অসমৰ চিত্ৰকলাৰ ইতিহাস
অসমৰ চিত্ৰকলাৰ ইতিহাস | |
---|---|
প্ৰকাৰ | Cultural |
অসমৰ চিত্ৰকলাৰ ইতিহাস সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰকলা এবিধ অন্যতম কলা। মধ্যযুগৰ সময়ছোৱাতে অসমৰ চিত্ৰকলাৰ প্ৰথম নিদৰ্শন দেখা পোৱা গৈছিল। সেই সময়ত ৰজাৰ ঘৰ আৰু সত্ৰসমূহত চিত্ৰকলাৰ সাধনা কৰা হৈছিল।[1] সেই সময়তে পুথিৰ আকাৰত চিত্ৰ সম্পৰ্কীয় গ্ৰন্থও প্ৰকাশ হৈছিল। সেই চিত্ৰসমূহ মূলতঃ দুটা শৈলীত ৰচনা কৰা হৈছিল, এটা ধৰ্মনিৰপেক্ষ ৰাজকীয় শৈলী আৰু আনটো হৈছে ধৰ্মমিশ্ৰিত সত্ৰীয়া শৈলী। এই ৰচনা শৈলী সম্পৰ্কে পণ্ডিত সুনীতিকুমাৰ চট্টোপাধ্যায়ে উল্লেখ কৰি গৈছে। পূৰ্ব ভাৰতৰ পুথিচিত্ৰৰ গৱেষণা কৰা পণ্ডিত ৰজতানন্দ দাশগুপ্তই পূৰ্বাঞ্চলৰ পুথিচিত্ৰক সাতোটা শৈলীত অন্তৰ্ভুক্ত কৰিছে।[2] পিছে অসমৰ দৰে সৰু ঠাই এখনিত পোৱা কম সংখ্যক পুথিচিত্ৰক ইমান কেইটা শৈলীত বিভাজন কৰাৰ যুক্তি নাই বুলিও তেওঁ উল্লেখ কৰিছে। পুথিৰ মলাটৰ চিত্ৰক এটি সুকীয়া শৈলী ৰূপে স্বীকৃতি দিয়া ড॰ দাশগুপ্তই সত্ৰসমূহৰ বেৰ, চতি, খুটা আদিত অংকন কৰা চিত্ৰবোৰক আলোচনাৰ ভিতৰলৈ অনা নাই। কোনো কোনো সত্ৰৰ সিংহাসনসমূহবোৰতো ৰং-বিৰঙী চিত্ৰ অংকন কৰা হৈছে। সেইবোৰেও সত্ৰীয়া শৈলীৰে সমৃদ্ধ। মধ্যযুগীয় অসমীয়া চিত্ৰকলাক নিম্নোক্ত শৈলী কেইটাৰ অন্তৰ্ভুক্ত কৰিব পাৰি।[2]
- ধৰ্মাশ্ৰিত সত্ৰীয়া শৈলী
- ৰজা আৰু ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত বিকশিত চাকচিক্য ভৰা গড়গঞা শৈলী
- লোককলাৰ আধাৰত বিকশিত দৰঙী শৈলী
- টাই-আহোম লিপি আৰু ভাষাতৰচিত ধৰ্মাশ্ৰিত গ্ৰন্থৰ আহোম শৈলী।
সত্ৰৰ খনিকৰসকলে সিংহাসন, পুথিৰ বাকচ, পুথিৰ বকলা, চতি-বেৰ প্ৰভৃতিত হেঙুল-হাইতালেৰে বোলাই যিবোৰ চিত্ৰ অংকন কৰিছিল, সেইবোৰক সত্ৰীয়া শৈলীৰ চিত্ৰ বুলিব পাৰি। এই শৈলীত অংকিত পুথিচিত্ৰৰ সংখ্যা ভালেমান আছে। তাৰ ভিতৰত চিত্ৰ-ভাগৱতৰ নাম প্ৰথমে উল্লেখনীয়। এইখন পুথিৰ মূল নগাঁও-বালিসত্ৰৰ তুলাপতীয়া পুথি। এই শৈলীৰ আন পুথিসমূহৰ ভিতৰত ১৭৬৫ খ্ৰীষ্টাব্দত ৰুচি বাপুৰ দ্বাৰা চিত্ৰিত কৰা দশম, দক্ষিণপাট সত্ৰত সংৰক্ষিত আদ্য দশম পুথি আৰু অজামিল উপাখ্যান, পুৰণি বুৰ্কাৰপৰা সংগ্ৰহ কৰি নি তেজপুৰৰ অসম চিত্ৰকলা সংগ্ৰহালয়ত সংৰক্ষণ কৰা ভাগৱতৰ ষষ্ঠ স্কন্ধ, শিৱসাগৰৰ কোনোবাখিনিত প্ৰাপ্ত সমুদ্ৰ মন্থন, লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত ৰখা দুখন ভাগৱত-পুৰাণ, ব্ৰহ্মদেশত থকা অষ্টমস্কন্ধ ভাগৱত আৰু গোৱালপাৰা-গোসাইবৰি সত্ৰত সংৰক্ষণ হৈ থকা সচিত্ৰ দশমৰ উপৰি পুৰথৰীয়া মাধৱ আতাসত্ৰৰ ৰঙালী কীৰ্তন, ঈশ্বৰ হাটী সত্ৰৰ কীৰ্তন, নবুৰ্কাসত্ৰৰ চিত্ৰ-কীৰ্ত্তন, মধুপুৰ সত্ৰৰ চিত্ৰ- কীৰ্তন, আইভেটি ন-সত্ৰৰ সচিত্ৰ পাৰিজাত হৰণ নাট, মংগলদৈ অঞ্চলত পোৱা অনাদি পাতন, নগাও-আঁহতগুৰিৰ সত্ৰ বিশেষত সংৰক্ষিত সচিত্ৰ ৰামায়ণ, কামৰূপ অনুসন্ধান সমিতিৰ গ্ৰন্থাগাৰত থকা ৰামায়ণ-সুন্দৰাকাণ্ড, উপেন্দ্ৰ নাথ লেখাৰুৱে সংৰক্ষণ কৰা তুলাপতীয়া লংকাকাণ্ড, বাৰেঘৰ সত্ৰৰ আধ্যাত্ম ৰামায়ণ, মায়াম দিনজয় সত্ৰৰ শ্ৰীভাগৱত মৎস চৰিত আৰু কুমৰ হৰণ, কামৰূপৰ ৰামপুৰ গাঁৱত প্ৰাপ্ত ভগৱৎ গীতা, নগাঁও কতিপাৰ সত্ৰৰ ভক্তি-বতাবলী, কামৰূপ অনুসন্ধান সমিতিৰ গ্ৰন্থাগাৰত থকা লৱ-কুশৰ যুদ্ধ আৰু কৰ্ণ পৰ্ব (১৮৪১ খ্ৰী), নগাঁও-চামুগুৰি সত্ৰত থকা নিমিনৱ-সিদ্ধ সংবাদ (২৯ আৰু ভক্তি-প্ৰদীপৰ নাম উল্লেখযোগ্য।[2]
গড়গা শৈলীৰ আৰ্হিত চিত্ৰিত কৰা প্ৰখ্যাত পুথিবোৰ হ’ল - হস্তীবিদ্যাৰ্ণৱ, শংখচূড়বধ, ভাগৱত ষষ্ঠ স্কন্ধ (১৬৫৯ শক), ব্ৰিটিছ মিউজিয়ামত থকা ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ ব্ৰহ্মখণ্ডৰ পৰা দুৰ্গাৰামে কৰা সচিত্ৰ ৰূপ, ধৰ্ম পুৰাণ, কীৰ্তন-ঘোষা (এডিচনেল ১২২৩৪), বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগত সংৰক্ষিত দৰঙীৰজা কৃষ্ণ নাৰায়ণৰ নাম উল্লেখ থকা অষ্টমস্কন্ধ, কবিৰাজ চক্ৰৱৰ্তীৰ গীত-গোৱিন্দ, শিৱসিংহৰ দিনত চিত্ৰিত আনন্দ লহৰী, দৰঙ্গ ৰাজবংসাৱলি, ঘনশ্যাম খাৰঘৰীয়া ফুকনৰ দ্বাৰা চিত্ৰিত কল্কি পুৰাণ আৰু নাজিৰাৰ বুধবৰীয়া সত্ৰত সংৰক্ষিত কুমৰ হৰণ আদি।[2] দৰঙী চিত্ৰশৈলীৰ নিদৰ্শনৰ ভিতৰত তীৰ্থ কৌমুদী, তৃতীয় স্কন্ধ ভাগৱত, অষ্টম স্কন্ধ ভাগৱত আৰু চাহাপৰী উপাখ্যান প্ৰখ্যাত টাই-আহোম শৈলীৰ দুখনি তুলাপতীয়া পুথি পোৱা গৈছে – ফুং চিন (১৪৭৩ খ্ৰী.) আৰু চুক-টান্তা কিম্পং (১৫২৩ খ্ৰী.)। ওপৰত উল্লেখ কৰা পুথিৰ উপৰি আৰু বহুসংখ্যক সচিত্ৰ পুথি অসমৰ বিভিন্ন সত্ৰত সংৰক্ষিত হৈ আছে।[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ ড° নাৰায়ণ দাস. "অসমৰ চিত্ৰকলা". Vikaspedia. http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9859b89ae9f0-99a9bf9a49cd9f09959b29be-1.
- ↑ 2.0 2.1 2.2 2.3 2.4 অসমৰ সংস্কৃতি কোষ, ড॰ নাৰায়ণ দাস, পৰমানন্দ ৰাজবংশী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, দ্বিতীয় প্ৰকাশ, ২০১৪, পৃষ্ঠা-১৯