সমললৈ যাওক

আফচানা মিমি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আফচানা মিমি

২০২১ চনত আফছানা মিমি
স্থানীয় নাম আফসানা মিমি
জন্ম আফচানা কৰিম মিমি
২০ ডিচেম্বৰ, ১৯৬৮ (৫৭ বছৰ)
ঢাকা, পূৰ্ব পাকিস্তান, পাকিস্তান
শিক্ষানুষ্ঠান ঢাকা বিশ্ববিদ্যালয়
পেচা অভিনেত্ৰী, মডেল, চিত্ৰনাট্যকাৰ, দূৰদৰ্শন পৰিচালিকা
সক্ৰিয় হৈ থকা সময় ১৯৯০–বৰ্তমান
দাম্পত্যসঙ্গী গাজী ৰাকায়েত (বি. ১৯৮৯৯৬)

আফচানা কৰিম মিমি[1] (আফচানা মিমি নামে পৰিচিত; বাংলা: আফসানা মিমি, জন্ম ২০ ডিচেম্বৰ ১৯৬৮)[2][3] এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু পৰিচালিকা।[4] তেওঁ চলচ্চিত্ৰ পাপ পূণ্য (২০২২)ত কৰা অভিনয়ৰ বাবে বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ অধীনত শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ খিতাপ লাভ কৰে।[5][6]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

আফচানা কৰিম মিমিৰ জন্ম ১৯৬৮ চনৰ ২০ ডিচেম্বৰত তেতিয়াৰ পূৰ্ব পাকিস্তানৰ ঢাকাস্থিত হলি ফেমিলি হাস্পতালত হৈছিল।[2] তেওঁৰ পিতৃ ছৈয়দ ফজলুল কৰিম (মৃত্যু ২০২৪) বাংলাদেশ ৱাটাৰ ডেভেলপমেণ্ট ব'ৰ্ডত কৰ্মৰত আছিল।[7] তেওঁৰ মাতৃৰ নাম শিৰিন আফ্ৰোজ।[7] মাতৃফালৰ পূৰ্বপুৰুষসকল বাগেৰহাট জিলাৰ বাসিন্দা।[6]

কেৰিয়াৰ

[সম্পাদনা কৰক]

মিমিয়ে নাট্যদল নাগৰিক নাট্য সম্প্ৰদায়ৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে।[3] ২০১১ চনত প্ৰাচ্যনাটৰ ৰাজা আৰু অন্যান্য নাটকখনত অভিনয় কৰাই তেওঁৰ শেষ মঞ্চ নাটক আছিল।[8] ১৯৯২–১৯৯৩ চনত বঙালী দূৰদৰ্শন ধাৰাবাহিক কোথাও কেও নাইত অভিনয় কৰি তেওঁ ব্যাপক জনপ্ৰিয়তা লাভ কৰে।[9]

২০০০ চনৰ পৰা মিমিয়ে দূৰদৰ্শন পৰিচালনা আৰম্ভ কৰে।[9] তেওঁ কাছেৰ মানুহ ধাৰাবাহিকখন পৰিচালনা কৰে।[10] লগতে তেওঁ এটিএন নিউজত সম্প্ৰচাৰিত ৰন্ধন অনুষ্ঠান নষ্টালজিয়াৰ সৈতে জড়িত আছিল।[9]

২০২০ চনৰ পৰা ২০২৩ চনলৈ তেওঁ বাংলাদেশ শিল্পকলা একাডেমিৰ নাট্য আৰু চলচ্চিত্ৰ বিভাগৰ পৰিচালক হিচাপে কৰ্মৰত আছিল।[1][11] তেওঁ ঢাকাত অৱস্থিত সাংস্কৃতিক কেন্দ্ৰ ইচ্ছেতলাৰ পৰিচালিকাও।[8] তেওঁ গ্ৰীণ স্ক্ৰীণ নামৰ প্ৰযোজনা সংস্থাৰ স্বত্বাধিকাৰী, যাৰ পৰা ডল্‌ছ হাউছ, কাছেৰ মানুষ আৰু পৌষ ফাল্গুনেৰ পালা আদি নিৰ্মাণ কৰা হৈছে।[11][12]

