অচেতন মন
অৱয়ব
অচেতন মনৰ ধাৰণাটো মনোবিজ্ঞান অথবা মনোবিশ্লেষণৰ অন্তৰ্গত। মনৰ যিটো অংশ আমাৰ জাগ্ৰত চেতনা বাহিৰত অথবা আমাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ বাহিৰত তাকে সাধাৰণ অৰ্থত অচেতন মন বুলি কোৱা হয়।অচেতন মনে আমাৰ জৈৱিক প্ৰয়োজনৰ যেনে ভোক,পিয়াহ,টোপনি,যৌন-ক্ষুধা আদিৰ বাৰ্তা আমাৰ চেতনালৈ অথবা চেতন মনলৈ কঢ়িয়াই আনে।ইয়াৰোপৰি মানুহে চেতন অৱস্থাত যিবোৰ চিন্তা,ভাৱ-অনুভূতিৰ অনুশীলন কৰে সেইবোৰ ক্ৰমান্বয়ে প্ৰাক-চেতন মনলৈ গৈ শেষত অচেতন মনত জমা হয়গৈ। অচেতন মন অযুক্তিকৰ লগতে ই কিছুমান অদ্ভূত অবাস্তৱ চিন্তা ভাৱনাৰো ভাণ্ডাৰ। এনে চিন্তা-ভৱনাবোৰ মাজে সময়ে আমাৰ চেতন মনলৈ আহি আমাক আমনি কৰেহি।অচেতন মনৰ এনে চিন্তা-ভাবনাবোৰ আমাৰ মন অথবা মস্তিষ্কৰ ভিতৰত থকা প্ৰতিৰক্ষা ব্যবস্থাই পুনৰ অৱচেতন মনলৈ অৱদমন কৰে[1]।