অসমৰ মাছ ধৰা সঁজুলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
অসমৰ তিৱা মহিলা সকলে মাছ ধৰি খালৈত ভৰোৱা দৃশ্য।
টঙি জালৰ সহায়ত পুৰুষ-মহিলা উভয়ে মাছ ধৰা দৃশ্য।
বান পাতি মাছ ধৰা দৃশ্য।

অসমৰ মাছ ধৰা সঁজুলি সমূহ প্ৰধানকৈ হাতেৰে তৈয়াৰ কৰা কিছুমান বাঁহ-বেতৰ সঁজুলি। এইসমূহ অসমৰ কুটিৰ শিল্পৰ অন্তৰ্গত। অসমৰে বিভিন্ন প্ৰান্তৰ বিভিন্ন শ্ৰেণীৰ লোকে বিভিন্ন পদ্ধতিৰে, বিভিন্ন সঁজুলি আৰু কৌশলৰ সহায়ত পুৰণি কালৰে পৰা মাছ ধৰি আহিছে। মাছ ধৰাৰ পদ্ধতি, প্ৰণালী ঠাইবিশেষে বেলেগ বেলেগ হোৱা দেখা যায়। অসমৰ লোকসকলে কুটিৰ শিল্প হিচাপে বাঁহ-বেঁতৰ বিভিন্ন মাছ ধৰা সঁজুলি বনাবলৈ জানে।[1] এনে বিভিন্ন সঁজুলি সমূহ হ'ল- জাকৈ বা জকাই, খালৈ, খোকা, চেপা, পল, জুলুকি, ডিঙৰা, হুকুমা, বান, লাহনী, লেহেতি, দলঙা, চালনী, উভতি ঘোকলং, ঘনী, পঁচা, বৰশী আদি।[2]

মাছ ধৰা বিভিন্ন সঁজুলি সমূহ[সম্পাদনা কৰক]

জাকৈ বা জকাই[সম্পাদনা কৰক]

তিনিকোণীয়া মাছ ধৰা বাঁহৰ সঁজুলি। বিশেষকৈ তিৰোতা আৰু গাভৰুসকলে ইয়াৰ ব্যৱহাৰ বেচিকৈ কৰে। পানীৰ মাজেদি চলাই চলাই ওপৰলৈ দাঙি দাঙি মাছ ধৰা হয়। জাকৈৰ ব্যৱহাৰ সাধাৰণতে কম পানীত মাছ ধৰিবলৈ কৰা হয়। জাকৈ পানীৰ মাজত কিছুদূৰ চলাই নি সমুখৰ পানী ভাগ ভৰিৰে খেছি দিয়া হয়। এনে কৰিলে মাছবোৰে ভয় খাই জাকৈৰ ভিতৰলৈ সুমুৱাই যায়। আকাৰৰ ফালৰ পৰা জাকৈৰ ভাগ আছে।

জাল[সম্পাদনা কৰক]

মাছৰ সৰু-বৰ অনুসৰি জালবিলাক গোঁঠা হয় আৰু ইয়াৰ নামবিলাকো বিভিন্নধৰণৰ। যেনে—লাঙি-জাল, খেৱালি জাল, বৰ জাল, ঘাট জাল, চিন জাল আদি। মাছৰ নাম অনুসৰি লাঙি জাল গোঁঠা হয়। পুঠি মাছ ধৰিবৰ বাবে পুঠি লাঙি, কাৱৈ মাছ ধৰিবৰ বাবে কাৱৈ লাঙি জাল পতা হয়। পাৰৰ পৰা দলিয়াই দি যি জালেৰে মাছ ধৰা হয় তাক খেৱালি জাল বোলে। এই জালবিলাক সাধাৰণতে শণ সূতাৰে গোঁঠা হয়। লাঙি জালত ব্যৱহাৰ কৰা খুৰাবোৰ পোৰামাটিৰ। বৰ্তমান সৰু লোহাৰ খুৰা ব্যৱহাৰ কৰা দেখা যায়। নৈৰ দ পানীত চাৰিওফালে জাল তৰি মাছ ধৰা দীঘল আৰু ডাঙৰ জালখনৰ নাম জাহি জাল। পৰঙি বা চিন জালেৰে বাম পানীত পাতি মাছ ধৰা হয়। আকৌ জটা জালেৰে বাৰিষাৰ বেছি পানীত পাতি মাছ ধৰা হয়। এইখন জাল আনবোৰ জালতকৈ বেছি দীঘল আৰু ডাঙৰ।