ফিল্ম'গ্ৰাফী

[সম্পাদনা কৰক]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
  • নদীৰ নাম মধুমতি (১৯৯৪)
  • চিত্ৰা নদীৰ পাড়ে (১৯৯৯)
  • প্ৰিয়তমেসু (২০০৯)

টেলিভিছন নাটক

[সম্পাদনা কৰক]
  • বন্ধন
  • ডল’স হাউজ (২০০৭–২০০৯)
  • কাছেৰ মানুষ (২০০৬)
  • কোথাও কেউ নেই (১৯৯০)
  • মনেৰ কথা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "বাংলাদেশ শিল্পকলা একাডেমি" (en ভাষাত). shilpakala.gov.bd. https://shilpakala.gov.bd/site/view/officer_list_all আহৰণ কৰা হৈছে: 2023-11-14.
  2. 1 2 Shah Alam Shazu (December 20, 2016). "Afsana Mimi has a special birthday tradition". The Daily Star. http://www.thedailystar.net/arts-entertainment/tv/afsana-mimi-has-special-birthday-tradition-1332481.
  3. 1 2 "Birthday celebrations for Mimi and Nobel". Priyo News. December 20, 2011. http://news.priyo.com/tv/2011/12/20/birthday-celebrations-mimi-and-44351.html.
  4. "Bipasha, Shomi & Mimi... Where do they stand now?". The Daily Star. September 28, 2013. http://www.thedailystar.net/beta2/news/bipasha-shomi-mimi-where-do-they-stand-now/.
  5. "PM honours cinematic excellence at National Film Awards 2022" (en ভাষাত). The Daily Star. 2023-11-14. https://www.thedailystar.net/entertainment/tv-film/news/pm-honours-cinematic-excellence-national-film-awards-2022-3469661 আহৰণ কৰা হৈছে: 2023-11-15.
  6. 1 2 Shazu, Shah Alam (2021-12-20). "I prefer spending my birthdays all by myself: Afsana Mimi" (en ভাষাত). The Daily Star. https://www.thedailystar.net/entertainment/tv-film/news/i-prefer-spending-my-birthdays-all-myself-afsana-mimi-2921841 আহৰণ কৰা হৈছে: 2021-12-21.
  7. 1 2 "Afsana Mimi's father passes away" (en ভাষাত). The Daily Star. 2024-05-23. https://www.thedailystar.net/entertainment/tv-film/news/afsana-mimis-father-passes-away-3616811 আহৰণ কৰা হৈছে: 2024-05-24.
  8. 1 2 "Afsana Mimi's hopes for Ichchhetola" (en ভাষাত). The Daily Star. 2018-10-30. https://www.thedailystar.net/arts-entertainment/interview/news/afsana-mimis-hopes-ichchhetola-1653427.
  9. 1 2 3 Islam, Mohammad Zahidul (2014-08-16). "Afsana Mimi" (en ভাষাত). The Daily Star. https://www.thedailystar.net/afsana-mimi-37128.
  10. (bn ভাষাত)The Daily Star. 2019-11-19. https://bangla.thedailystar.net/node/126262.
  11. 1 2 "Afsana Mimi becomes director of Bangladesh Shilpakala Academy" (en ভাষাত). The Daily Star. 2020-11-14. https://www.thedailystar.net/arts-entertainment/news/afsana-mimi-becomes-director-bangladesh-shilpakala-academy-1994733.
  12. ""Poush Faguner Pala" scores century". The Daily Star. 2011-06-18. https://www.thedailystar.net/news-detail-190369 আহৰণ কৰা হৈছে: 2025-05-16.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]