অসমৰ মৰাপাট শিল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মৰাপাটেৰে তৈয়াৰী বেগ

মৰাপাট হৈছে মূলতঃ এছিয়াৰ উপগ্রীষ্মমণ্ডলীয় অঞ্চল বিশেষকৈ ভাৰত, বাংলাদেশ আৰু চীনত খেতি কৰা নল সদৃশ উদ্ভিদৰ বাকলিৰ পৰা আহৰণ কৰা আঁহ। কপাহৰ পিছতেই ই দ্বিতীয় বৃহত্তম উদ্ভিদৰ আঁহ আৰু ই বৃহৎ পৰিমাণে উপলব্ধ। ভাৰতো মৰাপাট আৰু মৰাপাটৰ সামগ্ৰীৰ সৰ্বাধিক উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে কাৰণ এই শস্য দেশৰ পূব অঞ্চলৰ ৮৩খন জিলা মূলতঃ পশ্চিম বংগ, অসম, ওড়িশা, বিহাৰ, উত্তৰ প্ৰদেশ, ত্ৰিপুৰা আৰু মেঘালয়ত ইয়াৰ খেতি কৰা হয়। মৰাপাটৰ শিল্প অসমৰ এক পুৰণি কুটিৰ শিল্প। বৰ্তমান সময়ত আধুনিক ডিজাইনৰ উদ্ভৱৰ ফলত ই এক জনপ্ৰিয় কলালৈ পৰিৱৰ্তিত হৈছে। মৰাপাট উৎপাদনৰ ক্ষেত্ৰত অসম সমগ্ৰ ভাৰতৰ ভিৰতে এখন আগশাৰীৰ ৰাজ্য। [1] মৰাপাটৰ উৎপাদনত ভাৰতৰ ভিতৰত অসমৰ স্থান তৃতীয়।[2]

ইতিহাস[সম্পাদনা কৰক]

চৰকাৰী পদক্ষেপৰ ভিতৰত ১৯৯২-৯৪ চনত কলকাতাৰ নেচনেল চেণ্টাৰ ফৰ জুট ডাইভাৰচিফিকেশনৰ (এনচিজেডি) সহযোগত "মৰাপাটৰ সামগ্ৰীৰ বৈচিত্ৰ্য"ৰ ওপৰত কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। এই সময়ছোৱাত , বৃহৎ সংখ্যক শিল্পীক পৰ্যাপ্ত প্ৰশিক্ষণ , আৰ্হি আৰু বিপণন সহায় আগবঢ়োৱা হৈছে। কিছুমান প্ৰধান সামগ্ৰী হ'ল মৰাপাটৰ বেগ, বগৃহসজ্জাৰ সামগ্ৰী, টুপী, টেবুল মেট, ফুট মেট, কাৰ্পেট, তাঁতশালত বোৱা মৰাপাট-কপাহী কাপোৰ আদি। ধুবুৰীৰ আলমগঞ্জ, বগোলুমাৰী গৌৰীপুৰ, চলি কুৰা চৰ,, মৰিগাঁও, নগাঁও, তিনিচুকীয়া ( মাৰ্ঘেৰিটা), গোৱালপাৰা ইত্যাদি ঠাইত মৰাপাটৰ সামগ্ৰীৰ প্ৰধানতঃ পোৱা যায়। ধুবুৰী এইক্ষেত্ৰত অগ্ৰণী।[3] আজিলৈকে , ১০০০ৰো অধিক শিল্পী এই খণ্ডত প্ৰত্যক্ষভাৱে নিয়োজিত হৈ আছে।[2] বৰ্তমান সময়ত আত্মসহায়ক গোটৰ সদস্যসকলৰ লগতে বহু লোকে নিজাববীয়াকৈ মৰাপাটৰ শিল্পৰ প্ৰশিক্ষণ লৈ এই শিল্পৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ বাছি লৈছে।

পদ্ধতি[সম্পাদনা কৰক]