খেৱালি জাল (আচ্ ৰা): মাছ ধৰিবৰ বাবে পানীলৈ দলিয়াই দিয়া এখন খেৱালি জাল হাতেৰে বহলকৈ মেলি পানীলৈ দলিয়াই দিয়া হয়। পিছত লাহেকৈ পাৰলৈ চপাই আনোতে জালৰ মূৰত থকা সৰু সৰু জেপবোৰত মাছবোৰ লাগি ধৰে। জালখন দলিয়াই দিওঁতে বহলাই বহিবলৈ, জালৰ তলৰ অংশ যথেষ্ট বহলাই গোঁঠা হয়। পানীত ডুব যাবলৈ একেবাৰে তলৰ কাষৰীটোত কিছুমান লোৰ গুটি লগোৱা থাকে। এইবোৰক খুৰা বুলি কোৱা হয়। মাছ জালত পৰি ওলাই যাব নোৱাৰাকৈ কাষৰীটো ওপৰলৈ ওভতাই গাঁঠি দি কিছুমান জেপ বনোৱা হয়।

টঙি জাল: জালখন টঙিৰে বহলকৈ মেলি পানীত পাতি থোৱা হয়। মাজে মাজে পানীৰপৰা দাঙি জালত উঠা মাছবোৰ ধৰা হয়। কেতিয়াবা এনে জালত তুঁহগুৰিৰ লাৰু একোটাও দিয়া হয়। সাধাৰণতে এই জালখন সাধাৰণ ভাৱে দীঘ-প্ৰস্থ ৰাখি বৰ্গাকৃতিত গুঁঠিব লাগে। পিছত দুডাল দীঘলীয়া বাঁহৰ কমি যোগ চিহ্নৰ দৰে বান্ধি চাৰিওটা মূৰে জালখন বান্ধি দিয়া হয়। কামি দুডালে পৰস্পৰক কটাকটি কৰা অংশ এডাল গোটা বাঁহত বান্ধি সেই অংশত এডাল দীঘল ৰছী সংযোগ কৰা হয়।

ফাঁচি জাল: পানীৰ সোঁত বৈ থকা অঞ্চলত পাতি থোৱা হয়। জালত মাছবোৰ ফাঁচ খাই লাগি ধৰে। পানীৰ গভীৰতা আৰু মাছৰ আকাৰৰ প্ৰতি গুৰুত্ব দি ইয়াৰ উচ্চতা দীঘল বা চুটি কৰা হয় আৰু জালৰ ফুটা বোৰো সৰু বা ডাঙৰকৈ গোঁঠা হয়। এই জালক ঠাই বিশেষে লাঙি জাল বুলিও কোৱা হয়। যেনেঃ কাৱৈ লাঙি, পুঠি লাঙি ইত্যাদি।

খালৈ[সম্পাদনা কৰক]

মাছ থোৱা বাঁহৰ সঁজুলি। দেখিবলৈ কলহটোৰ দৰে, পেটটো পেতুৱা আৰু মুখখন সৰু। বাঁহৰ কাঠি পাতলকৈ তুলি বৈ, কলহৰ দৰে আকাৰ দিয়া হয়। মাছ ধৰাৰ সময়ত ইয়াক কঁকালত এডাল ৰছীৰে বান্ধি লোৱা হয়। খালৈৰ পেটটো পেটুৱা কৈ সজাৰ বাবে সৰহকৈ মাছ ভৰাই ৰাখিব পাৰি আৰু ডিঙি অংশ চিয়ামৰা হোৱাৰ ফলত জীয়া মাছ জঁপিয়াই ওলাই যাব নোৱাৰে। ইয়াৰোপৰি খালৈত থকা সৰু সৰু বিন্ধা বোৰৰ মাজেদি বতাহ চলাচল কৰিব পাৰে বাবে ইয়াত ৰখা মাছ বহু সময়লৈ জীয়াই থাকে।

