আমিনা আল আদৱান
আমিনা আল আদৱান | |
---|---|
জন্ম | ১৯৩৫ জৰ্ডান |
শিক্ষা | আমেৰিকান ইউনিভাৰ্চিটি ইন কাইৰো ঈন ছাম ইউনিভাৰচিটি |
পেচা |
|
আমিনা আল আদৱান,(ইংৰাজী: Amina Al Adwan) এগৰাকী জৰ্ডানৰ লেখিকা, কবি আৰু সমালোচক। জৰ্ডানৰ লেখক সংস্থাৰ অন্যতম প্ৰতিষ্ঠাপক। সাংস্কৃতিক মন্ত্ৰালয়ত কাম কৰিছিল আৰু আফকাৰ আলোচনী, Swt Algeel magazine আৰু ফুনুন আলোচনীৰ মুখ্য সম্পাদক আছিল। জৰ্ডানৰ মহিলা সংঘৰ প্ৰাক্তন সদস্য হিচাপে তেওঁ জৰ্ডানৰ মহিলা আন্দোলনত অংশগ্ৰহণ কৰিছিল।[1]
জন্ম আৰু শিক্ষা
[সম্পাদনা কৰক]আমিনা আল আদৱানৰ জন্ম হৈছিল জৰ্ডানৰ আম্মানত। ইজিপ্তৰ ঈন শ্বামছ বিশ্ববিদ্যালয়(Ain Shams University)ত অধ্যয়ন কৰি ১৯৭০ চনত কলা শাখাৰ দৰ্শনত স্নাতক ডিগ্ৰী লাভ কৰে। এবছৰৰ পাছত কাইৰোৰ আমেৰিকান বিশ্ববিদ্যালয়ৰ পৰা সাহিত্য সমালোচনাত ডিপ্লমা লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ ১৯৭১ চনৰ পৰা ১৯৮২ চনলৈকে আফকাৰ আলোচনী, Swt Algeel আলোচনী আৰু ফুনুন আলোচনীকে ধৰি কেইবাখনো আৰবী আলোচনীৰ মুখ্য সম্পাদক হিচাপে সাংস্কৃতিক মন্ত্ৰালয়ত কাম কৰে[2]। গোটেই জীৱন কালত তেওঁ আঠচল্লিশখন কবিতা গ্ৰন্থ প্ৰকাশ কৰিছিল। তদুপৰি সমসাময়িক আৰবী সাহিত্য আৰু উপন্যাসৰ ওপৰত প্ৰবন্ধ লিখা, আৰু সমসাময়িক জৰ্ডানৰ সাহিত্যৰ ওপৰত তেওঁ সাহিত্য আৰু সমালোচনাত্মক অধ্যয়ন কৰিছিল।[3]
সাহিত্য-কৰ্ম
[সম্পাদনা কৰক]তেওঁৰ কিছু সাহিত্য হ’ল:
- এ হোম উইথ ন' ৱালছ (A Home with No Walls, ১৯৮২)[1]
- ইন ফ্ৰন্ট অৱ দ্য বেৰিয়াৰ (In Front of The Barrier, ১৯৮৩)[1]
- মেটালিক ৰুমছ অৱ বাপ্তিজম্ (Metallic Rooms of Baptism, ১৯৮৫)[1]
- লছ অৱ ৱেইট (Loss of Weight, ১৯৮৬)[1]
- ৰিবেলিয়াছ ভয়চ(Rebellious Voices, ১৯৮৬)[1]
- আৰব ফেচেচ (Arab Faces, ১৯৯১)[1]
- ডেথ চেণ্টেন্সেচ (Death Sentences, মূল: Aḥkam al-i'dām)[1]
- মুস্তাফা ছা’দ (Mustafa Sa’d, ১৯৯৩)[1]
- বিটাৰ কফি (Bitter Coffee, মূল: Qahwah murrah) (২০০৩)[4]
- ডেষ্ট্ৰইড ৱাল (The Destroyed Wall, মূল: আল-ছুৰ আল-মাহদুম, ২০০৪)[5]
- হিজ ব্লাড ইজ নট ব্লু (His Blood is Not Blue, মূল: Damuhu laysa azraq)[6]
- ৰেড ব্লাড ছেলচ (Red Blood Cells, মূল: Kurayyāt dam ḥamrāʼ)[7]
- ব্লেক স্মোক (Black Smoke, মূল: Dukhan aswad)[8]
- ব্লাড চাৰ্কিটচ্ (Blood Circuits, মূল: Dawāʼir al-dam)[9][10]
- এ পিল (A Pill, মূল: Ḥabbat dawāʼ)[11][12]
কিতাপ
[সম্পাদনা কৰক]কেৰিয়াৰৰ সময়ছোৱাত তেওঁ লিখা কেইখনমান কিতাপ:
- সমসাময়িক জৰ্ডানীয় সাহিত্যৰ অধ্যয়ন (১৯৭৬)[1]
- সমসাময়িক আৰবী উপন্যাসৰ ওপৰত প্ৰবন্ধ (১৯৭৬)[13]
- সমালোচনাত্মক পঠন[1]
- আমিনা আল আদৱানৰ ৰচনাৰ সমালোচনাত্মক পঠন[14]
ইংৰাজী ভাষাত কবিতা সংকলন
[সম্পাদনা কৰক]তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 "Amina Al Adwan". amina-al-adwan.net. Archived from the original on 2016-11-16. https://web.archive.org/web/20161116100457/http://amina-al-adwan.net/%d9%85%d8%a7-%d9%83%d8%aa%d8%a8-%d8%b9%d9%86%d9%8a। আহৰণ কৰা হৈছে: 2021-02-18.
