অনুৰূপা দেৱী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অনুৰূপা দেৱী

অনুৰূপা দেৱী
জন্ম ৯ ছেপ্তম্বৰ ১৮৮২
শ্যামবাজাৰ, কলকাতা
মৃত্যু ১৯ এপ্ৰিল ১৯৫৪
পেচা লেখক
উল্লেখযোগ্য কৰ্ম
  • মা (১৯৩৪)
  • পথেৰ সাথী (১৯৪৬)
  • মন্ত্ৰশক্তি (১৯৫৪)
  • গৰীবেৰ মেয়ে (১৯৬০)
দাম্পত্যসঙ্গী শিখৰনাথ বন্দোপধ্যায়
সন্তান অম্বুজনাথ বন্দোপধ্যায় [1]


অনুৰূপা দেৱী (ইংৰাজী: Anurupa Debi; ৯ ছেপ্তেম্বৰ ১৮৮২-১৯ এপ্ৰিল ১৮৫৮)[2] এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী আছিল। দেৱী বঙালী সাহিত্যৰ প্ৰাৰম্ভিক পৰ্যায়ৰ মহিলা লেখকসকলৰ অন্যতম, যি গৰাকী ব্যক্তিয়ে যথেষ্ট প্ৰাধান্য আৰু জনপ্ৰিয়তা লাভ কৰিছিল।[3]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৮৮২ চনৰ ৯ ছেপ্টেম্বৰত কলকাতাৰ শ্যামবজাৰৰ মোমায়েকৰ ঘৰত অনুৰূপা দেবীৰ জন্ম হৈছিল। তেতিয়াৰ উপ-দণ্ডাধীশ তথা সাহিত্যিক মুকুন্দ মুখোপাধ্যায় তেওঁৰ দেউতাক আছিল। মাক আছিল ধোৰাসুন্দৰী দেবী। সমাজ সংস্কাৰক ভূদেৱ মুখোপাধ্যায় আছিল তেওঁৰ পিতৃপক্ষীয় ককাদেউতাক। মাতৃপক্ষীয় ককাদেউতাক নগেন্দ্ৰনাথ বন্দোপাধ্যায় আছিল বিখ্যাত বংগীয় নাট্যশালাৰ অন্যতম প্ৰতিষ্ঠাপক-সদস্য। ইন্দিৰা দেৱী ছদ্মনামত লেখামেলা কৰা তেওঁৰ জ্যেষ্ঠা ভগ্নী সুৰুপা দেৱীও (১৮৭৯-১৯২২) সেই সময়ৰ এগৰাকী বিখ্যাত ঔপন্যাসিক আছিল।[4]

দহ বছৰ বয়সত তেওঁ হুগলীৰ চিনসুৰাৰ শিখৰনাথ বন্দোপাধ্যায়ৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[5] বিহাৰৰ মুজফ্ফৰপুৰত তেওঁলোকে জীৱনৰ এক দীঘলীয়া সময় অতিবাহিত কৰিছিল।

শিক্ষা[সম্পাদনা কৰক]

শৈশৱৰ গুৰুতৰ শাৰীৰিক অসুস্থতাৰ বাবে অনুৰূপা দেবীয়ে অলপ পলমকৈ পঢ়াশুনা কৰিবলৈ আৰম্ভ কৰে। বিছনাত পৰি থকা অৱস্থাত জ্যেষ্ঠ ভগ্নী সুৰুপা দেৱীয়ে আজৰি সময় অতিবাহিত কৰিবলৈ কাশীদাসী মহাভাৰত আৰু কৃতিবাসী ৰামায়ণ পাঠ কৰিছিল। ঘৰখনৰ নিয়ম অনুসৰি আজৰি সময়ত ককাদেউতাকৰ কাষত বহি প্ৰতিদিনে মহাভাৰত আৰু ৰামায়ণৰ এটা অধ্যায় শুনিব লাগিছিল। ফলস্বৰূপে অনুৰূপা দেবীয়ে মহাকাব্য দুখন সহজে আয়ত্ত কৰি লয়। এই প্ৰসংগত তেওঁ কৈছিল, “যদিও সেই সময়ত মই নিৰক্ষৰ আছিলো, কিন্তু মোক অশিক্ষিত বুলি ক'ব নোৱাৰি। কিয়নো মই ৰামায়ণ-মহাভাৰতৰ বেছিভাগ কাহিনী মুখস্থ হৈ গৈছিল। সেই সময়ত মই ৭ বছৰীয়া আছিলো।”[6]

তেওঁৰ বায়েকহঁতে ককাকৰ পৰা সংস্কৃত কাব্য পঢ়ি কবিতা লিখাৰ অভ্যাস কৰিছিল। এনেদৰে ককাক ভূদেৱ মুখোপাধ্যায় আৰু পিতৃ মুকুন্দ মুখোপাধ্যায়ৰ পৃষ্ঠপোষকতাত শৈশৱতে তেৱোঁ শিক্ষিত হৈ উঠে। সৰুৰে পৰাই তেওঁৰ শিক্ষাগ্ৰহণৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল। বঙালীৰ উপৰি সংস্কৃত আৰু হিন্দী ভাষাতো যথেষ্ট ব্যুৎপত্তি অৰ্জন কৰিছিল। তেওঁ বিভিন্ন পশ্চিমীয়া পণ্ডিতৰ বহু কিতাপ পঢ়িছিল আৰু তেনেকৈয়ে পশ্চিমীয়া বিজ্ঞান আৰু দৰ্শনৰ সৈতে পৰিচিত হৈছিল।[4]

