সমললৈ যাওক

আদা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

আদা (ইংৰাজী: Ginger) এবিধ শিপাজাতীয় উদ্ভিদ যাৰ শিপা সাধাৰণতে মছলা আৰু বনৌষধি হিচাপে ব্যৱহাৰ কৰা হয়।[1][2]এই উদ্ভিদজোপা দক্ষিণ-পূব এছিয়াৰ থলুৱা যদিও বৰ্তমান বিশ্বৰ আন বহু ঠাইত ইয়াৰ খেতি কৰা হয়। আদাত থকা ৰাসায়নিক যৌগ (chemical compounds) সমূহে ইয়াৰ সোৱাদক ফুৰফুৰীয়া, জ্বলা–পোৰা আৰু উত্তেজক ধৰণৰ কৰিছে।[3]

খেতি প্ৰণালী

[সম্পাদনা কৰক]

ঔষধিযুক্ত আদা গছৰ গাৰ বৰণ সেউজীয়া, পাতৰ বৰণ ঘন সেউজীয়া আৰু ইয়াৰ পাতবোৰ দীঘলীয়া আকৃতিৰ। আদাৰ গছ ২ পৰা ৩ ফুট ওখ থাকে। আদাৰ ভিতৰৰ অংশৰ বৰণ পাতল হালধীয়া। মছলাজাতীয় উদ্ভিদ হিচাপে আদাৰ বৃহৎ পৰিমাণে খেতি কৰা হয়। সাধাৰণতে ব'হাগ-জেঠত আদা ৰুই সচৰাচৰ আঘোণ-পুহ মাহত চপোৱা হয়। আদা খেতি ডিচেম্বৰত চপোৱাৰ পাছত আদখিনি এপ্ৰিল-মে মাহলৈ ভালদৰে সংৰক্ষণ কৰি ৰাখিব লাগে আৰু তাৰ পিছত অংকুৰণ হয় আৰু উৎপাদন হ্ৰাস পায়।[4]

কৃষকসকলে কোঠাৰ এটা চুকত দম কৰি আদাবোৰ মজুত কৰে। নাইবা খেৰি ঘৰৰ চুকত আদখিনি দমাই ৰাখি ওপৰত বালি অৰু শুকান ডাল-পাতেৰে ঢাকি থয়। কিছুমানে আকৌ ঘৰৰ কাষতে থকা গছৰ তলত গাঁত কৰিও আদা মজুত কৰি ৰাখে। আন কিছুমানে কেইশাৰীমান আদা পথাৰৰে এচুকত ৰাখি থয় আৰু এপ্ৰিল মাহত চপাই পুনঃ কঠীয়া হিচাপে ব্যৱহাৰ কৰি আদা লগায়।[5]

আদা উৎপাদনত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰতে প্ৰথম। ভাৰতীয় আদা পৃথিৱীৰ ভিতৰত অতি উৎকৃষ্ট আৰু ভাৰতবৰ্ষৰ কেৰেলা ৰাজ্যতেই ইয়াৰ ৭০ শতাংশ উৎপাদন হয়। অসমৰ জলবায়ু আৰু মাটি আদা খেতিৰ বাবে অতি উত্তম। অসমত প্ৰায় ১৭,৮৭০ হেক্টৰ মাটিত আদা খেতি কৰা হয় আৰু তাৰ পৰা প্ৰায় ১,১৪,৪০৮ টন আদা উৎপাদন হয়। অসমৰ কাছাৰ জিলাই আদা উৎপাদনত প্ৰথম স্থান অধিকাৰ কৰি আছে।[6][7]

ঔষধিয় গুণাগুণ

[সম্পাদনা কৰক]

গৱেষক সকলৰ মতে আদাক কমেও পাঁচ হেজাৰ বছৰ ধৰি ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে। ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ লগতে এণ্টি-ইনফ্লেমেটৰী, এণ্টি অক্সিডেণ্ট, এণ্টিমাইক্ৰ’বিয়াল বৈশিষ্ট্য আছে, যিয়ে বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে। পৰম্পৰাগতভাৱে ইয়াক বমি, বমি, আৰু বদহজম আদি পাচনতন্ত্ৰৰ সমস্যাৰ লগতে মূৰৰ বিষ, চৰ্দি, ঋতুস্ৰাৱৰ আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ‌ আদাৰ উপয়োগে মাংস পেশীৰ বিষৰ পৰাও মুক্তি দিয়ে।[8][9][10]

আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰিবলৈ আদা বহুলভাৱে ব্যৱহৃত হয়। আয়ুৰ্বেদ শাস্ত্ৰমতে আদা এবিধ দীপনীয় ঔষধি অৰ্থাৎ ই ভোক বঢ়োৱাত সহায় কৰে। বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ হোৱা বাবে বহুতো ঔষধৰ উৎপাদনত আদাৰ ব্যৱহাৰ হয়।[11][12]

ৰন্ধনত ব্যৱহাৰ

[সম্পাদনা কৰক]

ৰান্ধনীঘৰৰ দৈনিক ব্যৱহৃত হোৱা মছলা বিধেই হ’ল আদা। আদাৰ ব্যৱহাৰে ব্যঞ্জনক সুস্বাদু কৰি তোলে। শুকান আদা বহুদিন সংৰক্ষণ কৰি ৰাখিব পাৰি।

