অৰিহন্ত (জৈন ধৰ্ম)
অৰিহন্ত (সাঁচ:Lang-pka, সংস্কৃত: अरिहन्त) যিকোনো জীৱ যিয়ে নিজৰ ভিতৰৰ বাসনা যেনে মোহ, ক্ৰোধ, অভিমান আৰু লোভৰ ওপৰত জয় লাভ কৰিছে। এই চাৰি বেয়া কৰ্মৰ নাশ কৰি তেওঁলোকে নিজৰ বাস্তৱ আত্মক জানিব পাৰিছে।[1] অৰিহন্তসমূহক কেৱলিনো বোলা হয়, কাৰণ তেওঁলোকে "কেৱল জ্ঞান" প্ৰাপ্ত কৰিছে, যি জগতৰ বাস্তৱতাৰ জ্ঞান।[2][3] সেয়ে তেওঁলোকক জিন নামেৰেও অভিহিত কৰা হয়, যাৰ অৰ্থ হ'ল বিজেতা। নিজৰ জীৱনৰ শেষত জিনসকলে বাকি ৰৈ যোৱা কৰ্মকো নাশ কৰি পেলায় আৰু মোক্ষ লাভ কৰে, যাৰ পাছত তেওঁলোক "সিদ্ধ" হৈ পৰে। জিনৰ শৰীৰ থাকে, আৰু সিদ্ধৰ নাথাকে। জৈন ধৰ্মৰ প্ৰধান মন্ত্ৰৰ অন্যতম ণমোকাৰ মন্ত্ৰই পঞ্চ পৰমেষ্ঠিক নমন জনায়। মন্ত্ৰটোৰ প্ৰথম শাৰীয়েই হ'ল "ণমো অৰিহন্তনাং", অৰ্থাৎ "অৰিহন্তসকলক নমন"।
কেৱলিন দুই প্ৰকাৰৰ হয় বুলি জৈন ধৰ্মত বিশ্বাস আছে:[2]
- তীৰ্থংকৰ কেৱলী: এনে কেৱলিনৰ সংখ্যা ২৪। প্ৰথম তীৰ্থাংকৰ ঋষভনাথ আৰু অন্তিম তীৰ্থাংকৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰ। তীৰ্থাংকৰে নিজে কেৱল জ্ঞান লাভ কৰাৰ পাছত আনৰো মুক্তিৰ পথ প্ৰশস্ত কৰে। [4]
- সামান্য কেৱলী: এওঁলোকে কেৱল নিজেহে কেৱল জ্ঞান লাভ কৰে।
জৈন ধৰ্মৰ মতে, প্ৰত্যেক জীৱৰে অৰিহন্ত বা জিন হোৱাৰ ক্ষমতা আছে। যিকোনো জীৱই ক্ৰোধ, অহংকাৰ, মায়া আদি ত্যাগি জিন হ'ব পাৰে৷ [1]
দৰ্শন
[সম্পাদনা কৰক]জৈন ধৰ্মৰ মতে, কেৱল জ্ঞান চাৰি প্ৰকাৰৰ কৰ্মৰ নাশ কৰি প্ৰাপ্ত কৰিব পৰা যায়: মায়াময়, জ্ঞানত বাধা দিয়া, দৰ্শনৰ বাধা দিয়া আৰু বাধাময় কৰ্ম, এই ক্ৰমত। [5] জিনসকল তলৰ ১৮ খুঁতৰ পৰা মুক্ত:[6]
- জন্ম;
- জৰা (বৃদ্ধাৱস্থা);
- তৃষ্ণা;
- ক্ষুধা;
- বিস্ময়;
- অৰতি (অসন্তুষ্টি);
- ক্ষেদ;
- ৰোগ;
- শোক;
- মাদ;
- মোহ;
- ভয়;
- নিদ্ৰা;
- চিন্তা;
- স্বেদ (ঘমা);
- ৰাগ;
- দ্বেষ; আৰু
- মৃত্যু।
কেৱল জ্ঞান
[সম্পাদনা কৰক]জৈন ধৰ্মৰ কেৱল জ্ঞানৰ অৰ্থ অসীম, সৰ্ব-স্বীকাৰী জ্ঞান যিয়ে প্ৰতিফলিত কৰে, আইনাৰ দৰে, সকলো পদাৰ্থ সিহঁতৰ প্ৰত্যেক প্ৰকাৰত, অতীন, বৰ্তমান আৰু ভৱিষ্যতলৈকে। [7] জৈন গ্ৰন্থৰ মতে, কেৱল জ্ঞান পৱিত্ৰ জীৱৰ প্ৰাকৃতিক বৈশিষ্ট্য।
কেৱল জ্ঞানৰ চাৰি অসীম হ'ল- [6]
- অনন্ত জ্ঞান
- অনন্ত দৰ্শন
- অনন্ত সুখ
- অনন্ত বীৰ্য
তীৰ্থংকৰ
[সম্পাদনা কৰক]যি জিনে জৈন ধৰ্মৰ পুনৰ্স্থাপনা কৰে, তেওঁলোকক তীৰ্থংকৰ বোলা হয়। তীৰ্থংঅকৰসকলে জৈন সংঘক পুনৰুজ্জীৱিত কৰি তুলে, যাৰ সদস্য: সাধু, সাধ্বী, শ্ৰৱক আৰু শ্ৰৱিকা।
প্ৰথম তীৰ্থংকৰ আছিল ঋষভনাথ আৰু ২৪তম তথা অন্তিম তীৰ্থংকৰ আছিল মহাবীৰ যি খ্ৰীষ্টপূৰ্ব ৫৯৯ৰ পৰা ৫২৭লৈকে জীয়াই আছিল।