খোকা[সম্পাদনা কৰক]

দীঘল মাছ ধৰা বাঁহৰ সঁজুলি। মুখখন বহল পিছলৈ ঠেক, দীঘল(১০০/১১০ ছে.মি.) আৰু বন্ধ। পানীৰ সৰু সোঁত বৈ থকা ঠাইত পাতি থোৱা হয়। মাছবোৰ সোঁতৰ কোবত ভটিয়াই গৈ খোকাৰ বহল মুখখনৰে সোমাই পিছৰ ঠেক অংশত লাগি ধৰেগৈ।

চেপা[সম্পাদনা কৰক]

বাঁহৰ কাঠি তুলি দুই মূৰ সামান্য ঠেক কৰি গুঁঠা হয়। ই দেখাত তাঁত বোৱা মাকোৰ দৰে আৰু মাজ অংশ ফোঁপোলা আৰু আকাৰত ডাঙৰ। ইয়াৰ দৈঘ্য ১মিটাৰ বা তাতোকৈ সামান্য কম হয়। বাহিৰৰ কৰা দুটা বহল বাট ৰখা হয়, এই বাটত বাঁহৰ সৰু কাঠি কিছুমান এনেকুৱাকৈ বৈ দিয়া হয় যে মাছ, চেপাৰ ভিতৰত এবাৰ সোমালে সেই বাটেৰে পুনৰ ওলাই আহিব নোৱাৰে। পানীৰ সৰু সোঁত বৈ থকা ঠাইত পাতি থোৱা হয়।

পল[সম্পাদনা কৰক]

বাঁহৰ সঁজুলি। জুলুকিতকৈ বহল। ওখ প্ৰায় ২ ফুট। পল সাজিৰ বাবে প্ৰথমে বাঁহৰ কাঠি গোল গোলকৈ চাঁচি লোৱা হয়। তাৰ পাছত কাঠিবোৰ ইডালৰ লগত সিডাল ক্ৰমান্নয়ে বেত বা তাঁৰেৰে বান্ধি গাঁঠি গোলাকৃতি কৰি লোৱা হয়। এনেকৈ গাঁঠি যাওঁতে ওপৰফালে সৰু আৰু তলফালে ক্ৰমান্নয়ে বহল কৰি অনা হয়। ওপৰৰফালৰ গোলাকৃতিৰ ব্যাসাৰ্ধ প্ৰায় ৯ ছে.মি. আৰু তলফালৰ গোলাকৃতিৰ ব্যসাৰ্ধ প্ৰায় ৩৫ ছে.মি.। ওপৰফালে ধৰিবৰ সুবিধাৰ বাবে এটা মুঠনি দিয়া হয়। পলৰে সাধাৰণতে ডাঙৰ মাছ চাব মাৰি মাছ ধৰা হয়। পলৰে মাছ ধৰিবৰ বাবে বহুতো লোক একেলগে নদী বা বিলত নামে আৰু পলৰে ইফালে সিফালে চাব মাৰে। এনেদৰে চাব মাৰি ফুৰোতে কোনোবা পাকত ডাঙৰ মাছ পলটোৰ মাজত সোমাই পৰে।

জুলুকি[সম্পাদনা কৰক]

