অসমৰ পিতল শিল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দৌল শৰাই
ভোজ-ভাত বা পায়স আদি ৰান্ধিবলৈ ব্যৱহাৰ কৰা পিতলৰ টৌ

অসমত প্ৰাচীন কালৰে পৰা সোণ, ৰূপ আদি ধাতুৰ প্ৰচলন থকা আৰু এইবোৰৰ জৰিয়তে এক কুটীৰ উদ্যোগ গঢ়ি উঠাৰ দৰে অসমৰ ঘাইকৈ হাজো অঞ্চল পিতল শিল্পৰ বাবে জনাজাত৷ পিতলেৰে গঢ়া বিভিন্ন বাচন-বৰ্তন অসমীয়া সংস্কৃতিৰ অংগাংগী সম্পদ৷ সাধাৰণতে, মৰীয়া জনগোষ্ঠীৰ লোকসকলেই পিতলৰ বিভিন্ন সামগ্ৰী তৈয়াৰ কৰে৷ এই মৰীয়াসকল অসমৰ থলুৱা জনগোষ্ঠীয় লোক নহয়৷ এওঁলোকৰ মূল বংগদেশৰ পাঠানসকল৷ তুৰ্বকক ৰণত হৰুৱাই তেওঁৰ সৈন্য কিছুমানক ধৰি আনি কনচেং বৰপাত্ৰ গোহাঁইএ প্ৰথমে হাতীৰখীয়া, তাৰপিছত খেতি কৰিবলৈ দি ক’তো সুফল নোপোৱাত সিহঁতক এৰি দিয়ে আৰু এইসকল লোকেই পিছলৈ মৰীয়া নাম পাই জীৱিকাৰ বাবে পিতলৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ ধৰে৷ [1][2]

বৈশিষ্ট্য[সম্পাদনা কৰক]

পিতল এক মিশ্ৰ ধাতু৷ উপযুক্ত পৰিমাণৰ তাম আৰু দস্তাৰ মিশ্ৰণেৰে পিতল তৈয়াৰ কৰি লোৱা হয়৷ ইয়াৰ বাহিৰে পিতলৰ বাচন গঢ়িবলৈ সুৱগা, কয়লা, এঙাৰ, চূণ, তেল আৰু লা আদিৰ প্ৰয়োজন হয়৷[3] পিতলত সাধাৰণতে ৬৬% তাম আৰু ৩৪% দস্তা মিহলি কৰা হয়৷ সাধাৰণ শ্ৰেণীৰ লোকৰ মাজত সোণ আৰু ৰূপৰ সামগ্ৰীতকৈ কাঁহ আৰু পিতলৰ সামগ্ৰীৰ চাহিদা বেছি আছিল৷[4]

সৰঞ্জাম আৰু পদ্ধতি[সম্পাদনা কৰক]

কলহ, চৰিয়া, থালি, টৌ, শৰাই, চাকিগছা আদি বিভিন্ন আকাৰ আৰু প্ৰকাৰৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ পিতল শিল্পীক বিভিন্ন সা-সৰঞ্জামৰ প্ৰয়োজন হয়৷ সেইবোৰ হ’ল; ভাটি, হাতুৰী, চাতুলী, কোমাৰি, ৰেক, আকোৱা, সৰাহ, চেপেনা, চেনা, টোপা, চিয়েৰি, ভোবোৰা আদি৷ প্ৰথমে ভাটীত প্ৰস্তুত কৰি লোৱা পিতল গৰম কৰি গৰমে গৰমে হাতুৰীৰে পিটি পিটি নিৰ্দিষ্ট গঢ়ত বাচন গঢ়া হয়৷ মৰীয়াসকল অসমলৈ অহাৰ আগতে পিতল গলাই সাঁচত ঢালি বাচন তৈয়াৰ কৰা হৈছিল৷[3]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. বৰবৰুৱা, হিতেশ্বৰ (১৯৮১). আহোমৰ দিন. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ৫৮. 
  2. গোহাঞিবৰুৱা, পদ্মনাথ (২০১৭). অসমৰ বুৰঞ্জী. এ বি টি পাব্লিকেছনচ৷. পৃষ্ঠা. ৭০. 
  3. 3.0 3.1 শৰ্মা, মৃগেন (২০২২). পুৰণি অসমৰ কাৰিকৰী শিল্পৰ ইতিহাস. জাগৰণ সাহিত্য প্ৰকাশন. পৃষ্ঠা. ১৩০. 
  4. শইকীয়া, ড° ৰক্তিম ৰঞ্জন. প্ৰাক--ঔপনিৱেশিক অসমৰ অৰ্থনৈতিক ইতিহাস. অসম পাব্লিচিং কোম্পানী. পৃষ্ঠা. ১২১.