আভাল পাৱম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আভাল পাৱম
পৰিচালক এম কে অৰুন্ধৱা ৰাজা
প্ৰযোজক কে ৰাজন
অভিনয়ত
  • প্ৰভুকান্ত
  • ঋতিকা
সংগীত পৰিচালক প্ৰদীপ ৰবি
প্ৰযোজনা
কোম্পানী
কে আৰ ফিল্মছ
মুক্তি
২২ ডিচেম্বৰ ২০০০ (2000-12-22)
দেশ ভাৰত
ভাষা তামিল

আভাল পাৱম (She is Poor) হৈছে হৈছে এম কে অৰুন্ধৱা ৰাজাৰ দ্বাৰা পৰিচালিত ২০০০ চনৰ এখন তামিল ভাষাৰ ড্ৰামা চলচ্চিত্ৰ। প্ৰভুকান্ত আৰু ঋতিকাই অভিনয় কৰা ছবিখনৰ সহযোগী চৰিত্ৰত অভিনয় কৰিছে ঈশ্বৰী কে গণেশে। কে ৰাজনে প্ৰযোজনা এই ছবিখনে ২০০০ চনৰ ২২ ডিচেম্বৰত মুক্তি লাভ কৰিছিল।[1]

অভিনয়ত[সম্পাদনা কৰক]

প্ৰযোজনা[সম্পাদনা কৰক]

চলচ্চিত্ৰখনে পৰিচালক এম কে অৰুন্ধৱ ৰাজাৰ কাহিনী-চিত্ৰৰ ৰূপত আত্মপ্ৰকাশ কৰে। এম কে অৰুন্ধৱ ৰাজাই পূৰ্বতে দূৰদৰ্শনত কাম কৰিছিল।[2] ২০০০ চনত চেন্নাই ডিষ্ট্ৰিবিউটৰ এছ'চিয়েশ্যনৰ সভাপতিৰ ভূমিকা গ্ৰহণ কৰা কে ৰাজনে ঘোষণা কৰিছিল যে তেওঁ কম বাজেটত অভাল পাভাম নামৰ ছবিখন নিৰ্মাণ কৰিব।[3] ৰাজনৰ পুত্ৰ প্ৰভুকান্তই প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ডাবলছ (২০০০)ত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। পিছলৈ তেওঁ নিনাইক্থা নালিল্লাই (২০০১)ত অভিনয় কৰিছিল।[2]ছবিখনৰ বাবে মুখ্য অভিনেত্ৰীৰ চৰিত্ৰত থকা লক্ষ্মীয়ে ঋতিকা নামৰ মঞ্চনামটো গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁ থালাইমুৰাই (১৯৯৮) ছবিত সহযোগী অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০০০ চনৰ আৰম্ভণিতে তেওঁ আভাল পাৱমৰ শ্বুটিঙৰ সমসাময়িক আৰু আন সাতটা চলচ্চিত্ৰ প্ৰকল্পৰ বাবেও শ্বুটিং কৰিছিল।[2] ৰাজনে এই সময়ছোৱাত অভিনেত্ৰীগৰাকীক আন এটা প্ৰকল্পৰ বাবেও চুক্তিবদ্ধ কৰিছিল। সেয়া আছিল বাবু গণেশৰ কুদুম্বাম অৰু ৰামকী অভিনীত কইলে। অৱশ্যে পিছত প্ৰকল্পটো বাদ দিয়া হৈছিল।[3] দলটোৱে মালয়ালম শব্দৰ শিৰোনামটো এৰাই চলিব বিচৰাৰ বাবে ছবিখনৰ চমুকৈ চেম্বাৰুথি পুভে নামেৰে পুনৰ শিৰোনাম দিছিল, কিন্তু পিছলৈ তেওঁলোক পুনৰ মূল শিৰোনাম আভাল পাৱমকে গ্ৰহণ কৰে।[3]

সংগীত[সম্পাদনা কৰক]

আভাল পাৱম
প্ৰদীপ ৰবিৰ
সংগীত
মুক্তি ২০০০
বাণীবন্ধন ২০০০
শৈলী/ধৰণ ছবিখনৰ সংগীত
দৈৰ্ঘ্য ২৫:৪৭
লেবেল ষ্টাৰ মিউজিক
প্ৰযোজক প্ৰদীপ ৰবি

ছবিখনৰ সংগীত আৰু ধ্বনি ৰচনা কৰিছিল প্ৰদীপ ৰবিয়ে। ২০০০ চনত ষ্টাৰ মিউজিকে মুকলি কৰা ছবিখনৰ সংগীতত মুঠ ছটা গীত আছে।[4]

মুক্তি আৰু সঁহাৰি[সম্পাদনা কৰক]

ছবিখন ২০০০ চনৰ ২২ ডিচেম্বৰত সমগ্ৰ তামিলনাডুত মুক্তি দিয়া হৈছিল। মনোৰঞ্জন পৰ্টেল চেন্নাইঅনলাইনত ছবিখনৰ এজন পৰ্যালোচকে ছবিখনৰ বিষয়বস্তুক কে বালাচন্দৰৰ এৰেঞ্জেট্ৰাম (১৯৭৩)ৰ সৈতে তুলনা কৰিছিল, য’ত এগৰাকী মহিলাই পৰিয়ালৰ ভৰণ পোষণৰ বাবে বেশ্যাবৃত্তি গ্ৰহণ কৰিছিল। কিন্তু পৰিৱৰ্তনশীল সময়ৰ লগে লগে তামিলনাডুত নিষিদ্ধ বুলি গণ্য কৰা এই বিষয়টো মুকলিকৈ আলোচিত হৈছিল।[2] তেওঁ কৈছে যে পৰিচালক কে বালাচেণ্ডৰে ‘এৰেঞ্জট্ৰাম’ত - এগৰাকী মহিলাই পৰিয়াল পোহপাল দিবলৈ বেশ্যাবৃত্তিত লিপ্ত হোৱাৰ বিষয়ে কৈছিল। যি কিছু পৰিমাণে বিতৰ্কৰ সৈতে সাঙুৰ খাইছিল। ই পৰিৱৰ্তিত সময়ৰ প্ৰতিফলন। পূৰ্বৰ সংস্কৰণটোৱে যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছিল। আনকি পৰিচালকেও ছবিখনৰ জৰিয়তে সুখৰ অন্ত দেখুৱাবলৈ সাহস কৰা নাছিল বা এগৰাকী বেশ্যাক পুনৰ্বাসন কৰাৰ সাহস কৰা নাছিল। এই ছবিখনত পৰিচালকে এজন ব্যক্তিক বেশ্যাগৰাকীক সম্পূৰ্ণৰূপে সচেতনভাৱে গ্ৰহণ কৰা দেখুৱাইছে,যাৰ জৰিয়তে তেওঁৰ অতীতকো গ্ৰহণ কৰা হৈছে। সমালোচকগৰাকীয়ে ছবিখনৰ প্ৰশংসা কৰে আৰু লগতে কয় যে "এইখন এখন সুপৰিকল্পিত চিত্ৰনাট্য আৰু ইয়াত প্ৰচাৰ বা মেলোড্ৰামা কৰাৰ কোনো প্ৰয়াস কৰা হোৱা নাই।" ইয়াৰ লগতে তেওঁ কয় যে-"দৰ্শকসকলক বিচলিত কৰিব পৰাকৈ বিষয়বস্তুত কোনো যৌন শোষণ উপস্থাপন কৰা হোৱা নাই, যদিও ছবিখনত ইয়াৰ বাবে পৰ্যাপ্ত স্থান আছিল।" [2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]