মৰাপাটৰ সামগ্ৰী তৈয়াৰ কৰিবৰ বাবে প্ৰধান কেঁ‌চামাল হ'ল মৰাপাটৰ আঁ‌হ। এই আঁ‌হবোৰ পূৰঠ মৰাপাটৰ গছৰ পৰা সংগ্ৰহ কৰা হয়। মৰাপাটৰ গছজোপা চপোৱাৰ বাবে পূৰঠ হ’লে মাটিৰ অতি ওচৰত কাটি পাত সৰিবলৈ এদিন বা দুদিন মাটিত থৈ দিয়া হয়। মৰাপাটৰ আটাইতকৈ উপযোগী অংশ হ’ল গা-গছৰ আঁহ।  ইয়াক ৰেটিং নামেৰে জনাজাত প্ৰক্ৰিয়াৰে গছৰ পৰা সহজে পৃথক কৰা হয়, য’ত মৰাপাটৰ গছবোৰ পানীত ডুবাই ঠাৰিৰ পৰা আঁহবোৰ পৃথক কৰা হয়। এইদৰে পৃথক কৰা মৰাপাট শুকুৱাই বিভিন্ন ৰূপ দিয়া হয়। আঁহবোৰ সূতাৰ দৰে গুঠা কৰা হয়। কেতিয়াবা সূতাবোৰ বৈ কাপোৰ তৈয়াৰ কৰা হয়। চাফা কৰা আঁহ, সূতা আৰু ৰেগ সকলোবোৰ ব্যৱহাৰ কৰি বেগ, কাৰ্পেট, হেংগিং, জোতা, ক’ষ্টাৰ, গহনা, শ্ব’ পিচ আদি ধুনীয়া ধুনীয়া কুটিৰ শিল্প তৈয়াৰ কৰা হয়।কিছুমান অতি মিহি মানৰ মৰাপাট ব্যৱহাৰ কৰি আচবাবৰ সামগ্ৰী আৰু কাপোৰো তৈয়াৰ কৰা হয়।[4] প্ৰয়োজস্ন অনুসাৰে অলংকৰণ বা ব্যৱহাৰৰ বাবে বিভিন্ন ৰং আৰু বুটাম, কাঁ‌চৰ টুকুৰা আদি ইয়াত সূতাৰে চিলাই কৰি বা আঠা লগাই লগোৱা হয়।

উৎপাদিত সামগ্ৰীসমূহ[সম্পাদনা কৰক]

মৰাপাটৰ পৰা উৎপাদিত সামগ্ৰীৰ ভিঅৰত সাধাৰণতে কান্ধত বা হাতত লোৱা বেগ, পানীৰ বটল কঢ়িয়াই নিয়া বেগ, মণিহাৰী বস্তু ৰখা টেমী, টেবুল মেট, ড'ৰমেট, ক'ষ্টাৰ, দলিছা, গৃহসজ্জাৰ সামগ্ৰী, পুতলা, বাস্কেট আদি আছে। বৰ্তমান সময়ত মৰাপাটৰ পৰা আলংকৰিক জোতা-চেণ্ডেল, কাপোৰ আদিও প্ৰস্তত কৰা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Jute". farmer.gov.in. https://www.farmer.gov.in/cropstaticsjute.aspx। আহৰণ কৰা হৈছে: 13 March 2024. 
  2. 2.0 2.1 "Present Handicrafts industries in Assam". industriescom.assam.gov.in. https://industriescom.assam.gov.in/portlet-innerpage/present-handicrafts-industries-in-assam#main4। আহৰণ কৰা হৈছে: 13 March 2024. 
  3. "Dhubri scores with its unique traditional crafts". The Assam Tribune. 15 September 2010. https://assamtribune.com/dhubri-scores-with-its-unique-traditional-crafts। আহৰণ কৰা হৈছে: 13 March 2024. 
  4. "Jajori". Ministry of Textiles. http://www.craftclustersofindia.in/site/index.aspx?Clid=38। আহৰণ কৰা হৈছে: 13 March 2024.