বাঁহৰ সঁজুলি। ওখ প্ৰায় দুফুট। প্ৰথমে বাঁহৰ কামি চাঁচি লৈ কামিবোৰ ওপৰৰপৰা আধাফুটমান এৰি তলৰডোখৰ ৩ বা ৪ ভাগ কৰি গোল গোল কাঠিৰ নিচিনাকৈ চাঁচি লোৱা হয়। তাৰ পাছত কামি আৰু কাঠিবোৰ ইডালৰ লগত সিডাল ক্ৰমান্নয়ে বেত বা তাঁৰেৰে বান্ধি গাঁঠি গোলাকৃতি কৰি লোৱা হয়। এনেকৈ গাঁঠি যাওঁতে ওপৰফালে সৰু আৰু তলফালে ক্ৰমান্নয়ে বহল কৰি অনা হয়। ওপৰৰফালৰ গোলাকৃতিৰ ব্যাসাৰ্ধ প্ৰায় ৮ ছে.মি. আৰু তলফালৰ গোলাকৃতিৰ ব্যসাৰ্ধ প্ৰায় ২৫ ছে.মি.। ওপৰফালে ধৰিবৰ সুবিধাৰ বাবে এটা মুঠনি দিয়া হয়। জুলুকিৰে সাধাৰণতে সৰু মাছ চাব মাৰি মাছ ধৰা হয়। ইয়াৰ বাবে প্ৰথমে গোবৰ আৰু তুঁহগুৰিৰ মিশ্ৰণেৰে বল আকৃতিৰ লাৰু বান্ধি লোৱা হয়। এই লাৰুবোৰ নদী বা পথাৰৰ আঁঠুৱনী পানীত সৰু খুটি এটাৰে পুতি থৈ অহা হয়। লাৰুটোৰ অৱস্থিতি জানিবৰ বাবে খুটিটো এক আঙুলমান পানীৰ ওপৰত ওলাই থকাকৈ পোতা হয়। ইয়াৰ পাছত মাছে লাৰুটো খাবলৈ অহালৈ ১০/১৫ মিনিটমান অপেক্ষা কৰা হয়। তাৰ পাছত লাহেকৈ গৈ লাৰুটো আৰু মাছখিনি জুলুকিৰে চাব মাৰি ঢাকি ধৰা হয়। তাৰ পাছত জুলুকিৰ ওপৰফালে হাত ভৰাই খেপিয়াই মাছখিনি সংগ্ৰহ কৰা হয়।

ডিঙৰা[সম্পাদনা কৰক]

ইয়াক বাঁহৰ পৈণত কাঠিৰে ঘূৰণীয়াকৈ দুই মূৰ সমান কৰি বনোৱা হয়। ডিঙৰাৰ সন্মুখৰ ফালে মাছ সোমাবৰ বাবে আৰু শেষৰ ফালে মাছ উলিয়াবলৈ দুটা পথ থাকে।

হুকুমা[সম্পাদনা কৰক]

বান[সম্পাদনা কৰক]

বাঁহৰ কাঠি গাঁঠি সজা হয়। বাঁহৰ বেৰাৰ নিচিনা। ওখ প্ৰায় ২/৩ ফুট। সৰু নদীসমূসৰ সোঁতত পাতি থোৱা হয়। বানৰ পাছফালে ধেনুভিৰিয়াকৈ এখন জালি বা কাপোৰ বান্ধি থোৱা হয়। সোঁতৰ কোবত ভাঁহি অহা মাছবোৰ বানত লাগি বাধাপ্ৰাপ্ত হৈ জঁপিয়াই বানৰ পাছফালে পাতি থোৱা কাপোৰত পৰেগৈ। পাছত তাৰপৰাই মাছবোৰ ধৰা হয়।

লাহনী[সম্পাদনা কৰক]

