অৰ্ণৱ জান ডেকা
অৰ্ণৱ জান ডেকা | |
---|---|
জন্ম | ১৬ ছেপ্টেম্বৰ ১৯৬৭ |
পেচা | সাহিত্য, লেখক, অভিনেতা, অভিযন্তা, তথ্য চিত্ৰ নিৰ্মাতা |
উল্লেখযোগ্য বঁটা | আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় বঁটা, কলিকতা;
অসম চৰকাৰ প্ৰকাশন পৰিষদৰ সোণালী জয়ন্তী উপন্যাস বঁটা, ২০০৬; কথা-গৰীয়সী চুটী গল্প বঁটা, ২০০৩ (কথা আন্তঃৰাষ্ট্ৰীয় চুটী গল্প উৎসৱ, নতুন দিল্লী |
আত্মীয়-স্বজন | ভৱানন্দ ডেকা (পিতৃ) নলিনীপ্ৰভা ডেকা (মাতৃ) |
অৰ্ণৱ জান ডেকা (ইংৰাজী: Arnab Jan Deka) হৈছে অসমৰ এজন সাহিত্যিক, তথ্যচিত্ৰ পৰিচালক, অভিনেতা আৰু অভিযন্তা[1][2][3] তেওঁ ইংৰাজী, অসমীয়া, হিন্দী আৰু বঙালী ভাষাত একাধিক গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে। ইয়াৰোপৰি তেওঁ এখন আলোচনী আৰু এখন বাতৰি কাকতৰো সম্পাদক আছিল।[4] সাহিত্য একাডেমিয়ে তেওঁৰ জীৱনীক বিংশ শতাব্দীৰ ২০জন শ্ৰেষ্ঠ ভাৰতীয় সাহিত্যিকৰ তালিকা Who's Who of Indian Writers 1999ত স্থান দিছে।[5] তেওঁ কেইবা দশক জুৰি গৰীয়সী আলোচনীত গল্প লিখি আহিছে।
তেওঁ তেওঁৰ উপন্যাস ভৱ আনন্দ সংবাদৰ বাবে প্ৰকাশন পৰিষদৰ সোণালী জয়ন্তী উপন্যাস বঁটা, ২০০৬ লাভ কৰিছিল।[2][3] ২০০৪ চনত নতুন দিল্লীত অনুষ্ঠিত কথা আন্তঃৰাষ্ট্ৰীয় চুটী গল্প উৎসৱে তেওঁৰ চুটী গল্প Himalayan Mystic Meetingৰ বাবে কথা-গৰীয়সী চুটী গল্প বঁটা প্ৰদান কৰে।[6] ইয়াৰোপৰি তেওঁক সাহিত্য, কলা আৰু বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ বাবে ২০১০ চনত কলিকতাত আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰয় সোঁৱৰণি বঁটা (স্মাৰক সন্মান) প্ৰদান কৰা হয়।[7]
ইণ্ডো-ব্ৰিটিছ পৰিৱেশ প্ৰকল্প ছেভ দ্যা ৰিভাৰ ব্ৰহ্মপুত্ৰৰো আন্তঃৰাষ্ট্ৰীয় সচিব আছিল।[8][9]
১৯৮১ চনত ছাত্ৰাৱস্থাতেই তেওঁৰ প্ৰথম অনাতাঁৰ নাটক মুক্তি ('Freedom') অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰ কৰা হৈছিল। ১৯৮৩ চনত তেওঁৰ প্ৰথম কিতাপ এফাঁকি ৰ'দে প্ৰকাশ হয়।[5][10][11]
অসমৰ প্ৰখ্যাত গুৰু-সাহিত্যিক-কলাকাৰ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে তেওঁ নিৰ্মাণ কৰা তথ্য চিত্ৰই বহুতো দেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।[12]
অৰ্ণৱ জান ডেকা অসমৰ এগৰাকী সাহ্যিতিক, শিক্ষাবিদ, পণ্ডিত ভৱানন্দ ডেকাৰ পুত্ৰ। তেওঁৰ মাকৰ নাম আছিল নলিনীপ্ৰভা ডেকা। তেখেতো এগৰাকী লেখিকা আছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Ghosh, Arnab. "Top 5 Contemporary Writers from Assam". NE Livehttp://.nelive.in. http://www.nelive.in/assam/entertainment/top-5-contemporary-writers-assam। আহৰণ কৰা হৈছে: 24 January 2016.
- ↑ 2.0 2.1 "Novel Award to Arnab Jan Deka". The Times of India. 10 Jan 2007.
- ↑ 3.0 3.1 "Assam Publication Board Award to novel on Bhabananda Deka's life". Ajir Asom. 11 Jan 2007.
- ↑ "Remembering a scholar". The Assam Tribune. 24 Jan 2015. Archived from the original on 28 January 2015. https://web.archive.org/web/20150128132531/http://www.assamtribune.com/scripts/showpage.asp?id=jan2415%2C12%2C87%2C156%2C1326%2C684। আহৰণ কৰা হৈছে: 24 January 2015.
- ↑ 5.0 5.1 Who's Who of Indian Writers End Century Edition 1999. প্ৰকাশক New Delhi: Sahitya Academy. পৃষ্ঠা. 305. ISBN 81-260-0873-3. https://books.google.com/books?id=QA1V7sICaIwC&pg=PA801&lpg=PA801&dq=sahitya+academy+who%27s+who+of+indian+writers+Arnab+Jan+Deka#v=onepage&q=sahitya%20academy%20who's%20who%20of%20indian%20writers%20Arnab%20Jan%20Deka&f=false। আহৰণ কৰা হৈছে: 6 March 2015.
- ↑ "Thumbs up". The Telegraph. 12 Dec 2003. http://www.telegraphindia.com/1031212/asp/northeast/story_2670327.asp। আহৰণ কৰা হৈছে: 20 January 2015.
- ↑ "Acharya Prafulla Chandra Roy Award to Arnab Jan Deka". The Sentinel. 2 Sep 2011.
- ↑ "Chinese action attracts global media". The Assam Tribune. 12 July 2010. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402203326/http://www.assamtribune.com/scripts/detailsnew.asp?id=jul1210/at06। আহৰণ কৰা হৈছে: 24 December 2014.
- ↑ Barooah, Arindam (18 April 2015). "The connecting link". The Assam Tribune. Archived from the original on 18 April 2015. https://web.archive.org/web/20150418220018/http://www.assamtribune.com/scripts/showpage.asp?id=apr1815,13,978,153,444,1575। আহৰণ কৰা হৈছে: 18 April 2015.
- ↑ "Poetry and the Brahmaputra: Flowing Back to Nature". The Art of Living Guide. http://artoflivingguide.org/messages-mother-earth/poetry-and-brahmaputra-flowing-back-nature। আহৰণ কৰা হৈছে: 24 December 2014.
- ↑ "Poetry by the Banks". The Assam Tribune (Volume 76 No. 352). 27 Dec 2014. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402183644/http://www.assamtribune.com/scripts/showpage.asp?id=dec2714%2C11%2C1083%2C162%2C330%2C1995। আহৰণ কৰা হৈছে: 29 December 2014.
- ↑ "Documentary on Shankardev to be Screened in USA". University of Colorado (Colorado Springs). 10 May 1997. Archived from the original on 2 April 2015. https://web.archive.org/web/20150402091529/http://www.cs.uccs.edu/~jkalita/assam/news/1997/1997-05-12.html। আহৰণ কৰা হৈছে: 2 January 2015.