আউলা পূজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আউলা পূজা (ইংৰাজী: Aula Puja) অসমৰ নলবাৰী অঞ্চলৰ কোনো কোনো ঠাইত প্ৰচলিত এক পূজা৷ এই পূজা সম্পূৰ্ণ নাৰীকেন্দ্ৰিক৷ আউলা পূজাত ব্যৱহৃত গীত-পদক “আউলা নাম’’ বোলা হয়৷

পূজাৰ পৰম্পৰাগত ৰীতি[সম্পাদনা কৰক]

সমগ্ৰ ভাৰতত যিকোনো পূজা ব্ৰাহ্মণ্য ৰীতিৰে কৰা হয় যদিও অসমত অতীজৰে পৰা সাধাৰণ মানুহে দেৱদেৱীৰ বিভিন্ন ৰূপৰ পূজা গীতপদেৰেও কৰিছিল৷ কেতিয়াবা ব্ৰাহ্মণ্য ৰীতিৰে কৰাৰ পাছত নাম-গুণ গোৱা হৈছিল আৰু কেতিয়াবা সম্পূৰ্ণকৈ কেৱল নাম-গুণ গায়েই দেৱীক আৰাধনা কৰা হৈছিল৷ সেয়ে, দুৰ্গাৰ আন কিছুমান ৰূপৰ পূজা যেনে, শীতলা পূজা, মনসা পূজা, সুবচনী পূজা আদি দেৱীসকলৰ পূজাত নাম গাই উপাসনা কৰা প্ৰথা অতীজৰে পৰা চলি আহিছে৷ দুৰ্গা দেৱীক আদ্যাশক্তি হিচাপে মানি তেওঁৰ বিভিন্ন ৰূপ কল্পনা কৰা হয়৷ সৰ্বসাধাৰণ মানুহে দেৱীৰ আশীৰ্বাদ ল’বলৈ গাঁৱে-ভূঞে সাধাৰণভাবে স্তুতিগীত গাই দেৱীক সন্তুষ্ট কৰাৰ চেষ্টা কৰা হয়৷ এই গীতবোৰ অসমীয়া সমাজত লোকগীতি সাহিত্যৰ ভিতৰত পৰে৷[1] অসমৰ বিভিন্ন ঠাইত গীতপ্ৰধান উৎসৱ হিচাপে অসংখ্য চাকি-বন্তি জ্বলাই আইসকলে গায়:-

ইটো শৰত কালি মানসৰ পানী
দেৱীক পাৰ কৰিছে কোনে,
সোণৰে নাওখনি ৰূপাৰ বঠাখানি
বাই চাই আনিছে মানে৷[2]

শ্ৰমমূলক গীত[সম্পাদনা কৰক]

লোকগীতসমূহৰ কিছুমান ধৰ্মীয় আৰু কিছুমান শ্ৰমমূলক৷ শ্ৰমজীৱী গঞা লোকে তেওঁলোকৰ শ্ৰমৰ অৱসাদ আঁতৰাবলৈ কিছুমান গীতৰ সৃষ্টি কৰি লগে ভাগে গাইছিল৷ আউলা পূজাৰ গীতো একপ্ৰকাৰ শ্ৰমৰ গীত৷ শস্য ৰোপন, দাৱন, কাটন(সূতা কটা), নাওখেল আদি শ্ৰমৰ লগত জড়িত গীত৷ তাঁত শিল্পৰ লগত জড়িত ব্যক্তিৰ মুখেদিকপাহৰ জুনাৰ সৃষ্টি হৈছিল৷ কৃষিৰ লগত জড়িত লোকৰ দ্বাৰা নাঙলৰ জুনা আদি সৃষ্টি হৈছিল৷[3]

পূজাৰ বিধি[সম্পাদনা কৰক]

এসময়ত তাঁতশালত কাপোৰ ব’ব জনাটো ছোৱালীৰ কাৰণে অত্যাৱশ্যকীয় গুণৰ ভিতৰত ধৰা হৈছিল৷ আবিয়ৈ ছোৱালীক তাঁত ব’ব নাজানিলে “থুপৰী’’ বুলি উপনাম দিছিল৷ মানুহৰ ঘৰে ঘৰে তাঁতশাল আছিল৷ সেইদৰে অসমৰ কোনো কোনো ঠাইত বিশেষকৈ নলবাৰী জিলাৰ ঠাই বিশেষে “আউলা পূজা’’ নামেৰে এবিধ পূজা এসময়ত প্ৰচলিত আছিল৷ আউলা পূজাত ঘাইকৈ অবিবাহিতা যুৱতী বা কেতিয়াবা মহিলাসকলেও দুৰ্গাদেৱীৰ আশীষ লৈ পাকৈত শিপিনী হোৱাৰ হাবিয়াস কৰে৷ তেওঁলোকে ওৰে ৰাতি কপাহৰ পৰা সূতা কাটি তাঁত বোৱাৰ প্ৰস্তুতি কৰে৷ ভাল শিপিনী হ’বলৈ যাতে দেৱীৰ আশীৰ্বাদ পাব পাৰে তাৰবাবে ৰাতি ৰাতি দুৰ্গা দেৱীৰ প্ৰশংসাসূচক নাম গাই সূতা কটা হয়৷ এই নামবোৰক আউলা নাম বোলে৷[1] সাধাৰণতে দুৰ্গা পূজাৰ নৱমী আৰু দশমীৰ দিনা এই পূজা পতা হয়৷ এই পূজাত গোৱা এটি গীতৰ কলি হ’ল, একোকে নালাগে অ’ দেৱী আই, অ’ ৰাম বোৱনি শিকাব লাগে৷[4]

আউলা পূজাত গোৱা এটি গীতৰ এটি স্তৱক:

ইঘৰৰ মেকুৰী আহি সিঘৰত কৰিলে মেও
হাঁহি হেন মেখলা কুঁহি হেন আগুৰাণ
সেই কাপোৰ দেৱী আইক দেওঁ৷ (লোকগীতি সঞ্চয়ন)[1]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 নলবাৰী অঞ্চলত প্ৰচলিত গীত-মাত. https://www.sbmscollege.org/library/faculty-publications/arunav-golden-jubilee-year-pages-17-20.pdf. 
  2. ৰায়চৌধুৰী, অঞ্জলি মহন্ত (২০০৮). অসমৰ লোকসাহিত্য আৰু লোকসংস্কৃতি. সঞ্জীৱ ৰায়চৌধুৰী. পৃষ্ঠা. ৯০. 
  3. শৰ্মা, শশী (২০১৬). অসমৰ লোকসাহিত্য. ষ্টুডেণ্টচ্ ষ্টোৰচ্. ISBN 81-85905-23-1. 
  4. দে, সঞ্জয় (২০০৩). ফিনিক্স. অমলেন্দু বেনাৰ্জী ফাউণ্ডেচন. পৃষ্ঠা. ৪৩.