লাহনী সাধাৰণতে পানী সিঁচিবলৈ ব্যৱহাৰ হোৱা সঁজুলি। নলা, খাল, পুখুৰী, পথাৰ আদিৰ কম পানী সিঁচিবলৈ লাহনী ব্যৱহাৰ কৰা হয়। এক মিটাৰ মান দৈঘ্যৰ এডাল বাঁহৰ এমুৰে ত্ৰিশ মিটাৰ মান দৈঘ্যৰ কাঠ বা বাঁহ বান্ধি দুই মূৰে শংকুৰ দৰে টিন বান্ধি লোৱা হয়। খাল, নলা, পুখুৰী আদিৰ পানী শুকালে লাহনীৰে পানী সিঁচি মাছ ধৰা হয়। কম ওজনৰ আৰু পানী সিঁচিবলৈ অতি সহজ হোৱা বাবে ইয়াৰ দ্বাৰা কম সময়তে অধিক পানী সিঁচিব পাৰি। লাহনীৰ এই গুনটোৰ বাবেই 'লাহনী' শব্দটোক প্ৰতীক ৰূপটো অসমীয়া ভাষাত ঘৰোৱা ভাবে ব্যৱহাৰ কৰা দেখা যায়। কম সময়ৰ ভিতৰতে সৰহ সৰহকৈ খোৱা কাৰ্যক ইতিকিং সূচক ভাৱে লাহনী মৰা বুলিও কোৱা হয়।

লেহেতি[সম্পাদনা কৰক]

ধেমা বা টিন এটা মাজত লৈ ৰছি দুডালেৰে গাঁঠি দি দুফালে দুজনে ধৰি পানী সিঁচা এবিধ সঁজুলি। সৰহ পানী সিঁচিবলৈ ইয়াৰ ব্যৱহাৰ হয়। এইদৰে পানী সিঁচিবলৈ দুজন মানুহৰ প্ৰয়োজন হয়, দুজন দুটা পাৰত বহি বা ঠিয় হৈ গাৰ বল প্ৰয়োগ কৰি লাহনীখন এবাৰ পানীৰ ফালে আৰু এবাৰ বামৰ ফালে টনা হয়। এইদৰে পুখুৰী বা ডাঙৰ খাল আদিৰ পানী সিঁচি মাছ ধৰা হয়।

মাছ ধৰিবলৈ লেহেতিৰে পানী সিঁচা দৃশ্য।

দলঙা[সম্পাদনা কৰক]

চালনী[সম্পাদনা কৰক]

চালনি সাধাৰণতে ধান বা চাউল চালিবলৈ ব্যৱহাৰ কৰা বাঁহৰ সঁজুলি। ই গোলকৃতিৰ বিশেষ সঁজুলি, তললৈ সামান্য দোঁ খোৱা আৰু কাষটো উঠা। চালনিৰ, বাঁহৰ কাঠি সমূহৰ মাজত এৰা বিন্ধা, আকাৰ আৰু ব্যৱহাৰ অনুসৰি বিভিন্ন ভাগত ভাগ কৰা হয় যেনেঃ 'ঘন চালনি','সৰু চালনি', 'বৰ চালনি' আদি। ইয়াৰে ঘন চালনিখন আকাৰত বেছি সৰু হোৱা বাবে মাছ ধৰিবলৈ ব্যৱহাৰ কৰা নহয়। কম পানীত সৰু মাছ ধৰিবলৈ সৰু চালনি আৰু মেটেকা আদিৰ শিপাত সোমাই থকা মাছ আদি ধৰিবলৈ বৰ চালনিৰ ব্যৱহাৰ কৰা হয়।

উভতি ঘোকলং[সম্পাদনা কৰক]

ঘনী[সম্পাদনা কৰক]

পঁচা[সম্পাদনা কৰক]

পঁচা হৈছে এডাল ১মিটাৰ মান দৈঘ্যৰ গোটা বাঁহৰ আগত লোৰ জোঙ বান্ধি তৈয়াৰ কৰা মাছ ধৰা সঁজুলি। সাধাৰণতে বাৰিষা ৰাতিৰ ভাগত পুখুৰীৰ পাৰত ৰৈ থকা মাছ ধৰিবলৈ পঁচা ব্যৱহাৰ কৰা হয়। গাৰ বল প্ৰয়োগ কৰি মাছৰ ওপৰত পঁচা মাৰিলে, মাছৰ গাত লোৰ জোং বোৰ সোমই যায়।

বৰশী[সম্পাদনা কৰক]

