অক্সিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অক্সিন (ইংৰাজী: Auxin) উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ নিয়ন্ত্ৰণ কৰা এক শ্ৰেণীৰ হৰম'ন। সাধাৰণতে ই গছৰ আগলি অংশত থাকে। অক্সিনে ঘাইকৈ গছৰ বৃদ্ধিৰ পৰিমাণ, ধৰণ আৰু দিশ নিৰূপন কৰে। সামান্য পৰিমাণৰ অক্সিন ব্যৱহাৰ কৰি উদ্ভিদ-জীৱকোষৰ বৃদ্ধি ঘটাব পাৰি। খেতি পথাৰৰ অপতৃণ ধ্বংসৰ বাবেও অক্সিনৰ ব্যৱহাৰ আছে। ৰসায়নাগাৰত কৃত্ৰিম উপায়েৰেও অক্সিন প্ৰস্তুত কৰিব পৰা হৈছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),শান্তনু কৌশিক বৰুৱা