অসমৰ হাতী দাঁত শিল্প

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেঙেনাআটি সত্ৰত সংৰক্ষিত অন্যান্য সামগ্ৰীৰ সৈতে হাতীদাঁতৰ ফণি।

হাতী দাঁত শিল্প (ইংৰাজী: Ivory Industries of Assam) পুৰণি অসমৰ কুটীৰ শিল্প সমূহৰ ভিতৰত অন্যতম আছিল৷ সেই সময়ত অসমৰ হাবিত প্ৰচুৰ পৰিমাণে হাতী পোৱা গৈছিল আৰু হাতীৰ দাঁত আৰু হাঁড়েৰে এই শিল্প গঢ়ি উঠিল৷ আহোম যুগৰ অৰ্থনীতিতো ই বিশেষ ভূমিকা পালন কৰিছিল৷ আহোম যুগত বৈদেশিক বাণিজ্যত হাতী দাঁত প্ৰচুৰ পৰিমাণে ৰপ্তানি কৰা হৈছিল৷[1] অসম বৃটিছৰ অধীনলৈ যোৱাৰ পিছৰছোৱা সময়ত এই শিল্পৰ প্ৰাচুৰ্য কমি যাবলৈ ধৰে৷ নামনি অসমৰ বৰপেটা অঞ্চল হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত আছিল৷ অসমৰ এই শিল্প বৰ্তমান অৱশ্যে লুপ্তপ্ৰায় অৱস্থা পাইছেহি[2] যদিও কেৱল বৰপেটা সত্ৰতেই হাতী দাঁতৰ শিল্প জনা লোক এতিয়াও আছে৷[1] হাতী দাঁত শিল্পৰ লগত জড়িত লোকসকলক “বক্তাৰ খনিকৰ’’ নামে জনা হৈছিল৷[3] এই লোকসকলক আহোম ৰজাসকলে যথেষ্ট মাটি-বাৰী আৰু শ্ৰমিক যোগান ধৰি জীৱিকা সুনিশ্চিত কৰাৰ লগতে শিল্পটোৰ বাবে কেঁচামালৰো যোগান ধৰিছিল৷[4]

উপহাৰ[সম্পাদনা কৰক]

প্ৰাচীন কালৰে পৰা অসমৰ ৰজা-মহাৰজাসকলৰ মাজত উপহাৰ সামগ্ৰীত হাতী দাঁতৰ বিবিধ সামগ্ৰীৰ প্ৰচলন আছিল৷ প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তই যুধিষ্ঠিৰলৈ আন বস্তুৰ লগতে হাতী দাঁতৰ নাল লগোৱা তৰোৱাল উপহাৰ দিছিল বুলি মহাভাৰতত উল্লেখ আছে৷ কুমাৰ ভাস্কৰ বৰ্মাই ৰজা হৰ্ষবৰ্ধনক হাতী দাঁতেৰে নিৰ্মিত বিভিন্ন বস্তু উপহাৰ হিচাপে দিছিল৷[5] আহোম যুগতো ৰজাসকলে আন ৰাজ্যৰ লগত সন্ধি কৰিলে অন্যান্য বস্তুৰ লগতে হাতী দাঁতৰ বিভিন্ন বস্তু উপঢৌকন হিচাপে পঠিয়াইছিল৷ চুতীয়া ৰজা নীতিপালে ১৫২৩ চনত সন্ধিৰ প্ৰস্তাৱ দিওঁতে আহোম সেনাপতিলৈ দুখন হাতী দাঁতৰ পাটী উপহাৰ দিছিল৷ ৰুদ্ৰসিংহয়ো দিল্লীৰ সম্ৰাটলৈ কটকী পঠিয়াওঁতে হাতী দাঁতৰ পাটী, বিচনী, ডবা খেলৰ গুটি আদি উপহাৰ দিয়াৰ কথা জনা যায়৷[1] জয়ধ্বজ সিংহই ঔৰংজেৱলৈ, কমলেশ্বৰ সিংহই ভোটদেশৰ ৰজালৈ মিত্ৰতাৰ চিনস্বৰূপে হাতী দাঁতৰ পৰা তৈয়াৰী বিভিন্ন সামগ্ৰী দিছিল৷[3]

উৎপাদিত সামগ্ৰী[সম্পাদনা কৰক]

হাতী দাঁতৰ পৰা থলুৱা পদ্ধতিৰে পাটী, পীৰা, তৰোৱালৰ নাল, কটাৰীৰ ডাব, লাঠি, টেমা, ফণি, সঁফুৰা, আসন, শৰাই, দেৱ-দেৱীৰ মূৰ্তি আদিৰ লগতে আন আন অলংকৰো তৈয়াৰ কৰা হৈছিল৷[1][5]

পদ্ধতি[সম্পাদনা কৰক]

হাতী দাঁত যথেষ্ট টান আৰু নিমজ৷ সেয়ে ইয়াক কটি বিভিন্ন আকাৰ দিবলৈ সহজ৷ হাতী দাঁতৰ বেঁকা ৰূপ থলুৱা পদ্ধতিৰে পোন কৰা হৈছিল৷ বিশেষ অনুপাতত মাটি আৰু গোবৰ মিহলাই তাৰে দাঁতৰ ওপৰত লেপন দি জুইত সেকি দাঁতৰ ভাঁজ পোন কৰা হৈছিল৷[3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 ৰাজকুমাৰ, ৺সৰ্বানন্দ (২০০০). ইতিহাসে সোঁৱৰা ছশটা বছৰ. বনলতা. পৃষ্ঠা. ১৬৬, ২০৪. ISBN 81-7339-308-7. 
  2. https://industriescom.assam.gov.in/portlet-innerpage/old-handicrafts-industries-in-assam#main9
  3. 3.0 3.1 3.2 শৰ্মা, মৃগেন (২০২২). পুৰণি অসমৰ কাৰিকৰী শিল্পৰ ইতিহাস. জাগৰণ হিত্য প্ৰকাশ. পৃষ্ঠা. ৪৯৭. ISBN 978=93-93342-23-2. 
  4. "Ivory carving in Assam". https://dspace.gipe.ac.in/xmlui/bitstream/handle/10973/37706/GIPE-007350-03.pdf?sequence=3। আহৰণ কৰা হৈছে: 29 March 2023. 
  5. 5.0 5.1 দাস, মঞ্জুমালা(সম্পাদক) (২০১৫). ভুবনমোহন দাস ৰচনা সমগ্ৰ. কথ. পৃষ্ঠা. ৪৮০. ISBN 978-81-89148-40-9.