লোৰ এডাল সৰু শিকলি বেঁকা কৰি প্ৰশ্ন বোধক চিহ্নৰ দৰে ভাঁজ দিয়া হয়।[3] ইয়াৰ ওপৰ ফালৰ অংশ সামান্য বহল আৰু আনটো মূৰ জোঙা। বহল অংশক পটা আৰু জোঙা অংশক শুং বুলি কোৱা হয়। বহল পটা খনৰ ঠিক তলতে খুব টান মিহি ৰছী এডাল বান্ধি ৰছীৰ আনটো মূৰ বাঁহৰ মিহি আগ অংশত বান্ধি লোৱা হয়। বাঁহ ডালক বৰশীৰ চিপ বোলে। ৰছীত মাছে ধৰা নধৰাৰ উমান পাবলৈ পানীত ওপঙিব পৰাকৈ কুঁহিলা, মেটেকা, ইকৰা আদিৰ সৰু টুকুৰা এটা লগাই লোৱা হয়। ইয়াক পুঙা বুলি কোৱা হয়। মাছৰ আঁকাৰ অনুসৰি বৰশীৰ আকাৰ সৰু বা ডাঙৰ হয়। বৰশী সাধাৰণতে বিভিন্ন প্ৰকাৰৰ থাকে। যেনেঃ সৰু বৰশী, বৰ বৰশী, খুঁটি বৰশী আদি। সৰু বৰশীৰ সহায়ত, পুঠিমাছ, গৰৈ, কাৱৈ আদি মাছ ধৰা হয়। বৰ বৰশী বৰালি, শ'ল আদি ডাঙৰ মাছ ধৰিবলৈ ব্যৱহাৰ কৰা হয়। খুঁটি বৰশী পথাৰ, পুখুৰী আদিৰ পাৰত সৰু খুঁটি এডাল পুতি পাতি থোৱা হয়। বৰশীৰে মাছ ধৰা কাৰ্যক বৰশী বোৱা বা বৰশী টোপোৱা বোলে।

আলোকচিত্ৰ[সম্পাদনা কৰক]

প্ৰস্তুত প্ৰণালী[সম্পাদনা কৰক]

মাছ ধৰিবলৈ ব্যৱহাৰ কৰা প্ৰায়বোৰ সঁজুলিয়েই বাঁহ কাঠ আদিৰ সহায়ত তৈয়াৰ কৰা হয়। অসম কুটিৰ শিল্পত চহকী। বাঁহ-কাঠ আদিৰ সহায়ত তৈয়াৰ কৰা মাছৰ সঁজুলি সমূহ অসমৰ কুটিৰ শিল্পৰ অংগ। ইয়াক থলুৱা ভাৱে বনোৱা হয়।[4] বাঁহৰ কাঠি-কামি তুলি সেইবোৰ বৈ বা গুঁঠি এই সজুঁলি সমূহ প্ৰস্তুত কৰা হয়। ইয়াৰোপৰি জাল প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক জাল গোঁঠা বুলি কোৱা হয়। সাধাৰণতে জাল গুঁঠিবলৈ কঠিন শণ সূতাৰ ব্যৱহাৰ কৰা হয়।

মাছ ধৰাৰ কৌশল আৰু পদ্ধতি[সম্পাদনা কৰক]

পানীৰ পৰিমাণ, গভীৰতা আদিৰ প্ৰতি গুৰুত্ব দি মাছ ধৰা সঁজুলি আৰু পদ্ধতি বেলেগ বেলেগ। দ পানীত যেনে নৈ-বিল, পুখুৰী আদিত দলঙা, হুকুমা, খুটি বৰশী, ডাঙৰ চেপা আদি মাছ ধৰিবৰ কাৰণে পাতি থোৱা হয়।

বানপানী হ'লে চেপা, থোকা, ডিঙিৰা, পল, জুলুকি, জাকৈ, চালনী আদিৰে মাছ ধৰা হয়। দ-বাম উভয়তে মাছ ধৰিবৰ বাবে পল, জুলুকি, কোল, পঁচা আদি ব্যৱহাৰ কৰা হয়।[5]