সাহিত্যকৰ্ম[সম্পাদনা কৰক]

ঊনবিংশ শতিকাৰ মাজভাগলৈকে বেছিভাগ ভাৰতীয় মহিলা শিক্ষাৰ পৰা বঞ্চিত আছিল আৰু তেওঁলোকক কেৱল ঘৰুৱা কামৰ মাজত আবদ্ধ কৰি ৰখা হৈছিল। তেওঁলোকে শিক্ষিত হোৱা বা শিক্ষাৰ প্ৰাথমিক স্তৰ অতিক্ৰম কৰাটো সামাজিক ‘অপৰাধ’ হিচাপে বিবেচনা কৰা হৈছিল। তেওঁলোকৰ সম-অধিকাৰ একেবাৰেই নাছিল। গুৰুতৰ লিংগ বৈষম্যৰ প্ৰেক্ষাপটত দেৱীয়ে শিকলি চিঙি নিজকে সেই সময়ৰ এগৰাকী বিশিষ্ট বঙালী ঔপন্যাসিক, লেখক আৰু কবি হিচাপে প্ৰতিষ্ঠা কৰে।[4]

শৈশৱত এবাৰ বায়েক সুৰুপা দেৱীয়ে ৰঙীন কাগজত কবিতাৰে চিঠি পঠিয়াইছিল। সেই চিঠি পঢ়ি অনুৰূপা দেৱী বিভ্ৰান্ত হৈ পৰে, কেনেকৈ উত্তৰ দিব লাগে। ককাকৰ পৰামৰ্শ বিচৰাত ভূদেৱ বাবুৱে তেওঁকো উত্তৰটো কবিতাৰ ৰূপতে দিবলৈ অনুপ্ৰাণিত কৰে। তেতিয়া তেওঁ এনেকৈ উত্তৰ দিয়ে:

পাইয়া তোমাৰ পত্ৰ, পুলকিত হল গাত্ৰ আস্তেব্যস্তে খুলিলাম পড়িবাৰ তৰে|

পুঁথি গন্ধ পাইলাম, কাৰুকাৰ্য হেৰিলাম পুলক জাগিল অন্তৰে|

অনুৰূপা দেবীৰ নিৰ্বাচিত গল্প[7]

উল্লেখযোগ্য কৰ্মৰাজি[সম্পাদনা কৰক]

  • তিলককুঠি (১৯০৬)
  • পৌষ্যপুত্ৰ (১৯১২)[2]
  • বাকদত্তা (১৯১৪)
  • জ্যোতিহাৰা (১৯১৫)
  • মন্ত্ৰশক্তি (১৯১৫)[2]
  • ৰামগড় (১৯১৮)
  • পথেৰ সাথী (১৯১৮)
  • ৰংগশংখ (১৯১৮)
  • মহানিশা (১৯১৯)
  • মা (১৯২০)[2]
  • বিদ্যাৰত্ন (১৯২০)
  • সোণাৰ খনি (১৯২২)
  • কুমাৰী ভট্ট (১৯২৩)
  • উত্তৰায়ন (১৯২৩)
  • পথহাৰা (১৯২৩)

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Sahitye Nari: Shrastri o Srishti by Anurupa Debi". https://upload.wikimedia.org/wikisource/bn/e/e1/%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%87_%E0%A6%A8%E0%A6%BE%E0%A6%B0%E0%A7%80_%E2%A6%82_%E0%A6%B8%E0%A7%8D%E0%A6%B0%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A7%8D%E0%A6%B0%E0%A7%80_%E0%A6%93_%E0%A6%B8%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%9F%E0%A6%BF_-_%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B0%E0%A7%82%E0%A6%AA%E0%A6%BE_%E0%A6%A6%E0%A7%87%E0%A6%AC%E0%A7%80.pdf. 
  2. 2.0 2.1 2.2 2.3 Dutta, Swapna (August 3, 2013). "The home and the world". The Hindu. https://www.thehindu.com/books/books-authors/the-home-and-the-world/article4985438.ece. 
  3. দাশগুপ্ত, মুনমুন. "নাৰীৰ অধিকাৰ ৰক্ষায় অগ্ৰণী তিনি" (bn ভাষাত). anandabazar.com. https://www.anandabazar.com/supplementary/rabibashoriyo/anurupa-devi-was-the-pioneer-of-protecting-women-rights-1.1057551। আহৰণ কৰা হৈছে: 2020-11-23. 
  4. 4.0 4.1 4.2 Layek, Raju (July 2013). "বাংলা সাহিত্যেৰ আঙিনায় অনুৰূপা দেবী". Pratidhwani the Echo খণ্ড ii (i). Archived from the original on 2016-08-16. https://web.archive.org/web/20160816135747/http://thecho.in/files/Raju-Layek_3wz47s15.pdf। আহৰণ কৰা হৈছে: 2023-03-14. 
  5. "অনুৰূপা দেবী কবিতা মিলনসাগৰ Anurupa Debi Poetry MILANSAGAR". www.milansagar.com. http://www.milansagar.com/kobi_2/anurupa_debi/kobi-anurupadebi.html। আহৰণ কৰা হৈছে: 2020-11-22. 
  6. Devi, Anurupa (2002). Anurupa Devi-r Nirbachito Golpo. প্ৰকাশক Kolkata: Dey's Publishing. পৃষ্ঠা. 175. ISBN 81-7612-997-6. 
  7. দেবী, অনুৰূপা (২০০২). অনুৰূপা দেবীৰ নিৰ্বাচিত গল্প. প্ৰকাশক কলকাতা. পৃষ্ঠা. ১৭৬. ISBN 81-7612-997-6.