সমললৈ যাওক

আফগানিস্তানত ক্ৰিকেট খেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেদাৰলেণ্ডৰ ৰটাৰডেমত অনুষ্ঠিত ২০১০ চনৰ আই চি চি ডব্লিউ চি এল ডিভিজন ৱানত আফগানিস্তানৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলটো

ক্ৰিকেট হৈছে আফগানিস্তানৰ সবাতোকৈ জনপ্ৰিয় খেল[1]৷ ক্ৰিকেট খেলক আফগানিস্তানৰ জাতীয় ক্ৰিকেট দলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰে। টেষ্ট খেলা সীমামূৰীয়া ৰাষ্ট্ৰ পাকিস্তানে আফগানিস্তানত ক্ৰিকেটক উত্থান ঘটোৱাত সহায় কৰিছে। পাকিস্তানৰ প্ৰাক্তন বেটছমেন ইনজামাম উল হকে বিগত সময়ত আফগান জাতীয় দলৰ প্ৰশিক্ষক হিচাপে কাম কৰিছে। ২০১৭ চনৰ ২২ জুনত আফগানিস্তানে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ পূৰ্ণ সদস্য হিচাপে বিবেচিত হয়, যাৰ ফলত ৰাষ্ট্ৰীয় দলটোৱে আনুষ্ঠানিক টেষ্ট মেচত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়।

আফগানিস্তানৰ খেলৰ বতৰ মে’ৰ পৰা ছেপ্টেম্বৰ মাহলৈকে চলি থাকে। আফগানিস্তানত ৩২০টা ক্ৰিকেট ক্লাব আৰু ৬টা টাৰ্ফ উইকেট আছে।[2] ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) আফগানিস্তানৰ চাৰিদিনীয়া ঘৰুৱা প্ৰতিযোগিতাক প্ৰথম শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰে।[3] ইয়াৰ উপৰি তেওঁলোকে তেওঁলোকৰ বৰ্তমানৰ টি-২০ ঘৰুৱা প্ৰতিযোগিতাখনক তালিকা 'এ'ৰ মৰ্যাদা প্ৰদান কৰে, কাৰণ আফগানিস্তানত ঘৰুৱা ৫০ অভাৰৰ প্ৰতিযোগিতা নাছিল।[4][5] কিন্তু ২০১৭ চনৰ মে' মাহত আইচিচিয়ে ৫০ অভাৰৰ গাজী আমানুল্লাহ খান আঞ্চলিক এদিনীয়া প্ৰতিযোগিতাখনক তালিকা এৰ মৰ্যাদা প্ৰদান কৰি স্বীকৃতি দিয়ে।[6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Women's Cricket: Afghanistan's Secretive New Sport". Time. 4 June 2010. Archived from the original on 17 August 2013. https://web.archive.org/web/20130817120518/http://www.time.com/time/world/article/0,8599,1993442,00.html। আহৰণ কৰা হৈছে: 9 September 2011. 
  2. "Profile of Afghanistan". Asian Cricket Council. http://www.asiancricket.org/index.php/members/afghanistan। আহৰণ কৰা হৈছে: 10 July 2014. 
  3. "Big-Three rollback begins, BCCI opposes". ESPN Cricinfo. 4 February 2017. http://www.espncricinfo.com/ci-icc/content/story/1080868.html। আহৰণ কৰা হৈছে: 4 February 2017. 
  4. "Afghanistan domestic competitions awarded first-class and List A status". ESPN Cricinfo. 4 February 2017. http://www.espncricinfo.com/afghanistan/content/story/1080891.html। আহৰণ কৰা হৈছে: 4 February 2017. 
  5. "In Principle Agreement to Constitutional and Financial Changes to ICC". International Cricket Council. 4 February 2017. https://www.icc-cricket.com/media-releases/323637। আহৰণ কৰা হৈছে: 6 February 2017. 
  6. "ICC Recognizes Afghanistan’s Domestic ODI Tournament As List A League". Bakhtar News. http://www.bakhtarnews.com.af/eng/sports/item/28535-icc-recognizes-afghanistan%E2%80%99s-domestic-odi-tournament-as-list-a-league.html?tmpl=component&print=1। আহৰণ কৰা হৈছে: 9 August 2017.