মাছ ধৰি থ’বৰ বাবে খালৈ, খৰা আদি সঁজুলিব্যৱহাৰ কৰা দেখা হয়।

খৰালি পুখুৰী আদিৰ পানী শুকাবলৈ ধৰিলে লাহনী, লেহেতি আদিৰে পানী সিঁচি মাছ ধৰে। বাম পানীত হাতেৰে খেপিয়ায়ো মাছ ধৰা দেখা যায়।

আন এটা পদ্ধতি অনুসৰি শিঙী, মাগুৰ আদি মাছ ধৰিবৰ বাবে শিঙী খোঁচা নামৰ এবিধ সঁজুলি ব্যৱহাৰ কৰা হয়। শকত-দীঘল বাঁহৰ পাব ফুটা কৰি, পাবৰ ভিতৰত এই মাছৰ উপযোগী খাদ্য ভৰাই পুখুৰী, বিল, পিটনি আদিত বাঁহডাল ৰছীৰে বান্ধি পানীত ডুবাই ৰাখা হয়। মাছে বাঁহৰ মাজত থকা খাদ্য খাবলৈ আহি ভিতৰত আৱদ্ধ হৈ পৰে।

কম পানীত আবদ্ধ হৈ থকা মাছ ধৰিবৰ বাবে চালনী ব্যৱহাৰ কৰা হয়। জাৰৰ দিনত মেটেকাৰ শিপাত মাছবিলাকে আশ্ৰয় লয়। বৰ চালনী মেটেকাৰ তলত অতি সাৱধানে সুমুৱাই চালনীখন মেটেকাৰ সৈতে পানীৰ পৰা ওপৰলৈ দাঙি মেটেকাবোৰ জোকাৰি দি গুচাই মাছ ধৰা হয়।

গভীৰ বা বাম পানীত লাঙি জাল পতা হয়। পাৰৰ পৰা দলিয়াই দি খেৱালি জালেৰে মাছ ধৰা হয়। নৈৰ দ পানীত চাৰিওফালে জাল তৰি মাছ ধৰা দীঘল আৰু ডাঙৰ জালখনৰ নাম জাহি জাল। পৰঙি বা চিন জালেৰে বাম পানীত পাতি মাছ ধৰা হয়। আকৌ জটা জালেৰে বাৰিষাৰ বেছি পানীত পাতি মাছ ধৰা হয়।[6]

ঠাই বিশেষে মাছ ধৰা সঁজুলি আৰু পদ্ধতি ভিন্ন। ভৈয়ামৰ লোকৰ মাছ ধৰা পদ্ধতিৰ লগত পাহাৰীয়া লোকসকলৰ মাছ ধৰা পদ্ধতিৰ কিছু পাৰ্থক্য আছে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "অসমৰ কুটীৰ-শিল্প". https://www.asswiki.in/2019/04/cottage-industry-in-assam.html. 
  2. মহন্ত সঞ্জীৱ. "অসমৰ মাছ ধৰা সঁজুলি". http://as.vikaspedia.in/agriculture/MasPalan/9859b89ae9f0-9ae9be99b-9a79f09be-9b898199c9c19b29bf. 
  3. http://xobdo.org/m/?w=%E0%A6%AC%E0%A7%B0%E0%A6%B6%E0%A7%80
  4. বৰা নিতুল. "অসমৰ থলুৱা শিল্প". http://as.vikaspedia.in/education/9859b89ae9f0-9b89829b89cd9959c39a49bf/9859b89ae9f0-9a59b29c19f19be-9b69bf9b29cd9aa. 
  5. মাছৰ উজান-লেখক দেৱকৃষ্ণ বৰুৱা; প্ৰান্তিক, ১-১৫ মাৰ্চ ২০১০
  6. মহন্ত সঞ্জীৱ. "অসমৰ মাছ ধৰা সঁজুলি". http://as.vikaspedia.in/agriculture/MasPalan/9859b89ae9f0-9ae9be99b-9a79f09be-9b898199c9c19b29bf.