আদা চাহ, পৰিপূৰক বা খাদ্য হিচাপে বহু ৰূপত সেৱন কৰিব পাৰি। সাধাৰণতে ইয়াক মধ্যমীয়া পৰিমাণে সেৱন কৰিলে বেছিভাগ মানুহৰে বাবে নিৰাপদ বুলি গণ্য কৰা হয়, কিন্তু কিছুমান লোকৰ পাৰ্শ্বক্ৰিয়া যেনে কলিজা, ডায়েৰিয়া বা এলাৰ্জিৰ প্ৰতিক্ৰিয়া অনুভৱ কৰিব পাৰে।[13][14]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "আদা - অসমৰ উদ্ভিদ". dailyassam.com. https://www.dailyassam.com/2020/08/ginger-zingiber-officinale.html. 
  2. "আদা - শব্দ অভিধান". xobdo.org. http://xobdo.org/dic/%E0%A6%86%E0%A6%A6%E0%A6%BE. 
  3. "20+ আদাৰ স্বাস্থ্যজনিত উপকাৰিতা আৰু ইয়াৰ ব্যৱহাৰ – Benefits of Ginger". helthyleaf.com. Archived from the original on 2023-04-05. https://web.archive.org/web/20230405154417/https://helthyleaf.com/benefits-of-ginger-in-assamese/. 
  4. "আদা সংৰক্ষণ কি পদ্ধতিৰে কৰিব?". বিকাশপেডিয়া. https://as.vikaspedia.in/agriculture/AsomarKhetisamuh/9b69be995-9aa9be99a9b29bf9f0-9aa9c19b29bf9ac9be9f09c0-9aa9cd9f09b89cd9a49c19a4-9aa9cd9f09a39be9b29c0/9869a69be. 
  5. "আদা খোৱাত সাৱধান! নহ’লে হেৰুৱাব পাৰে আপোনাৰ প্ৰাণ". https://dy365.in/assamese/lifestyle/be-careful-with-fake-ginger--864/25. 
  6. "আদা খেতিৰ অনিষ্টকাৰী কীট-পতঙ্গ আৰু ইয়াৰ প্ৰতিকাৰ". https://asomiya.krishijagran.com/horticulture/harmful-insects-and-remedies-for-ginger-cultivation/. 
  7. "কাৰ্বি পাহাৰত আদা আৰু হালধিৰ উৎপাদনেৰে বিপ্লৱ আনিছে ডিফুৰ জিতেন চাৰাংফাংচাই". assam.mygov.in. https://assam.mygov.in/talk/%E0%A6%95%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AC%E0%A6%BF-%E0%A6%AA%E0%A6%BE%E0%A6%B9%E0%A6%BE%E0%A7%B0%E0%A6%A4-%E0%A6%86%E0%A6%A6%E0%A6%BE-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A6%B9%E0%A6%BE%E0%A6%B2%E0%A6%A7%E0%A6%BF%E0%A7%B0-%E0%A6%89%E0%A7%8E%E0%A6%AA%E0%A6%BE%E0%A6%A6%E0%A6%A8%E0%A7%87%E0%A7%B0%E0%A7%87-%E0%A6%AC%E0%A6%BF%E0%A6%AA%E0%A7%8D%E0%A6%B2%E0%A7%B1-%E0%A6%86%E0%A6%A8%E0%A6%BF%E0%A6%9B%E0%A7%87-%E0%A6%A1%E0%A6%BF%E0%A6%AB%E0%A7%81%E0%A7%B0-%E0%A6%9C%E0%A6%BF%E0%A6%A4%E0%A7%87%E0%A6%A8-%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A6%BE%E0%A6%82%E0%A6%AB%E0%A6%BE%E0%A6%82%E0%A6%9A%E0%A6%BE%E0%A6%87/. 
  8. "আদা". বিকাশপেডিয়া. https://as.vikaspedia.in/health/ousadh/9859b89ae9f0-9ac9a89b79a79bf/9869a69be. 
  9. "৩০দিন একেৰাহে খাওক আদা! কেন্সাৰকে ধৰি বহু মাৰাত্মক ৰোগৰ পৰা পাব পৰিত্ৰাণ". প্ৰাগ নিউজ. https://pragnews.com/lifestyle-assamese/ginger-benefits-for-ovarian-cancer-heart-attack-type-2-diabetes. 
  10. "ৰোগীৰ বাবে এই মছলাবোৰ প্ৰকৃততে আশীৰ্বাদহে". অসমীয়া প্ৰতিদিন. https://www.asomiyapratidin.in/health/kitchen-spices-which-control-blood-sugar-level. 
  11. "মছলা হিচাপে আদা ব্যৱহাৰ কৰে নিশ্চয়। আদা খালে কি হয় জানেনে বাৰু". voice24x7.in. https://voice24x7.in/lifestyle/ginger-as-spice/. 
  12. "আদা চৰ্দি-কাহৰ লগতে আৰু কি অসুখৰ কাৰণে লাগে?". দৈনিক অগ্ৰদূত. Archived from the original on 2023-04-05. https://web.archive.org/web/20230405163120/https://dainikagradoot.in/blog/2022/12/23/health-benefits-of-ginger-%E0%A6%86%E0%A6%A6%E0%A6%BE-%E0%A6%9A%E0%A7%B0%E0%A7%8D%E0%A6%A6%E0%A6%BF-%E0%A6%95%E0%A6%BE%E0%A6%B9%E0%A7%B0-%E0%A6%B2%E0%A6%97%E0%A6%A4%E0%A7%87-%E0%A6%86%E0%A7%B0/. 
  13. "Ginger Side Effects: প্ৰতি সাজতে আদা খায় নেকি? সাৱধান! হ'ব পাৰে এইসমূহ ছাইড এফেক্টছ". https://assam.news18.com/news/health-well-being/excessive-consumption-of-ginger-can-lead-to-these-side-effects-manju-b-220561.html. 
  14. "উপকাৰী যদিও আদা বেছিকৈ নাখাব". আমাৰ অসম. Archived from the original on 2023-04-05. https://web.archive.org/web/20230405163632/https://aamarasom.com/index.php/detail-news/6225.