq=angshuman+kar&source=bl&ots=LMctXHph4h&sig=L2Vfq1s-_bZD4HhL87tz16Ot-48&hl=en&sa=X&ved=0ahUKEwiwkKue15zWAhWKvo8KHXysDl84ChDoAQhAMAY#v=onepage&q=angshuman%20kar&f=false.
- ↑ "Viral audio clip stirs up sexual exploitation allegations against Burdwan University professor" (en-GB ভাষাত). 2021-08-30. https://www.opindia.com/2020/07/west-bengal-leftist-professor-burdwan-university-sexual-favours-students-probe-initiated/.
- ↑ বাংলা, The News (2021-08-30). "ছাত্ৰীকে যৌন হেনস্থাৰ অভিযোগ বৰ্ধমান বিশ্ববিদ্যালয়েৰ অধ্যাপকেৰ বিৰুদ্ধে/The News বাংলা" (en-US ভাষাত). Archived from the original on 2020-09-08. https://web.archive.org/web/20200908230619/https://www.thenewsbangla.com/molestation-charges-against-burdwan-university-professor-angshuman-kar/। আহৰণ কৰা হৈছে: 2025-08-06.
- ↑ https://www.thewall.in/west-bengal/north-bengal/news-anshuman-kar-acquitted-of-sexual-harassment-charges/tid/56071
- ↑ https://www.sangbadprabhati.com/2021/09/blog-post_57.html
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2025-06-09. https://web.archive.org/web/20250609203129/http://bardhamantv.digix.in/single_news?id=8703%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%A8%E0%A6%9A%E0%A6%BF%E0%A6%9F। আহৰণ কৰা হৈছে: 2025-08-06.