অসমৰ চূণ
চূণ (ইংৰাজী: lime) সাধাৰণতে এবিধ খনিজাত দ্ৰব্য৷ ই কেলচিয়ামযুক্ত অজৈৱ পদাৰ্থ৷ কিন্তু অসমত প্ৰাচীন কালত এবিধ বিশেষ প্ৰকাৰৰ চূণ পৰম্পৰাগতভাৱে তৈয়াৰ কৰা হৈছিল যাক গৃহ নিৰ্মাণৰ পৰা তামোল-পাণৰ লগত খোৱালৈ বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল৷ অসমত এই চূণ উৎপাদনৰ লগত এক শ্ৰেণীৰ মানুহ জড়িত হৈ থাকি এক সম্প্ৰদায়ৰো সৃষ্টি হৈছিল৷
ব্যৱহাৰ
[সম্পাদনা কৰক]আহোম যুগত দ’ল-দেৱালয়, মৈদাম আদি সাজিবলৈ স্থানীয়ভাৱে কৰাল তৈয়াৰ কৰা হৈছিল আৰু এই কৰালত চূণ অপৰিহাৰ্য আছিল৷ খনিজাত চূণতকৈ পৰম্পৰাগতভাৱে তৈয়াৰী শামুকৰ চূণ ব্যৱহাৰ কৰিলে কৰাল অধিক মিহি হৈছিল আৰু ইয়াৰে নিৰ্মিত স্থাপত্য নিমজ হৈছিল৷[1] চূণ খাদ্য হিচাপে তামোল-পাণৰ লগত খোৱা হয়৷ চূণত কেলচিয়াম আৰু ভিটামিন বি পোৱা যায়৷ ইয়াৰ ঔষধি গুণো থকা বুলি বিশ্বাস৷ সেয়ে কঁকালৰ বিষ, গাঁঠিৰ বিষ, পেটৰ অসুখ আদিত চূণেৰে মালিচ কৰে আৰু খাবলৈ দিয়া হয়৷[2]
চূণ উৎপাদন পদ্ধতি
[সম্পাদনা কৰক]অসমৰ পৰম্পৰাগতভাৱে উৎপাদিত চূণ হ’ল শামুকৰ পেটত উৎপাদন কৰা চূণ৷ ইয়াৰ বাবে এক বিশেষ পদ্ধতি প্ৰয়োগ কৰা হয়৷ চূণ প্ৰস্তুত কৰিবলৈ শামুকবোৰৰ পেটৰ মঙহাল অংশ উলিয়াই পেলাই ৰ’দত শুকুৱাই লোৱা হয়৷ তাৰপিছত আলতীয়া মাটিৰে ঘূৰণীয়াকৈ সজা ভাটিত খোলাবোৰ পোৰা হয়৷ ভাটিটো জাপি জাপি শামুকৰ খোলাবোৰ থৈ তলত জুই দি খোলাবোৰ ভালদৰে পুৰি যোৱাৰ পিছত জুই নুমুৱাই ছাইখিনি ঠাণ্ডা হ’বলৈ দিব লাগে৷ তাৰপিছত চালনীৰে চালি আৱৰ্জনা আৰু এঙাৰবোৰ আঁতৰাই তাত জোখমতে পানী ঢালিব লাগে৷ তেতিয়া ছাইখিনি থপথপীয়া হয় আৰু খোৱাৰ উপযুক্ত হৈ পৰে৷ এই চূণৰ শিলৰ পৰা পোৱা চূণতকৈ চোক বেছি৷[2][3]
চূণ শিল্পৰ সৈতে জড়িত লোক
[সম্পাদনা কৰক]অসমত চূণ শিল্পৰ সৈতে জড়িত লোকসকলক মুখী নামে জনা যায়৷ [2] আহোম ৰজা প্ৰতাপসিংহই বৃত্তিয়াল লোকসকলক ঠায়ে ঠায়ে গাওঁ পাতি বহুৱাইছিল৷ তেওঁলোকে ৰজাই নিৰ্ধাৰণ কৰি দিয়া কৰ্মকে পৰম্পৰাগতভাৱে কৰিছিল আৰু তেওঁলোকক সেই কৰ্মৰ নামেৰে জনা গৈছিল৷[3] চূণ উৎপাদনৰ লগত জড়িত লোকসকলক চুনেৰীও বোলা হৈছিল৷ মুখী আৰু চুনেৰীসকলৰ মাজত এটা পাৰ্থক্য আছিল যে, মুখীসকলে শামুক পুৰি ছাই উলিওৱা কামটো মুকলিকৈ কৰিছিল আৰু চুনেৰীসকলে এই কাম বন্ধ ভাটিত কৰিছিল৷ মুকলিত চূণ পুৰিলে বেয়া গোন্ধ ওলাইছিল আৰু ই অস্বাস্থ্যকৰ পৰিৱেশত হৈছিল বাবে মুখী সম্প্ৰদায়টোক চুনেৰীতকৈ মানুহে হীন চকুৰে চাইছিল৷[4]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ গগৈ, চাও লোকেশ্বৰ (২০১১). অসমৰ লোকসংস্কৃতি ২. ক্ৰান্তিকাল প্ৰকাশন. পৃষ্ঠা. ৭২৩.
- ↑ 2.0 2.1 2.2 শৰ্মা, মৃগেন (২০২২). পুৰণি অসমৰ কাৰিকৰী শিল্প ইতিহাস. জাগৰণ সাহিত্য প্ৰকাশন. পৃষ্ঠা. ৪২০.
- ↑ 3.0 3.1 ৰাজকুমাৰ, ৺সৰ্বানন্দ (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃষ্ঠা. ১৬৪. ISBN 81-7339-308-7.
- ↑ শইকীয়া, ড° ৰক্তিম ৰঞ্জন (২০২২). প্ৰাক্-ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস৷. অসম পাব্লিচিং কোম্পানী. পৃষ্ঠা. ৪১৫. ISBN 978-93-92305-41-2.