জৈন ধৰ্মত জিনৰ ৪৬ বৈশিষ্ট্য উল্লেখ কৰা হৈছে। তাৰেই ৪টা অনন্ত, ৩৪টা অতীশয় আৰু ৮টা প্ৰাতিহাৰ্য। [6]
প্ৰাতিহাৰ্যকেইটা হ'ল- [8]
- অশোক গছ ;
- সিংহাসন;
- চত্ৰ;
- ভামদল;
- দিব্য ধ্বনি;
- পুষ্পবৰ্ষ;
- কমৰ; আৰু
- দুণ্ডুভি।
নিৰ্বাণ
[সম্পাদনা কৰক]নিৰ্বাণৰ সময়ত অৰিহন্তে বাকি ৰৈ যোৱা অঘতি কৰ্মসমূহকো ত্যাগ কৰে:
- নম (শৰীৰ)
- গোত্ৰ (মৰ্যদা)
- বেদনীয় (কষ্ট আৰু সুখ)
- আয়ুষ্য (স্বাস্থ্য)
এই চাৰি কৰ্মই জীৱৰ বাস্তৱ প্ৰকৃতিক প্ৰভাৱিত নকৰে, সেয়ে এইকেইটা অঘতি কৰ্ম।
উপাসনা
[সম্পাদনা কৰক]ণমোকাৰ মন্ত্ৰত, নমো অৰিহন্তনাং, নমো সিদ্ধনাং বুলি জৈনসকলে প্ৰথমে জিনসকলক আৰু তাৰ পাছত সিদ্ধসকলক নমন কৰে। যদিও পাছৰকেইজন নিখুঁত আত্মা যিয়ে সকলো কৰ্ম ত্যাগ কৰিছে, অৰিহন্তসমূহক অস্তিত্বৰ এক উচ্চতৰ সমতলত থকা বুলি জ্ঞান কৰা হয়। জৈন গ্ৰন্থ দ্ৰব্যসংগ্ৰহত লিখা হৈছে:
Having destroyed the four inimical varieties of karmas (ghātiyā karmas), possessed of infinite faith, happiness, knowledge and power, and housed in most auspicious body (paramaudārika śarīra), that pure soul of the World Teacher (Arihant) should be meditated on.
— Dravyasaṃgraha (50)[9]
টোকাসমূহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Sangave 2001.
- ↑ 2.0 2.1 Sangave 2001, পৃষ্ঠা. 16.
- ↑ Sangave 2001, পৃষ্ঠা. 164.
- ↑ Rankin 2013, পৃষ্ঠা. 40.
- ↑ Jain, S.A. (1960). Reality. Vira Sasana Sangha. পৃষ্ঠা. 282. https://books.google.com/books?id=uRIaAAAAMAAJ. "Non-Copyright"
- ↑ 6.0 6.1 6.2 Jain 2014, পৃষ্ঠা. 3.
- ↑ Jain 2014, পৃষ্ঠা. 2.
- ↑ Jain 2013, পৃষ্ঠা. 181.
- ↑ Jain 2013, পৃষ্ঠা. 177.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- Jain, Vijay K (2014-03-26), Acarya Pujyapada's Istopadesa – the Golden Discourse, ISBN 9788190363969, https://books.google.com/books?id=r5opAwAAQBAJ
- Sangave, Vilas Adinath (2001), Aspects of Jaina religion, ISBN 81-263-0626-2, https://books.google.com/books?id=I8RUPwAACAAJ
- Rankin, Aidan (2013), Living Jainism: An Ethical Science, ISBN 978-1780999111, https://books.google.com/books?id=bQxZAQAAQBAJ
- Jain, Vijay K. (2013). Ācārya Nemichandra's Dravyasaṃgraha. ISBN 9788190363952. https://books.google.com/books?id=g9CJ3jZpcqYC. "Non-copyright"