সমললৈ যাওক

আকাশী গংগা জলপ্ৰপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আকাশীগংগা জলপ্ৰপাতৰ পৰা পুনঃনিৰ্দেশিত)

আকশী গংগা অসমনগাঁও জিলাৰ পৰা ৫০ কিলোমিটাৰ পূব-দক্ষিণ দিশত ডবকা-ডিমাপুৰ পথত অৱস্থিত এক জলপ্ৰপাত। লগতে এই অঞ্চলত ভালেসংখ্যক প্ৰত্নতাত্বিক ধ্বংসাৱশেষ পোৱা যায়। কালিকা পুৰাণতো এই অঞ্চলৰ উল্লেখ আছে বুলি জনা যায়।[1][2]

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

আকাশী গংগা জলপ্ৰপাত ডবকা-ডিমাপুৰ পথত অৱস্থিত। ই নগাঁও জিলাৰ পূব-দক্ষিণ দিশত ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই অঞ্চলৰ নিকটৱৰ্ত্তী ৰে'লৱে ষ্টেচনটো হৈছে চাপৰমুখ।[3]

কিংবদন্তি অনুসৰি মহাদেৱৰ পত্নী সতীৰ পিতৃ দক্ষ ৰজাই মহাদেৱক নিজৰ যজ্ঞস্থলীত কৰা অপমান সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হয় আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰে। এনেদৰে ঘূৰি ফুৰোতে লাহে-লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰাত তাত একোখন তীৰ্থস্থান গঢ়ি উঠিল। ইয়াৰে এটা অংশ আকাশী গংগাতো পৰা বুলি জনা যায়।[4] লোকবিশ্বাস অনুসৰি, আকাশী গংগাই সৃষ্টি কৰা হ্ৰদটোত স্নান কৰিলে দেৱীৰ আশিস পোৱা যায়।

এই জলপ্ৰপাতৰ আশে পাশে শৈল মন্দিৰৰ ধ্বংসাৱশেষো পোৱা যায়। এইবোৰ দশম আৰু বাৰশ শতিকাৰ দুটা মন্দিৰৰ অৱশেষ বুলি জনা যায়। কালিকা পুৰাণত আকাশী গংগাক পীঠস্থান বুলি উল্লেখ কৰা হৈছে।[5]

আকাশী গংগা বৰ্তমান এক পৰ্যটনস্থলী হিচাপে খ্যাত। তদুপৰি সমগ্ৰ বছৰ জুৰি ইয়াত ভক্তৰ সমাগম দেখা পোৱা যায়। এই ঠাইৰ পৰা ব্ৰহ্মপুত্ৰ নদো দেখা পোৱা যায়।[6][7]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Akashi Ganga Waterfall India Tourist Information". Touristlink.com. http://www.touristlink.com/india/akashiganga-waterfall/overview.html আহৰণ কৰা হৈছে: 2014-05-30.
  2. "Akashiganga Assam, Picnic Spot in Assam, Nagaon Town Tours, Travel in Assam India, Pilgrimage in Akashiganga, Archaeological Garden in Assam". Indiantravelportal.com. Archived from the original on 2012-05-08. https://web.archive.org/web/20120508171838/http://www.indiantravelportal.com/assam/akashiganga/ আহৰণ কৰা হৈছে: 2014-05-30.
  3. "Akashiganga Waterfalls". Beautyspotsofindia.com. 2014-03-18. Archived from the original on 2014-07-19. https://web.archive.org/web/20140719072545/http://beautyspotsofindia.com/akashiganga-waterfalls/ আহৰণ কৰা হৈছে: 2014-05-30.
  4. "Akashiganga Waterfalls". Beautyspotsofindia.com. 2014-03-18. Archived from the original on 2014-07-19. https://web.archive.org/web/20140719072545/http://beautyspotsofindia.com/akashiganga-waterfalls/ আহৰণ কৰা হৈছে: 2014-05-30.
  5. "Akashiganga Assam, Picnic Spot in Assam, Nagaon Town Tours, Travel in Assam India, Pilgrimage in Akashiganga, Archaeological Garden in Assam". Indiantravelportal.com. Archived from the original on 2012-05-08. https://web.archive.org/web/20120508171838/http://www.indiantravelportal.com/assam/akashiganga/ আহৰণ কৰা হৈছে: 2014-05-30.
  6. "Nagaon Attractions | Nagaon Place of interest". Travel.sulekha.com. http://travel.sulekha.com/nagaon-attractions.htm আহৰণ কৰা হৈছে: 2014-05-30.[সংযোগবিহীন উৎস]
  7. "Akashi Ganga Waterfall - Exotic Waterfall in Assam, India". Indiamapped.com. Archived from the original on 2014-07-22. https://web.archive.org/web/20140722013617/http://www.indiamapped.com/waterfalls-in-india/assam-akashi-ganga-waterfall/ আহৰণ কৰা হৈছে: 2014-05-30.