সমললৈ যাওক

অসমৰ সংস্কৃতিত অন্ধবিশ্বাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা


  1. "সোমে শণি, পূৱত ৰাশ"- সোমবাৰ আৰু শণিবাৰে পুৱ দিশে যাত্ৰা কৰিব নাপায়। কোনো বিশেষ উদ্দেশ্য লৈ এই দুইদিনত পূৱ দিশত যাত্ৰা কৰিলে উদ্দেশ্য সিদ্ধি নহয় আৰু বিফল মনোৰথে ঘূৰিব লগা হয়।
  2. "পিছবাৰীত তেতেলী, আগবাৰীত ঔ, সেইঘৰৰ ভেটি গ'লনে নৌ"- ঘৰৰ পিছফালৰ বাৰীত তেতেলী গছ আৰু আগফালৰ বাৰীত ঔ-টেঙাৰ গছ ৰাখিব নাপায়। অন্যথা সেইখন ঘৰৰ ভেটি উচন হোৱাৰ সম্ভাৱনা থাকে।
  3. শণি আৰু মঙ্গলবাৰে, আৰু নিশা নখ-চুলি কটাব নাপায়।
  4. ফেঁচাই নিউ নিউ কৰিলে মৃত্যু
  5. ফেচাই উৰুলি দিলে বিয়া
  6. ফেউৰাই ৰাউ দিলে অমংগল
  7. যোৰ সাপ দেখিলে অমংগল
  8. গৰুৰ নেজ ঠেঙত পাঁক খালে অমংগল
  9. মেকুৰীয়ে বাট কাটিলে যাত্ৰা বিফল
  10. কুকুৰে আগচোতালত চুঁচৰিলে আকাল
  11. সাপক 'সাপ' বুলি ক'লে আসৈ পায়, সেয়ে 'দীঘলীয়া' বুলি ক'ব লাগে।
  12. আহাৰ গ্ৰহণ কৰি থকা অৱস্থাত কোনো লুতুৰা ব্যক্তিয়ে দেখিলে মুখ লাগে, আৰু তেতিয়া বিহলঙনীৰে মুখলগা ভাঙিব লাগে।
  13. কোনোবাই কাৰোবাক যাদু-মন্ত্ৰ কৰিলে "পানী-কটা" পানীৰে গা ধুলে নিবাৰণ হয়।
  14. ভাতত কোনোবাই আহুদি কৰিব খুজিলে খাবলৈ বহাৰ আগতে পীৰাখন ভৰিৰ বুঢ়া আঙুলিৰে থেলি ল'ব লাগে।
  15. ঋতুস্ৰাৱ হৈ থকা মহিলাই ৩ দিনলৈকে ঘৰৰ আন আচ-বাব ইত্যাদি চুব নালাগে।
  16. সপোনত দাঁত সৰা দেখিব নাপায়। ওপৰৰ পাৰিৰ দাঁত সৰা দেখিলে নিজতকৈ বয়সত সৰু, আৰু তলৰ পাৰিৰ দাঁত সৰা দেখিলে নিজতকৈ বয়সত ডাঙৰ কাৰোবাৰ মৃত্যু হয়।
  17. সপোনত পুঠিৰ দৰে বগা পিঠিৰ মাছ দেখিলে ভাল, আৰু কাৱৈৰ দৰে ক'লা পিঠিৰ মাছ দেখিলে বেয়া।
  18. সপোনত সাঁকো, দলং ইত্যাদি পাৰ হোৱা দেখিলে পৰীক্ষা ইত্যাদিত উত্তীৰ্ণ হয়।
  19. ঘৰৰ চোতালত শালিকাই হাই-উৰুমি কৰিলে ঘৰতো হাই-কাজিয়াৰ সৃষ্টি হয়।
  20. আউসী আৰু একাদশীৰ দুদিনত হাল বাব নাপায়।
  21. কানিমুনি সময়ত কোনো কামত হাত দিব নাপায়।
  22. ভাত খাওঁতে গালত বা কপালত হাতৰ ভেজা দিব নাপায়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Benudhar Rajkhowa (1973). Assamese Popular Superstitions and Assamese Demonology. Department of Folklore Research, Gauhati University.