আঙঠি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আঙঠি হৈছে হাতৰ আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া গঢ়ৰ অলংকাৰ।

নিৰ্মাণ[সম্পাদনা কৰক]

সোণ, ৰূপ,তাম, পিতল,শংখ, হাতীদাঁত আদি বিভিন্ন ধাতু আৰু পদাৰ্থেৰে আঙঠি নিৰ্মাণ কৰা হয়। আঙঠিৰ আৰ্হিবোৰ জীৱ-জন্তু,গছ-লতা,তৰু-তৃণ, ফুল-ফল আদিৰ আৰ্হিত গঢ়োৱা হয়।

বিভিন্ন নামৰ আঙঠি[সম্পাদনা কৰক]

আৰ্হি অনুযায়ী আঙঠিবোৰৰ বিভিন্ন নাম দিয়া হয়। যেনে- কেৱল সোণেৰে গঢ়া উকা আঙঠি, বাখৰ পতা আঙঠি, জেঠীনেজীয়া আঙঠি, সৰুদৈয়া জাপি আকৃতিৰ আঙঠি, গৰু চকুৱা আঙঠি, শেনপতা আঙঠি,হৰিণচকুৱা আঙঠি,ম'ৰাপখীয়া, পদুমকলি,চিৰিপতা, হীৰাপতোৱা,বাবৰিফুলীয়া,মাছবাকলীয়া আঙঠি,সাপ আঙঠি,পোহাৰী আঙঠি আদি।

তৰ্জনী আঙঠি[সম্পাদনা কৰক]

এইবিধ আঙঠি পুৰুষে তৰ্জনী আঙুলিত পৰিধান কৰিছিল।

হীৰাপতোৱা আঙঠি[সম্পাদনা কৰক]

এইবিধ বৰ মূল্যবান আছিল বাবে ইয়াক আগতে ৰজা-মহাৰজাসকলেহে পৰিধান কৰিছিল।

টিক ধৰা আঙঠি[সম্পাদনা কৰক]

আন এবিধ বিশেষ আঙঠি হ'ল টিক ধৰা আঙঠি। এইবিধ আঙঠি সোণ আৰু ৰূপ মিহলি কৰি গঢ়োৱা হৈছিল। বিবাহৰ নিয়ম-নীতিতহে এই আঙঠিটো ব‌্যৱহাৰ কৰা হয়।

বাখৰ পতোৱা আঙঠি[সম্পাদনা কৰক]

এইবিধ আঙঠিত বিভিন্ন ৰঙৰ বাখৰ খজা থাকে।

পোহাৰী আঙঠি[সম্পাদনা কৰক]

পোহাৰী আঙঠিটো পোহাৰীবিলাকে মূৰত লৈ ফুৰা পাচিটোৰ দৰে।

মিনা কৰা আঙঠি[সম্পাদনা কৰক]

এইবিধ আঙঠিত ৰঙা, সেউজীয়া আদি মিনা কৰোৱা হয়।

মোহৰ আঙঠি[সম্পাদনা কৰক]

পুৰুষে পিন্ধা মোহৰ আঙঠিটো মোহৰৰ সাঁচ দি গঢ়োৱা হয়। ই আভিজাত্য আৰু চহকী শ্ৰেণীৰ সূচনা কৰে।

আঙঠিৰ লগত জড়িত বিশ্বাস[সম্পাদনা কৰক]

আঙঠিয়ে হতাশা,হৃদৰোগ আদি দূৰ কৰে, অষ্টধাতুৰ আঙঠিত পাথৰ লগাই পিন্ধিলে পিন্ধোতাৰ শক্তিৰ বিকাশ হয় বুলি বিশ্বাস আছে।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ড॰ নাৰায়ণ দাস,, ড॰ পৰমানন্দ ৰাজবংশী. অসমীয়া সংস্কৃতিৰ কণিকা. চন্দ্ৰ প্ৰকাশ, পানবজাৰ.