- ↑ admin (2014-03-18). "أمينة العدوان" (ar ভাষাত). وزارة الثقافة. https://culture.gov.jo/node/24903। আহৰণ কৰা হৈছে: 2021-02-18.
- ↑ ""الحجر".. جديد الشاعرة أمينة العدوان" (Arabic ভাষাত). Alrai. 2020-06-18. http://alrai.com/article/10541198। আহৰণ কৰা হৈছে: 2021-02-18.
- ↑ ʻAdwān, Amīnah (2002). Qahwah murrah. Ibdāʻāt ʻArabīyah. Shiʻr (al-Ṭabʻah 1 সম্পাদনা). প্ৰকাশক ʻAmmān: Azminah. ISBN 978-9957-09-101-9. https://searchworks.stanford.edu/view/5681843.
- ↑ ʻAdwān, Amīnah (2003). al-Sūr al-mahdūm. Ibdāʻāt ʻArabīyah. Shiʻr (al-Ṭabʻah 1 সম্পাদনা). প্ৰকাশক ʻAmmān: Azminah. ISBN 978-9957-09-153-8. https://searchworks.stanford.edu/view/7789054.
- ↑ ʻAdwān, Amīnah (2003). Damuhu laysa azraq. Ibdāʻāt ʻArabīyah. Shiʻr (al-Ṭabʻah 1 সম্পাদনা). প্ৰকাশক ʻAmmān: Azminah. ISBN 978-9957-09-123-1. https://searchworks.stanford.edu/view/5751437.
- ↑ ʻAdwān, Amīnah (2003). Kurayyāt dam ḥamrāʼ. Ibdāʻāt ʻArabīyah : Shiʻr (al-Ṭabʻah 1 সম্পাদনা). প্ৰকাশক ʻAmmān: Azminah. ISBN 978-9957-09-126-2. https://searchworks.stanford.edu/view/5752558.
- ↑ ʼAdwān, Amīnah (2007). Dukhkhān aswad. প্ৰকাশক Al-Qāhirah: [s.n. http://kotobarabia.eastview.com/Library/Viewer.aspx?P=202.pdf.[সংযোগবিহীন উৎস]
- ↑ ʻAdwān, Amīnah (2004). Dawāʼir al-dam: shiʻr. Ibdāʻāt ʻArabīyah. Shiʻr (al-Ṭabʻah 1 সম্পাদনা). প্ৰকাশক ʻAmmān: Azminah. ISBN 978-9957-09-174-3. https://searchworks.stanford.edu/view/8375602.
- ↑ ʼAdwān, Amīnah (2007). Dawā'ir al-damm. প্ৰকাশক Al-Qāhirah: [s.n. http://kotobarabia.eastview.com/Library/Viewer.aspx?P=204.pdf.[সংযোগবিহীন উৎস]
- ↑ ʻAdwān, Amīnah (2005). Ḥabbat dawāʼ: shiʻr. Ibdāʻāt ʻArabīyah. Shiʻr (al-Ṭabʻah 1 সম্পাদনা). প্ৰকাশক ʻAmmān: Azminah. ISBN 978-9957-09-198-9. https://searchworks.stanford.edu/view/7785871.
- ↑ ʼAdwān, Amīnah (2007). Ḥabbat dawā'. প্ৰকাশক Al-Qāhirah: [s.n. http://kotobarabia.eastview.com/Library/Viewer.aspx?P=200.pdf.[সংযোগবিহীন উৎস]
- ↑ ʻAdwān, Amīnah (1976). Maqālāt fī al-riwāyah al-ʻArabīyah al-muʻāṣirah. প্ৰকাশক Amman: al-Muʼassasah al-Ṣuḥufīyah al-Urdunīyah. https://searchworks.stanford.edu/view/5555459.
- ↑ Yāghī, ʻAbd al-Raḥmān, ed (2004). Ārāʼ naqdīyah fī aʻmāl Amīnah al-ʻAdwān. Dirāsāt. Naqd adabī (al-Ṭabʻah 1 সম্পাদনা). প্ৰকাশক ʻAmmān: Azminah. ISBN 978-9957-09-164-4. https://searchworks.stanford.edu/view/7747692.
- ↑ Ashour, Radwa; Ghazoul, Ferial J.; Reda-Mekdashi, Hasna (2008) (en ভাষাত). Arab Women Writers: A Critical Reference Guide, 1873-1999. American Univ in Cairo Press. ISBN 978-977-416-146-9. https://books.google.com/books?id=MB6gphBXU0kC&q=%22Rebellious+Voices%22+Amina+Al+Adwan&pg=PA422.
- ↑ Aminah 'Adwan (1990-01-01) (en ভাষাত). Arab Faces: A Selection of Poems. Brill Archive. ISBN 978-90-04-09219-8. https://books.google.com/books?id=atEUAAAAIAAJ&q=%22Arab+Faces%22+Amina+Al+Adwan&pg=PR15.