অ’ ফ’ৰছ্যোনা
অ’ ফ’ৰছ্যোনা (O Fortuna) ১৩শ শতিকাৰ আৰম্ভনিতে লিখিত এটি মধ্যযুগীয় লেটিন বিদ্ৰূপাত্মক পদ্য যি কাৰমিনা বুৰাণা বোলা ২৫৪টি পদ্যসমষ্টিৰ অন্তৰ্গত। এই পদ্যটিৰ মাধ্যমেৰে নিয়তি আৰু ৰোমান ভাগ্যদেৱী ফ'ৰছ্যোনাক বিদ্ৰূপ কৰা হৈছে।
১৯৩৫-৩৬ চনত অ’ ফ’ৰছ্যোনা ৰ বাবে জাৰ্মান সংগীতজ্ঞ কাৰ্ল ওৰ্ফে সংগীত ৰচনা কৰে। সংগীতাৰোপিত অ’ ফ’ৰছ্যোনাক ওৰ্ফে তেওঁৰ কাৰমিনা বুৰাণা নামৰেই সৃষ্ট গান-ৰোমান (cantata)ৰ "Fortuna Imperatrix Mundi" (ভাগ্যদেৱী-বিশ্বসম্ৰাজ্ঞী) নামেৰে নামাংকিত ৰাগোদয় আৰু অস্তৰাগ মূৰ্চ্ছনাত ব্যৱহাৰ কৰিছিল। ৮ জুন,১৯৩৭ত ফ্ৰেংকফাৰ্ট অপেৰাত ই পোনপ্ৰথমে পৰিবেশিত হয়।
স্বৰ আৰু ধ্বনি[সম্পাদনা কৰক]
এই পৰিবেশনত গায়ক-গায়িকাৰ মন্থৰ সমবেত-কণ্ঠ আৰু ঘাতবাদ্যৰ প্ৰচণ্ড আৰোহিত ধ্বনিয়ে হঠাৎ এক ফুচফুচনিৰ দৰে স্তীমিত কণ্ঠস্বৰলৈ অবৰোহন কৰে আৰু পুনৰ লাহে লাহে ঘাতবাদ্য , কাঁহৰ শিঙৰ পেঁপা আৰু তাঁৰৰ চুটি চুটি জোঁকাৰত সেই সমবেত কণ্ঠই জোৰ পায় আৰু শেষাংশত আশন্ন-প্ৰলয়ত বিশ্ববাসীৰ বিলাপহেন এক দীঘলীয়া চিঞৰলৈ ৰূপান্তৰিত হৈ অপ্ৰত্যাশিতভাৱে নিস্তব্ধতাত বিলীন হয়। গোটেই পৰিবেশনটোৰ বাবে আঢ়ৈ মিনিটতকৈ কিছু অধিক সময় লাগে।[1]
পৰিবেশন আৰু জনপ্ৰিয়তা[সম্পাদনা কৰক]
ওৰ্ফৰ সংগীতত প্ৰাণপোৱা অ’ ফ’ৰছ্যোনাৰ সমবেত-সংগীত ৰূপটোৱে বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ই অসংখ্য পাৰ্শ্চাত্য শাস্ত্ৰীয় সমবেত সংগীত পৰিবেশনাত নামী-দামী শিল্পীৰ দ্বাৰা পৰিবেশিত হৈছে। তদোপৰি এই সুৰটো বহু কথাছবি আৰু বিজ্ঞাপনত নাটকীয় আৰু প্ৰলয়ংকাৰী মুহূৰ্ত উপস্থাপন কৰিবলৈ প্ৰায় নিয়মীত ভাৱে ব্যৱহাৰ হৈ আহিছে। ব্ৰিটিছ যুক্তৰাজ্যত অ’ ফ’ৰছ্যোনায়ে যোৱা ৭৫ বছৰত সৰ্বাধিক পৰিবেশিত শাস্ত্ৰীয় সমবেত সংগীত হিচাপেও মাজতে খ্যাতি লাভ কৰিছিল।[2]
পদ্য[সম্পাদনা কৰক]
O Fortuna |
O Fortune, |
হে ভাগ্যদেৱী, |
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ https://www.youtube.com/watch?v=FWiyKgeGWx0
- ↑ https://www.youtube.com/watch?v=GD3VsesSBsw
- ↑ Orff's Carmina Burana lyrics, original and English translation side-by-side